সমললৈ যাওক

কৃতি সেনন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৃতি সেনন

সেনন, ২০১৯
জন্ম ২৭ জুলাই, ১৯৯০ (৩৬ বছৰ)[1]
নতুন দিল্লী, ভাৰত
শিক্ষানুষ্ঠান জয়পী ইন্সটিটিউট অফ ইনফৰমেচন টেকনোল’জী
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৪-বৰ্তমানলৈ

কৃতি সেনন (ইংৰাজী: Kriti Sanon; জন্ম: ২৭ জুলাই ১৯৯০) হিন্দী আৰু তেলেগু ভাষাৰ ছবিত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। জয়পী ইনষ্টিটিউট অফ ইনফৰ্মেশ্যন টেকনোল’জীৰ পৰা অভিযান্ত্ৰিক বিষয়ত ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ চমু সময়ৰ বাবে ফেশ্বন মডেল হিচাপে কাম কৰিছিল। ২০১৪ চনৰ একচন ছবি ১: নেনোক্কাডিনে আৰু হিৰ’পাণ্টীত মূল নাৰী চৰিত্ৰত অভিনয় কৰি সেননে অভিনয় জীৱন আৰম্ভ কৰে। দ্বিতীয়খন ছবিৰ বাবে তেওঁক শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা পায়।

বাণিজ্যিকভাৱে সফল ৰোমান্টিক কমেডী ছবি বেৰেলি কি বৰ্ফি (২০১৭) আৰু লুকাচুপ্পিত (২০১৯) অভিনয় কৰি সেননে অভিনয় জীৱন আগবঢ়াই নিয়ে। তেওঁৰ কমেডী দিলৱালে (২০১৫) আৰু হাউছফুল ৪ (২০১৯) তেওঁৰ শীৰ্ষৰ উপাৰ্জনকাৰী ছবি আছিল। এগৰাকী ছেৰ’গেট মাতৃৰ ভূমিকাত অভিনয় কৰা মিমি (২০২১) ছবিখনৰ বাবে সেননে শ্ৰেষ্ঠ অভিনেত্ৰীৰ ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হয়।

২০১৯ চনৰ ‘ফৰ্বছ ইণ্ডিয়াৰ চেলিব্ৰিটি ১০০ তালিকা’ত সেননে স্থান লাভ কৰিছে। তেওঁ নিজাকৈ বস্ত্ৰ আৰু ফিটনেছ কোম্পানী স্থাপন কৰিছে আৰু লগতে কেইবাটাও ব্ৰেণ্ড আৰু প্ৰডাক্টৰ এম্বেছাদৰ হিচাপেও কাম কৰিছে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯০ চনৰ ২৭ জুলাইত[1] [2] নতুন দিল্লীত চাৰ্টাৰ্ড একাউণ্টেণ্ট ৰাহুল সেনন আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞানৰ অধ্যাপিকা গীতা সেননৰ ঘৰত জন্মগ্ৰহণ কৰে।[3][4] তেওঁ পাঞ্জাবী সম্প্ৰদায়ৰ।[5] প্ৰাৰম্ভিক পঢ়া-শুনা দিল্লী পাব্লিক স্কুল, আৰ.কে.পুৰমত।[6] পিছলৈ নয়ডাৰ জেপী ইনষ্টিটিউট অফ ইনফৰ্মেচন টেকন'লজিৰ পৰা ইলেক্ট্ৰনিক্স আৰু টেলিকমিউনিকেচন ইঞ্জিনিয়াৰিং প্ৰযুক্তিবিদ্যাত স্নাতক ডিগ্ৰী লাভ কৰে।[7][8] অভিনেত্ৰী হোৱাৰ আগতে তেওঁ চমু সময়ৰ বাবে মডেল হিচাপে কাম কৰিছিল।[9] তেওঁৰ ভনীয়েক নুপুৰো এগৰাকী অভিনেত্ৰী।[10]

অভিনয় জীৱন

[সম্পাদনা কৰক]

২০১৪ চনত তেলেগু চাইকোল’জীকেল একচন থ্ৰিলাৰ ১: নেনোক্কাদিনত মহেশ বাবুৰ চৰিত্ৰৰ প্ৰেমাস্পদৰ চৰিত্ৰত অভিনয় কৰি সেননে অভিনয়ত আত্মপ্ৰকাশ কৰে।[11] ছবিখনৰ বাবে তেওঁ সাগৰত চিত্ৰগ্ৰহণ কৰা একচন ছিকুৱেন্সত অংশগ্ৰহণ কৰিবলগীয়া হৈছিল; এই অভিজ্ঞতা সম্পৰ্কে তেওঁ কৈছিল যে তেওঁ যথেষ্ঠ পৰিমাণএ নাৰ্ভাছ অনুভৱ কৰিছিল, কাৰণ তেওঁ সাঁতুৰিব নাজানিছিল।[12] ‘দ্য টাইমছ অফ ইণ্ডিয়া’ আৰু ‘চিফী’ৰ পৰ্যালোচনতা তেওঁৰ সৌন্দৰ্য্য আৰু অভিনয় পাৰদৰ্শিতাৰ উল্লেখ কৰা হৈছিল।[13] ১: নেনোক্কাডিনৰ প্ৰথম সূচী সম্পূৰ্ণ কৰাৰ পিছত সেননে নৱাগত টাইগাৰ শ্ৰফৰ বিপৰীতে হিন্দী একচন ছবি হিৰোপাণ্টিৰ বাবে চুক্তিবদ্ধ হয়। তেওঁ দুয়োখন ছবিৰ বাবে সময়ৰ ভাগবতৰা কৰিবলগীয়া হৈছিল।[14] বাণিজ্য সাংবাদিক তৰণ আদৰ্শই মতামত দিছিল যে ছাননৰ "এগৰাকী তাৰকাৰ গুণ আছে"।[15] কিন্তু ‘দ্য টাইমছ অফ ইণ্ডিয়া’ৰ সমালোচক সৃজনা দাসে তেওঁৰ আৱেগপ্ৰৱণতাক সমালোচনা কৰি ইয়াক "তীব্ৰতাকৈ অধিক নৰম" বুলি অভিহিত কৰিছিল।[16] হিৰ'পেন্টিয়ে এখন ব্যৱসায় সফল ছবি হিচাপে সাব্যস্ত হয়। ১: নেনোক্কাডিনৰ বাবে সেনন শ্ৰেষ্ঠ নৱাগতাৰ SIIMA বঁটাৰ বাবে মনোনীত হয় আৰু হিৰোপান্তিৰ বাবে শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা লাভ কৰে।[17]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. 1 2 "Happy Birthday Kriti Sanon: Kareena, Anushka, Varun And Others Wish Her 'Love And Light'". News18 India. 27 July 2022. https://www.news18.com/news/movies/happy-birthday-kriti-sanon-kareena-kapoor-anushka-sharma-varun-dhawan-send-love-and-light-5635321.html আহৰণ কৰা হৈছে: 17 February 2022.
  2. Mangaokar, Shalvi (27 July 2015). "Varun Dhawan and I think in the same filmy way: Kriti Sanon". Hindustan Times. http://www.hindustantimes.com/bollywood/varun-dhawan-and-i-think-in-the-same-filmy-way-kriti-sanon/story-y6QqoDZaIFvDyqL5l9JupL.html আহৰণ কৰা হৈছে: 17 April 2016.
  3. Parkar, Shaheen (8 May 2016). "Mother's Day Special: Meet the star moms of Bollywood". Mid-day. Archived from the original on 10 June 2016. https://web.archive.org/web/20160610234457/http://www.mid-day.com/articles/mothers-day-special-meet-the-star-moms-of-bollywood/17209164 আহৰণ কৰা হৈছে: 5 June 2016.
  4. "Dilwale: Will start shooting with Shah Rukh and Kajol in mid-August, says Kriti Sanon". India Today. 29 July 2015. http://indiatoday.intoday.in/story/dilwale-shooting-will-start-shooting-with-shah-rukh-khan-and-kajol-in-mid-august-says-kriti-sanon-bulgaria-varun-dhawan-release-december-18/1/454803.html আহৰণ কৰা হৈছে: 17 April 2016.
  5. "Kriti Sanon is speaking to her parents in Punjabi, here's why!". DNA. 24 February 2018. https://www.dnaindia.com/bollywood/report-kriti-sanon-is-speaking-to-her-parents-in-punjabi-here-s-why-2588108 আহৰণ কৰা হৈছে: 19 April 2019.
  6. "Kriti Sanon Visited Her School After 15 Years. See What She Posted". https://www.ndtv.com/entertainment/such-a-proud-feeling-kriti-sanon-goes-back-to-school-to-promote-bhediya-3546420 আহৰণ কৰা হৈছে: 24 November 2022.
  7. Sharma, Garima (18 March 2010). "Ticket to Bollywood". The Times of India. http://timesofindia.indiatimes.com/life-style/fashion/shows/Ticket-to-Bollywood/articleshow/5551970.cms আহৰণ কৰা হৈছে: 5 June 2016.
  8. Chakravorty, Vinayak (14 June 2015). "Engineering student Kriti Sanon says life in B-Town was meant to be". India Today. http://indiatoday.intoday.in/story/kriti-sanon-bollywood-iifa-heropanti-farzi/1/444411.html আহৰণ কৰা হৈছে: 5 June 2016.
  9. "Kriti Sanon recalls being publicly yelled at by 'rude' choreographer during modelling days: 'I cried to my mother'" (en ভাষাত). Hindustan Times. 29 August 2021. https://www.hindustantimes.com/entertainment/bollywood/kriti-sanon-recalls-being-publicly-yelled-at-by-rude-choreographer-during-modelling-days-i-cried-to-my-mother-101630224708857.html আহৰণ কৰা হৈছে: 7 November 2021.
  10. "Kriti Sanon's sister 'Nupur Sanon' makes her film debut with Ravi Teja's 'Tiger Nageswara Rao'" (en ভাষাত). The Times of India. 31 March 2022. https://timesofindia.indiatimes.com/entertainment/telugu/movies/news/krithi-sanons-sister-nupur-sanon-makes-her-film-debut-with-ravi-tejas-tiger-nageswara-rao/articleshow/90569324.cms.
  11. "Most Wanted: Kriti Sanon has her kitty full with movies". India Today. 26 January 2013. http://indiatoday.intoday.in/story/kriti-sanon-opposite-tiger-shroff-in-heropanti/1/247688.html আহৰণ কৰা হৈছে: 22 December 2013.
  12. "'I was late on first day', says Kriti Sanon". Deccan Chronicle. 14 January 2014. http://www.deccanchronicle.com/140114/entertainment-tollywood/article/%E2%80%98i-was-late-first-day%E2%80%99-says-kriti-sanon আহৰণ কৰা হৈছে: 4 January 2016.
  13. "1-Nenokkadine Movie Review". The Times of India. http://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/1-Nenokkadine/movie-review/28646546.cms আহৰণ কৰা হৈছে: 2 April 2014.
  14. "Kriti Sanon finalized opposite Tiger in Heropanti". Bollywood Hungama. 21 January 2013. http://www.bollywoodhungama.com/news/1691531/Kriti-Sanon-finalized-opposite-Tiger-in-Heropanti আহৰণ কৰা হৈছে: 2 April 2014.
  15. Adarsh, Taran (23 May 2014). "Movie Review: 'Heropanti'". Bollywood Hungama. http://www.bollywoodhungama.com/moviemicro/criticreview/id/563936 আহৰণ কৰা হৈছে: 4 June 2014.
  16. Das, Srijana (23 May 2014). "Heropanti Movie Review". The Times of India. http://timesofindia.indiatimes.com/movie-review/35520099.cms.
  17. "Dohchay Movie Review". The Times of India. https://timesofindia.indiatimes.com/entertainment/telugu/movie-reviews/dohchay/movie-review/47043743.cms.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]