১৭ অক্টোবৰ (ইংৰাজী: 17 October) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৯০তম (অধিবৰ্ষত ২৯১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৭৫টা দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা হ’ল-
১৮১৭ - ছাৰ চৈয়দ আহমেদ খাঁৰ জন্ম হয়। তেওঁ আলিগড়ত মহমেদান এংলো অৰিয়েণ্টেল কলেজ স্থাপন কৰে। এইখন কলেজেই পৰৱৰ্তী কালত আলিগড় মুছলিম বিশ্ববিদ্যালয়লৈ ৰূপান্তৰিত হয়।