মাইকেল ফেৰাডে
মাইকেল ফেৰাডে | |
---|---|
মাইকেল ফেৰাডে, ১৮৪২ | |
জন্ম | ইং ২২ ছেপ্তেম্বৰ,১৭৯১ খ্ৰীষ্টাব্দ নিৱিংটন বাটচ্, ইংলেণ্ড |
মৃত্যু | ইং ২৫ আগষ্ট,১৮৬৭ খ্ৰীষ্টাব্দ হেম্পণ্টন ক'ৰ্ট, মিডলচেক্স, ইংলেণ্ড |
বাসস্থান | United Kingdom |
জাতীয়তা | ব্ৰিটিছ |
ক্ষেত্ৰ | পদাৰ্থ বিজ্ঞান আৰু ৰসায়ন বিজ্ঞান |
কৰ্মস্থান | Royal Institution |
জনা যায় | Faraday's law of induction Electrochemistry Faraday effect Faraday cage Faraday constant Faraday cup Faraday's laws of electrolysis Faraday paradox Faraday rotator Faraday-efficiency effect Faraday wave Faraday wheel Lines of force |
প্ৰভাৱ | Humphry Davy William Thomas Brande |
উল্লেখনীয় বঁটা | Royal Medal (1835 & 1846) Copley Medal (1832 & 1838) Rumford Medal (1846) |
স্বাক্ষৰ |
মাইকেল ফেৰাডে (ইংৰাজী: Michael Faraday) (২২ ছেপ্তেম্বৰ, ১৭৯১ - ২৫ আগষ্ট, ১৮৬৭) এজন প্ৰখ্যাত ব্ৰিটিছ বিজ্ঞানী। তেওঁক প্ৰধানকৈ বিদ্যুত চুম্বকত্ব আৰু বিদ্যুত ৰসায়নৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। তেওঁৰ প্ৰধান আৱিষ্কাৰ সমূহ হ'ল বিদ্যুত চুম্বকীয় আৱেশ, দ্বিচুম্বকত্ব(Diamagnetism),আৰু বিদ্যুত বিশ্লেষণ।[1]
যদিও ফেৰাডেৰ আনুষ্ঠানিক শিক্ষা একেবাৰে কম আছিল, তেওঁ আটাইটকৈ প্ৰভাৱশালী বিজ্ঞানীবোৰৰ ভিতৰত এজন আছিল। একমুখী বিদ্যুত প্ৰবাহ কঢ়িয়াই নিয়া পৰিবাহী এডালৰ কাষত থকা চুম্বক ক্ষেত্ৰ এখনৰ বিষয়ে ফেৰাডেৰ গৱেষণাই পদাৰ্থ বিজ্ঞানৰ বিদ্যুত চুম্বকত্ব আৱিষ্কাৰ কৰিছিল। ফেৰাডেই চুম্বকক্ষেত্ৰ আৰু পোহৰৰ ৰশ্মিৰ মাজত থকা সম্বন্ধও প্ৰতিষ্ঠা কৰিছিল।[2][3] তেওঁৰ বিদ্যুত চুম্বকত্বৰ তত্বৰ আধাৰতে আধুনিক যুগৰ বৈদ্যুতিক মটৰ বিলাক চলি আছে।
ৰসায়নবিদ হিচাপে তেও বেঞ্জিন আৱিষ্কাৰ কৰিছিল, ক্ল'ৰিণৰ ক্লেথ্ৰেট হাইড্ৰেট(clathrate hydrate) বিষয়ে অধ্যয়ণ কৰিছিল,প্ৰাৰম্ভিক অৱস্থাৰ বুনচেন বাৰ্ণাৰ আৰু অক্সিডেচন নম্বৰ ব্যৱস্থাটো উদ্ভাৱন কৰিছিল। শেষত ফেৰাডেই ৰয়েল ইনষ্টিটিউচন অৱ গ্ৰেট ব্ৰিটেইনৰ 'ফুলেৰিয়ান প্ৰফেচাৰ অৱ কেমিষ্ট্ৰী' আসনখন দখল কৰিবলৈ সক্ষম হৈছিল।
জেমচ্ ক্লাৰ্ক মেক্সৱেলৰ বিদ্যুত চুম্বকত্বৰ বিখ্যাত সমীকৰণ চাৰিটাৰ আঁৰত ফেৰাডেৰ গৱেষণাৰ প্ৰত্যক্ষ প্ৰভাৱ আছে। ফেৰাডে এজন অন্যতম সফল গৱেষণাবিদ আছিল যদিও তেওঁৰ গাণিতিক সামৰ্থ্য সাধাৰণ বীজগণিত আৰু ত্ৰিকোণমিতিতকৈ বেছি নাছিল। তথাপিও তেওঁ সহজ ভাষাত স্পষ্টকৈ তেওঁৰ ধাৰণাবোৰ বুজাব পাৰিছিল। [4]
ধাৰকত্ব(Capacitance) ৰ এছ আই একক ফেৰাড, মাইকেল ফেৰাডেৰ প্ৰতি সন্মান জনাই ৰখা হৈছে।
১৮৩৪ চনত তেওঁ বিখ্যাত বিদ্যুৎ বিশ্লেষণ সূত্ৰ সমূহ লিপিবদ্ধ কৰে। প্ৰথম সূত্ৰটোৰ মতে, বিদ্যুৎ বিশ্লেষণৰ দ্বাৰা উৎপন্ন কৰা পদাৰ্থৰ ভৰ বিশ্লেষ্য পদাৰ্থবিধৰ মাজেৰে পঠোৱা বিদ্যুতৰ পৰিমাণৰ সমানুপাতিক । দ্বিতীয় সূত্ৰটোৰ মতে, একে পৰিমাণৰ বিদ্যুৎ প্ৰবাহৰ বাবে বিদ্যুৎ বিশ্লেষণত নিৰ্গত ভিন ভিন পদাৰ্থৰ ভৰ কিমান হব সেয়া পদাৰ্থবোৰৰ ৰসায়নিক তুলাংক ভৰৰ দ্বাৰা ( Chemical Equivalent Weight) নিৰ্ধাৰিত হয় । আজি আমি ব্যৱহাৰ কৰা এনোড, কেথোড, আয়োনাইজেছন আদি শব্দ ফেৰাডেই প্ৰথম ব্যৱহাৰ কৰিছিল ।
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ সমাজলৈ বিপ্লৱ অনা বিজ্ঞানীসকল, মূল কে.ভি. গোপালকৃষ্ণণ, অনুঃ ভৱেশ মহন্ত, পৃষ্ঠা সংখ্যা-৩৯, প্ৰকাশক- নেশ্যনেল বুক ট্ৰাষ্ট, প্ৰথম প্ৰকাশ-২০০১
- ↑ Michael Faraday entry at the 1911 Encyclopaedia Britannica hosted by LovetoKnow Retrieved January 2007.
- ↑ "Archives Biographies: Michael Faraday", The Institution of Engineering and Technology.
- ↑ সমাজলৈ বিপ্লৱ অনা বিজ্ঞানীসকল, মূল কে.ভি. গোপালকৃষ্ণণ, অনুঃ ভৱেশ মহন্ত, পৃষ্ঠা সংখ্যা-৩৯, প্ৰকাশক- নেশ্যনেল বুক ট্ৰাষ্ট, প্ৰথম প্ৰকাশ-২০০১
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]ৱিকিউৎসত মাইকেল ফেৰাডেৰ দ্বাৰা লিখা মূল পাঠ্য আছে। |
ৱিকিমিডিয়া কমন্সত মাইকেল ফেৰাডে সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
ৱিকিউদ্ধৃতিত মাইকেল ফেৰাডে বিষয় সংক্ৰান্তত উদ্ধৃতি আছে। |