তাপ্‌সী পন্নু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
তাপ্‌সী পন্নু

২০১৮ চনত পন্নু
জন্ম ১ আগষ্ট, ১৯৮৭ (৩৬ বছৰ)[1]
নতুন দিল্লী, ভাৰত
শিক্ষানুষ্ঠান গুৰু সিং বাহাদুৰ ইনষ্টিটিউট অৱ টেকন'লজী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান
ৱেবছাইট
www.taapsee.me

তাপ্‌সী পন্নু (ইংৰাজী: Taapsee Pannu; জন্ম: ১ আগষ্ট ১৯৮৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেখেতে হিন্দী ছবিত গৰিষ্ঠসংখ্যক অভিনয় কৰিছে। ইয়াৰ লগতে তেলুগু, তামিল ভাষাৰ ছবিতো তেখেতক দেখিবলৈ পোৱা যায়। তেখেতে অভিনয়ৰ বাবে ফিল্মফেয়াৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছে। ২০১৮ চনৰ পৰা ধাৰাবাহিকভাৱে তেখেত ফৰ্বছ ইণ্ডিয়াৰ এশগৰাকী চেলেব্ৰিটিৰ তালিকাত স্থান লাভ কৰি আহিছে।[2]

২০১০ চনত মুক্তি লাভ কৰা তেলুগু ভাষাৰ ছবি "ঝুমুণ্ডী নাডম"ৰ জৰিয়তে পন্নুৱে ছবিজগতত প্ৰৱেশ কৰে। ইয়াৰ পিছৰটো বছৰত তেখেতে "আড়ুকালাম"ত অভিনয় কৰে, যিখন এখন তামিল ছবি আছিল। ২০১৩ চনত "ছছমে বডুৰ" নামৰ ছবিখন আছিল পন্নুৰ প্ৰথমখন হিন্দী ভাষাৰ ছবি। ২০১৬ চনৰ বহুচৰ্চিত ছবি "পিংক", যুদ্ধ-ড্ৰামা "দ্য গাজী এটেক" (২০১৭), একছন কমেডি "জুড়ৱা-২" (২০১৭), ৰহস্যভিত্তিক থ্ৰিলাৰ "বদলা" (২০১৯), মহাকাশ ড্ৰামা "মিছন মংগল" (২০১৯) হৈছে তেখেতৰ কেইখনমান উল্লেখযোগ্য ছবি। ২০১৯ চনত মুক্তিপ্ৰাপ্ত আত্ম-জীৱনীমূলক কথাছবি "চাঁদ কী আখ"ত আগবঢ়োৱা অভিনয়ৰ বাবে পন্নুৱে আনগৰাকী অভিনেত্ৰী ভূমি পেডনেকাৰৰ সৈতে যুটীয়াভাৱে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সমালোচকৰ ফিল্মফেয়াৰ লাভ কৰে।[3]

প্ৰাৰম্ভিক আৰু ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

১৯৮৭ চনৰ ১ আগষ্টত তাপ্‌সী পন্নুৰ জন্ম হৈছিল। জন্মস্থান আছিল নতুন দিল্লী। পিতৃৰ নাম দিলমোহন সিং পন্নু আৰু মাতৃ হৈছে নিৰ্মলজিৎ।[4][5] তেখেত পঞ্জাবী বংশোদ্ভূতৰ।[6] তেখেতৰ পিতৃ এগৰাকী ৰিয়েল ইষ্টেটৰ অৱসৰপ্ৰাপ্ত এজেণ্ট আৰু মাতৃ গৃহিণী।[7][8] তেখেতৰ কনিষ্ঠ ভগ্নীৰ নাম হৈছে সগুন।[9] অশোক বিহাৰত থকা মাতা জয় কৌৰ পাব্লিক স্কুলৰ পৰা তেখেতে পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে আৰু গুৰু টেগ বাহাদুৰ ইনষ্টিটিউট অৱ টেকন'লজীৰ পৰা কম্পিউটাৰ ছায়েন্স অভিযান্ত্ৰিকীত স্নাতক ডিগ্ৰী লাভ কৰে।[10][11]

কৰ্মজীৱন[সম্পাদনা কৰক]

স্নাতক শিক্ষাৰ সমাপ্তিৰ পিছত পন্নুৱে ছফ্টৱেৰ অভিযন্তা হিচাপে কাম কৰে।[12][13] ইয়াৰ পিছত তেখেতে ছেনেল 'ভি'ত সম্প্ৰচাৰিত হোৱা প্ৰতিভা-প্ৰদৰ্শনৰ অনুষ্ঠান 'গেট গৰজিয়াছ'ত অডিশ্যন দিয়ে আৰু এগৰাকী পূৰ্ণ পৰ্যায়ৰ মডেল হিচাপে প্ৰতিষ্ঠিত হয়। ইয়াৰ জৰিয়তেই তেখেতে অভিনয়ৰ জগতখনৰ লগত চিনাকি হয়।[14] মডেলিঙৰ সময়ত পন্নুৱে টেলিভিছন আৰু ছপা মাধ্যমৰ বহুকেইটা বিজ্ঞাপনত ভূমুকি মাৰে। কিছুমান বিশেষ মডেলিঙৰ খিতাপো অৰ্জন কৰে। তাৰে ভিতৰত "Pantaloons Femina Miss Fresh Face" আৰু ফেমিনা মিছ ইণ্ডিয়াৰ "Safi Femina Miss Beautiful Skin" (২০০৮) হৈছে অন্যতম।[12][15]

২০২০ চনত পন্নুৱে অভিনয় কৰা একমাত্ৰ ছবিখন আছিল অনুভৱ সিনহাৰ দ্বাৰা পৰিচালিত হিন্দী কথাছবি "থপ্পড়"। এইখন ছবিতে তেখেতে অমৃতা নামৰ এগৰাকী গৃহিনীৰ চৰিত্ৰ ৰূপায়ণ কৰে, যিয়ে নিজৰ পতিক চৰ (থপ্পড়) সোধায়। পন্নুৱে কয় যে, “চৰিত্ৰটোৰ (the character's) "righteousness, her maturity to handle every situation" made her suffocate.”।[16] ছবিখনত কৰা অভিনয়ৰ জৰিয়তে পন্নুৱে সমালোচকৰ পৰা ইতিবাচক প্ৰশংসা লাভ কৰে।[17]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Taapsee Pannu Movies: Latest and Upcoming Films of Taapsee Pannu". Times of India. https://timesofindia.indiatimes.com/topic/Taapsee-Pannu/movies। আহৰণ কৰা হৈছে: 13 October 2018. 
  2. "2019 Celebrity 100". Forbes India. http://www.forbesindia.com/lists/2019-celebrity-100/1819/all. 
  3. "65th Amazon Filmfare Awards 2020 live updates". The Times of India. 15 February 2020. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/65th-amazon-filmfare-awards-2020-live-updates-and-filmfare-awards-winners/liveblog/74145715.cms. 
  4. Moviebuzz. "Happy Birthday to Taapsee". Sify Technologies Ltd. http://www.sify.com/movies/happy-birthday-to-taapsee-news-tamil-libm6Wbefcd.html। আহৰণ কৰা হৈছে: 7 September 2017. 
  5. "Taapsee posts throwback pic from grihapravesh. Boyfriend Mathias Boe has a question" (en ভাষাত). India Today. 8 May 2020. https://www.indiatoday.in/movies/celebrities/story/taapsee-posts-throwback-pic-from-grihapravesh-boyfriend-mathias-boe-has-a-question-1675650-2020-05-08. 
  6. "Introducing Tapasee's sister". Sify Technologies Ltd. http://www.sify.com/movies/Introducing-Tapasee-s-sister-imagegallery-tollywood-lgumTLjdgbh.html?html=5। আহৰণ কৰা হৈছে: 7 September 2017. 
  7. "Taapsee Pannu's sweet gesture for her dad will melt your heart". The Times of India. 26 September 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/taapsee-pannus-sweet-gesture-for-her-dad-will-melt-your-heart/articleshow/65963150.cms। আহৰণ কৰা হৈছে: 8 February 2021. 
  8. Jha, Lata (20 September 2019). "'I am very proud to say I am an outsider'". Mint. https://www.livemint.com/mint-lounge/features/-i-am-very-proud-to-say-i-am-an-outsider-1568974002030.html। আহৰণ কৰা হৈছে: 8 February 2021. 
  9. Chaubey, Pranita (12 October 2020). "When In Maldives, Taapsee Pannu And Her Sister Shagun Chill Like This". NDTV. https://www.ndtv.com/entertainment/when-in-maldives-taapsee-pannu-and-her-sister-shagun-chill-like-this-2308454। আহৰণ কৰা হৈছে: 8 February 2021. 
  10. "In pics: Taapsee Pannu visits her Delhi school, promotes self defence training". Hindustan Times. 27 May 2017. https://www.hindustantimes.com/bollywood/in-pics-taapsee-pannu-visits-her-delhi-school-promotes-self-defence-training/story-p0LmoojvU5ZBq5zCjSBDKK.html। আহৰণ কৰা হৈছে: 8 February 2021. 
  11. "Aadukalam heroine Taapsee chats with fans". Sify Technologies Ltd. 13 January 2011. http://www.sify.com/movies/aadukalam-heroine-taapsee-chats-with-fans-news-kollywood-lbnmXQaiceg.html। আহৰণ কৰা হৈছে: 7 September 2017. 
  12. 12.0 12.1 "PIX: The Hottest Southern Heroines  — Part II". Rediff.com. 4 October 2011. http://www.rediff.com/movies/slide-show/slide-show-1-the-hottest-southern-heroines-part-two/20111004.htm। আহৰণ কৰা হৈছে: 7 September 2017. 
  13. "Aadukalam heroine Tapasee unveiled!". Sify Technologies Ltd. http://www.sify.com/movies/Aadukalam-heroine-Tapasee-unveiled-imagegallery-kollywood-kf3oXHcjdch.html?html=5। আহৰণ কৰা হৈছে: 7 September 2017. 
  14. Motihar, Jhilmil; Vasisht, Shruti (25 January 2008). "On the rampway : Simply Punjabi: News India Today". India Today. http://indiatoday.intoday.in/site/Story/3885/Simply%20Punjabi/On+the+rampway.html. 
  15. "SHOOT : Female". India Times. Archived from the original on 27 August 2011. https://web.archive.org/web/20110827051219/http://shoot.indiatimes.com/tapasee.html. 
  16. "Taapsee Pannu on her Thappad character: She made me grow up". India Today. 4 February 2020. https://www.indiatoday.in/movies/bollywood/story/taapsee-pannu-on-her-thappad-character-she-made-me-grow-up-1643253-2020-02-04। আহৰণ কৰা হৈছে: 7 February 2021. 
  17. "Thappad". Rotten Tomatoes. https://www.rottentomatoes.com/m/thappad। আহৰণ কৰা হৈছে: 7 February 2021.