সমললৈ যাওক

ঈশা দেউল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ঈশা দেউল

২০০৭ চনৰ জাষ্ট ম্যাৰেড ৰ প্ৰেছ কনফাৰেন্সত
জন্ম ঈশা ধৰ্মেন্দ্ৰ দেউল
২ নৱেম্বৰ, ১৯৮১ (৪৪ বছৰ)
মুম্বাই, ভাৰত
শিক্ষা মিথিবাই কলেজ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান
দাম্পত্যসঙ্গী ভাৰত তাখতানি (২০১২–বৰ্তমান)
পিতৃ-মাতৃ ধৰ্মেন্দ্ৰ
হেমা মালিনী
আত্মীয়-স্বজন অহনা দেউল (ভগ্নী)
চানি দেউল (ভাই)
ববি দেউল (ভাই)
অভয় দেউল (সম্বন্ধীয় ভাই (খুড়াকৰ পুত্ৰ))

ঈশা দেউল (জন্ম: ২ নৱেম্বৰ ১৯৮১) এগৰাকী ভাৰতীয় চলচ্চিত্ৰ অভিনেত্ৰী; তেওঁ মূলতঃ বলিউড চলচ্চিত্ৰত অভিনয় কৰে। তেওঁ ২০০২ চনৰ কই মেৰে দিল ছে পুছে চলচ্চিত্ৰখনত অভিনয় কৰি হিন্দী চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ঈশাই এই চলচ্চিত্ৰখনৰ যোগেদি চলচ্চিত্ৰ সমালোচকসকলৰ প্ৰশংসা লাভ আৰু অনেক পুৰস্কাৰ অৰ্জন কৰিবলৈ সক্ষম হয়।[1]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]
ঈশা দেউল আৰু ভাৰত তাখতানিৰ বিবাহ অনুষ্ঠানত

ঈশা দেউল ১৯৮১ চনৰ ২ নৱেম্বৰ তাৰিখে ভাৰতৰ মুম্বাইত জন্মগ্ৰহণ কৰে। তেওঁৰ পূৰ্ণ নাম হল ঈশা ধৰ্মেন্দ্ৰ দেউল। ঈশা নামটো উপনিষদ্‌ আৰু সংস্কৃত ভাষাৰ পৰা নিয়া হৈছে; যাৰ অৰ্থ হল "ঐশ্বৰিক দয়িত" বা স্বৰ্গীয় সুন্দৰী। তেওঁ বলিউড অভিনেতা ধৰ্মেন্দ্ৰ আৰু হেমা মালিনীৰ ডাঙৰ কন্যা। তেওঁৰ অহনা দেউল নামে এজনী সৰু ভগ্নী আছে। তেওঁ অভিনেতা চানি দেউল আৰু ববি দেউলৰ সম-ভগ্নী আৰু অভিনেতা অভয় দেউলৰ দদাই ভগ্নী।

ঈশা পঞ্জাবী আৰু তামিল ভাষাত কথা পাতিব পাৰে। তেওঁ যেতিয়া তেওঁৰ মা আৰু ভগ্নীৰ সৈতে কথা পাতে তেতিয়া তামিল ভাষা ব্যৱহাৰ কৰে।

ঈশা দেউল ২০১২ চনৰ ১২ ফেব্ৰুৱাৰীত তেওঁৰ প্ৰেমিক ভাৰত তাখতানিৰ (এজন ব্যবসায়ী) সৈতে বিবাহৰ বাগদান সম্পন্ন কৰে[2] আৰু ২০১২ চনৰ ২৯ জুনত বিবাহ বন্ধনত আবদ্ধ হয়।[3]

অভিনয় জীৱন

[সম্পাদনা কৰক]

ঈষা দেউলে ২০০২ চনত বিনয় শুক্লাৰ কই মেৰে দিল ছে পুছে নামৰ চলচ্চিত্ৰত মুখ্য নায়িকাৰ চৰিত্ৰ ৰূপায়ণ কৰি চলচ্চিত্ৰ জগতত পদাৰ্পন কৰে। সেই চলচ্চিত্ৰত তেওঁৰ সৈতে আফটাব শিৱদাসনি, সঞ্জয় কাপুৰ, জয়া বচ্ছন আৰু অনুপম খেৰেও অভিনয় কৰিছিল। চলচ্চিত্ৰখন ব্যৱসায়িকভাৱে অসফল হৈছিল। এই চলচ্চিত্ৰত কৰা অভিনয় সম্পৰ্কে বিভিন্ন জনে বিভিন্ন ধৰণে সমালোচনা কৰিছিল। এনে বহু সমালোচনাৰ পিছতো তেওঁ ৪৮ সংখ্যক ফিল্ম ফেয়াৰ এৱাৰ্ডৰ শ্ৰেষ্ট অভিষেক অভিনেত্ৰীৰ লগতে কেইবাটাও পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল।

চলচ্চিত্ৰপঞ্জী

[সম্পাদনা কৰক]
বছৰ চলচ্চিত্ৰ ভূমিকা মন্তব্য
২০০২কই মেৰে দিল ছে পুছেআইশা সিংফিল্মফেয়াৰ পুৰস্কাৰ শ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী
২০০২না তুম জানো না হামঈশা মালহোত্ৰা
২০০২ক্যা দিল নে কাহাঈশা
২০০৩কুছ তো হ্যায়তন্যা
২০০৩চুৰা লিয়া হে তুমনেতিনা খান্না
২০০৩এলঅচি কাৰ্গিলডিম্পল
২০০৪আয়ুথা এজহুথুগীতাঞ্জলিতামিল চলচ্চিত্ৰ
২০০৪যুবাৰাধিকা
২০০৪ধুমসীনা
২০০৫ইনছানহীনা
২০০৫কালৰিয়া থাপৰ
২০০৫মে এইছা হি হুমায়া ত্ৰিবেদী
২০০৫দাসনেহা
২০০৫নো এণ্ট্ৰিপূজা
২০০৫ছাদি নাম্বাৰ ওয়ানদিয়া সাক্সিনা
২০০৬প্যায়াৰে মোহনপ্ৰিতি
২০০৬আনকাহিকাব্য কৃষ্ণ
২০০৭জাষ্ট মেৰিডৰিতিকা খান্না
২০০৭ডাৰলিংগীতা মেনন
২০০৭কাচপূজা
২০০৮ছানডেনিজ"কাশমাকাশ" গানত বিশেষ উপস্থিতি
২০০৮ মানি হ্যায় তোহ হানি হ্যায়নিজ"তা না না" গানত বিশেষ উপস্থিতি
২০০৮ ওয়ান টু থ্ৰিজিয়া
২০০৮ হাইজ্যাকসায়ৰা
২০১১টেল মি আৰু খুদাতানিয়া আৰ. কাপুৰ
২০১৫কেয়াৰ অব ফুটপথ ২মীৰাকন্নাটা
কিল দেম ইয়ংহিন্দী
মাঞ্জাতেলেগু

টেলিভিছন

[সম্পাদনা কৰক]
বছৰ টেলিভিছন ভূমিকা মন্তব্য
২০১৫এমটিভি ৰোডিছ এক্স২গ্যাং লীডাৰ

পুৰস্কাৰ আৰু মনোনয়ন

[সম্পাদনা কৰক]
বছৰপুৰস্কাৰবিভাগচলচ্চিত্ৰফলাফল
২০০৩বলিউড মুভি এৱাৰ্ডছশ্ৰেষ্ঠ অভিষেক অভিনেত্ৰীকই মেৰে দিল সে পুছেবিজয়ী
ফিল্মফেয়াৰ পুৰস্কাৰশ্ৰেষ্ঠ অভিষেক অভিনেত্ৰীকই মেৰে দিল ছে পুছেবিজয়ী
ষ্টাৰ স্ক্ৰিন এৱাৰ্ডনবাগত উদীয়মান অভিনেত্ৰীকই মেৰে দিল সে পুছে
না তুম জানো না হুম
ক্যা দিল নে কাহা
বিজয়ী
আইফা পুৰস্কাৰশ্ৰেষ্ঠ অভিষেক অভিনেত্ৰী -২০১২কই মেৰে দিল ছে পুছেবিজয়ী
২০০৫শ্ৰেষ্ঠ সহ-অভিনেত্ৰীধুমমনোনীত

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বহিঃসংযোগ

[সম্পাদনা কৰক]