১৯ জুন

অসমীয়া ৱিকিপিডিয়াৰ পৰা


১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০

১৯ জুন (ইংৰাজী: 19 June) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৭০তম (অধিবৰ্ষত ১৭১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৯৫টা দিন বাকী থাকে। বুৰঞ্জীৰ পাতত আজিৰ দিনটোৰ কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯৪৫ - চীনৰ কমিনিউষ্ট মাও জে দঙ-এ চেণ্ট্ৰেল কমিটিৰ প্ৰথম সভাপতি নিৰ্বাচিত হৈছিল।
  • ১৯৫৩ - আমেৰিকান দম্পতী এথেল ৰোজেনবাৰ্গ আৰু জুলিয়াছ ৰোজেনবাৰ্গক মৃত্যুদণ্ড দিয়া হয়। ৰাছিয়াৰ হৈ চোৰাংচোৱাগিৰি কৰাৰ অপৰাধত তেওঁলোকক এই শাস্তি বিহা হৈছিল। উল্লেখ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰত চোৰাংচোৱাগিৰি কৰা এওঁলোকেই প্ৰথম আমেৰিকান নাগৰিক।
  • ১৯৮১ - বৰ্ষত ভাৰতৰ প্ৰথম ভূ-সমলয় পৰীক্ষামূলক যোগাযোগ উপগ্ৰহ এপল’ ফ্ৰান্সৰ গুৱেনাৰ কুৰুৰ পৰা সফলতাৰে উপেক্ষণ কৰা হৈছিল আজিৰ দিনটোতে।
  • ২০০৪ - পূব-কামৰূপ বনবিভাগৰ অন্তৰ্গত আমচোং বনাঞ্চলক বন্যপ্ৰাণী অভয়াৰণ্যৰ স্বীকৃতি প্ৰদান কৰা হয়।

জন্ম[সম্পাদনা কৰক]

  • ১৬২৩- ব্লেইজ পাস্কেল, প্ৰসিদ্ধ ফৰাচী গণিতজ্ঞ।
  • ১৯৪৭ - ছলমান ৰুশ্বদী, ভাৰতীয় বংশোদ্ভৱ ইংৰাজ লেখক। জন্ম স্থান: মুম্বাই

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৮১ - সুভাষ মুখোপাধ্যায় (মুখাৰ্জী), ভাৰতৰ প্ৰথম আৰু বিশ্বৰ দ্বিতীয় (মাত্ৰ ৬৭ দিনৰ পিছত) টেষ্ট-টিউব শিশু দুৰ্গাৰ কানুপ্ৰিয়া আগৰৱালা সৃষ্টিকৰ্তা হিচাপে স্বীকৃত ভাৰতীয় চিকিৎসক বিজ্ঞানী। (জন্ম: ১৯৩১)

দিৱস[সম্পাদনা কৰক]

অনান্য[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]