৪ আগষ্ট
Jump to navigation
Jump to search
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
৪ আগষ্ট (ইংৰাজী: 4 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৬তম (অধিবৰ্ষত ২১৭তম) দিন। বছৰ শেষ হ'বলৈ ১৪৯ দিন বাকী থাকে। এইদিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৭৯২ চনৰ এই দিনটোতে ইংৰাজ ৰোমাণ্টিক কবি শ্বেলীৰ জন্ম হয়। তেওঁৰ সম্পূ্ৰ্ণ নাম আছিল পাৰ্চী বিছি শ্বেলী।
- ১৮৫৯ চনৰ এই দিনটোত নৰৱেৰ ঔপন্যাসিক ন্যুট পেডাৰছন হামছুনৰ জন্ম হয়। ১৯২০ চনত হামছুনে লাভ কৰিছিল সাহিত্যৰ নোবেল বঁটা। তেওঁৰ বিখ্যাত উপন্যাস হ’ল ‘হাংগাৰ’।
- ১৯২৯ চনৰ এই দিনটোত বিখ্যাত ভাৰতীয় গীতিকাৰ, সুৰকাৰ, প্ৰযোজক, পৰিচালক আৰু চিত্ৰ নাট্যকাৰ কিশোৰ কুমাৰৰ জন্ম হয়।
- ১৯৭৫ চনৰ এই দিনটোতে অসমৰ এগৰাকী কণ্ঠশিল্পী আৰু সংগীত পৰিচালিকা তৰালী শৰ্মাৰ জন্ম হয়।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৭৫ চনৰ এইদিনটোত ডেনমাৰ্কৰ কবি আৰু আৰু ৰূপকথাকাৰ হানছ এণ্ডাৰছনৰ মৃত্যু হয়। তেওঁৰ সম্পূৰ্ণ নাম হানছ ক্ৰিষ্টিয়ান এণ্ডাৰছন।
অনান্য[সম্পাদনা কৰক]
- ১৯১৪ চনৰ এই দিনটোতে জাৰ্মানীৰ বিৰুদ্ধে ইংলেণ্ডৰ যুদ্ধ ঘোষণা কৰে। আৰম্ভ হয় প্ৰথম মহাসমৰৰ।
- ১৯৩৯ চনৰ এই দিনটোত ডিব্ৰুগড়ৰপৰা ইংৰাজী বাতৰি কাকত দ্য আছাম ট্ৰিবিউন সাপ্তাহিক ৰূপে প্ৰকাশিত হয়। প্ৰথম সম্পাদক আছিল লক্ষ্মীনাথ ফুকন।
- ১৯৬৫ চনৰ এই দিনটোতে অসমীয়া দৈনিক বাতৰি কাকত ‘‘দৈনিক বাতৰি কাকত’’ প্ৰকাশিত হয়। এই কাকত সম্পাদনা কৰিছিল কীৰ্তিনাথ হাজৰিকাই।
- এই দিনটোতে ট্ৰম্বেত ভাৰতৰ প্ৰথমটো নিউক্লীয় ৰিয়েক্টৰ ‘‘অপ্সৰা’’ কাৰ্যক্ষম কৰা হয়।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ৪ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|