সমললৈ যাওক

আলায়া এফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আলায়া এফ

আলায়া এফ, ২০২২
জন্ম আলায়া ফাৰ্নিচাৰৱালা
২৮ নৱেম্বৰ, ১৯৯৭ (২৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০২০-বৰ্তমানলৈ
আত্মীয়-স্বজন বেদী পৰিয়াল

আলিয়া ফাৰ্নিচাৰৱালা (ইংৰাজী: Aalia Furniturewala; জন্ম: ২৮ নৱেম্বৰ ১৯৯৭), হিন্দী চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী, যি চলচ্চিত্ৰত আলয়া এফ নামেৰে পৰিচিত। বেদী পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰী পূজা বেদীৰ কন্যা। ২০২০ চনত জৱানী জানেমান নামৰ কমেডী ছবিখনৰ জৰিয়তে অভিনয়ত আত্মপ্ৰকাশ কৰি শ্ৰেষ্ঠ নবাগতাৰ ফিল্মফেয়াৰ বঁটা পাবলৈ সক্ষম হয়। তাৰ পিছত তেওঁ থ্ৰিলাৰ ফ্ৰেডীত (২০২২) অভিনয় কৰে।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

১৯৯৭ চনৰ ২৮ নৱেম্বৰত[1] ভাৰতৰ মহাৰাষ্ট্ৰমুম্বাইত অভিনেত্ৰী পূজা বেদী আৰু ব্যৱসায়ী ফাৰহান ইব্ৰাহিম ফাৰ্নিচাৰৱালাৰ ঘৰত আলায়া এফৰ জন্ম হয়।[2] পিতৃৰ ফালৰ পৰা তেওঁ পাৰ্চী আৰু গুজৰাটী খোজা মুছলমান আৰু মাতৃৰ ফালৰ পৰা পাঞ্জাবী, হাৰিয়ানৱী, ব্ৰিটিছ আৰু বঙালী বংশোদ্ভূত।[3] তেওঁ অভিনেতা কবীৰ বেদী আৰু শাস্ত্ৰীয় নৃত্যশিল্পী প্ৰতিমা বেদীৰ নাতিনী।[4]

আলায়াই মুম্বাইৰ যমনাবাই নাৰ্চী স্কুলত পঢ়িছিল। চলচ্চিত্ৰত অভিষেক ঘটাৰ আগতে তেওঁ নিউয়ৰ্ক ফিল্ম একাডেমীত অভিনয়ৰ ডিপ্লোমা লাভ কৰে আৰু পিছলৈ তেওঁৰ নাম সলনি কৰি আলয়া এফ কৰে।[5] বৰ্তমান তেওঁ এগৰাকী আধুনিক আৰু কথকৰ প্ৰশিক্ষণ লৈ আছে।[6]

কৰ্মজীৱন

[সম্পাদনা কৰক]

নীতিন কক্কৰৰ জৱানী জানেমান (২০২০) নামৰ পাৰিবাৰিক কমেডী-ড্ৰামাখনৰ জৰিয়তে আলয়াই চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে; য’ত তেওঁ এগৰাকী ২১ বছৰীয়া ছোৱালীৰ চৰিত্ৰত অভিনয় কৰিছিল, যিয়ে বিবাহৰ প্ৰতি ঘৃণা থকা ৪০ বছৰীয়া এজন ব্যক্তিক নিজৰ পিতৃ বুলি দাবী কৰিছিল।[7] ছবিখনে সমালোচকৰ পৰা মিশ্ৰিত সমালোচনা লাভ কৰিছিল। বলীউড হাংগামাই লিখিছিল, “আলয়াই চলচ্চিত্ৰত প্ৰৱেশ কৰিয়ে এক উৎকৃষ্টৰ নিদৰ্শন ৰাখিছে আৰু আত্মবিশ্বাসী অভিনয় কৰিছে। তেওঁক চমৎকাৰ দেখা গৈছে আৰু তেৱেঁ একমাত্ৰ অভিনয় শিল্পী যিয়ে দৰ্শকক কিছু পৰিমাণে আলোড়িত কৰিব পাৰিছে।”[8] ইণ্ডিয়া টুডেই উল্লেখ কৰিছে, “আলায়াই আপোনাৰ হৃদয় হৰণ কৰিব। কেমেৰাৰ সন্মুখত তেওঁ তেনেই স্বাভাৱিক।”[9] এই ছবিখনৰ জৰিয়তে তেওঁ শ্ৰেষ্ঠ নৱাগতাৰ ফিল্মফেয়াৰ বঁটা পায়।[10]

২০২২ চনত আলায়াই কাৰ্তিক আৰিয়ানৰ বিপৰীতে ফ্ৰেডী ছবিত অশান্তিকৰ বৈবাহিক সম্পৰ্কত থকা এগৰাকী মহিলা কাইনাজ ইৰানীৰ চৰিত্ৰত অভিনয় কৰে।[11] নিউজ-১৮য়ে উল্লেখ কৰিছে যে “আলয়াৰ অভিনয় প্ৰশংসাৰ যোগ্য। তেওঁ অতি স্বাচ্ছন্দৰে অভিনয় কৰিছে।” ফিল্মফেয়াৰে কয় যে “আলায়াই ‘দুৰ্বল’ আৰু ‘ধূৰ্ত’ দুয়োটা ৰূপত সফল হৈছে।”[12]

ইয়াৰ পিছত ২০২৩ চনত কৰণ মেহতাৰ সৈতে অলমোষ্ট প্যাৰ উইথ ডিজে মহব্বতত অভিনয় কৰে। ইণ্ডিয়া টুডেই কয়, “আলয়াই তেওঁ যে এগৰাকী বৰ্ধনশীল অভিনেত্ৰী আকৌ এবাৰ প্ৰমাণ কৰিছে আৰু নিজৰ বাবে এক ক্ষেত্ৰ তৈয়াৰ কৰিছে। তেওঁ নিজৰ দুয়োটা চৰিত্ৰকে সহজে, নিখুঁতভাৱে চিত্ৰিত কৰিছে আৰু তেওঁৰ মাজত থকা নিৰ্দোষতাক উত্তম ৰূপত প্ৰকাশ কৰিছে।”[13]

তথ্যউৎস

[সম্পাদনা কৰক]
  1. "Alaya F gives a sneak peek into her birthday celebration, says 'Can't even turn 24 without a blooper'". Mid-day. https://www.mid-day.com/amp/entertainment/bollywood-news/article/alaya-f-gives-a-sneak-peek-into-her-birthday-celebration-says-cant-even-turn-24-without-a-blooper-23202771 আহৰণ কৰা হৈছে: 28 November 2021.
  2. Sawhney, Anubha (1 June 2003). "Pooja Bedi: The siege within" (en ভাষাত). The Times of India. https://timesofindia.indiatimes.com/delhi-times/Pooja-Bedi-The-siege-within/articleshow/479019467.cms আহৰণ কৰা হৈছে: 16 December 2020.
  3. Sawhney, Anubha (1 June 2003). "Pooja Bedi: The siege within". The Times of India. http://timesofindia.indiatimes.com/city/delhi-times/Pooja-Bedi-The-siege-within/articleshow/479019467.cms.
  4. "What Kabir Bedi Said About Granddaughter Alaya Working With 'Seasoned Actors' In Jawaani Jaaneman". NDTV.com. https://www.ndtv.com/entertainment/what-kabir-bedi-said-about-granddaughter-alaya-working-with-seasoned-actors-in-jawaani-jaaneman-2175554 আহৰণ কৰা হৈছে: 10 February 2020.
  5. Pal, Shubhodeep (28 February 2020). "The breakout star of 'Jawaani Jaaneman': Why Aalia became Alaya F". The Hindu. https://www.thehindu.com/entertainment/movies/the-breakout-star-of-jawaani-jaaneman-why-aalia-became-alaya-f/article30941948.ece.
  6. "NYFA Acting for Film Alum Alaia F Featured in Vogue India" (en-US ভাষাত). New York Film Academy Blog. 5 July 2019. https://www.nyfa.edu/film-school-blog/alum-alaia-f-vogue-india/ আহৰণ কৰা হৈছে: 10 February 2020.
  7. "Alaya Furniturewalla's First Look from Jawaani Jaaneman Revealed". News 18. 4 January 2020. https://www.news18.com/news/movies/alaya-furniturewallas-first-look-from-jawaani-jaaneman-revealed-2445399.html আহৰণ কৰা হৈছে: 4 January 2020.
  8. Hungama, Bollywood. "Jawaani Jaaneman Movie Review" (en ভাষাত). Bollywood Hungama. https://www.bollywoodhungama.com/amp/movie/jawaani-jaaneman/critic-review/jawaani-jaaneman-movie-review/.
  9. "Jawaani Jaaneman Movie Review: It takes an Alaya F to help Saif Ali Khan come of age" (en ভাষাত). India Today. https://www.indiatoday.in/amp/movies/reviews/story/jawaani-jaaneman-movie-review-it-takes-an-alaya-f-to-help-saif-ali-khan-come-of-age-1641983-2020-01-31.
  10. "Receiving an award from her "Nana" Kabir Bedi tops Alaya Furniturewalla's "Best Moments" list". NDTV Movies. https://www.ndtv.com/entertainment/filmfare-awards-2021-receiving-an-award-from-her-nana-kabir-bedi-tops-alaya-furniturewalla-s-best-moments-list-2410614/amp/1 আহৰণ কৰা হৈছে: 10 April 2021.
  11. "Alaya F joins Kartik Aaryan in Ekta Kapoor's Freddy, team welcomes her with a cake". Hindustan Times. https://www.hindustantimes.com/entertainment/bollywood/alaya-f-joins-kartik-aaryan-in-ekta-kapoor-s-freddy-team-welcomes-her-with-a-cake-101629647145709.html.
  12. "Freddy Movie Review: Kartik Aaryan impresses with Never-Seen-Before avatar, Alaya F is worth appreciating". News 18. 2 December 2022. https://www.news18.com/news/movies/freddy-review-kartik-aaryan-impresses-with-never-seen-before-avatar-alaya-f-is-worth-appreciating-6516667.html আহৰণ কৰা হৈছে: 2 December 2022.
  13. "Almost Pyaar with DJ Mohabbat Review: Alaya F, Karan Mehta's film is the perfect love saga for Gen Z but loses its plot". India Today. https://www.indiatoday.in/amp/movies/reviews/story/almost-pyaar-with-dj-mohabbat-review-alaya-f-karan-mehtas-film-is-the-perfect-love-saga-for-gen-z-but-loses-its-plot-2329933-2023-02-03 আহৰণ কৰা হৈছে: 3 February 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]