প্ৰীতি জিণ্টা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
প্ৰীতি জিণ্টা
Preity Zinta

২০১৮ চনত প্ৰীতি জিণ্টা
জন্ম ৩১ জানুৱাৰী, ১৯৭৫ (৪৯ বছৰ)
ছিমলা, হিমাচল প্ৰদেশ, ভাৰত
শিক্ষানুষ্ঠান ছেইণ্ট বেডেছ কলেজ, ছিমলা
পেচা
  • অভিনেত্ৰী
  • প্ৰযোজক
  • উদ্যোগী
সক্ৰিয় হৈ থকা সময় ১৯৯৮–বৰ্তমান
উল্লেখযোগ্য কৰ্ম
  • দিল...ছে
  • কল হো না হো
  • বীৰ ঝাৰা আদি
দাম্পত্যসঙ্গী গিনি গুডএনাফ,২০১৬
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ফিল্মফেয়াৰ
  • আইফা
স্বাক্ষৰ

প্ৰীতি জিণ্টা (ইংৰাজী: Preity G Zinta)[1] (pronounced [ˈpriːt̪i ˈzɪɳʈa]; জন্ম-৩১ জানুৱাৰী ১৯৭৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু উদ্যোগী৷ তেখেতৰ সৰহভাগ ছবি হিন্দী ভাষাৰে৷ ইংৰাজ সাহিত্য আৰু অপৰাধমূলক মনোবিজ্ঞানত স্নাতকডিগ্ৰী লাভ কৰাৰ অন্তত প্ৰীতিয়ে ১৯৯৮ চনত দিল ছে... নামৰ ছবিখনৰ জৰিয়তে অভিষেক বলিউদত পদাৰ্পণ কৰে৷ ১৯৯৮ চনতে তেখেতৰ আন এখন জনপ্ৰিয় ছবি ছ'লজাৰয়েও মুক্তি লাভ কৰে৷ ছবিদুখত অভিনয়ৰ বাবে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ বঁটা লাভ কৰে৷ ২০০০ চনত মুক্তিলাভ কৰা ছবি ক্যা কেহনাত প্ৰীতিয়ে এগৰাকী অকলশৰীয়া কিশোৰী মাতৃৰ চৰিত্ৰ ৰূপায়ণ কৰে৷ পৰৱৰ্তী কালত তেখেতে বহুতো ভিন্নধৰ্মী চৰিত্ৰৰ সফল ৰূপায়ণেৰে বলিউডত নিজকে প্ৰতিষ্ঠা কৰে৷ তেখেতৰ কিছুমান চৰিত্ৰ সাংস্কৃতিকভাৱে দ্ব্যৰ্থপূৰ্ণ৷ তেখেতে নিৰ্বাচন কৰা অপ্ৰচলিত স্ক্ৰীণ-উপস্থিতিয়ে বলিউডৰ নায়িকাৰ বহুপ্ৰচলিত আৰু আৰোপিত ধাৰণাটোৰ পৰিৱৰ্তন কৰে বুলি ভবা হয়৷ সুদীৰ্ঘ কেৰিয়াৰত প্ৰীতি জিণ্টাই ফিল্মফেয়াৰ, আইফাকে ধৰি তেখেতে বহুকেইটা জনপ্ৰিয় আৰু সমাদৃত বঁটা এতিয়ালৈকে অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ [2]

সংক্ষিপ্ত জীৱন[সম্পাদনা কৰক]

১৯৭৫ চনৰ ৩১ জানুৱাৰীত প্ৰীতি জিণ্টাৰ হিমাচল প্ৰদেশৰ ছিমলাত জন্ম হয়৷ তেখেতৰ জন্ম হৈছিল এটি ৰাজপুত পৰিয়ালত৷[3][4][5][6]

প্ৰীতিৰ পিতৃ আছিল দুৰ্গানন্দ জিণ্টা৷ তেখেত আছিল ভাৰতীয় স্থলসেনাৰ এগৰাকী বিষয়া৷[7] প্ৰীতিৰ তেৰ বছৰ বয়সত দুৰ্গানন্দ জিণ্টাৰ এটা শোকাৱহ দুৰ্ঘটনাত পতিত হৈ মৃত্যু হয়৷ দুৰ্ঘটনাটোত তেখেতৰ মাতৃও গভীৰভাৱে আঘাতপ্ৰাপ্ত হয়৷ দুটা বছৰৰ বাবে তেখেতে শয্যাশায়ী হৈ থাকিবলগাত পৰে৷[8] প্ৰীতিৰ দুগৰাকী ভ্ৰাতৃ হৈছে দীপাংকৰ আৰু মনিষ৷ দীপাংকৰ এগৰাকী বিষয়া আৰু মনিষ কেলিফৰ্ণিয়াৰ নিবাসী৷[9]

প্ৰীতিয়ে পঢ়াশালীয়া শিক্ষা গ্ৰহণ কৰে "কনভেণ্ট অৱ জেছাছ এণ্ড মেৰি"ত৷ ইয়াৰ পিছত তেখেতক ছিমলাৰ ছেইণ্ট বেডে কলেজত নামভৰ্তি কৰা হয়৷[7] তেখেতে ইংৰাজী সাহিত্যত স্নাতক ডিগ্ৰী লাভ কৰে আৰু মনোবিজ্ঞানত এটা স্নাতকৰ পাঠ্যক্ৰম আৰম্ভ কৰে৷ [10] এইখন শিক্ষানুষ্ঠানৰ পৰা তেখেতে অপৰাধমূলক মনোবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে৷ অৱশ্যে পাছত মডেলিঙৰ পৃথিৱীত পদাৰ্পণ কৰে৷[7] প্ৰীতিৰ প্ৰথমটো টিভি বিজ্ঞাপন আছিল "পাৰ্ক" নামৰ চকলেটটোৰ বাবে৷ কৰ্মসূত্ৰে প্ৰীতিয়ে ১৯৯৬ চনত এগৰাকী বন্ধুৰ জন্মদিনাৰ পাৰ্টিত পৰিচালকক লগ পোৱাৰ সুযোগ পায়৷[7] পৰিচালকজনে জিণ্টাক এটা বিশেষ চৰিত্ৰৰ বাবে অডিশ্যন লয় আৰু তেখেতক নিৰ্বাচিত কৰে৷ পৰৱৰ্তী সময়ত প্ৰীতিয়ে বহুকেইটা কেটালগ আৰু বিজ্ঞাপনত স্থান লাভ কৰে৷ তাৰে এটা বিজ্ঞাপন আছিল "লিৰিল" নামৰ চাবোনটো৷[8][10]

১৯৯৭ চনত প্ৰীতি জিণ্টাই শেখৰ কাপুৰক লগ পায়৷[11][12] শেখৰ কাপুৰৰ বাবে প্ৰীতিয়ে এটা অডিশ্যন দিয়ে আৰু কাপুৰে তেখেতক অভিনেত্ৰী হ'বৰ বাবে প্ৰস্তাৱ আগবঢ়ায়৷ প্ৰীতিয়ে পোনপ্ৰথমে ঋতিক ৰোশন অভিনীত তাৰা ৰাম পাম পামত অভিনয়ৰ বাবে বন্দোৱস্ত কৰা হৈছিল যদিও শেষপৰ্যায়ত ছবিখন বাতিল কৰা হয়৷[13] [12] ইয়াৰ পিছত, ১৯৯৮ চনত মণি ৰত্নমৰ ছবি দিল ছে..ত অভিনয়ৰ বাবে প্ৰীতিক শেখৰ কাপুৰে পৰামৰ্শ দিয়ে৷ ৰোমাণ্টিক থ্ৰিলাৰ ছবিখনৰ পটভূমি আছিল নতুন দিল্লীত থকা এটা আতংকবাদীৰ গোট৷[10][11]

২০০০ চনত প্ৰীতি জিণ্টাই ক্যা কেহনা নামৰ ছবিখনত অভিনয় কৰে৷ ছবিখনে অপ্ৰত্যাশিতভাৱে বক্স অফিচত সফলতা লাভ কৰে৷[14][15] [16] পৰৱৰ্তী সময়ত প্ৰীতি জিণ্টাই চ'ৰি চ'ৰি চুপকে চুপকে (২০০১), দিল চাহতা হ্যেয় (২০০১), দিল হ্যেয় তুম্‌হাৰা, আৰমান (২০০৩)ৰ দৰে ছবিত অভিনয় কৰে৷ ২০০৩ চনত মুক্তিলাভ কৰা কল হো না হোৰ বাবে প্ৰীতি জিণ্টাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে৷ সেইটো বছৰতে মুক্তি লাভ কৰা কোয় মিল গয়া হৈছে প্ৰীতিয়ে অভিনয় কৰা এখন সফল কল্প-বিজ্ঞানধৰ্মী ছবি৷ ২০০৪ চনত প্ৰীতিয়ে ৱীৰ-ঝাৰা নামৰ ছবিখনত শীৰ্ষ চৰিত্ৰত অভিনয় কৰে৷ ২০০৮ চনত প্ৰীতিয় হেভেন অন আৰ্থ নামৰ কানাডীয়ান ড্ৰামা ছবিখনত অভিনয় কৰে৷ ছবিখনৰ বাবে তেখেতে ছিলভাৰ হিউগোৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে আৰু গিনি বঁটাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে মনোনীত হয়৷ [17][18]

২০০৮ চনত প্ৰীতিয়ে নেছ ৱাদিয়া, মোহিত বৰ্মন আৰু আন কেইগৰাকীমানৰ লগ লাগি আইপিএলত প্ৰতিদ্বন্দ্বিতাৰ বাবে মোহালীৰ টি-টুৱেণ্টি দলটোৰ ক্ৰয় আৰু গঠন কৰে৷ [19]

২০০৪ চনত প্ৰীতি জিণ্টাই বিবিচি নিউজ অনলাইনৰ বাবে দক্ষিণ-এছীয় ধাৰভাষ্যকাৰৰ গোট এটাৰ লগত সংযুক্ত হয়৷[20] ২০০৪ চনৰ জানুৱাৰীত প্ৰীতিয়ে লিখা "The changing face of Bollywood" প্ৰবন্ধটো প্ৰকাশিত হয়৷ [21]

২০১৬ চনৰ ২৯ ফেব্ৰুৱাৰীত প্ৰীতি জিণ্টাই তেখেতৰ দীৰ্ঘদিনীয়া সংগী গিন গুডএনাফৰ লগত লছ এঞ্জেলছত বিবাহ-পাশত আবদ্ধ হয়৷[22]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Times News Network (8 June 2018). "Two years after marriage, Preity Zinta adds husband's initials to her name". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/two-years-after-marriage-preity-zinta-adds-husbands-initials-to-her-name/articleshow/64509138.cms. 
  2. "Now showing Chakde! – Fiesty{{{1}}} foot forward". The Indian Express. 14 August 2007. http://cities.expressindia.com/local-news/fullstory.php?newsid=250929. 
  3. "Preity Zinta rubbishes claims of her 'British ancestry'!" (en ভাষাত). 2 February 2009. https://zeenews.india.com/entertainment/celebrity/preity-zinta-rubbishes-claims-of-her-british-ancestry_22242.html. 
  4. Joshi, Shriniwas (16 March 2007). "Glamour girls from Himachal Pradesh". The Tribune. http://www.tribuneindia.com/2007/20070316/hp1.htm#21. 
  5. "Preity turns one-plus-thirty". Stardust. 31 January 2006. http://www.stardustindia.com/display_garam.asp?issue=February2006&id=1. 
  6. "Happy birthday Preity Zinta: Did you know her decision to enter Bollywood was based on a coin flip?". Hindustan Times. 31 January 2021. https://www.hindustantimes.com/entertainment/bollywood/happy-birthday-preity-zinta-did-you-know-her-decision-to-enter-bollywood-was-based-on-a-coin-flip-101611932180125.html. 
  7. 7.0 7.1 7.2 7.3 Sharma, Mandvi (24 June 2006). "'I would've been the PM'". The Times of India. http://timesofindia.indiatimes.com/articleshow/msid-1676771,curpg-1.cms. 
  8. 8.0 8.1 Khubchandani, Lata (22 May 2000). "I had this illusion that filmstars are like kings and queens". Rediff.com. http://www.rediff.com/movies/2000/may/22preity.htm। আহৰণ কৰা হৈছে: 15 September 2007. 
  9. Lancaster, John (23 January 2003). "Bollywood Star's Act Makes Her a Hero, and Possible Target". The Washington Post: পৃষ্ঠা A16. Archived from the original on 5 November 2012. https://web.archive.org/web/20121105070109/http://www.highbeam.com/doc/1P2-234600.html.  – via Highbeam Research (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  10. 10.0 10.1 10.2 Hahn, Lorraine (11 January 2005). "Bollywood Actress, Preity Zinta Talk Asia Interview Transcript". CNN. http://edition.cnn.com/2005/WORLD/asiapcf/01/11/talkasia.zinta.script/. 
  11. 11.0 11.1 BAFTA Goes Bollywood: Preity Zinta. 15 August 2006. Event occurs at 01:40 – 07:00. 
  12. 12.0 12.1 Menon, Lakshmi (1 February 2001). "More than a pretty face". The Tribune. https://www.tribuneindia.com/2001/20010201/main8.htm. 
  13. Srinivasan, V. S. (20 November 1997). "Preity pleasing". Rediff.com. https://m.rediff.com/movies/nov/20pr.htm। আহৰণ কৰা হৈছে: 16 February 2021. 
  14. "Preity Zinta: Box Office Details and Filmography". Box Office India. https://boxofficeindia.com/actor.php?actorid=91। আহৰণ কৰা হৈছে: 2 August 2020. 
  15. "Box Office 1998". Box Office India. https://boxofficeindia.com/years.php?year=1998&pageId=4। আহৰণ কৰা হৈছে: 17 April 2020. 
  16. "The Winners – 1998". Indiatimes. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225193854/http://filmfareawards.indiatimes.com/articleshow/368679.cms। আহৰণ কৰা হৈছে: 25 April 2020. 
  17. "Every scene in 'Videsh' is some woman's story: Preity Zinta". The Hindu. Indo-Asian News Service. 14 March 2009. http://www.hindu.com/thehindu/holnus/009200903141821.htm. 
  18. Dixon, Guy (11 February 2009). "Genie Award voters anoint The Necessities". The Globe and Mail. https://www.theglobeandmail.com/arts/genie-award-voters-anoint-the-necessities/article20444424/. 
  19. "SRK, Preity Zinta, Ambani, Mallya win IPL bids". Hindustan Times. Press Trust of India. 24 January 2008. Archived from the original on 17 February 2015. https://web.archive.org/web/20150217111610/http://www.hindustantimes.com/chunk-ht-ui-cricket-topstories/srk-ambani-mallya-win-ipl-bids/article1-271517.aspx. 
  20. Pillai, Sreedhar (16 February 2004). "Preity turns columnist". The Hindu. http://www.hindu.com/mp/2004/02/16/stories/2004021600560200.htm. 
  21. Zinta, Preity (29 January 2004). "The changing face of Bollywood". BBC. http://news.bbc.co.uk/2/hi/south_asia/3445467.stm. 
  22. "10 celebrities who got married in 2016". Daily News and Analysis. 10 July 2016. https://www.dnaindia.com/entertainment/photo-gallery-10-celebrities-who-got-married-in-2016-2233103/bobby-darling-and-ramneek-sharma-2233107. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]