২৩ আগষ্ট (ইংৰাজী : 23 August ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৩৫তম (অধিবৰ্ষ ত ২৩৬তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৩০টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৮৬৬ - প্ৰাগত অষ্ট্ৰিয়া আৰু প্ৰুছিয়া মাজত শান্তি চুক্তি স্বাক্ষৰিত হয়। ইতিহাসত এই চুক্তি প্ৰাগ চুক্তি নামেৰে জনাজাত।
১৯৪২ - ষ্টেলিনগ্ৰাডৰ যুদ্ধ আৰম্ভ হয়। 'চিক্স জিৰ' জিৰ' লুফ্টৱাফ' বিমানৰ দ্বাৰা বোমাবৰ্ষণ কৰাত ৰাছিয়াৰ ষ্টেলিনগ্ৰাডত ৪০,০০০ সাধাৰণ লোকৰ মৃত্য়ু হয়।
১৯৪৮ - বিশ্ব গীৰ্জা পৰিষদ গঠন হৈছিল।
১৯৫৯ - চন্দ্ৰেশ্বৰ প্ৰসাদ সিনহা ই অসমৰ ৰাজ্যপাল ৰূপে কাৰ্যভাৰ গ্ৰহণ কৰে। ১৯৫৯ চনৰ ১৩ অক্টোবৰলৈকে তেওঁ কাৰ্যিনৰ্বাহ কৰিছিল।
১৯৯১ - ছোভিয়েট কমিউনিষ্ট পাৰ্টীৰ কেন্দ্ৰীয় সমিতিৰ আঠসত্তৰ বছৰীয়া মুখপত্ৰ ‘‘প্ৰাভডা’’ কেৱল কমিউনিষ্ট পাৰ্টীৰ ৰাজনৈতিক পত্ৰিকা ৰূপে প্ৰকাশিত হয়।
২০০৫ - মহাত্মা গান্ধী নিয়োগ নিশ্চিত আইন - ২০০৫ ( Mahatma Gandhi Employment Guarantee Act 2005) লোকসভাত অনুমোদন হয়, পিছত মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি (MGNREGS) হিচাপে নামকৰণ কৰা হয়।
১৭৬৯ - জৰ্জ কিউভিয়াৰ (ইংঃ Georges Cuvier), ফ্ৰান্সৰ প্ৰাণীবিজ্ঞানী আৰু প্ৰকৃতিবিদ। (মৃঃ ১৩ মে', ১৮৩২)
১৮৭২ - টংগুটুৰি প্ৰকাশম (Tanguturi Prakasam), অন্ধপ্ৰদেশৰ প্ৰথম মুখ্য়মন্ত্ৰী।
১৮৮৮ - হৰিলাল মোহনদাস গান্ধী , মোহনদাস কৰমচাঁন্দ গান্ধী আৰু কস্তুৰবা গান্ধীৰ সৰ্বপ্ৰথম সন্তান।
১৮৯৮ - তাৰাশংকৰ বন্দোপাধ্যায় , প্ৰসিদ্ধ বাংলা সাহিত্যিক।
১৯১৮ - আন্না মোডায়িল মণি , ভাৰতীয় পদাৰ্থ বিজ্ঞানী তথা বতৰ বিজ্ঞানী
১৯৪৩ - ৰীতা ফাৰিয়া , ভাৰতীয় মডেল, সৌন্দৰ্য প্ৰতিযোগিতাৰ বিজয়ী তথা চিকিৎসক।
১৯৪৪ - চায়ৰা বানু , ভাৰতীয় অভিনেত্ৰী।
১৯৬৫ - ফ্লেক্স হুইলাৰ, বডীবিল্ডাৰ, আৰ্নল্ড ক্লাছিক বিজয়ী।
১৯৬৮ - দীপক শৰ্মা , অসমৰ এগৰাকী প্ৰসিদ্ধ বাঁহী বাদক তথা সংগীত পৰিচালক।[ 1]
১৯৬৮ - কৃষ্ণকুমাৰ কুনাথ , ভাৰতীয় নেপথ্য গায়ক।
৬৩৪ - আবু বকৰ , হৰজত মহম্মদৰ শিষ্য়, ইছলাম ধৰ্মৰ প্ৰথম খলিফা।
১৩০৫ - ৱিলিয়াম ৱালেছ, স্কটলেণ্ডৰ প্ৰথম স্বাধীনতা যুদ্ধৰ বীৰপুৰুষ, লণ্ডনত ইংৰাজে ফাঁচি দিছিল।
১৮০৬ - চাৰ্লছ আগাষ্টিন ডি কুলম্ব (ইংঃ Charles-Augustin de Coulomb), বিখ্য়াত পদাৰ্থ বিজ্ঞানী, কুলম্ব ৰ সূত্ৰৰ আৱিষ্কাৰক।
১৯৪২ - গোৰাবাই কটিয়া, স্বাধীনতা সংগ্ৰামী, ইংৰাজ পুলিচে নৰছিহাপুৰৰ স্বাধীনতা আন্দোলনৰ সমদলত তেখেতক গুলীয়াই নিহত কৰে।
১৯৮২ - ষ্টেনফ'ৰ্ড ম'ৰ, আমেৰিকাৰ নোবেল বিজয়ী জৈৱ-ৰসায়ন বিজ্ঞানী, ৰাইব'নিউক্লিয়াছ ৰ ওপৰত কৰা গৱেষণাৰ বাবে পাইছিল।
১৯৯৪ - আৰতি গুপ্তা সাহা , ভাৰতীয় দীৰ্ঘ-দূৰত্বৰ সাঁতোৰবিদ।
২০১৮ - কুলদীপ নায়াৰ , যশস্বী সাংবাদিক।
ক্ৰীতদাস বাণিজ্য আৰু ইয়াৰ অৱসানৰ আন্তৰ্জাতিক স্মৃতি দিৱস।
ৰাষ্ট্ৰীয় পতাকা দিৱস (ইউক্ৰেইন)।
↑ Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Sangeet - Dipak Sharma" . Reocities.com. http://www.reocities.com/bipuljyoti/music/dipak_sharma.html । আহৰণ কৰা হৈছে: 2013-03-16 .