সমললৈ যাওক

ললিত কলা একাডেমী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ললিত কলা একাডেমী
Lalit Kala Akademi
গঠন মাৰ্চ ১১, ১৯৫৪ (1954-03-11) (৭২ বছৰ পূৰ্বে)
Headquarters ৰবীন্দ্ৰ ভৱন, দিল্লী
Location
Region served
ভাৰত
Official language
English
Parent organisation
সাংস্কৃতিক মন্ত্ৰণালয়, ভাৰত চৰকাৰ
ৱেবছাইট lalitkala.gov.in
নতুন দিল্লীত অৱস্থিত ৰবীন্দ্ৰভৱন, সাহিত্য অকাডেমি, সংগীত নাটক একাডেমী আৰু ললিত কলা একাডেমীৰ মুখ্য কাৰ্যালয়

ললিত কলা একাডেমী বা ৰাষ্ট্ৰীয় কলা একাডেমী ভাৰতৰ চাৰু কলা বিষয়ক ৰাষ্ট্ৰীয় একাডেমী। ভাৰতীয় কলাৰ বিকাশ আৰু প্ৰচাৰৰ উদ্দেশ্য ভাৰত চৰকাৰে ১৯৫৪ চনত এই একাডেমী প্ৰতিষ্ঠা কৰা হৈছিল। ইয়াক সম্পূৰ্ণ স্বায়ত্ব শাসনৰ মৰ্যদা দিয়া হৈছে।

ললিত কলা একাডেমীয়ে বিভিন্ন জলপানি আৰু সদস্য পদ আগবঢ়ায়। ই দেশ বিদেশৰ বিভিন্ন স্থানত কলা বিষয়ক প্ৰদৰ্শনী আয়োজন কৰে। ই এখনি দ্বিভাষিক জাৰ্ণাল প্ৰকাশ কৰে। ললিত কলা একাডেমী ভাৰতীয় সাংস্কৃতিক মন্ত্ৰণালয়ৰ অন্তৰ্ভূক্ত। ইয়াৰ মুখ্য কাৰ্যালয় দিল্লীৰ ফিৰোজশ্বাহ মাৰ্গৰ ৰবীন্দ্ৰ ভৱনত অৱস্থিত।

কাৰ্যসূচী

[সম্পাদনা কৰক]

২০১৪ চনৰ ১৬ ছেপ্টেম্বৰ তাৰিখে ললিত কলা একাডেমীৰ ৬০তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আয়োজিত "স্প্ৰিট।অফ দিল্লী" নামৰ এলানি কাৰ্যসূচী গ্ৰহণ কৰা হৈছিল। বহুতো কলাকাৰ, শিল্পী আৰু কবিয়ে ইয়াত নিজৰ কলা প্ৰদৰ্শন কৰিছিল।[1]

ৰাষ্ট্ৰীয় কলা বঁটা

[সম্পাদনা কৰক]

ৰাষ্ট্ৰীয় কলা বঁটা ললিত কলা একাডেমীযে প্ৰদান কৰা সৰ্বোচ্চ বঁটা। ভাৰত তথা এছিয়া মহাদেশৰ বিখ্যাত কলাকাৰ আৰু শিল্পীক এই বঁটা প্ৰদান কৰা হয়।

কেন্দ্ৰ সমূহ[2]

[সম্পাদনা কৰক]

তথ্য উৎস

[সম্পাদনা কৰক]