ছাৰা আলী খান
ছাৰা আলী খান | |
---|---|
২০১৯ চনত ছাৰা খান | |
জন্ম | ১২ আগষ্ট, ১৯৯৫ (২৯ বছৰ)[1] বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত[2] |
শিক্ষানুষ্ঠান | কলম্বিয়া বিশ্ববিদ্যালয় |
পেচা | অভিনেত্ৰী |
সক্ৰিয় হৈ থকা সময় | ২০১৮–বৰ্তমান |
পিতৃ-মাতৃ | ছৈয়ফ আলী খান অমৃতা সিং |
ছাৰা আলী খান(ইংৰাজী: Sara Ali Khan, উচ্চাৰণ: [saːɾa əˈli xaːn]; জন্ম-১২ আগষ্ট ১৯৯৫) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে সাধাৰণতে হিন্দী ভাষাৰ ছবিত অভিনয় কৰে৷ বলিউদৰ পৰিচিত অভিনেতাদ্বয় অমৃতা সিং আৰু ছৈয়ফ আলী খানৰ দুহিতা ছাৰা বিখ্যাত পাটাউদী পৰিয়ালৰ জীয়ৰী৷
কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী দখল কৰাৰ পাছত ছাৰাই অভিনয়ৰ জগতত প্ৰৱেশ কৰে আৰু ২০১৮ চনত মুক্তিলাভ কৰা কেদাৰনাথ ছবিখনৰ জৰিয়তে দৰ্শক তথা সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে৷ এইখন ছবিৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ সন্মান অৰ্জন কৰে৷ ২০১৯ চনত তেখেত ফৰ্বছ-ইণ্ডিয়াৰ শীৰ্ষ ১০০ ছেলেব্ৰিটিৰ তালিকাভূক্ত হয়৷
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]১৯৯৫ চনৰ ১২ আগষ্টত ছাৰা আলী খানৰ জন্ম হয়৷তেখেতৰ জন্ম হৈছিল মুম্বাইত৷ পিতৃ আছিল ছৈয়ফ আলী খান আৰু মাতৃ হৈছে অমৃতা সিং৷ [3][4][5] [6] ছাৰাৰ কনিষ্ঠ ভ্ৰাতৃৰ নাম হৈছে ইব্ৰাহীম৷[7]ছাৰাৰ অৰ্ধ-ভ্ৰাতৃ হৈছে টাইমূৰ৷ টাইমূৰ ছৈয়ফ আলী খান আৰু কৰিণা কাপুৰৰ সন্তান৷[8][9] ছাৰা এগৰাকী মুছলিম হিচাপে জন্ম হয়৷[10]
চাৰি বছৰ বয়সত, ছাৰা আলী খানে এটা বিজ্ঞাপনত অভিনয় কৰে৷[11] পিতৃ ছৈয়ফৰ মতে, বলিউদৰ অভিনেত্ৰী আৰু প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰী ঐশ্বৰ্য ৰায় হৈছে ছাৰাৰ অনুপ্ৰেৰণা বা আদৰ্শ৷ ছিকাগোৰ এখন মঞ্চত ঐশ্বৰ্যৰ অভিনয় দেখাৰ পাছতেই ছাৰা ৰায়ৰ দ্বাৰা অনুপ্ৰাণিত হয় আৰু পৰৱৰ্তী সময়ত ছবিজগতত এটা কেৰিয়াৰ গঢ়াৰ সপোন দেখে৷[11][12] ২০০৪ চনত ছাৰ আলী খানৰ পিতৃ-মাতৃৰ বৈবাহিক জীৱনৰ মাজত বিচ্ছেদ হয় আৰু ছাৰা আলী খানক অমৃতা সিঙে লালন-পালন কৰাৰ ন্যায়িক অভিভাৱকত্ব লাভ কৰে৷[13] প্ৰথমাৱস্থাত ছৈয়ফক জীয়েক-পুতেকক দেখা কৰাৰ পৰা বাৰণ কৰা হৈছিল৷[13] অৱশ্যে পিতৃ আৰু জীয়ৰীৰ মাজত পাছলৈ পুনৰ্মিলনৰ জৰিয়তে বন্ধুত্বপূৰ্ণ সম্বন্ধ স্থাপিত হয়৷[14] ছাৰা আলী খানে কৰিণা কাপুৰৰ লগত এটা স্বাস্থ্যকৰ সম্বন্ধ অটুট ৰাখিছে৷ ছাৰাই ২০১৮ চনত কয় যে-"মই তেখেতৰ পেছাদাৰিত্বৰ গুণটো আয়ত্ত কৰিব বিচাৰোঁ৷"[15]
কিশোৰী অৱস্থাত, ছাৰা আলী খানে নিজৰ মেদবহুলতাৰ সমস্যাৰ লগত ভালেমান যুঁজিবলগা হৈছিল৷ সেয়েহে ওজন হ্ৰাস কৰিবলৈ ছাৰাই নিজকে এক কঠোৰ দৈনন্দিন কৰ্মসূচীৰ মাজত আবদ্ধ কৰিছিল আৰু ব্যায়ামাদিত মনোনিৱেশৰ জৰিয়তে স্বাস্থ্যসন্মত হ'বলৈ প্ৰয়াস কৰিছিল৷[16] তেখেত polycystic ovary syndromeতো আক্ৰান্ত হৈছিল৷ তেখেতৰ ওজন বঢ়াৰ সিও এটা কাৰণ আছিল৷[17] নিউ ইয়ৰ্কত থকা কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰা ছাৰাই ইতিহাস আৰু ৰাজনীতি বিজ্ঞান অধ্যয়ন কৰে৷[18][19][20]নিৰ্দিষ্ট সময়ৰ পূৰ্বেই, প্ৰায় তিনিটা বছৰৰ ভিতৰত, ২০১৬ চনত ছাৰা আলী খানে স্নাতক ডিগ্ৰী অৰ্জন কৰে৷ পাঠ্যক্ৰমৰ অৱশিষ্ট ডেৰটা বছৰ তেখেতে ওজন প্ৰশিক্ষণ গ্ৰহণ কৰে৷ ইয়াৰ পিছত তেখেত ভাৰতলৈ ঘূৰি আহে৷[20][21]
মিডিয়াত
[সম্পাদনা কৰক]২০১৯ চনত ছাৰা আলী খানক ফৰ্বছ-ইণ্ডিয়াৰ এশগৰাকী ছেলিব্ৰেটিৰ তালিকাভূক্ত কৰা হয়৷ ৫৭.৫ মিলিয়ন ধনেৰে তেখেতে তালিকাত ৬৬তম স্থান পায়৷[22] ফাণ্টা, পিউমা, ভিটৰ দৰে একাধিক ব্ৰেণ্ড আৰু পণ্যদ্ৰব্যৰ বিজ্ঞাপনভিত্তিক প্ৰচাৰ-প্ৰসাৰৰ লগত তেখেত জড়িত৷[23]
চলচ্চিত্ৰপুঞ্জী
[সম্পাদনা কৰক]মুক্তি নোহোৱা ছবি |
বৰ্ষ | ছবি | চৰিত্ৰ | টোকা |
---|---|---|---|
২০১৮ | কেদাৰনাথ | মন্দাকিনী মুক্কু মিশ্ৰ |
|
ছিম্বা | সগুন সাথে | ||
২০২০ | লাভ আজকাল | জ' চৌহান | |
কুলি নং ১ | ছাৰাহ ৰোজাৰিঅ' | ||
২০২১ | অটৰংগী ৰে | মায়া ডুবে/সাগৰিকা শৰ্মা | আগষ্টত মুক্তি হ'ব[24] |
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Sara Ali Khan Answers The Most Googled Questions On Her. Daily News and Analysis. Event occurs at 1:18. Retrieved 11 December 2018.
- ↑ Sara Ali Khan Answers The Most Googled Questions On Her. Daily News and Analysis. Event occurs at 0:47. Retrieved 11 December 2018.
- ↑ "Sara Ali Khan is a bundle of joy as she cuts birthday cake. See more pics from the party". Hindustan Times. 13 August 2018. https://www.hindustantimes.com/bollywood/sara-ali-khan-is-a-bundle-of-joy-as-she-cuts-birthday-cake-see-more-pics-from-the-party/story-mD6kzBPwfvy2zzltTpMHUN.html.
- ↑ Bhagat, Shama (14 November 2018). "Sara Ali Khan leaves it to the audience to accept her in Kedarnath". The Telegraph. https://www.telegraphindia.com/entertainment/sara-ali-khan-leaves-it-to-the-audience-to-accept-her-in-kedarnath/cid/1675103.
- ↑ Basu, Nilanjana (3 January 2018). "Saif Ali Khan On Taimur's Gene Pool: Rabindranath Tagore, Raj Kapoor, Tiger Pataudi". NDTV. https://www.ndtv.com/entertainment/saif-ali-khan-on-taimurs-gene-pool-rabindranath-tagore-raj-kapoor-tiger-pataudi-1795374.
- ↑ "Amrita Singh turns 60: 10 lesser-known facts about the actress". India TV. 11 September 2018. https://www.indiatvnews.com/entertainment/celebrities-amrita-singh-birthday-special-10-lesser-known-facts-of-saif-ali-khan-s-former-wife-426878.
- ↑ "Saif Ali Khan reveals, not Sara it was Ibrahim who made debut in Bollywood first". Catch News (Rajasthan Patrika). 28 October 2018. http://www.catchnews.com/bollywood-news/saif-ali-khan-reveals-not-sara-it-was-ibrahim-who-made-debut-in-bollywood-first-87230.html.
- ↑ "Watch: This is what Kareena Kapoor Khan's son Taimur Ali Khan says when he sees his elder sister Sara Ali Khan". Times Now (The Times Group). 17 November 2018. https://www.timesnownews.com/entertainment/news/people/article/watch-this-is-what-kareena-kapoor-khans-son-taimur-ali-khan-says-when-he-sees-his-elder-sister-sara-ali-khan/315553.
- ↑ Swarup, Shubhangi (29 January 2011). "The Kingdom of Khan". OPEN. http://www.openthemagazine.com/article/art-culture/the-kingdom-of-khan। আহৰণ কৰা হৈছে: 17 November 2018.
- ↑ "'Religion played a major role in my upbringing'". 1 Aug 1998. https://sabrangindia.in/interview/religion-played-major-role-my-upbringing.
- ↑ 11.0 11.1 "The actress who inspired Sara for a career in films, as revealed by father Saif Ali Khan". Times Now (The Times Group). 2 January 2018. https://www.timesnownews.com/entertainment/news/bollywood-news/article/the-actress-who-inspired-sara-for-a-career-in-films-as-revealed-by-father-saif-ali-khan-aishwarya-rai-kedarnath-kaalakaandi-taimur/184329.
- ↑ "Koffee With Karan 6: Sara Ali Khan REVEALS that she wanted to become an actor at the age of 4". Bollywood Hungama. 17 November 2018. http://www.bollywoodhungama.com/news/bollywood/koffee-karan-6-sara-ali-khan-reveals-wanted-become-actor-age-4/। আহৰণ কৰা হৈছে: 17 November 2018.
- ↑ 13.0 13.1 "Saif Ali Khan's throwback interview on Amrita Singh: I feel like crying, I miss my daughter Sara all the time". The Indian Express. 23 May 2017. https://indianexpress.com/article/entertainment/bollywood/saif-ali-khan-throwback-interview-on-amrita-singh-i-was-told-i-was-worthless-my-mother-and-sisters-were-insulted-4668281/.
- ↑ "We are more like friends, we have drink together: Saif Ali Khan on his relationship with daughter Sara". India TV (Independent News Service). 19 July 2018. https://www.indiatvnews.com/entertainment/celebrities-saif-ali-khan-sacred-games-on-his-relationship-with-daughter-sara-ali-khan-453563.
- ↑ "Sara Ali Khan opens up about step-mother Kareena Kapoor". The News International. 18 November 2018. https://www.thenews.com.pk/latest/394944-sara-ali-khan-opens-up-about-step-mother-kareena-kapoor.
- ↑ "This singer's songs helped Sara Ali Khan to lose weight". Mid Day. 17 November 2018. https://www.mid-day.com/articles/this-singers-songs-helped-sara-ali-khan-to-lose-weight/19980169.
- ↑ Srivastava, Soumya (19 November 2018). "Koffee With Karan 6: Sara Ali Khan says mom Amrita Singh dressed her up for dad Saif's wedding with Kareena Kapoor". Hindustan Times. https://www.hindustantimes.com/tv/koffee-with-karan-6-sara-ali-khan-says-mom-amrita-singh-dressed-her-up-for-dad-saif-s-wedding-with-kareena-kapoor/story-LLp9TFccXnPDQkywpDg84K.html.
- ↑ I have a degree in political science; may join politics later: Sara Ali Khan Free Press Journal
- ↑ Mandal, Manisha (1 December 2018). "Sara Ali Khan Explains Why She Chose To Become An Actress Despite Studying From Columbia". Times InternetIndiatimes. https://www.indiatimes.com/entertainment/sara-ali-khan-explains-why-she-chose-to-become-an-actress-despite-studying-from-columbia-357722.html। আহৰণ কৰা হৈছে: 13 December 2018.
- ↑ 20.0 20.1 "Sara Ali Khan reveals story of her dramatic weight transformation, says mom Amrita Singh couldn't recognise her". Hindustan Times. 10 December 2018. https://www.hindustantimes.com/bollywood/sara-ali-khan-reveals-story-of-her-dramatic-weight-transformation-says-mom-amrita-singh-couldn-t-recognise-her/story-EN7XLiKEgI6jvLjlySuJXK.html.
- ↑ "Sara Ali Khan holds a degree from Columbia University in New York". The Times of India. 1 January 2018. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/sara-ali-khan-interesting-facts-about-the-upcoming-star/Sara-Ali-Khan-holds-a-degree-from-Columbia-University-in-New-York/photostory/63617186.cms.
- ↑ "2019 Celebrity 100". Forbes India. http://www.forbesindia.com/lists/2019-celebrity-100/1819/all.
- ↑ Laghate, Gaurav (3 June 2019). "From Puma to Fanta, Sara Ali Khan becomes brand favourite with 11 endorsement deals". The Economic Times. https://economictimes.indiatimes.com/magazines/panache/from-puma-to-fanta-sara-ali-khan-becomes-brand-favourite-with-11-endorsement-deals/articleshow/69628293.cms.
- ↑ "Aanand L Rai's Atrangi Re starring Akshay Kumar, Sara Ali Khan and Dhanush to release on August 6, 2021". Bollywood Hungama. 19 February 2021. https://www.bollywoodhungama.com/news/bollywood/aanand-l-rais-atrangi-re-starring-akshay-kumar-sara-ali-khan-dhanush-release-august-6-2021। আহৰণ কৰা হৈছে: 19 February 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিমিডিয়া কমন্সত ছাৰা আলী খান সম্পৰ্কীয় মিডিয়া ফাইল আছে। - ছাৰা আলী খান সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত ছাৰা আলী খান
- ছাৰা আলী খান সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা১৯৮৯–২০০০ - জুহি চাওলা (১৯৮৯)
- ভাগ্যশ্ৰী (১৯৯০)
- পূজা ভাট (১৯৯১)
- ৰবীনা টেণ্ডন (১৯৯২)
- দিব্যা ভাৰতী (১৯৯৩)
- মমতা কুলকাৰ্ণী (১৯৯৪)
- সোণালী বেন্দ্ৰে আৰু টবু (১৯৯৫)
- টুইংকল খান্না (১৯৯৬)
- সীমা বিশ্বাস (১৯৯৭)
- মহিমা চৌধুৰী (১৯৯৮)
- প্ৰীতি জিণ্টা (১৯৯৯)
- নন্দিতা দাস (২০০০)
২০০১–২০০৯ - কৰিণা কাপুৰ (২০০১)
- বিপাসা বসু (২০০২)
- ঈশা দেউল (২০০৩)
- লাৰা দত্ত আৰু প্ৰিয়ংকা চোপ্ৰা (২০০৪)
- আয়েশা টাকিয়া (২০০৫)
- বিদ্যা বালান (২০০৬)
- কংগনা ৰাণাৱত (২০০৭)
- দীপিকা পাডুকন (২০০৮)
- আচিন (২০০৯)
২০১০–২০০৯ - বঁটা প্ৰদান হোৱা নাই (২০১০)
- সোনাক্ষী সিন্হা (২০১১)
- পৰিনীতি চোপ্ৰা (২০১২)
- ইলিয়ানা ডি'ক্ৰুজ (২০১৩)
- বাণী কাপুৰ (২০১৪)
- কৃতি সেনন (২০১৫)
- ভূমি পেডনেকাৰ (২০১৬)
- ঋত্বিকা সিং (২০১৭)
- বঁটা প্ৰদান হোৱা নাই (২০১৮)
- ছাৰা আলী খান (২০১৯)
২০২০–বৰ্তমান - অনন্যা পাণ্ডে (২০২০)
- আলায়া এফ (২০২১)