১৮ আগষ্ট
Jump to navigation
Jump to search
আগষ্ট | ||||||
দে | সো | ম | বু | বৃ | শু | শ |
১ | ২ | ৩ | ৪ | ৫ | ৬ | ৭ |
৮ | ৯ | ১০ | ১১ | ১২ | ১৩ | ১৪ |
১৫ | ১৬ | ১৭ | ১৮ | ১৯ | ২০ | ২১ |
২২ | ২৩ | ২৪ | ২৫ | ২৬ | ২৭ | ২৮ |
২৯ | ৩০ | ৩১ | ||||
২০২১ |
১৮ আগষ্ট (ইংৰাজী: 18 August) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৩০তম (অধিবৰ্ষত ২৩১তম) দিন। বছৰ শেষ হ'বলৈ ১৩৫ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
জন্ম[সম্পাদনা কৰক]
- ১৯৮০ চনৰ আজিৰ দিনটোতে অসমীয়া চলচ্চিত্ৰ জগতৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদৰ জন্ম হৈছিল।
- ১৮৮০ চনৰ আজিৰ দিনটোতে ভাৰতৰ এজন হিন্দু যোগী আৰু আধ্যাত্মিক নেতা স্বামী নিগমানন্দৰ জন্ম হৈছিল।
মৃত্যু[সম্পাদনা কৰক]
- ১৮৫০ চনৰ আজিৰ দিনটোতে ফৰাচী ঔপন্যাসিক বালজাকৰ মৃত্যু হয়।
- ১৯০০ চনৰ আজিৰ দিনটোত আন্তৰ্জাতিক অনুষ্ঠান ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ প্ৰথম মহিলা তথা প্ৰথম ভাৰতীয় আছিল বিজয়লক্ষ্মী পণ্ডিতৰ মৃত্যু হয়।
- ১৯৪৫ চনৰ আজিৰ তাৰিখতে ফৰমোছা দ্বীপৰ কাষত এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল; যিখনত যাত্ৰীৰূপে আছিল সুভাষ চন্দ্ৰ বসু। বসুৰ মৃত্যুৰ কাৰণ ৰহস্যৰ আৱৰ্তত থাকিলেও এই কাৰণটোৰ বাবেই আজিৰ দিনটো বসুৰ মৃত্যুৰদিন বুলি ধৰা হয়।
- ১৯৮৮ চনৰ আজিৰ দিনটোতে "আৱাহন" যুগৰ এগৰাকী গল্পকাৰ দীননাথ শৰ্মাৰ মৃত্যু হৈছিল।
- ২০০০ চনৰ আজিৰ দিনটোতে অভিনেতা, গল্পকাৰ, চলচ্চিত্ৰ পৰিচালক, স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ, শিক্ষাবিদ, অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰীয়ে ইহলীলা সম্বৰণ কৰিছিল।
অনান্য[সম্পাদনা কৰক]
- ১৮০০ চনৰ আজিৰ দিনটোতে ভাৰতৰ প্ৰথমখন মহাবিদ্যালয় কলকাতাত ফ’ৰ্ট উইলিয়াম কলেজ প্ৰতিষ্ঠা হয়। কিন্তু অতি দুখৰ বিষয় যে ১৮৫৪ চনত এই কলেজখন বন্ধ হৈ যায়।
- ২০০৪ চনৰ আজিৰ দিনটোতে এথেন্স অলিম্পিক শ্বুটিঙত ভাৰতৰ ৰাজ্যবৰ্ধন সিং ৰাথোড়ে ৰূপক পদক লাভ কৰে।
- ১৯৫১ চনৰ আজিৰ দিনটোতে ইণ্ডিয়ান ইনষ্টিটিউট অব টেকন’লজী মুকলি হয়।
- ১৮৬৪ চনৰ আজিৰ দিনটোতে সমাজসেৱাৰ বাবে আন্তৰ্জাতিক সংগঠন ৰেড ক্ৰছ প্ৰতিষ্ঠা হয়। এই মহান অনুষ্ঠানৰ প্ৰতিষ্ঠাতা আছিল হেনৰী ডুৰাণ্ট।
দিৱস[সম্পাদনা কৰক]
- আজি প্ৰথমগৰাকী অসমীয়া আধুনিক কবি অমূল্য বৰুৱাৰ স্মৃতি দিৱস (১৯৪৬)।
বাহ্যিক সংযোগ[সম্পাদনা কৰক]
![]() |
ৱিকিমিডিয়া কমন্সত ১৮ আগষ্ট সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
|