দিব্যা ভাৰতী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দিব্যা ভাৰতী
জন্ম ২৫ ফেব্ৰুৱাৰী, ১৯৭৪
বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যু ৫ এপ্ৰিল, ১৯৯৩ (১৯ বছৰ)
বোম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
মৃত্যুৰ কাৰণ দূৰ্ঘটনাজনিত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৯০–১৯৯৩
দাম্পত্যসঙ্গী ছাজিদ নাডিয়াৱালা, ১৯৯২
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ

দিব্যা ভাৰতী (ইংৰাজী: Divya Bharti; ২৫ ফেব্ৰুৱাৰী ১৯৭৪-৫ এপ্ৰিল ১৯৯৩) আছিল এগৰাকী ভাৰতীয় অভিনেত্ৰী৷ তেখেতে ১৯৯০ৰ দশকত হিন্দী, তামিল আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰিছিল৷ অভিনয়-বিচক্ষণতা আৰু সৌন্দৰ্যৰ বাবে জনাজাত দিব্যা ভাৰতী আছিল সেইসময়ত সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰীসকলৰ অন্যতম৷[1][2]

কিশোৰী অৱস্থাতেই ছবিজগতত খোপনি পুতিবলৈ সমৰ্থৱান হোৱা প্ৰতিভাশালী অভিনেত্ৰী দিব্যা ভাৰতীয়ে প্ৰথমাৱস্থাত কিছুমান মডেলিঙৰ কৰ্মত জড়িত হৈ আছিল৷ তেখেতে অভিনয় কৰা প্ৰথমখন ছবি আছিল তেলেগু ভাষাৰ৷ ১৯৯০ চনত মুক্তিপ্ৰাপ্ত এইখন ছবিৰ নাম আছিল ববিলি ৰাজা আৰু ছবিখনত ভাৰতীৰ বিপৰীতে অভিনয় কৰিছিল ভেংকটেশে৷ সেইটো বছৰতে ভাৰতীয়ে তামিল ভাষাৰ সমাদৃত আৰু ব্যৱসায়িকভাৱে সফল ছবি নীলা পেনিত অভিনয় কৰে৷ তেলেগু আৰু তামিল ভাষাৰ ছবিত অভিনয় কৰি উঠি ভাৰতীয়ে ১৯৯২ চনত বলিউডত ভৰি দিয়ে আৰু সেইবছৰৰে একছন-থ্ৰিলাৰ ছবি বিশ্বাত্মাত অভিষেক কৰে৷ ১৯৯২ চনৰ একছন-কমেডি ছবি শোলা অঔৰ শ্ববনমতো তেখেতক দেখিবলৈ পোৱা যায়৷ ছবিখনৰ বক্স অফিচত সফল হয় আৰু ভাৰতীৰ কেৰিয়াৰৰ টাৰ্ণিং পইণ্ট হিচাপে বিবেচিত হয়৷ সেই বছৰৰে আন এখন উল্লেখনীয় ছবি দিৱানাত অভিনয় কৰি দিব্যাই ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতা সন্মান লাভ কৰে৷

১৯৯৩ চনত, মাত্ৰ ঊনৈশ বছৰ বয়সত দিব্যা ভাৰতীয়ে সকৰুণ মৃত্যুক সাবটি লয়৷ তেখেতৰ মৃত্যু এক ৰহস্যজনক পৰিৱেশ আৰু পৰিস্থিতিত হৈছিল৷[3]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল-পৰিচয়[সম্পাদনা কৰক]

১৯৭৪ চনৰ ২৫ ফেব্ৰুৱাৰিত দিব্যা ভাৰতীয়ে মুম্বাইত জন্মগ্ৰহণ কৰে৷[4] তেখেতৰ পিতৃ হৈছে ওম প্ৰকাশ ভাৰতী আৰু মাতৃ হৈছে মীতা ভাৰতী৷[5] ভাৰতীৰ কনিষ্ঠ ভ্ৰাতৃ হৈছে কুনাল আৰু অৰ্ধ-ভগ্নী হৈছে পুনম৷ পুনম হৈছে ওম প্ৰকাশ ভাৰতীৰ প্ৰথমগৰাকী পত্নীৰ সন্তান৷[6]

ভাৰতীৰ হিন্দী, ইংৰাজী আৰু মাৰাঠী ভাষাত দখল আছিল৷[7] দিব্যাই মুম্বাইস্থিত জুহুৰ মানেকজী কুপাৰ হাইস্কুলত শিক্ষাগ্ৰহণ কৰে৷ বিদ্যালয়ত ভাৰতী এগৰাকী অস্থিৰ ছাত্ৰী আছিল৷ অভিনয়ৰ জগতত প্ৰৱেশ কৰাৰ পূৰ্বে ভাৰতীয়ে নৱম শ্ৰেণীলৈকে পঢ়িছিল৷[8]

কেৰিয়াৰ[সম্পাদনা কৰক]

১৯৮৮ চনত ভাৰতীয়ে নৱম শ্ৰেণীত পঢ়ি থকাৰ সময়ত ছবিনিৰ্মাতা নন্দু টোলানিয়ে তেখেতক ছবি এখনৰ বাবে চুক্তিবদ্ধ কৰে৷ ১৯৯০ চনত মুক্তিপ্ৰাপ্ত গুনাহো কা দেৱতা নামৰ এই ছবিখনৰ বাবে দিব্যাক তেতিয়া বন্দোৱস্ত কৰা হৈছিল যদিও ছবিখনত শেষপৰ্যায়ত সংগীতা বিজলানীয়েহে অভিনয় কৰে৷ দিব্যা ভাৰতীৰ চৰিত্ৰটো বাতিল কৰা হয়৷[9] অভিনেতা গোবিন্দাৰ ভায়েক কীৰ্তি কুমাৰে দিব্যাক এটা ভিডিঅ লাইব্ৰেৰীত দেখা পায় আৰু তেখেতৰ নিজা চিনেমা ৰাধা কা সংগমত গোবিন্দাৰ বিপৰীতে অভিনয় কৰাবলৈ উদ্বীগ্ন হৈ পৰে৷ কুমাৰে পৰিচালক দিলীপ শংকৰৰ লগত কথা পাতে আৰু ভাৰতীক চুক্তিপত্ৰৰ পৰা মুকলি কৰাৰ সফল হয়৷ চৰিত্ৰটোৰ বাবে ভাৰতীয়ে কেইবামাহৰ বাবে নৃত্য আৰু অভিনয়ৰ প্ৰশিক্ষণ লয়৷ পিছে শেষমুহূৰ্তত দিব্যাক চৰিত্ৰটোৰ পৰা বাতিল কৰা হয় আৰু তাৰ পৰিৱৰ্তে জুহি চাওলাক চিনেমাখনৰ বাবে নিৰ্বাচন কৰা হয়৷ ধাৰণা কৰা হয় যে, ভাৰতী আৰু ভাৰতীৰ শিশুসুলভ আচৰণৰ প্ৰতি কীৰ্তি কুমাৰৰ কতৃত্বশীল মনোভাৱৰ বাবেই ভাৰতীক ছবিখনৰ পৰা আঁতৰোৱা হয়৷[10]

তেলেগু ভাষাৰ ছবি পৰিচালক ডি.ৰামাইনাডুৰ ছবি ববিলি ৰাজাৰ জৰিয়তে দিব্যা ভাৰতীয়ে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে৷ ছবিখনত পৰিচালকজনৰ পুত্ৰ ডাগ্গুবাটি ভেংকটেশৰ অভিষেক ঘটিছিল৷ ছবিখন ১৯৯০ চনৰ গ্ৰীষ্মত মুক্তি হয় আৰু এখন হিট হিচাপে বিবেচিত হয়৷[11] ছবিখনত তেলেগু ভাষাৰ জনপ্ৰিয় ছবি হিচাপে পৰিগণিত হয়৷

তেনেই কম সময়ৰ কেৰিয়াৰত দিব্যা ভাৰতীয়ে ২০খনতকৈও অধিকসংখ্যক ছবিত অভিনয় কৰে৷ এগৰাকী নৱাগতা অভিনেতা হিচাপে গঢ়া এই অভিলেখ আজিলৈকে কোনেও স্পৰ্শ কৰিব পৰা নাই৷[12][13]

মৃত্যু[সম্পাদনা কৰক]

১৯৯৩ চনৰ ৫ এপ্ৰিলৰ শেষ সন্ধ্যাত, ভাৰতী নিজৰ পাঁচমহলীয়া এপাৰ্টমেণ্টৰ বেলকনিৰ খিড়িকীৰ পৰা পৰে৷ তুলসী বিল্ডিঙৰ এই এপাৰ্টমেণ্টটো মুম্বাইৰ পশ্চিম আন্ধেৰীৰ ভাৰছোভাত আছিল৷[14][15]ভাৰতীৰ অতিথি নীতা লুল্লা, নীতাৰ স্বামী শ্যাম, বনকৰা মহিলা অমৃতা আৰু প্ৰতিৱেশীসকলে এই দুৰ্ঘটনাৰ বিষয়ে যেতিয়া জানিব পাৰিছিল, তেতিয়া ভাৰতীক এখন এম্বুলেঞ্চত কুপাৰ হাস্পতালত জৰুৰীকালীন বিভাগত ভৰ্তি কৰোৱা হৈছিল৷ এইখন হাস্পতালতেই তেখেতে মৃত্যুক সাবটি লয়৷ সেইসময়ত তেখেতৰ বয়স আছিল ঊনৈশ৷[16] তেখেতৰ মৃত্যুৰ আনুষ্ঠানিক কাৰণ হিচাপে একাধিক মূৰৰ আঘাত আৰু আভ্যন্তৰীণ ৰক্তক্ষৰণ বুলি কোৱা হয়৷ ১৯৯৩ চনৰ ৭ এপ্ৰিলত মুম্বাইৰ বিলে পাৰ্লে স্মশানস্থলীত তেখেতৰ দেহ সৎকাৰ কৰা হয়৷[17][18] [19]

দিব্যা ভাৰতীৰ এই শোকাৱহ মৃত্যুৰ প্ৰকৃত কাৰণ কোনোদিনেই প্ৰতিস্থাপিত নহ'ল৷ অৱশ্যে তেখেতৰ মৃত্যুৰ বহুকেইটা তত্ত্ব (Theory) মিডিয়াত বিয়পি পৰিছিল৷ [20] কোনোবাটো উৎসৰ মতে, এইয়া আছিল এক পৰিকল্পিত হত্যা; কাৰোবাৰ মতে সেয়া আছিল দুৰ্ঘটনাজনিত৷ কোনোবাই দিব্যা ভাৰতীৰ সুৰাসক্ত অৱস্থাক জগৰীয়া কৰিছিল৷ ১৯৯৮ চনত মুম্বাই পুলিছে এই তদন্ত বন্ধ কৰি দিয়ে আৰু দিব্যা ভাৰতীৰ মৃত্য দুৰ্ঘটনাৰ ফলত হৈছিল বুলি সৰ্বশেষ মন্তব্য দিয়ে৷[21]

২০১১ চনত বলিউডৰ লব্ধপ্ৰতিষ্ঠ অভিনেতা দেৱানন্দে ছাৰ্জশ্বিট নামৰ এখন ছবি নিৰ্মাণ কৰে৷ এইখন ছবি দিব্যা ভাৰতীৰ ৰহস্যজনক মৃত্যৰ আধাৰত নিৰ্মাণ কৰা হৈছিল৷[22]

ফাৰাহ খানে ২০০৭ চনত নিৰ্মাণ কৰা ওম শান্তি ওম নামৰ ছবিখনৰ কাহিনীও দিব্যা ভাৰতীৰ জীৱনৰ ওপৰত আংশিকভাৱে আধাৰিত বুলি জানিব পৰা গৈছে৷[23]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Remembering Divya Bharti on her death anniversary: Top 7 songs of the actress which are still popular" (en ভাষাত). WION. https://www.wionews.com/photos/entertainment-remembering-divya-bharti-on-her-death-anniversary%3A-top-7-songs-of-the-actress-which-are-still-popular-128514। আহৰণ কৰা হৈছে: 2020-12-11. 
  2. "Divya Bharti: 6 Lesser known facts about the 'Deewana' actress on her 46th birth anniversary" (en ভাষাত). The Times of India. 2020-02-25. https://timesofindia.indiatimes.com/entertainment/hindi/bollywood/news/divya-bharti-6-lesser-known-facts-about-the-deewana-actress-on-her-46th-birth-anniversary/photostory/74292885.cms। আহৰণ কৰা হৈছে: 2020-12-11. 
  3. Pathak, Bhavin (2013-07-04). "Exposed: Divya Bharti's Death Mystory" (en ভাষাত). Plus. https://plusknowledge.wordpress.com/2013/07/04/divya-bharti/। আহৰণ কৰা হৈছে: 2020-12-02. 
  4. Mishra, Aastha (18 June 2018). "Divya Bharti death mystery" (hi ভাষাত). Amar Ujala. Amar Ujala Limite. https://www.amarujala.com/photo-gallery/news-archives/entertainment-archives/divya-bharti-death-mystery. 
  5. Saari, Anil; Caṭṭopādhyāẏa, Pārtha (2009). Hindi Cinema: An Insider's View. Oxford University Press. ISBN 978-0-19-569584-7. https://www.google.com/books/edition/_/dqzQOgAACAAJ। আহৰণ কৰা হৈছে: 4 May 2020. 
  6. Press Trust Of India (9 August 2013). "Divya Bharti's cousin Kainaat Arora to make Bollywood debut with Grand Masti". প্ৰকাশক New Delhi: NDTV Movies. http://movies.ndtv.com/bollywood/divya-bhartis-cousin-kainaat-arora-to-make-bollywood-debut-with-grand-masti-634510। আহৰণ কৰা হৈছে: May 3, 2020. 
  7. "DIVYA BHARTI". Getagoz. Archived from the original on 9 February 2021. https://web.archive.org/web/20210209124021/https://www.getatoz.com/content/divya-bharti/729। আহৰণ কৰা হৈছে: 15 September 2020. 
  8. Mohamed, Khalid (25 February 2020). "After 26 Years, Divya Bharti's Death Still Remains a Mystery". The Quint. Quintillion Media Pvt Ltd. https://www.thequint.com/entertainment/divya-bharti-mysterious-death-sajid-nadiadwala-shah-rukh-khan-deewana-rishi-kapoor. 
  9. Yadav, Vidushi (5 April 2019). "On Her Death Anniversary, Remember Divya Bharti & 4 Other Actresses Who Suffered A Tragic Death". Koimoi. Contests2win.com India Private Limited. https://www.koimoi.com/bollywood-news/on-her-death-anniversary-remembering-divya-bharti-4-other-actresses-who-suffered-a-tragic-death/. 
  10. MERE PIX (December 31, 2013). "Remembering Actress Divya Bharti – Rare Photos & Videos". Mere Pix. http://www.merepix.com/2013/12/remembering-actress-divya-bharti-rare-photos-videos.html। আহৰণ কৰা হৈছে: 27 September 2015. 
  11. "Bobbili Raja". Entertainment Times. The Times Group (The Times of India). 30 July 2018. https://timesofindia.indiatimes.com/entertainment/telugu/movie-details/bobbili-raja/movieshow/61344522.cms. 
  12. "Highest Paid Bollywood Actresses in 90's". Monthlyfeeds. 19 February 2020. Archived from the original on 9 February 2021. https://web.archive.org/web/20210209124017/https://www.monthlyfeeds.com/highest-paid-bollywood-actresses-in-90s/। আহৰণ কৰা হৈছে: 4 May 2020. 
  13. "Divya Bharti birth anniversary: Remembering the Deewana actress through some rare and unseen photos". Zoom (Indian TV channel). The Times Group. 25 February 2020. https://www.zoomtventertainment.com/celebrity/photo-gallery/divya-bharti-birth-anniversary-remembering-the-deewana-actress-through-some-rare-and-unseen-photos/557411. 
  14. "Looking at stars who died young". Rediff. 26 December 2011. http://www.rediff.com/movies/slide-show/slide-show-1-death-anniversary-of-divya-bharti-and-kurt-cobain/20110405.htm। আহৰণ কৰা হৈছে: 27 December 2011. 
  15. Khushwaha, Preeti (25 Feb 2019). "Happy Birthday Divya Bharti" (hi ভাষাত). Rajasthan Patrika. Rajasthan Patrika Pvt. Ltd.. https://www.patrika.com/bollywood-news/happy-birthday-divya-bharti-unknown-facts-before-divya-bharti-death-4187694/. 
  16. Mishra, Nivedita (5 April 2020). "Actor Divya Bharti died at nineteen: 27 years later, her untimely death remains a mystery to many". Hindustan Times. HT Media Ltd. https://www.hindustantimes.com/bollywood/actor-divya-bharti-died-at-nineteen-27-years-later-her-untimely-death-remains-a-mystery-to-many/story-yMeJl8oL29ACBPRQrczy5K.html. 
  17. https://www.hindustantimes.com/entertainment/too-young-to-die/story-YJq1kkah1FcCqZSn7aDCsK.html
  18. Farhana (5 April 2016). "Remembering Divya Bharti". Filmfare.com. http://www.filmfare.com/interviews/remembering-divya-bharti-12829.html. 
  19. Farhana (5 April 2016). "Remembering Divya Bharti". Filmfare.com. http://www.filmfare.com/interviews/remembering-divya-bharti-12829.html. 
  20. "PHOTOS: Who killed Divya Bharti ?". Sahara Samay. http://www.saharasamay.com/gallery/photo-gallery/photos-who-killed-divya-bharti-/676478779/31176.html. 
  21. FPJ Web Desk (18 February 2016). "4 Bollywood beauties unsolved death mysteries". The Free Press Journal. Indian National Press. https://www.freepressjournal.in/latest-news/four-bollywood-beauties-unsolved-death-mysteries. 
  22. "Dev Anand to crack Divya Bharati case in 'Chargesheet'". India today. Living Media India Limited. 12 September 2011. https://m.timesofindia.com/hindi/Dev-Anand-to-crack-Divya-Bharati-case-in-Chargesheet/videoshow/9953597.cms. (গ্ৰাহকভুক্তি প্ৰয়োজনীয়)
  23. Ashima. "Unearth three of Bollywood's most shocking contemporary myths – Masala Magazine" (en-US ভাষাত). http://www.masalathai.com/bollywood-urban-legends/। আহৰণ কৰা হৈছে: 2020-10-15. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]