সমললৈ যাওক

যৌতুক

অসমীয়া ৱিকিপিডিয়াৰ পৰা

যৌতুক (ইংৰাজী: Dowry) হ'ল কইনাৰ বিবাহত পিতৃ-মাতৃৰ সম্পত্তিৰ হস্তান্তৰ প্ৰক্ৰিয়া। ইয়াৰ ব্যুৎপত্তিগত অৰ্থ হ'ল দৰা-কইনা যুক্ত হোৱাৰ সময়ত অৰ্থাৎ বিবাহৰ সময়ত কইনাৰ বাবে যিবোৰ মূল্যৱান সামগ্ৰী দিয়া হয়, সেয়া যৌতুক।[1]

যৌতুক সাধাৰণত কইনাৰ মূল্য তথা স্ত্ৰীধন সংশ্লিষ্ট ধাৰণাৰ লগত সম্পূৰ্ণ বিপৰীত। যদিও কইনা মূল্য বা কইনা সেৱা দৰা বা তেওঁৰ পৰিয়ালৰ কৰ্তৃক কইনা পিতা-মাতাৰ পৰা পৰিশোধিত হয়, অৰ্থাৎ যৌতুক দৰা বা তেওঁৰ পৰিয়াল পদত্ত কইনাৰ পৰিয়াল কৰ্তৃক হস্তান্তৰিত সম্পদ। সেইদৰে, যৌতুক বিবাহৰ সময়ত দৰাৰ কৰ্তৃক নবস্ত্ৰী নিৰ্দিষ্ট সম্পত্তি বা যিবোৰত তাইৰ অংশ আছে।[2]

সাধাৰণ অৰ্থত যৌতুক কওঁতে বিবাহৰ সময়ত দৰাক কইনাৰ অভিভাৱক দিয়া অৰ্থ বা মূল্যৱান সামগ্ৰীক বুজায়। ইয়াৰ উপৰিও দৰা কইনাৰ আত্মীয়, আমন্ত্ৰীত অতিথিসকল সাধাৰণত স্বেচ্ছায় নৱদম্পতীক দি থাকে যিবোৰ সিহঁত সিহঁতৰ নতুন সংসাৰত সুবিধা অনুযায়ী ব্যৱহাৰ কৰিব পাৰিব। হিন্দু আইনত যৌতুকক নাৰীৰ সম্পত্তিৰ উৎস বোলা হয়। ইয়াত তাইৰ নিৰঙ্কুশ অধিকাৰ স্বীকৃত। হিন্দু সমাজত নাৰীসকল পুৰুষসকলোৰ নিচিনা সমানভাৱে সম্পত্তিৰ উত্তাৰিধকাৰী হোৱা নাছিল। সেই বাবে অনেক আগৰ পৰাই হিন্দু সমাজত নাৰীসকলোক বিবাহৰ সময়ত যৌতুক দিয়াৰ প্ৰচলন আছিল। কালক্ৰমত সেয়া বিবাহৰ পণ হিচাপে আভিৰ্ভূত হয় যি এটা সময় কইনা পক্ষৰ বাবে এটা কষ্টদায়ক ৰীতি হৈ উঠে।[3] বাংলাদেশৰ ১৯৮০ চনৰ যৌতুক নিৰোধক আইন অনুসৰি “প্ৰত্যক্ষ বা পৰোক্ষভাবে যদি কোনো পক্ষ অইন পক্ষকক বিবাহৰ আগত-পিছত-চলিথকা যি কোনো সময় যি কোনো সম্পদ বা মূল্যৱান বস্তু হস্তান্তৰ কৰে বা কৰিবলৈ সম্মত হয় তাকেই যৌতুক বুলি ধৰি লোৱা হ'ব।[4]” কিন্তু বিবাহৰ লগত পোনে-পোনে সম্পৰ্কিত নহয় এনে কোনোৱাই ৫০০ টকা বা তাতকৈ কম মূল্যৰ কোনো বস্তু উপহাৰ হিচাপে কোনো পক্ষকক দিয়ে সেয়া যৌতুক হিচাপে বিবেচিত নহ’ব। কিন্তু বিবাহৰ চৰ্ত হিচাপে এই সমপৰিমাণ কোনো কিছু আদান প্ৰদান কৰিলে তাক যৌতুক হিচাপে বিবেচিত হ’ব। নাৰী তথা শিশু নিৰ্যাতন দমন আইন ২০০০ অনুসৰি বিবাহ স্থিৰ থাকাৰ চৰ্ত হিচাপে বা বিবাহৰ পণ হিচাপত প্ৰদত্ত অৰ্থ বা প্ৰদান কৰা হয় এই ক্ষেত্ৰত কোন চৰ্ত যি কোন সম্পদক যৌতুক হিচাপে বিবেচিত হ’ব। কিন্তু মুছলিম সম্প্ৰদায়ৰ বিবাহৰ ক্ষেত্ৰত বিবাহৰ মোহৰানা যৌতুক হিচাবে বিবেচিত নহ’ব। প্ৰচলিত আইনত যৌতুক দিয়া বা লোৱা উভয় শাস্তি যোগ্য অপৰাধ হিচাপে বিবেচনা কৰা হৈছে। অপৰাধ প্ৰমাণিত হ’লে ১ ৰ পৰা ৫ বছৰ লৈকে কাৰাদণ্ড বা জৰিমনা অথবা উভয়ে দণ্ড হ’ব পাৰে। সেইদৰে যৌতুক দাবী কৰাৰ বাবেও শাস্তি হ’ব পাৰে৷[5] বাংলাদেশৰ সমাজত যৌতুকৰ বাবে নাৰীৰ প্ৰতি অসম্মান তথা অত্যাচাৰৰ বহু ঘটনা ঘটি আহিছে। আনকি যৌতুকৰ দাবীত স্বামী বা তেওঁ আত্মীয় স্বজনসকলোৰ দ্বাৰা অত্যাচাৰৰ পিছত হত্যাকাণ্ডৰ ঘটনাও বিৰল নহয়।

যৌতুকৰ সংজ্ঞা

[সম্পাদনা কৰক]

বাংলাদেশৰ যৌতুক নিৰোধ আইনত যৌতুকৰ কোনো স্পষ্ট সংজ্ঞা প্ৰদান কৰা হোৱা নাই। উক্ত আইনৰ ২ নং ধাৰাটো ব্যাখ্যা কৰিলে যৌতুক শব্দটোৰ লগত সম্পৰ্ক যুক্ত কতিপয় সক্ৰিয় উপাদানৰ উপস্থিতি দেখা যায়। উক্ত ধাৰা অনুসৰি যৌতুক হ’ব হ’লে পক্ষগণ দ্বাৰা প্ৰত্যক্ষ বা পৰোক্ষভাৱে বিবাহৰ প্ৰতিদান স্বৰূপ যিকোনো সম্পত্তি বা মূল্যৱান আমানত প্ৰদান কৰা বা প্ৰদানত সম্মত হোৱাকে যৌতুক বোলা হৈছে। উক্ত আইনত বিবাহৰ প্ৰতিদান হিচাপে টকা দাবী কৰিলে এই টকা যৌতুকৰ ভিতৰত পৰিব নে নাই সেই সম্বদ্ধত কিছুমান উল্লেখ কৰা হোৱা নাই। যৌতুক নিৰোধ আইন ১৯৮০, ৰ ২ নং ধাৰাত যৌতুকৰ সংজ্ঞা প্ৰদান কৰা হৈছে।[6]

ধাৰা ২) সংজ্ঞা। – বিষয় বস্তু বা প্ৰসঙ্গৰ পৰিপন্থী নহ’লে এই আইনত যৌতুক বুলি প্ৰত্যক্ষ বা পৰোক্ষভাৱে প্ৰদত্ত যি কোনো সম্পত্তি বা মূল্যৱান বস্তুকে বুজায়।

ক) বিবাহৰ এক পক্ষ দ্বিতীয় পক্ষকক বা

খ) বিবাহৰ কোনো এক পক্ষৰ পিতা-মাতা বা অইন কোনো ব্যাক্তি বিবাহৰ যি কোনো পক্ষকক বা অইন কোনো ব্যক্তিকক বিবাহ অনুষ্ঠান বা বিবাহৰ আগত বা পিছত বিবাহৰ পণৰূপে প্ৰদান কৰে বা প্ৰদানে সম্মত হয়। তেন্তে দেনমোহৰ যৌতুকৰ অন্তৰ্ভুক্ত নহ’ব।

ব্যাখ্যা ১) বিবাহৰ লগত পোনে পোনে সম্পৰ্কিত নহয় এনে কোনো ব্যক্তি দৰা বা কইনা যি কোনো পক্ষকক পাঁচশ টকাৰ কম মূল্যৰ কোনো সামগ্ৰী উপহাৰ হিচাপে প্ৰদান কৰিলে সেয়া যৌতুক নহ’ব।

(অতএব, বিবাহৰ নিমন্ত্ৰণ খাবলৈ গ’লে ৫০০ টকাৰ কম মূল্যৰ উপহাৰ ল’ব লাগিব।)

নাৰী তথা শিশু নিৰ্যাতন দমন আইন ২০০০, ৰ ২(ঞ) ধাৰাত যৌতুকৰ সংজ্ঞাত কোৱা হৈছে যে,

(অ) কোনো বিবাহৰ দৰা বা দৰাৰ পিতা বা মাতা বা প্ৰত্যক্ষভাৱে বিবাহৰ লগত জড়িত দৰা পক্ষৰ অইন কোনো ব্যক্তি কৰ্তৃক উক্ত বিবাহৰ সময় বা পুৰ্বে বা বৈবাহিক সম্পৰ্ক বিদ্যমান থকা সময়ত, বিবাহ স্থিৰ থকাৰ চৰ্তত, বিবাহৰ পণ হিচাপে কইনা পক্ষৰ পৰা দাবীকৃত অৰ্থ, সামগ্ৰী বা অন্যবিধ সম্পদ; অথবা

(আ) কোনো বিবাহৰ কইনা পক্ষ কৰ্তৃক বিবাহৰ দৰা বা দৰাৰ পিতা বা মাতা বা প্ৰত্যক্ষভাবে বিবাহৰ লগত জড়িত দৰা পক্ষৰ অইন কোনো ব্যক্তিক উক্ত বিবাহৰ সময় বা তত্পূৰ্বে বা বৈবাহিক সম্পৰ্ক বিদ্যমান থকা সময়, বিবাহ স্থিৰ থকাৰ চৰ্তত, বিবাহৰ পণ হিচাপে প্ৰদত্ত বা প্ৰদানে সম্মত অৰ্থ, সামগ্ৰী বা অন্যবিধ সম্পদ সমূহক যৌতুক বুলি কোৱা হ’ব।

যৌতুক কোনো ছোৱালীৰ বিবাহত মা-দেউতা, আত্মীয়স্বজন আনকি অনাত্মীয় অতিথিসকল যিবিলাক উপহাৰ দিয়ে তাক যৌতুক বুলি কোৱা হয়। গতিকে যৌতুক হ'ল সেই উপহাৰ য’ত ছোৱালীক তাইৰ বিবাহত স্বজন-পৰিজন তথা অনাত্মীয় অতিথিগণ সাধাৰণত স্বেচ্ছায় দি থাকে যাতে তাই তাইৰ স্বামীৰ ঘৰত এইবিলাক নিজৰ ইচ্ছা অনুসৰি তাইৰ সুবিধা আৰু মঙলৰ বাবে কৰিব পাৰে।

যৌতুক আইন

[সম্পাদনা কৰক]

১৯৬১ চনৰ ভাৰতীয় আইনটোৰ ২নং অনুচ্ছেদত বিবাহৰ সময় নগদ অৰ্থ, অলঙ্কাৰ, সাজ-পাৰ বা বেলেগ কোনো বস্তুৰ আকাৰত প্ৰদত্ত উপহাৰ কোনোবাই বিবাহৰ চৰ্ত হিচাপত নিদিলে সেইবিলাক যৌতুকৰ সংজ্ঞাৰ বাহিৰত ৰখা হৈছে। ১৯৬১ চনৰ ভাৰতীয় আইনত যৌতুক লোৱা বা দিয়া বা দাবি কৰাৰ শাস্তি সৰ্বোচ্চ ছয় মাহৰ কাৰাদণ্ড বা পাঁচ হাজাৰ ৰূপী জৰিমানা ভৰিব লাগিব।

বাংলাদেশ

[সম্পাদনা কৰক]

যৌতুক নিষিদ্ধকৰণ আইন, ১৯৮০। এইদেশত যৌতুকৰ অভিশাপ ৰোধ কৰিবলৈ ব্যৰ্থ হয়। ফলত যৌতুক দাবিৰ পৰিণতিত কইনাৰ উপৰ নিৰ্যাতন নামি আহে। সিহঁত শাৰীৰিকভাবে নিগৃহীত হয়। আনকি হত্যাও কৰা হয়। ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰ যৌতুক দাবিক কেন্দ্ৰ কৰি কোনো মহিলা বা শিশুক সামান্য বা গুৰুতৰ জখম কৰা, হত্যাৰ চেষ্টা কৰা বা হত্যা কৰাৰ বাবে শাস্তিৰ বিধান কৰে নাৰী তথা শিশু নিৰ্যাতন (বিশেষ বিধান) আইন ১৯৯৫ জাৰি কৰিবলৈ বাধ্য হয়। কিন্তু সেই আইনটোও এই অভিশাপৰ সমুখত যথেষ্ট প্ৰমাণিত নোহোৱাত আইনটো সংশোধন কৰি ২০০০ চনত বলবৎ কৰা হয় নাৰী তথা শিশু নিৰ্যাতন দমন (নিৰ্যাতনমূলক শাস্তি) আইন ২০০০। আইনটোও ২০০৩ চনত সংশোধন কৰা হয়। সংশোধিত আইনৰ ১১ অনুচ্ছেদত যৌতুকৰ দাবি লৈ হত্যাৰ অভিযোগত মৃত্যুদণ্ড, হত্যাৰ চেষ্টা চলোৱাৰ বাবে আজীৱন কাৰাদণ্ড, মাৰাত্মক জখম কৰাৰ বাবে ৫ ৰ পৰা ১২ বছৰৰ কাৰাদণ্ড আৰু সাধাৰণ জখম কৰাৰ বাবএ ১ পৰা ৩ বছৰৰ কাৰাদণ্ডৰ বিধান ৰখা হৈছে।[7]


যৌতুকৰ ইতিহাস

[সম্পাদনা কৰক]

উপনিৱেশিক সময়চোৱাত ক্ৰমবৰ্ধমান যৌতুক নিৰুৎসাহিত কৰাৰ কোনো আইনগত ব্যৱস্থা লোৱা হোৱা নাই। কিন্তু ব্যতিক্ৰম কেৱল এই যে, এই সময়ত সম্পত্তিত হিন্দু নাৰীৰ অধিকাৰ আইন ১৯৩৭ বলবৎ কৰা হৈছিল। সেই আইনত এজন হিন্দু বিধৱাক তাইৰ মৃত স্বামীৰ সম্পত্তি পুত্ৰ সন্তান যিমানখিনি পাব তাৰ সমপৰিমাণ অংশ পোৱাৰ অধিকাৰ দিয়া হৈছিল। কিন্তু সেই অধিকাৰও আছিল সীমিত। অবশ্য ভাৰতত ব্ৰিটিছ উপনিৱেশিক শাসনৰ অৱসানৰ পিছত স্বাধীন দেশত হিন্দু উত্তৰাধিকাৰ আইন ১৯৫৭-ত সনাতন উত্তৰাধিকাৰ ব্যৱস্থা বাতিল কৰি দিয়া হয় আৰু তেতিয়া হিন্দু সমাজত মৃত ব্যক্তিৰ পুত্ৰ বা কইনা পিতা বা মাতাৰ সম্পত্তিৰ সমান অংশ পোৱাৰ অধিকাৰ আছিল। কিন্তু এনে বিধান থকা সত্ত্বেও ভাৰতৰ যৌতুক প্ৰথাৰ অভিশাপ তিৰোহিত হোৱা নাই। সেই কাৰণে ভাৰত চৰকাৰ বিবাহৰ পণ হিচাপে বিবাহৰ আগত বা পিছত অথবা বিবাহৰ সময় যৌতুক দাবি কৰা বা গ্ৰহণ কৰাজনক শাস্তিযোগ্য অপৰাধ ঘোষণা কৰি যৌতুক নিষিদ্ধকৰণ আইন ১৯৬১ বিধিবদ্ধ কৰিবলৈ বাধ্য হয়।

যৌতুক প্ৰথাৰ অভিশাপ

[সম্পাদনা কৰক]

যৌতুক প্ৰথাৰ অভিশাপ বাংলাদেশৰ হিন্দু তথা মুছলিম উভয় সমাজত ইমানেই সংক্ৰমিত হৈছে যে সেয়া উচ্চ বা মধ্যবিত্ত শ্ৰেণীৰ পৰা দাৰিদ্ৰেৰ সৰ্বনিম্ন স্তৰ লৈকে বিয়পি পৰিছে। সেয়ে বাংলাদেশত এই সামাজিক সমস্যা প্ৰতিৰোধ কৰাৰ বাবে যৌতুক নিষিদ্ধকৰণ আইন ১৯৮০ বিধিবদ্ধ কৰা হয়, যি ভাৰতৰ ১৯৬১ চনৰ যৌতুক নিষিদ্ধকৰণ আইন দ্বাৰা প্ৰভুতৰূপত প্ৰভাবিত।

যৌতুক প্ৰথাৰ অভিশাপ সমুখত চৰকাৰ। গতিকে কঠোৰ পদক্ষেপ লোৱাৰ পিছতো যৌতুক প্ৰতিহত কৰা সম্ভব হোৱা নাই; বৰং সেয়া দিনক দিনে বাঢ়িবলৈ লৈছে। আৰু এই অভিশাপৰ যিহঁত চিকাৰ সিহঁত অৰ্থনৈতিক হেঁচাঁত লাহে লাহে ধ্বংস হব ধৰিছে। সেয়াই নহয়, যৌতুকৰ দাবি  হেঁপাহ মাৰিব নোৱাৰি নিৰপৰাধ স্ত্ৰীসকল শাৰীৰিক নিৰ্যাতন ভোগ কৰি আছে। কেতিয়াবা বা মাৰাত্মক জখমও হৈ আছে, আনকি হত্যা কাণ্ডও হৈ আছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. হবিবুৰ ৰহমান প্ৰণীত “যাৰ যি ধৰ্ম” পৃষ্ঠা ২৯৫
  2. গুডি, জেক (১৯৭৬)। Production and Reproduction: A Comparative Study of the Domestic Domain (ইংৰাজী ভাষাত)। কেমব্ৰিজ: কেমব্ৰিজ ইউনিভাৰ্চিটি প্ৰছ। পৃষ্ঠা ৮।
  3. কাজী এবাদুল হক (জানুয়াৰি ২০০৩)। "যৌতুক"। সিৰাজুল ইসলাম। [[বাংলাপিডিয়া]] (বঙালী ভাষাত)। ঢাকা: এশিয়াটিক সোসাইটি বাংলাদেশ। আইএসবিএন 984-32-0576-6। সংগ্ৰহেৰ তাৰিখ জুন ৪, ২০১৫। ইউআৰএল–উইকিসংযোগ দ্বন্দ্ব (সাহায্য)
  4. "সংৰক্ষণাগাৰভুক্ত অনুলিপি"। ২ নভেম্বৰ ২০১৫ তাৰিখে মূল থেকে আৰ্কাইভ কৰা। সংগ্ৰহেৰ তাৰিখ ৪ জুন ২০১৫।
  5. http://www.jaijaidinbd.com/?view=details&archiev=yes&arch_date=23-09-2012&feature=yes&type=single&pub_no=244&cat_id=3&menu_id=76&news_type_id=1&news_id=33125
  6. [1] যৌতুক আইন বাংলা
  7. যৌতুক আইন[2]