অনিল কুম্বলে
![]() | এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
![]() | ||||
অনিল কুম্বলে | ||||
ব্যক্তিগত তথ্য | ||||
---|---|---|---|---|
সম্পূৰ্ণ নাম | অনিল কুম্বলে | |||
জন্ম | ১৭ অক্টোবৰ, ১৯৭০ (৫৪ বছৰ) বাংগালোৰ, ভাৰত | |||
উপনাম | জম্বো | |||
উচ্চতা | 6 ফুট 2 ইঞ্চি (1.9 মিটাৰ) | |||
বেটিং শৈলী | সোঁহতীয়া | |||
বলিং শৈলী | সোঁহতীয়া লেগ স্পীন | |||
ভূমিকা | প্ৰাক্তন কোচ, প্ৰাক্তন ক্ৰিকেটাৰ, প্ৰাক্তন বলাৰ তথা টেষ্ট ক্ৰিকেটৰ প্ৰাক্তন অধিনায়ক | |||
আন্তঃৰাষ্ট্ৰীয় তথ্য | ||||
জাতীয় দল | ভাৰত | |||
টেষ্ট অভিষেক (কেপ ১৯২) | ৯ আগষ্ট ১৯৯০ বনাম ইংলেণ্ড | |||
অন্তিম টেষ্ট | ২৯ অক্টোবৰ ২০০৮ বনাম অষ্ট্ৰেলিয়া | |||
অ'ডিআই অভিষেক (কেপ ৭৮) | ২৫ এপ্ৰিল ১৯৯০ বনাম শ্ৰীলংকা | |||
অন্তিম অ'ডিআই | ১৯ মাৰ্চ ২০০৭ v বাৰ্মুদা | |||
ঘৰুৱা দলৰ তথ্য | ||||
বছৰ | দল | |||
১৯৮৯/১০ – ২০০৮/০৯ | কৰ্ণাটক ক্ৰিকেট দল | |||
২০০৬ | সৰে কাউণ্টি ক্ৰিকেট ক্লাব | |||
২০০০ | লিচেষ্টাৰশায়ৰ কাউণ্টি ক্ৰিকেট ক্লাব | |||
১৯৯৫ | নৰ্থহাম্পটনশায়ৰ কাউণ্টি ক্ৰিকেট ক্লাব | |||
২০০৮-২০১০ | ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ | |||
কেৰিয়াৰ পৰিসংখ্যা | ||||
প্ৰতিযোগিতা | টেষ্ট ক্ৰিকেট | এদিনীয়া আন্তৰ্জাতিক | প্ৰথম শ্ৰেণী ক্ৰিকেট | এ ক্ৰিকেট |
মুঠ খেল | ১৩২ | ২৭১ | ২৪৪ | ৩৮০ |
ৰাণ | ২,৫০৬ | ৯৩৮ | ৫,৫৭২ | ১,৪৫৬ |
বেটিং গড় | ১৭.৭৭ | ১০.৫৪ | ২১.৬৮ | ১১.২০ |
শতক/অৰ্ধশতক | ১/৫ | ০/০ | ৭/১৭ | ০/০ |
সৰ্বোচ্চ ৰাণ | ১১০* | ২৬ | ১৫৪* | ৩০* |
বল | ৪০,৮৫০ | ১৪,৪৯৬ | ৬৬,৯৩১ | ২০,২৪৭ |
উইকেট | ৬১৯ | ৩৩৭ | ১,১৩৬ | ৫১৪ |
বলিং গড় | ২৯.৬৫ | ৩০.৮৯ | ২৫.৮৩ | ২৭.৫৮ |
এটা ইনিংছত ৫টা উইকেট | ৩৫ | ২ | ৭২ | ৩ |
এখন খেলত ১০টা উইকেট | ৮ | নাই | ১৯ | নাই |
শ্ৰেষ্ঠ বলিং | ১০/৭৪ | ৬/১২ | ১০/৭৪ | ৬/১২ |
কেচ্চ/ষ্টাম্পিং | ৬০/– | ৮৫/– | ১২০/– | ১২২/– |
উৎস: http://www.espncricinfo.com/india/content/player/30176.html ক্ৰিক্ইন্ফো, ৮ নৱেম্বৰ ২০০৮ |
অনিল ৰাধাকৃষ্ণ কুম্বলে (ಅನಿಲ್ ಕುಂಬ್ಳೆ); জন্ম ১৭ অক্টোবৰ ১৯৭০) এজন ভাৰতীয় ক্ৰিকেটাৰ যিয়ে এদিনীয়া তথা টেষ্ট উভয় ক্ৰিকেটতেই ভাৰতৰ সৰ্বোচ্চ উইকেট দখলকৰা খেলুৱৈ।
মহীশূৰ ৰাজ্যৰ (বৰ্তমান কৰ্ণাটক) বাংগালুৰুত জন্মগ্ৰহণ কৰা কুম্বলে এজন পূৰ্ণাংগ ক্ৰিকেটাৰ হোৱাৰ আগতে বি এছ চন্দ্ৰশেখৰৰ দৰে খেলুৱৈক চাই ডাঙৰ হোৱাৰ বাবে ক্ৰিকেটৰ প্ৰতি আৰম্ভণিতে আগ্ৰহ গঢ়ি তুলিছিল। ১৯ বছৰ বয়সত কৰ্ণাটকক প্ৰতিনিধিত্ব কৰি প্ৰথম শ্ৰেণীত অভিষেক ঘটায় ৷ অতি সোনকালেই তেওঁক ১৯৯০ চনত অষ্ট্ৰেলিয়া-এছিয়া কাপৰ বাবে লোৱা হয় আৰু সেই বছৰৰ শেষৰ ফালে ইংলেণ্ডৰ বিৰুদ্ধে টেষ্টত অভিষেক ঘটে। তাৰ পিছৰে পৰা তেওঁ ভাৰতীয় টেষ্ট দলটোক ১৩২ খনতকৈও অধিক টেষ্ট মেচত প্ৰতিনিধিত্ব কৰি ভাৰতৰ বহু জয়ৰ বাবে দায়ী আছিল। কুম্বলে ১৯৯০ চনৰ আৰম্ভণিতে নিয়মীয়া এদিনীয়া দলৰ অংশ হৈ পৰিছিল আৰু এই সময়ছোৱাত কিছুমান শ্ৰেষ্ঠ প্ৰদৰ্শন আগবঢ়াইছিল; য'ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে ১২ ৰানত ছটা উইকেট (১২ ৰানত ছটা উইকেট) আছিল । ১৯৯৬ চনটো তেওঁৰ বাবে অতি সফল বুলি প্ৰমাণিত হৈছিল কাৰণ তেওঁ বিশ্বকাপৰ বাবে নিৰ্বাচিত হৈছিল আৰু প্ৰতিযোগিতাখনৰ আটাইতকৈ সফল বলাৰ হিচাপে আত্মপ্ৰকাশ কৰিছিল; তেওঁ ৭খন মেচ খেলি গড়ে ১৮.৭৩ ৰানত ১৫টা উইকেট দখল কৰে।
২০০৫ চনত কুম্বলে ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত হয়। ১৮ বছৰ খেলাৰ পিছত ২০০৮ চনৰ নৱেম্বৰ মাহত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ২০১২ চনৰ অক্টোবৰ মাহত কুম্বলে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আই চি চি)ৰ অধ্যক্ষ নিযুক্তি লাভ কৰে।[1]
২০১২ চনৰ পৰা ২০১৫ চনৰ ভিতৰত কুম্বলে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু আৰু মুম্বাই ইণ্ডিয়ানছৰ মুখ্য গুৰু হিচাপে পদবী লাভ কৰিছিল। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষকও আছিল। ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত তেওঁ আই চি চি হল অৱ ফেমত অন্তৰ্ভুক্ত হোৱা চতুৰ্থজন ভাৰতীয় ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়। বৰ্তমান কুম্বলে পঞ্জাব কিংছৰ মুখ্য প্ৰশিক্ষক আৰু ক্ৰিকেট অপাৰেচনৰ সঞ্চালক৷
প্ৰাথমিক আৰু ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]
কুম্বলেৰ জন্ম হৈছিল মহীশূৰ ৰাজ্য (বৰ্তমান কৰ্ণাটক) বাংগালুৰুৰ কৃষ্ণ স্বামী আৰু সৰোজাৰ ঘৰত।[2] কুম্বলেৰ এজন ভাতৃ আছে, তেওঁৰ নাম দীনেশ কুম্বলে। অনিল কুম্বলেৰ পত্নীৰ নাম চেতনা কুম্বলে[3] আৰু তেওঁৰ তিনিটা সন্তান আছে – পুত্ৰ মায়াছ কুম্বলে, কন্যা আৰুনি আৰু স্বস্তি কুম্বলে।[4][5] তেওঁৰ মাতৃভাষা কন্নড়।[6]
কুম্বলেই হলি চেণ্ট ইংৰাজী স্কুলত প্ৰাথমিক শিক্ষা লাভ কৰিছিল আৰু তেওঁ নেচনেল হাইস্কুল বাছাভানাগুডিৰ পৰা দশম শ্ৰেণী উত্তীৰ্ণ হয়। বাংগালুৰুৰ ৰাজপথত ক্ৰিকেট খেলিবলৈ আৰম্ভ কৰি ১৩ বছৰ বয়সতে "যুৱ ক্ৰিকেটাৰ" নামৰ ক্লাবত যোগদান কৰে। হাইস্কুলৰ পিছত ৰাষ্ট্ৰীয় প্ৰি-ইউনিভাৰ্চিটি কলেজ বাসৱনাগুডিৰ পৰা দ্বাদশ শ্ৰেণী উত্তীৰ্ণ হয়। পিছলৈ কুম্বলে ১৯৯১–৯২ চনত ৰাষ্ট্ৰীয় বিদ্যালয় অভিযান্ত্ৰিক মহাবিদ্যালয় (আৰ ভি চি ই)ৰ পৰা বি ই মেকানিকেল ইঞ্জিনিয়াৰিঙৰ স্নাতক ডিগ্ৰী লাভ কৰে। তেওঁক "জাম্বো" বুলি ডাকনাম দিয়া হৈছে। কুম্বলে এজন নিৰামিষভোজী ব্যক্তি।[7]
ৰেকৰ্ড
[সম্পাদনা কৰক]বিশ্বৰ তৃতীয় সৰ্বোচ্চ টেষ্ট উইকেট দখলকৰা খেলুৱৈ। এক ইনিংছত ১০টা উইকেট দখলকৰাৰ ৰেকৰ্ডো আছে তেওঁৰ নামত।
টেষ্ট
[সম্পাদনা কৰক]টেষ্ট মেচত ভাৰতীয় ক্ৰিকেটাৰৰ ভিতৰত সৰ্বাধিকবাৰ ১০ বা তাতোকৈ বেছি উইকেট ন দখল কৰাৰ ৰেকৰ্ড আছে তেওঁৰ নামত। ৮ বাৰ এই লাভ কৰে।
চন | বিপক্ষ | খেলপথাৰ | খেলৰ ফলাফল |
---|---|---|---|
১৯৯৪ | ![]() |
কে ডি সিং বাবু ষ্টেডিয়াম, লক্ষ্ণৌ | ভাৰতে এক ইনিংছ আৰু ১১৯ ৰাণৰ ব্যৱধানত জয়লাভ কৰে। |
১৯৯৯ | ![]() |
অৰুণ জেটলি ষ্টেডিয়াম | ভাৰতে ২১২ ৰাণত জয়লাভ কৰে। |
১৯৯৯ | ![]() |
গ্ৰিন পাৰ্ক ষ্টেডিয়াম | ভাৰতে ৮ উইকেটত জয়লাভ কৰে। |
২০০১ | ![]() |
চৰ্দাৰ পেটেল ষ্টেডিয়াম | মেচ ড্ৰ' |
২০০৪ | ![]() |
ছিডনি ক্ৰিকেট গ্ৰাউণ্ড | মেচ ড্ৰ' |
২০০৪ | ![]() |
এম. এ. চিদাম্বৰম ষ্টেডিয়াম | মেচ ড্ৰ' |
২০০৫ | ![]() |
ইডেন গাৰ্ডেন | ভাৰতে ১৯৫ ৰাণত জয়লাভ কৰে। |
২০০৫ | ![]() |
অৰুণ জেটলি ষ্টেডিয়াম | ভাৰতে ১৮৮ ৰাণত জয়লাভ কৰে। |
অৱসৰ
[সম্পাদনা কৰক]২০০৮ চনত ফিৰোজ শাহ কোটলা মাঠ খেলপথাৰত কুম্বলেই ক্ৰিকেটৰ পৰা অৱসৰ লয়।
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Kumble to be chairman of ICC Cricket Committee". Wisden India. 10 October 2012. http://www.wisdenindia.com/cricket-news/kumble-to-be-chairman-icc-cricket-committee/30418.
- ↑ MD Ritti (15 February 1999). "10 wickets – and phone overload". Rediff.com. http://www.rediff.com/sports/1999/feb/15c.htm। আহৰণ কৰা হৈছে: 9 August 2007.
- ↑ Hemanth Kashyap (14 July 2008). "Bitter-battle". MidDay. http://www.mid-day.com/news/2008/jul/140708bnews1.htm। আহৰণ কৰা হৈছে: 6 June 2012.
- ↑ "Anil Kumble". Indian Mirror. http://www.indianmirror.com/games/cricket/former-player-anil.html। আহৰণ কৰা হৈছে: 6 June 2012.
- ↑ "Anil Kumble, with his son Mayas, as he announces his retirement from ODIs". ESPNcricinfo. 30 March 2007. http://www.espncricinfo.com/india/content/image/288041.html.
- ↑ "Anil Kumble". ESPNcricinfo. 6 September 2007. https://www.espncricinfo.com/wisdenalmanack/content/story/154408.html। আহৰণ কৰা হৈছে: 20 May 2020.
- ↑ Khan, Farheen (11 June 2022). "Bengaluru: Veg food to debut, Anil Kumble reminisces UK memories". The Times of India. https://timesofindia.indiatimes.com/city/bengaluru/veg-food-to-debut-kumble-reminisces-uk-memories/articleshow/92138677.cms.
- ↑ "Error: no
|title=
specified when using {{Cite web}}".