১ আগষ্ট
নেভিগেশ্যনলৈ যাওক
সন্ধানলৈ যাওক
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | |
৭ | ৮ | ৯ | ১০ | ১১ | ১২ | ১৩ |
১৪ | ১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ |
২১ | ২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ |
২৮ | ২৯ | ৩০ | ৩১ | |||
২০২২ |
১ আগষ্ট (ইংৰাজী: 1 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৩তম (অধিবৰ্ষত ২১৪তম) দিন। বছৰ শেষ হ'বলৈ ১৫২ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]
- ১৭৭৪ - যোছেফ প্ৰিষ্টলিয়ে অক্সিজেন আবিষ্কাৰ কৰিছিল।
- ১৯৩৬ - একাদশ গ্ৰীষ্মকালীন অলিম্পিক এডল্ফ হিটলাৰে বাৰ্লিনত শুভাৰম্ভ কৰিছিল।
- ১৯৪৪ - এন ফ্ৰাংকে শেষ বাৰৰ বাবে ডায়েৰী লিখে।
- ১৯৫৩ - ফিডেল কাষ্ট্ৰ'ক কিউবাত গ্ৰেপ্তাৰ কৰা হৈছিল।
- ১৯৫৭ - নেচনেল বুক ট্ৰাষ্ট গঠন হৈছিল।
জন্ম[সম্পাদনা কৰক]
- ১৭৪৪ - জ্য়াঁ বেপষ্টিটে লেমাৰ্ক (ইংঃ Jean-Baptiste Lamarck), ফ্ৰান্সৰ পৰিৱেশবিদ।
- ১৭৭০ - ৱিলিয়াম ক্লাৰ্ক, এজন আমেৰিকান অভিযাত্ৰী, সৈনিক, ভাৰতীয় এজেণ্ট আৰু আঞ্চলিক লাট। (মৃঃ ১ ছেপ্টেম্বৰ, ১৮৩৮)
- ১৮৯৯ - কমলা নেহৰু, স্বাধীনতা সংগ্ৰামী, জৱাহৰলাল নেহৰুৰ পত্নী।
- ১৯৩৩ - মীনা কুমাৰী, ভাৰতীয় বোলছবি জগতৰ অভিনেত্ৰী।
মৃত্যু[সম্পাদনা কৰক]
- ১৭১৪ - এন ষ্টুৱাৰ্ট, ইংলেণ্ডৰ মহাৰানী।
- ১৮৪৬ - দ্বাৰকানাথ ঠাকুৰৰ লণ্ডনত মৃত্য়ু, উদ্য়োগপতি, ৰবীন্দ্ৰনাথ ঠাকুৰৰ ককাক আছিল।
- ১৯২০ - বাল গঙ্গাধৰ তিলক, এগৰাকী ভাৰতীয়, শিক্ষক, সাংবাদিক, উকীল, সমাজ সংস্কাৰক তথা ভাৰতীয় স্বাধীনতা আন্দোলনৰে জড়িত সক্ৰিয় ব্যক্তি।
- ১৯৯৯ - নীৰদ চন্দ্ৰ চৌধুৰী, বঙালী লেখক।
দিৱস[সম্পাদনা কৰক]
- চীনৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)
- লেবাননৰ সামৰিক বাহিনী দিৱস। (Armed Forces Day)
- বিশ্ব স্বাস্থ্য সংস্থা(WHO) আৰু ৰাষ্ট্ৰসংঘৰ শিশুৰ নিধিৰ (UNICEF)ৰ বিশ্ব মাতৃদুগ্ধ পান সপ্তাহৰ প্ৰথম দিন। (১ আগষ্টৰ পৰা ৭ আগষ্টলৈ)
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
|