পূজা ভাট

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পূজা ভাট

২০১৯ চনত পূজা ভাট
জন্ম ২৪ ফেব্ৰুৱাৰী, ১৯৭২ (৫২ বছৰ)
বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • অভিনেত্ৰী
  • পৰিচালক
  • প্ৰযোজক
সক্ৰিয় হৈ থকা সময় ১৯৮৯-বৰ্তমান
দাম্পত্যসঙ্গী মনিশ মাখিজা (২০০৩–২০১৪) (বিচ্ছেদিত)
বঁটা, সন্মান, পুৰস্কাৰ আদি
  • ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা
  • ফিল্মফেয়াৰ
  • জি চিনে

পূজা ভাট (ইংৰাজী: Pooja Bhatt; জন্ম: ২৪ ফেব্ৰুৱাৰী, ১৯৭২) হৈছে এগৰাকী ভাৰতীয় চলচ্চিত্ৰ পৰিচালক, অভিনেত্ৰী, ভয়ছ অভাৰ শিল্পী, মডেল আৰু ছবি-নিৰ্মাতা।[1] পূজা ভাটে লাভ কৰা বহুকেইটা পুৰস্কাৰৰ ভিতৰত দুটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাও সন্নিৱিষ্ট হৈ আছে। তেখেত চলচ্চিত্ৰ পৰিচালক মহেশ ভাটৰ জীয়ৰী। ১৯৮৯ চনত মহেশ ভাটে নিৰ্মাণ কৰা টেলিভিছন ছবি ডেডিৰ জৰিয়তে পূজা ভাটে পোনপ্ৰথমবাৰৰ বাবে শীৰ্ষ চৰিত্ৰত অভিনয় কৰে। ছবিখনৰ বাবে পূজা ভাটে শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ লাক্স নিউ ফেচ অৱ দ্যা ইয়েৰ সন্মান লাভ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৭২ চনৰ ২৪ ফেব্ৰুৱাৰীত পূজা ভাটৰ জন্ম হয়।[2] পূজা ভাটৰ পিতৃ আছিল মহেশ ভাট আৰু মাতৃ আছিল কিৰণ ভাট। পূজা ভাটে পিতৃৰ পৰা গুজৰাটী জাত্যাংশ আৰু মাতৃৰ পৰা ইংৰাজী, স্কটিশ, আৰ্মেনিয়ান আৰু বাৰ্মিছ জাত্যাংশ লাভ কৰিছে।[3][4][5][6]

কৰ্মজীৱন[সম্পাদনা কৰক]

পূজা ভাটে ১৭ বছৰ বয়সত (১৯৮৯ চনত) অভিনয়ৰ জগতত প্ৰৱেশ কৰে। ছবিখন আছিল মহেশ ভাটৰ দ্বাৰা নিৰ্মিত ডেডী। সেইখন ছবি মহেশ ভাটে টিভিৰ ছবি হিচাপে নিৰ্মাণ কৰিছিল। ছবিখনৰ আন এটি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছিল বলিউডৰ বলিষ্ঠ অভিনেতা অনুপম খেৰে।

১৯৯১ চনত নিৰ্মাণ হোৱা দিল হেই কে মানতা নহী শীৰ্ষক ৰোমাণ্টিক ছবিখন আছিল পূজা ভাটৰ কেৰিয়াৰৰ এখন উল্লেখযোগ্য ছবি।[7] এইখন ছবি আছিল অস্কাৰ-বিজয়ী ইট হেপেনড ওৱান নাইটৰ ৰিমেক।[8]

পূজা ভাটৰ কেইখনমান উল্লেখযোগ্য ছবি হৈছে ছড়ক (১৯৯১),[7], জুনুন (১৯৯২), জানম, হাম দোনো (১৯৯৫), অংগৰক্ষক, বৰ্ডাৰ (১৯৯৭) আৰু জখম (১৯৯৮) আদি। ২০০১ চনত পূজা ভাটে Everybody Says I'm Fine! নামৰ ইংৰাজী ছবিখনত অভিনয় কৰে। ২০০৪ চনত পূজা ভাটৰ নিজস্ব পৰিচালনা আৰু প্ৰযোজনাত পাপ নামৰ ছবিখন মুক্তি হয়। ইয়াৰ পিছত তেখেতে চাৰিখনকৈ ছবি পৰিচালনা কৰে।[7] ২০২১ চনত পূজা ভাটে অলংকৃতা শ্ৰীবাস্তৱেৰ নিৰ্দেশনাত বোম্বাই বেগমছ নামৰ ছটা খণ্ডৰ চিৰিজটোত অভিনয় কৰিছে।[9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Pooja Bhatt photos: 50 rare HD photos of Pooja Bhatt" (en ভাষাত). The Indian Express. 8 April 2018. https://indianexpress.com/article/entertainment/bollywood/pooja-bhatt-photos-50-best-looking-hot-and-beautiful-hq-and-hd-photos-of-pooja-bhatt-4403372/. 
  2. AP/AFP/PTI/Agencies/Twitter/Movie stills (24 February 2013). "Birthday Exclusive: Pooja Bhatt". Deccan Chronicle. Archived from the original on 22 November 2015. https://web.archive.org/web/20151122111336/http://archives.deccanchronicle.com/130224/entertainment-bollywood/gallery/birthday-exclusive-pooja-bhatt. 
  3. Bollywood Trade News Network (July 2007). "Tulip's one exciting girl to watch for!". GlamSham. http://www.glamsham.com/movies/scoops/07/jul/30_tulips_one_exciting_girl_to_watch_for.asp। আহৰণ কৰা হৈছে: 27 July 2014. 
  4. Jha, Subhash K (23 May 2013). "Pooja Bhatt auctions role for women's cause". Bollywood Hungama. http://www.bollywoodhungama.com/news/1823174/Pooja-Bhatt-auctions-role-for-womens-cause। আহৰণ কৰা হৈছে: 27 July 2014. 
  5. Bhatt, Pooja (21 November 2013). "My mother is Scottish, Burmese, Armenian, English. My father is half Brahmin, half Muslim & Soni is Half Kashmiri & half German.". Twitter. https://twitter.com/PoojaB1972/status/403713981149229056। আহৰণ কৰা হৈছে: 27 July 2014. 
  6. Bhatt, Pooja (13 August 2013). "Did you know my maternal great-grandmother was Burmese? I now have the chance to celebrate my roots. Come join me!". Twitter. https://twitter.com/PoojaB1972/status/367494446935310336। আহৰণ কৰা হৈছে: 27 July 2014. 
  7. 7.0 7.1 7.2 "Pooja Bhatt: Lesser known facts | The Times of India". The Times of India. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/photo-features/pooja-bhatt-lesser-known-facts/pooja-bhatt-lesser-known-facts/photostory/46353804.cms। আহৰণ কৰা হৈছে: 19 June 2018. 
  8. "OMG! Magazine covers". photogallery.indiatimes.com. https://photogallery.indiatimes.com/celebs/celeb-themes/pictures-of-celebrities-on-magazine-covers/omg-magazine-covers/articleshow/35632210.cms। আহৰণ কৰা হৈছে: 19 December 2019. 
  9. Keshri, Shweta (16 July 2020). "Netflix's Bombay Begums starring Pooja Bhatt deals with desire, ethics and vulnerabilities" (en ভাষাত). India Today. https://www.indiatoday.in/binge-watch/story/netflix-s-bahu-begums-starring-pooja-bhatt-deals-with-desire-ethics-and-vulnerabilities-1701235-2020-07-16.