২৫ ডিচেম্বৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০ ১১ ১২ ১৩ ১৪
১৫ ১৬ ১৭ ১৮ ১৯ ২০ ২১
২২ ২৩ ২৪ ২৫ ২৬ ২৭ ২৮
২৯ ৩০ ৩১  

২৫ ডিচেম্বৰ (ইংৰাজী: 25 December) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ৩৫৯তম (অধিবৰ্ষত ৩৬০তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৬টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৯২৬ - হিৰ'হিত' জাপানৰ সম্ৰাট অধিষ্ঠিত হয়।
  • ২০১৮ - ধেমাজি আৰু ডিব্ৰুগড় জিলাক সংযোগ কৰা ব্ৰক্ষ্মপুত্ৰ নদৰ ওপৰৰ চতুৰ্থখন দলং তথা বহু প্ৰত্যাশিত বগীবিল দলংৰ শুভ উদ্বোধন। দেশৰ যোগাযোগ ব্যৱস্থাৰ ইতিহাসত অভিলেখ সৃষ্টিকাৰী দেশৰ বৃহত্তম ৰে'ল আৰু পথ দলং হিচাপে চিহ্নিত ৪.৯৪ কিঃমিঃ দৈৰ্ঘৰ এই বগীবিল দলঙৰ শুভ উদ্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। সুদীৰ্ঘ একৈশ বছৰৰ প্ৰতীক্ষাৰ অন্তত ৰাষ্ট্ৰৰ বাবে উচৰ্গা কৰা এই দলংখনৰ আধাৰশিলা ১৯৯৭ চনতে তদানীন্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়ায়ে কৰিছিল আৰু পৰৱৰ্তী পৰ্যায়ত পুনৰ ২০০২ চনৰ ২১ এপ্ৰিলত দ্বিতীয়বাৰৰ বাবে তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী আধাৰশিলা স্থাপন কৰি নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে। আৰম্ভণিতে দলংখন নিৰ্মাণ কৰিবৰ বাবে ১,৭৬৭ কোটি টকা ধাৰ্য কৰাৰ বিপৰীতে নিৰ্মাণ কাৰ্য দীঘলীয়া হোৱা বাবে ৫,০০০ কোটি টকাতকৈ অধিক ব্যয় হৈছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৮৫২ - বলিনাৰায়ণ বৰা, বৰ অসমৰ প্ৰথমজন অভিযন্তা তথা সাহিত্যিক আৰু সাংবাদিক।
  • ১৮৬১ - মদন মোহন মালৱীয়, এগৰাকী ভাৰতীয় পণ্ডিত, শৈক্ষিক সংস্কাৰক আৰু ৰাজনীতিবিদ। ভাৰতীয় স্বাধীনতা আন্দোলনত তেওঁৰ ভূমিকা উল্লেখনীয় আছিল। তেওঁ চাৰিবাৰকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি পদত কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ অখিল ভাৰতীয় হিন্দু মহাসভাৰ প্ৰতিষ্ঠাপক আছিল। তেওঁক সন্মানীয় উপাধি পণ্ডিত বুলি সম্বোধন কৰা হৈছিল আৰু লগতে মহামানা (মহান আত্মা) হিচাপেও সম্বোধন কৰা হৈছিল। মালৱীয়ই ভাৰতীয়সকলৰ মাজত আধুনিক শিক্ষাৰ প্ৰচাৰৰ বাবে চেষ্টা কৰিছিল আৰু ১৯১৬ চনত বাৰাণসীবেনাৰস হিন্দু বিশ্ববিদ্যালয় (বিএইচইউ)ৰ প্ৰতিষ্ঠা কৰিছিল। এই বিশ্ববিদ্যালয এছিয়াৰ সৰ্ববৃহৎ আৱাসিক বিশ্ববিদ্যালয় আৰু বিশ্বৰ অন্যতম বৃহৎ বিশ্ববিদ্যালয়। সমগ্ৰ বিশ্বৰ পৰা কলা, বাণিজ্য, বিজ্ঞান, অভিযান্ত্ৰিক, ভাষা, ৰীতি-নীতি, ঔষধ, কৃষি, প্ৰদৰ্শন কলা, আইন, ব্যৱস্থাপনা আৰু প্ৰযুক্তি শাখাৰ ৪০,০০০ৰো অধিক শিক্ষাৰ্থীয়ে বৰ্তমান ইয়াত অধ্যয়ন কৰে।মালৱীয় ১৯১৯ চনৰ পৰা ১৯৩৮ চনলৈ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ উপাচাৰ্য আছিল। মালৱীয় ভাৰত স্কাউট আৰু গাইডৰ অন্যতম প্ৰতিষ্ঠাপক আছিল। তেওঁ ১৯১৯ চনত এলাহাবাদৰ পৰা প্ৰকাশিত এখন অত্যন্ত প্ৰভাৱশালী ইংৰাজী বাতৰি কাকত দ্য লিডাৰ প্ৰতিষ্ঠা কৰে। তেওঁ ১৯২৪ চনৰ পৰা ১৯৪৬ চনলৈ হিন্দুস্তান টাইমছৰ অধ্যক্ষো আছিল। তেওঁৰ প্ৰচেষ্টাৰ ফলস্বৰূপে ১৯৩৬ চনত হিন্দুস্তান দৈনিক নামৰ ইয়াৰ হিন্দী সংস্কৰণ আৰম্ভ হয়। মালৱীয়ক মৰণোত্তৰভাৱে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন তেওঁৰ ১৫৩ সংখ্যক জন্মদিনৰ এদিন আগত অৰ্থাৎ ২৪ ডিচেম্বৰ ২০১৪ তাৰিখে প্ৰদান কৰা হৈছিল। মৃত্যু ১২ নৱেম্বৰ, ১৯৪৬।
  • ১৯১৯ - কৰুণা বেনাৰ্জী, এগৰাকী বঙালী অভিনেত্ৰী আছিল যি সত্যজিৎ ৰায়দ্য অপু ত্ৰিলজী (১৯৫৫-১৯৫৯)ত দীৰ্ঘদিনধৰি পীড়িত মাতৃ সৰবাজায়াৰ চৰিত্ৰৰ বাবে সৰ্বাধিক পৰিচিত আছিল। ১৯৫৯ চনৰ বাফটা বঁটাত তেওঁ অপু ত্ৰিলজীৰ দ্বিতীয় অংশ অপৰাজিতো (১৯৫৬)ত অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হৈছিল। ইয়াৰ পিছত তেওঁ আন কেইবাখনো চলচ্চিত্ৰত অভিনয় কৰে, যাৰ ভিতৰত আছে সত্যজিৎ ৰায়ৰ দেৱী (১৯৬০) আৰু কাঞ্চনজংঘা (১৯৬২)। মৃত্যু ১৩ নৱেম্বৰ, ২০০১।
  • ১৯২৪ - অটল বিহাৰী বাজপায়ী, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ, কবি আৰু লেখক। ভাৰতবৰ্ষৰ দশমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে তেখেতে তিনিটা কাৰ্যকাল পালন কৰিছিল। প্ৰথমে ১৯৯৬ চনত মাত্ৰ ১৩ দিনৰ বাবে, তাৰ পিছত ১৯৯৮ চনৰ পৰা ১৯৯৯ চনলৈ ১৩ মাহৰ বাবে, তাৰ পিছত ১৯৯৯ চনৰ পৰা ২০০৪ চনলৈ সম্পূৰ্ণ পাচঁবছৰ কাৰ্যকাল সমাপন কৰিছিল। বাজপেয়ী ভাৰতীয় জনতা পাৰ্টীৰ (বিজেপি) অন্যতম সহ-প্ৰতিষ্ঠাপক আৰু জ্যেষ্ঠ নেতা আছিল। তেওঁ হিন্দু জাতীয়তাবাদী স্বেচ্ছাসেৱক সংগঠন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ সদস্য আছিল। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ অন্তৰ্ভুক্ত নোহোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী আছিল যিয়ে সম্পূৰ্ণ কাৰ্যকাল পালন কৰিছিল। তেওঁ পাঁচ দশকৰো অধিক সময় ধৰি ভাৰতীয় সংসদৰ সদস্য আছিল। তেওঁ নিম্লোন সদন লোকসভালৈ দহবাৰকৈ আৰু উচ্চ সদন ৰাজ্যসভালৈ দুবাৰকৈ নিৰ্বাচিত হৈছিল। তেওঁ লক্ষ্ণৌৰ সংসদ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। স্বাস্থ্যৰ প্ৰতি সচেতন হৈ তেখেতে ২০০৯ চনত সক্ৰিয় ৰাজনীতিৰ পৰা অৱসৰ লৈছিল। তেওঁ ভাৰতীয় জনসংঘৰ (বিজেএছ) প্ৰতিষ্ঠাপক সদস্যসকলৰ ভিতৰত আছিল, য'ত তেওঁ ১৯৬৮ চনৰ পৰা ১৯৭২ চনলৈ সভাপতি আছিল। ১৯৭৭ চনৰ সাধাৰণ নিৰ্বাচনত জয়ী হোৱা জনতা পাৰ্টি গঠন কৰিবলৈ বিজেএছ আন কেইবাটাও দলৰ সৈতে একত্ৰিত হয়। ১৯৭৭ চনৰ মাৰ্চ মাহত বাজপেয়ী প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইৰ মন্ত্ৰীসভাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হয়। পিছে ১৯৭৯ চনত তেওঁ মন্ত্ৰীত্ব পদ ত্যাগ কৰে আৰু তাৰ পিছতে জনতা মিত্ৰজোঁটৰ পতন ঘটে। বিজেএছৰ প্ৰাক্তন সদস্যসকলে ১৯৮০ চনত বিজেপি গঠন কৰিছিল, বাজপেয়ী ইয়াৰ প্ৰথম সভাপতি আছিল। প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত, ভাৰতে ১৯৯৮ চনত পোখৰণ-২ পাৰমাণৱিক পৰীক্ষা সম্পন্ন কৰিছিল। বাজপেয়ীয়ে পাকিস্তানৰ সৈতে কূটনৈতিক সম্পৰ্ক উন্নত কৰিবলৈ চেষ্টা কৰিছিল, প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সৈতে সাক্ষাৎ কৰিবলৈ বাছেৰে লাহোৰ লৈ যাত্ৰা কৰিছিল। ১৯৯৯ চনত পাকিস্তানৰ সৈতে কাৰ্গিল যুদ্ধৰ পিছত, তেওঁ ৰাষ্ট্ৰপতি পাৰভেজ মুছাৰফৰ সৈতে সম্পৰ্ক পুনৰস্থাপন কৰিবলৈ তেওঁক আগ্ৰাত এখন সন্মিলনৰ বাবে ভাৰতলৈ আমন্ত্ৰণ জনাইছিল। নৰেন্দ্ৰ মোদী চৰকাৰে ২০১৪ চনত ঘোষণা কৰিছিল যে বাজপেয়ীৰ জন্মদিন ২৫ ডিচেম্বৰৰ দিনটো ৰাষ্ট্ৰজুৰি সুশাসন দিৱস হিচাপে পালন কৰা হ'ব। ২০১৫ চনত তেওঁক ভাৰতবৰ্ষৰ তদানীন্তন ৰাষ্ট্ৰপতি প্ৰণৱ মুখাৰ্জীয়ে ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰতৰত্ন প্ৰদান কৰে। মৃত্যু ১৬ আগষ্ট, ২০১৮।
  • ১৯২৮ - কপিলা বাৎসায়ন, ভাৰতীয় শাস্ত্ৰীয় নৃত্য, কলা, স্থাপত্য আৰু কলা ইতিহাসৰ এগৰাকী আগশাৰীৰ পণ্ডিত আছিল। তেওঁ ভাৰতত সংসদ সদস্য আৰু আমোলা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা-কেন্দ্ৰৰ প্ৰতিষ্ঠাপক সঞ্চালক হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭০ চনত বৎস্যায়নে সংগীত নাটক একাডেমী ফেলোশ্বিপ লাভ কৰে, যি হৈছে সংগীত, নৃত্য আৰু নাটকৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় একাডেমী সংগীত নাটক একাডেমীয়ে প্ৰদান কৰা সৰ্বোচ্চ সন্মান। ইয়াৰ পিছত ললিত কলা একাডেমী ফেলোশ্বিপ প্ৰদান কৰা হয়, যি হৈছে ১৯৯৫ চনত ভাৰতৰ ফাইন আৰ্টৰ ৰাষ্ট্ৰীয় একাডেমী ললিত কলা একাডেমীয়ে প্ৰদান কৰা সূক্ষ্ম কলাৰ সৰ্বোচ্চ সন্মান। ১৯৯০ চনত অসম চৰকাৰে আন্তঃৰাষ্ট্ৰীয় সন্মান শ্ৰীমন্ত শংকৰদেৱ বঁটা প্ৰদান কৰে। ২০১১ চনত ভাৰত চৰকাৰে তেওঁক ভাৰতৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে। মৃত্যু ১৬ ছেপ্তেম্বৰ, ২০২০।

মৃত্যু[সম্পাদনা কৰক]

  • ১৯৯৪ - জেইল সিং, ভাৰতবৰ্ষৰ সপ্তমগৰাকী ৰাষ্ট্ৰপতি আৰু এগৰাক ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ৰাষ্ট্ৰপতি হিচাপে ১৯৮২ চনৰ পৰা ১৯৮৭ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল। ইয়াৰ উপৰি তেওঁ প্ৰথমগৰাকী ব্যক্তি আছিল যি শিখ সম্প্ৰদায় আৰু পিছপৰা জাতিৰ পৰা গৈ ৰাষ্ট্ৰপতি হৈছিল। ১৯৮০ চনত লোকসভালৈ নিৰ্বাচিত হোৱা সিঙক প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ভাৰতৰ গৃহমন্ত্ৰী হিচাপে নিযুক্ত কৰে। তেওঁৰ কাৰ্যকালত পঞ্জাৱ আৰু অসমত ৰাষ্ট্ৰ বিদ্ৰোহে দেখা দিছিল। তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ কালছোৱাত অপাৰেচন ব্লু-ষ্টাৰ, তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যা আৰু ১৯৮৪ চনৰ শিখ বিৰোধী কাৰ্যকলাপ দেখা পোৱা গৈছিল। ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত সিঙৰ সৈতে সম্পৰ্কত ফাট মেলে আৰু প্ৰধানমন্ত্ৰীয়ে যিকোনো বিষয়ত ৰাষ্ট্ৰপতিৰ সৈতে সাক্ষাৎ বা অৱগত কৰিবলৈ অস্বীকাৰ কৰে আৰু ৰাষ্ট্ৰপতিৰ বিদেশ আৰু ঘৰুৱা ভ্ৰমণত বাধা প্ৰদান কৰে। সিঙে চৰকাৰী নীতিৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আৰু তেওঁলৈ প্ৰেৰণ কৰা এই প্ৰস্তাৱসমূহ সূক্ষ্ম পৰ্যবেক্ষণ কৰি প্ৰত্যুত্তৰ দিছিল। জন্ম ৫ মে', ১৯১৬।
  • ১৯৭৭ - চাৰ্লি চেপলিন, প্ৰকৃত নাম ছাৰ চাৰ্লচ স্পেন্সাৰ চেপলিন। এগৰাকী ইংৰাজ ব্যংগ অভিনেতা, চলচ্চিত্ৰ নিৰ্মাতা আৰু সুৰকাৰ আছিল যি নীৰৱ চলচ্চিত্ৰৰ যুগত খ্যাতি লাভ কৰিছিল। তেওঁ নিজৰ বৈশিষ্টপূৰ্ণ অভিনয়ৰ জৰিয়তে বিশ্বব্যাপী জনপ্ৰিয় অভিনেতা হৈ পৰিছিল আৰু চলচ্চিত্ৰ উদ্যোগৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তিহিচাপে বিবেচিত হয়। তেওঁৰ জীৱনকালৰ ৭৫টা বছৰেই চলচ্চিত্ৰৰ লগত জড়িত হৈ আছিল। অতি কম বয়সতে অভিনয়ৰ লগত জড়িত হৈ পৰা চেপলিনে প্ৰথমে মঞ্চ অভিনেতা আৰু কৌতুক অভিনেতা হিচাপে আত্মপ্ৰকাশ কৰে। জন্ম ১৬ এপ্ৰিল, ১৮৮৯।
  • ২০০১ - অতুল চন্দ্ৰ বৰুৱা, অসমীয়া সাহিত্যিক আৰু সাহিত্য সমালোচক।
  • ২০০৫ - শৰৎ চন্দ্ৰ সিংহ, এগৰাকী ভাৰতীয় ৰাজনীতিবিদ আৰু অসমৰ মুখ্যমন্ত্ৰী। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ, ভাৰতীয় জাতীয় কংগ্ৰেছ (সমাজতান্ত্ৰিক) আৰু জাতীয়তাবাদী কংগ্ৰেছ দলৰ নেতা আছিল। তেওঁ তেওঁৰ মূল্য-আধাৰিত ৰাজনীতিৰ বাবে জনাজাত আছিল, সিনহা এক বিৰল ৰাজনীতিবিদ আছিল যিয়ে ভাৰতীয় সমাজৰ পিছপৰা শ্ৰেণীৰ লোকসকলৰ কল্যাণৰ বাবে নিজৰ জীৱন ত্যাগ কৰিছিল। এজন প্ৰকৃত গান্ধীবাদী নেতা যি গান্ধীজীৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ তেওঁৰ নীতিক প্ৰয়োগত কৰি আজীৱন কাম কৰি গৈছিল আৰু সেই নীতিত অবিচল আছিল । তেওঁৰ ৰাজনৈতিক জীৱন আছিল সৰলতা আৰু সততাৰ এক বিৰল সংমিশ্ৰণ। ইয়াৰ উপৰি তেওঁ এজন লেখকও আছিল। জন্ম ১ জানুৱাৰী, ১৯১৪।
  • ২০১৮ - চুলাগিট্টি নৰসাম্মা, পদ্মশ্ৰী বঁটা প্ৰাপ্ত ভাৰতীয় ধাত্ৰী।

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]