মহিমা চৌধুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহিমা চৌধুৰী

২০১৮ চনত মহিমা
জন্ম দাৰ্জিলিং, পশ্চিম বংগ, বাৰত[1]
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯৭-বৰ্তমানলৈ
দাম্পত্যসঙ্গী ববী মুখাৰ্জী (বি. ২০০৬; বিবি. ২০১৩)[2]
সন্তান আৰিয়ানা

মহিমা চৌধুৰী (ইংৰাজী: Mahima Chaudhry) এগৰাকী হিন্দী চলচ্চিত্ৰৰ অভিনেত্ৰী আৰু মডেল। নব্বৈৰ দশকত চৌধুৰীয়ে কেইটামান মডেলিং এচাইনমেণ্ট কৰিছিল আৰু চলচ্চিত্ৰ জগতত খোজ দিয়াৰ আগতে কেইবাটাও টেলিভিছন বিজ্ঞাপনত অভিনয় কৰিছিল। ১৯৯৭ চনত মুক্তি পোৱা পৰদেশৰ যোগে তেওঁ চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে আৰু আৰু শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা পায়। দাগ (১৯৯৯), ধড়কন (২০০০), কুৰুক্ষেত্ৰ (২০০০), বাগৱানকে (২০০৩) ধৰি কেইবাখনো ছবিত অভিনয় তেওঁ নিজকে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হোৱাৰ লগতে দিল ক্যা কৰে (১৯৯৯), লজ্জা (২০০১) আৰু দোবাৰা (২০০৪) ছবি কেইখনে সমালোচকৰ দৃষ্টি আকৰ্ষণ কৰে।

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

মহিমা চৌধৰীৰ জন্ম হৈছিল ভাৰতৰ পশ্চিম বংগদাৰ্জিলিঙত। দশম শ্ৰেণীলৈকে তেওঁ কুৰচিয়াঙৰ ডাউ হিলত পঢ়িছিল আৰু পিছত দাৰ্জিলিঙৰ লৰেটো কলেজত নামভৰ্তি কৰে। [1] ২০০৬ চনত স্থপতিবিদ ববী মুখাৰ্জীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। ২০১৩ চনত দুয়োৰো বিচ্ছেদ ঘটে। ২০২২ চনত মহিমাৰ স্তন কেন্সাৰ ধৰা পৰে আৰু চিকিৎসা কৰা হয়। [3]

অভিনয় জীৱন[সম্পাদনা কৰক]

মহিমাই পৰদেশত (১৯৯৭) এগৰাকী গাঁৱলীয়া ছোৱালীৰ পৰা আৰম্ভ কৰি বিভিন্ন ছবিত বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে। তেওঁৰ আন ভূমিকা আছিল দাগ: দ্য ফায়াৰ (১৯৯৯),[4] য'ত তেওঁ দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল; প্যাৰ কোই খেল নেহীত (১৯৯৯) তেওঁ এগৰাকী বিধৱা নাৰীৰ চৰিত্ৰত অভিনয় কৰিছিল। ধড়কনত (২০০০) তেওঁ আন এগৰাকী মহিলাৰ সৈতে উন্মাদভাৱে প্ৰেমত পৰা এজন মানুহৰ মৰমিয়াল বন্ধু: দীৱানেত তেওঁ এটা চোৰৰ প্ৰেমত পৰা গায়িকাৰ চৰিত্ৰত, কুৰুক্ষেত্ৰত তেওঁ এজন আৰক্ষী বিষয়াৰ জেদী পত্নীৰ চৰিত্ৰত অভিনয় কৰিছে। লজ্জাত তেওঁ অভিনয় কৰিছে যৌতুকৰ বিৰুদ্ধে যুজিবলৈ বাধ্য হোৱা এগৰাকী কইনা চৰিত্ৰত; য়ে তেৰা ঘৰ য়ে মেৰা ঘৰত (২০০১) মহিমাক এগৰাকী জেদী ভাড়াতীয়াৰ ৰূপত দেখা যায়, যি গৰাকীয়ে কোনো মূল্যৰ বিনিময়ত নিজৰ ঘৰ এৰি দিব নিবিচাৰে। ওম জয় জগদীশত তেওঁ এজনী মৰমিয়াল গৃহিণী; দিল হ্যায় তুমহাৰাত (২০০২) তেওঁ সেইজনী ভনীয়েক, যিয়ে নিজৰ ভনীয়েকৰ সুখৰ বাবে যিকোনো কামেই কৰিব পাৰে; দোবাৰাত হতাশগ্ৰস্ত গৃহিণী; দ্য ফিল্মত এগৰাকী হতাশ সংগ্ৰামী চিত্ৰনাট্যকাৰ; জমিৰ: দ্য ফায়াৰ উইথিনত এগৰাকী পক্ষাঘাতগ্ৰস্ত নৃত্যশিল্পী, ফিল্ম ষ্টাৰত তেওঁ এগৰাকী উত্তেজিত, অহংকাৰী, ম্লান হৈ পৰা অভিনেত্ৰী; হোম ডেলিভাৰীত (২০০৫) এগৰাকী দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰ আৰু ছৌতেন: দ্য আদাৰ উইমেনত (২০০৬) এগৰাকী হতাশগ্ৰস্ত গৃহিণীৰ চৰিত্ৰত অভিনয় কৰিছে যিয়ে তেওঁৰ সতীয়া জীয়ৰীৰ ল’ৰাবন্ধুজনৰ সৈতে প্ৰেমৰ সম্পৰ্ক স্থাপন কৰিছে।

২০১০ চনত মহিমাই নাইটছব্ৰিজ মিডিয়া প্ৰডাকচনৰ এখন ছবি পুশ্বাৰত অভিনয় কৰিছিল। ছবিখনৰ পৰিচালন আছিল আছাদ ৰাজা। তেওঁ ওম পুৰী আৰু সঞ্জয় কাপুৰ অভিনীত থ্ৰিলাৰ মুম্ভাই - দ্য গেংষ্টাৰতো কাম কৰিছিল।

তথ্যউৎস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]