বাণী কাপুৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাণী কাপুৰ
Vaani Kapoor

২০১৮ চনৰ লাকমে ফেশ্বন উইকত কাপুৰ।
জন্ম ২৩ আগষ্ট, ১৯৮৮ (৩৫ বছৰ)[1][2]
দিল্লী, ভাৰত
শিক্ষানুষ্ঠান ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৩–বৰ্তমান

বাণী কাপুৰ(ইংৰাজী: Vaani Kapoor; জন্ম: ২৩ আগষ্ট ১৯৮৮) হিন্দী চলচ্চিত্ৰত অভিনয়ৰ বাবে পৰিচিত এগৰাকী ভাৰতীয় অভিনেত্ৰী।

ৰোমাণ্টিক কমেডী ছবি ‘শুদ্ধ দেশী ৰোমাঞ্চ’ৰ জৰিয়তে বানীয়ে অভিনয় জীৱনত অভিষেক ঘটায়, যিখন ছবিয়ে সমালোচনাত্মক আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে আৰু ‘শ্ৰেষ্ঠ মহিলা আত্মপ্ৰকাশৰ বাবে ফিল্মফেয়াৰ বঁটা’ লাভ কৰে।

তামিল ছবি আহা কল্যাণম (২০১৪) আৰু বেফিক্ৰে (২০১৬)ত অভিনয় কৰি সমালোচনাৰ সন্মুখীন হোৱাৰ পিছত বাণী কাপুৰে তিনি বছৰৰ বিৰতি লয়। ইয়াৰ পিছত তেওঁ ‘ৱাৰ’ (২০১৯)ৰ দৰে একচন ছবি কিছুমানত প্ৰেমিকাৰ চুটি চৰিত্ৰত অভিনয় কৰিছে। পিছলৈ তেওঁ ৰোমাণ্টিকধৰ্মী কমেডী ‘চণ্ডীগড় কৰে আশিকী’ (২০২১)ত অভিনয় কৰি প্ৰশংসা লাভ কৰে।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

বাণী কাপুৰৰ জন্ম হৈছিল ভাৰতৰ দিল্লীৰ এটা পাঞ্জাবী পৰিয়ালত।[3] কাপুৰৰ পিতৃ শিৱ কাপুৰ এগৰাকী আচবাব ৰপ্তানি উদ্যোগী আৰু মাতৃ ডিম্পী কাপুৰ এগৰাকী বিপণন কাৰ্যবাহী। পূৰ্বতে মাতৃ এগৰাকী শিক্ষক আছিল। দিল্লীৰ অশোক বিহাৰৰ মাতা জয় কৌৰ পাব্লিক স্কুলৰ পৰাই বাণীয়ে স্কুলীয়া শিক্ষা লাভ কৰিছিল। পিছলৈ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ত নামভৰ্তি কৰি পৰ্যটন অধ্যয়নত তেওঁ স্নাতক ডিগ্ৰী সম্পূৰ্ণ কৰে। তাৰ পিছত জয়পুৰৰ ওবেৰয় হোটেল এণ্ড ৰিজৰ্টত ইণ্টাৰ্ণশ্বিপ

কেৰিয়াৰ[সম্পাদনা কৰক]

বাণী কাপুৰে তেওঁৰ সহ অভিনেতা সুশান্ত সিং ৰাজপুত আৰু পৰিনীতি চোপ্ৰাৰ সৈতে ২০১৩ চনত তেওঁলোকৰ ছবি ''শুদ্ধ দেশী ৰোমাঞ্চ''ৰ প্ৰচাৰ চলাইছিল

বাণী কাপুৰে যশ ৰাজ ফিল্মছৰ সৈতে তিনিখন ছবিৰ চুক্তিত স্বাক্ষৰ কৰি হিন্দী চলচ্চিত্ৰ জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[4]সুশান্ত সিং ৰাজপুত আৰু পৰিনীতি চোপ্ৰাৰ সৈতে ৰোমাণ্টিক কমেডী ''শুদ্ধ দেশী ৰোমাঞ্চ''ত সহযোগী চৰিত্ৰত অভিনয় কৰিবলৈ অডিচনৰ জৰিয়তে নিৰ্বাচিত হৈছিল। ছবিখনত লিভ-ইন ৰিলেচনশ্বিপৰ বিষয়টো আলোচনা কৰা হৈছিল। ই সমালোচকৰ পৰা ইতিবাচক প্ৰতিক্ৰিয়া লাভ কৰিছিল আৰু কাপুৰে এগৰাকী স্পষ্টবাদী ছোৱালী তাৰাৰ চৰিত্ৰত কৰা অভিনয়ক প্ৰশংসা কৰা হৈছিল। কইম'ইৰ মোহৰ বসুৱে লিখিছে যে কাপুৰ "এগৰাকী সুখদায়ক অভিষেককাৰী যদিও তেওঁ এগৰাকী প্ৰকাশ্যভাৱে শক্তিশালী অভিনেত্ৰী নহয়"[5] আনহাতে ''দ্য টাইমছ অৱ ইণ্ডিয়া''ৰ মাধুৰিতা মুখাৰ্জীয়ে তেওঁক "আকৰ্ষণীয়, ধুনীয়া আৰু ভাল পৰ্দা-উপস্থিতিৰ ইংগিতবহনকাৰী " বুলি ভাবিছিল।[6] শুদ্ধ দেশী ৰোমাঞ্চে বিশ্বজুৰি বক্স অফিচত ৭৬ কোটি টকা (৯.৮ মিলিয়ন মাৰ্কিন ডলাৰ) সংগ্ৰহ কৰে আৰু ব্যৱসায়িকভাৱে সফলতা লাভ কৰে।[5] ৫৯ সংখ্যক ফিল্মফেয়াৰ বঁটাত কাপুৰক শ্ৰেষ্ঠ মহিলা অভিষেক বঁটাৰে সন্মানিত কৰা হয়।[7]

কাপুৰৰ পৰৱৰ্তী মুক্তি আছিল ২০১০ চনৰ হিন্দী ছবি ''বেণ্ড বাজা বাৰাত''ৰ অফিচিয়েল ৰিমেক তামিল ভাষাৰ ৰোমাণ্টিক কমেডী 'আহা কল্যাণম'। নানীৰ বিপৰীতে অভিনয় কৰা তেখেতে ছবিখনৰ বাবে তামিল ভাষা শিকিছিল।[8] মুক্তিৰ লগে লগে ছবিখনক সমালোচকে সমালোচনা কৰিছিল আৰু তেওঁৰ অভিনয় অসমাদৃত হৈছিল।[9] ২০১৬ চনত কাপুৰে পেৰিছত নিৰ্মিত আদিত্য চোপ্ৰাৰ ৰোমাণ্টিক কমেডী বেফিক্ৰেত ৰণবীৰ সিঙৰ সৈতে অভিনয় কৰে।[10] তেওঁ ভাৰতীয় বংশৰ ফৰাচী পৰ্যটক গাইড শ্বাইৰা গিলৰ চৰিত্ৰত অভিনয় কৰিছিল যাৰ সিঙৰ চৰিত্ৰৰ সৈতে ৰোমাণ্টিক যোগাযোগৰ ফলত তেওঁলোকৰ মাজত সংঘাতৰ সৃষ্টি হয়।[11] ছবিখনে সমালোচকৰ পৰা নেতিবাচক সমালোচনা লাভ কৰিছিল আৰু বক্স অফিচত বিফল বুলি গণ্য কৰা হৈছিল।[12]

২০২১ চনত বাণী কাপুৰ

ছবিৰ পৰা তিনি বছৰৰ বিৰতিৰ পিছত ঋত্বিক ৰোশন আৰু টাইগাৰ শ্ৰফৰ সৈতে একচন থ্ৰিলাৰ ৱাৰত বাণীয়ে পুনৰ অভিনয় কৰে। সিদ্ধাৰ্থ আনন্দৰ পৰিচালনাত ছবিখনৰ আৰু প্ৰযোজক আছিল যশ ৰাজ ফিল্মছ।[13] ৱাৰে ভাৰতৰ ছবিগৃহত প্ৰথম দিনৰ আয়ৰ দিশত সংগ্ৰহৰ অভিলেখ গঢ়িছিল আৰু ঘৰুৱাভাৱে ৫৩.৩৫ কোটিতকৈ অধিক লাভ কৰিছিল[14] আৰু ২০১৯ চনৰ সৰ্বাধিক উপাৰ্জন কৰা ভাৰতীয় ছবি হিচাপে পৰিগণিত হৈছিল। বিশ্বব্যাপী ৪৭৫ কোটিতকৈ অধিক আৰু ঘৰুৱাভাৱে ৩১৮ কোটি উপাৰ্জন কৰিছিল। ছবিখনে ভাৰতত এইদৰে ৩০০ কোটি ক্লাবত প্ৰৱেশ কৰে।[15] এইখন বাণীৰ এতিয়ালৈকে সৰ্বাধিক সফল ছবি।[16]

ইয়াৰ পিছত কাপুৰে ২০২১ চনত অক্ষয় কুমাৰৰ সৈতে একচন থ্ৰিলাৰ বেল বটমত অভিনয় কৰে।[17] ৱাৰৰ দৰেই তেওঁ পুৰুষ নায়কৰ প্ৰেমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল।[18]একে বছৰতে আয়ুষ্মান খুৰানাৰ বিপৰীতে কাপুৰে ৰোমাণ্টিক ড্ৰামা চণ্ডীগড় কৰে আশিকীত অভিনয় কৰে। ছবিখনত কৰা অভিনয়ৰ বাবে তেওঁক প্ৰশংসা কৰা হৈছিল।[19]

ইয়াৰ পিছত কাপুৰে ৰণবীৰ কাপুৰে অভিনয় কৰা এখন পিৰিয়ড ড্ৰামা শ্বামছেৰা (২০২২)ত অভিনয় কৰে।[20][21]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Vaani Kapoor: Movies, Photos, Videos, News, Biography & Birthday | eTimes". The Times of India. https://timesofindia.indiatimes.com/topic/Vaani-Kapoor। আহৰণ কৰা হৈছে: 10 January 2022. 
  2. Kapoor, Vaani (29 November 2013). "its 88!*sigh*". Twitter.com. https://twitter.com/Vaaniofficial/status/406677220682252288। আহৰণ কৰা হৈছে: 3 February 2014. 
  3. Lakhi, Navleen (October 19, 2013). "Personal Agenda: Vaani Kapoor" (en ভাষাত). Hindustan Times. https://www.hindustantimes.com/chandigarh/personal-agenda-vaani-kapoor/story-OC3Gtg0iKiKbKgrahd8UaK.html। আহৰণ কৰা হৈছে: August 1, 2022. 
  4. "'Shuddh Desi Romance' more challenging than fun: Vaani Kapoor". Mid Day. 18 September 2013. Archived from the original on 13 October 2014. https://archive.is/20141013160234/http://archive.mid-day.com/entertainment/2013/sep/180913-shuddh-desi-romance-more-challenging-than-fun-vaani-kapoor.htm/। আহৰণ কৰা হৈছে: 13 October 2014. 
  5. 5.0 5.1 Basu, Mohar (6 September 2013). "Shuddh Desi Romance Review". Koimoi. http://www.koimoi.com/reviews/shuddh-desi-romance-review/। আহৰণ কৰা হৈছে: 12 October 2014. 
  6. Mukherjee, Madhureeta (6 September 2013). "Shuddh Desi Romance: Movie Review". The Times of India. http://timesofindia.indiatimes.com/entertainment/hindi/movie-review/Shuddh-Desi-Romance-movie-review/movie-review/22326739.cms। আহৰণ কৰা হৈছে: 12 October 2014. 
  7. "59th Idea Filmfare Awards Winners". Filmfare. http://www.filmfare.com/news/winners-of-59th-idea-filmfare-awards-5220.html. 
  8. "I understand Tamil well: Vaani Kapoor". The Times of India. http://timesofindia.indiatimes.com/entertainment/tamil/movies/news/I-understand-Tamil-well-Vaani-Kapoor/articleshow/28680148.cms। আহৰণ কৰা হৈছে: 30 August 2017. 
  9. "Aaha Kalyanam: Conjugal fights". The Hindu. 22 February 2014. http://www.thehindu.com/features/cinema/cinema-reviews/aaha-kalyanam-conjugal-fights/article5716741.ece. 
  10. "It's surreal:Ranveer Singh on Befikre trailer launch at Eiffel Tower". 10 October 2016. https://indianexpress.com/article/entertainment/bollywood/ranveer-singh-on-befikre-trailer-launch-at-eiffel-tower-3075812/। আহৰণ কৰা হৈছে: 17 October 2019. 
  11. Sarkar, Prarthna (9 December 2016). "Befikre review round-up: Critics have given their verdict on Ranveer Singh and Vaani Kapoor's film". International Business Times. http://www.ibtimes.co.in/befikre-review-round-heres-what-critics-have-say-about-ranveer-singh-vaani-kapoors-parisian-707617। আহৰণ কৰা হৈছে: 10 December 2016. 
  12. "Vaani Kapoor feels 'Befikre' debacle was because of her" (en ভাষাত). mid-day. http://www.mid-day.com/articles/vaani-kapoor-befikre-aditya-chopra-ranveer-singh-bollywood-news-interview/17922156. 
  13. Ians (15 July 2019). "'War' teaser promises an exhilarating Hrithik vs Tiger spectacle" (en-IN ভাষাত). The Hindu. ISSN 0971-751X. https://www.thehindu.com/entertainment/movies/hrithik-roshan-tiger-shroffs-next-titled-war/article28434842.ece. 
  14. "Bollywood Top Grossers Worldwide Bollywood Hungama". Bollywood Hungama. https://www.bollywoodhungama.com/box-office-collections/worldwide/2019/। আহৰণ কৰা হৈছে: 10 December 2021. 
  15. "War box office: Hrithik Roshan, Tiger Shroff film is 2019’s highest grossing Indian film worldwide, here are all records it has broken". Hindustan Times. 24 October 2019. https://www.hindustantimes.com/bollywood/war-box-office-hrithik-roshan-tiger-shroff-film-is-2019-s-highest-grossing-indian-film-worldwide-here-are-all-records-it-has-broken/story-a2pMyjygtLNGCfPrpf5XTL.html। আহৰণ কৰা হৈছে: 10 December 2021. 
  16. Upadhyay, Karishma (4 October 2019). "Vaani Kapoor on War, handling the failure of Befikre and having Aditya Chopra as mentor". The Telegraph (India). https://www.telegraphindia.com/entertainment/vaani-kapoor-on-war-handling-the-failure-of-befikre-and-having-aditya-chopra-as-mentor/cid/1709675। আহৰণ কৰা হৈছে: 10 December 2021. 
  17. "'Have always looked forward to working with him': Vaani Kapoor on starring opposite Akshay Kumar in 'Bell Bottom'". DNA India. 11 July 2020. https://www.dnaindia.com/bollywood/report-have-always-looked-forward-to-working-with-him-vaani-kapoor-on-starring-opposite-akshay-kumar-in-bell-bottom-2831840। আহৰণ কৰা হৈছে: 10 December 2021. 
  18. "Vaani Kapoor on doing small role in Akshay Kumar’s BellBottom: ‘Best roles go to bigger, credible actresses’". The Indian Express. 24 August 2021. https://indianexpress.com/article/entertainment/bollywood/vaani-kapoor-on-akshay-kumar-bellbottom-small-role-7457562/। আহৰণ কৰা হৈছে: 10 December 2021. 
  19. Chatterjee, Saibal (10 December 2021). "Chandigarh Kare Aashiqui Review: Ayushmann Khurrana Has A Great Time, Vaani Kapoor Is A Revelation". NDTV. https://www.ndtv.com/entertainment/chandigarh-kare-aashiqui-review-ayushmann-khurrana-has-a-great-time-vaani-kapoor-is-a-revelation-2-5-stars-out-of-5-2645237। আহৰণ কৰা হৈছে: 10 December 2021. 
  20. "Ranbir Kapoor, Vaani Kapoor, and Sanjay Dutt announce the release date of Shamshera with a power-packed video". Bollywood Hungama. 11 February 2021. https://www.bollywoodhungama.com/news/bollywood/ranbir-kapoor-vaani-kapoor-sanjay-dutt-announce-release-date-shamshera-power-packed-video/। আহৰণ কৰা হৈছে: 11 February 2021. 
  21. "Is Vaani Kapoor feeling lonely these days?". The Times of India. 23 April 2020. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/is-vaani-kapoor-feeling-lonely-these-days/articleshow/74796927.cms। আহৰণ কৰা হৈছে: 12 May 2020.