নিউজিলেণ্ড
নিউজিলেণ্ড Aotearoa | |
|---|---|
| Anthem: | |
Realm of New Zealandত নিউজিলেণ্ডৰ অৱস্থান | |
| ৰাজধানী | ৱেলিংটন |
| Largest city | অকলেণ্ড |
| Official languages |
|
| Ethnic groups (২০১৩) |
|
| Government | Unitary parliamentary constitutional monarchy |
• Monarch |
Elizabeth II |
| পেটচী ৰেড্ডী | |
| জেচিণ্ডা আৰডাৰ্ণ | |
| Legislature | Parliament (House of Representatives) |
| Independence from the United Kingdom | |
| 17 January 1853 | |
• Dominion |
26 September 1907 |
| 25 November 1947 | |
| 13 December 1986 | |
| Area | |
• Total | 2,68,021 বৰ্গ কি.মি. (1,03,483 বৰ্গ মাইল) (৭৫তম) |
• Water (%) | ১.৬ |
| Population | |
• জুন ২০১৪ estimate | ৪৫,৩৭,০৮১[2] (১২৩তম) |
• ২০১৩ census | ৪২,৪২,০৪৮[3] |
• Density | 16.5 /কিমি২ (42.7 /বৰ্গ মাইল) (২০৫তম) |
| GDP (PPP) | ২০১৩ estimate |
• Total | $১,২২.১৯৩ নিযুত[4] |
• Per capita | $৩০,৪৯৩[4] |
| GDP (nominal) | ২০১৩ estimate |
• Total | $১৮১.৩ নিযুত[4] |
• Per capita | $৪০,৪৮১[4] |
| Gini (১৯৯৭) | ৩৬.২[5] Error: Invalid Gini value |
| HDI (২০১৩) | Error: Invalid HDI value (৭ম) |
| Currency | নিউজিলেণ্ড ডলাৰ (NZD) |
| Time zone | UTC+১২ (NZST) |
• Summer (DST) | UTC+১৩ (NZDT) |
| (ছেপ্তেম্বৰৰ পৰা এপ্ৰিললৈ) | |
| Date format | dd/mm/yyyy |
| Calling code | +৬৪ |
| ISO 3166 code | NZ |
| Internet TLD | .nz |
নিউজিলেণ্ড ( ইং: New Zealand, /njuː ˈziːlənd/) হ'ল দক্ষিণপশ্চিম প্ৰশান্ত মহাসাগৰৰ বুকুত অৱস্থিত এখন দ্বীপৰাষ্ট্ৰ। দেশখন দুটা প্ৰধান দ্বীপ – উত্তৰ দ্বীপ (নৰ্থ আইলেণ্ড), বা Te Ika-a-Māui, আৰু দক্ষিণ দ্বীপ (চাউথ আইলেণ্ড), বা Te Waipounamuৰ লগতে ষ্টুৱাৰ্ট দ্বীপ আৰু অসংখ্য সৰু সৰু দ্বীপপুঞ্জৰে গঠিত। ই অষ্ট্ৰেলিয়াৰ পৰা ১৫০০ কি:মি: দক্ষিণ-পূব দিশত অৱস্থিত। নিউজিলেণ্ড ভৌগোলিকভাৱে এখন বিচ্ছিন্ন দেশ। সেইবাবে ইয়াৰ জীৱবৈচিত্ৰ্য আৰু পৰিৱেশ যথেষ্ট পৃথক। ৱেলিংটন হৈছে দেশখনৰ ৰাজধানী আৰু অকলেণ্ড বৃহত্তম চহৰ।
নিউজিলেণ্ডৰ অধিকাংশ লোক ইউৰোপীয় মূলৰ আৰু স্থানীয় মাওৰি সকল বৃহত্তম সংখ্যালঘু জাতি। ইয়াৰোপৰি এচীয় মূলৰো বহুতো লোক নিউজিলেণ্ডত বসবাস কৰে। ইংৰাজী নিউজিলেণ্ডৰ সৰ্বাধিক প্ৰচলিত ভাষা।
নিউজিলেণ্ড এখন উন্নত ৰাষ্ট্ৰ। দেশখন জীৱন যাত্ৰাৰ মান, শিক্ষাৰ হাৰ, শান্তি আৰু প্ৰগতি, অৰ্থনৈতিক স্বাধীনতা, ব্যৱসায়-বাণিজ্যৰ সুযোগ, গণমাধ্যমৰ স্বাধীনতা, ৰাজনৈতিক অধিকাৰ ৰক্ষা আদি ক্ষেত্ৰত যথেষ্ট আগবঢ়া। পৃথিৱীৰ সৰ্বাধিক বাসোপযোগী চহৰ সমূ্হৰ ভিতৰত নিউজিলেণ্ডৰ সমূহ অন্যতম।
ইতিহাস
[সম্পাদনা কৰক]প্ৰায় ৭০০ বছৰ আগতে পলিনেচীয় বিভিন্ন জাতিয়ে নিউজিলেণ্ড আৱিষ্কাৰ কৰে আৰু ইয়াত বসতি স্থাপন কৰে। ১৬৪২ চনত প্ৰথম ইউৰোপীয় অভিযাত্ৰী এবেল তাছমানে নিউজিলেণ্ডত প্ৰৱেশ কৰে। ১৮শ শতিকাৰ শেষ ভাগত ব্ৰিটিছ অভিযাত্ৰী, নাবিক আৰু মিছনেৰীসকলৰ নিয়মিতভাৱে ইয়ালৈ আগমন ঘটে।
ভূগোল আৰু জলবায়ু
[সম্পাদনা কৰক]৩৪° দক্ষিণ অক্ষাংশৰ পৰা ৪৭° দক্ষিণ অক্ষাংশলৈকে অৱস্থিত এই দ্বীপপুঞ্জৰ উত্তৰে উষ্ণ নাতিশীতোষ্ণ আৰু দক্ষিণে শীত নাতিশীতোষ্ণ জলবায়ু পোৱা যায়। পূব অষ্ট্ৰেলিয় উষ্ণ সমুদ্ৰৰ সোঁত ইয়াৰ ওচৰেদি বৈ গৈছে। ঠেক দীঘলীয়া দ্বীপপুঞ্জটো বহলে ৪৪৮ কি:মি:ৰ অধিক নহয়। সমগ্ৰ দ্বীপপুঞ্জৰ মাজেৰে এশাৰী পৰ্বত বিস্তৃত হৈ আছে। পৰ্বতশাৰী উত্তৰ দ্বীপত কিছু চাপৰ আৰু দক্ষিণ দ্বীপটোত ই অতি ওখ। দক্ষিণ দ্বীপত এই পৰ্বতশাৰীৰ নাম দক্ষিণ আল্প্ছ। পৰ্বতশাৰীৰ গড় উচ্চতা প্ৰায় ২,৪৩,৮৪০ মি:। ইয়াৰ সৰ্বোচ্চ শৃংগটোৰ নাম মাউণ্ট কুক (৩,৭৬৮ মি:)।[7]
কৃষি
[সম্পাদনা কৰক]নিউজিলেণ্ডৰ প্ৰধান কৃষিজাত দ্ৰব্য হৈছে ঘেঁহু। ই প্ৰধানকৈ বৃহত্তৰ কেণ্টাৰবাৰী অঞ্চলৰ সমভূমিত কৰা হয়। এই অঞ্চলৰ আন শস্যসমূহ হ'ল ওট আৰু বাৰ্লি। দক্ষিণ দ্বীপত ওটৰ খেতি কৰা হয়। উত্তৰ দ্বীপৰ অকলেণ্ডত মাকৈৰ খেতি ভাল হয়। নিউজিলেণ্ডৰ প্ৰতিটো দ্বীপতেই আঙুৰ, আপেল, নাচপতি, নেমু, সুমথিৰা আদি ফলৰ বাগান দেখিবলৈ পোৱা যায়। উত্তৰ দ্বীপৰ অকলেণ্ডত এইবোৰৰ বাগান বেছিকৈ আছে। আনহাতে দক্ষিণ দ্বীপৰ ফল-মূলৰ বাগানবোৰত আপেল, বেৰী, নাচপতি, এপ্ৰিকট্, চেৰি আদি ফলৰ খেতি কৰা হয়। [8]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "2013 Census - Cultural Diversity". Statistics New Zealand. Archived from the original on 2014-10-06. https://web.archive.org/web/20141006090911/http://www.stats.govt.nz/Census/2013-census/profile-and-summary-reports/quickstats-about-national-highlights/cultural-diversity.aspx। আহৰণ কৰা হৈছে: 2014-12-25.
- ↑ "Estimated resident population of New Zealand". Statistics New Zealand. 30 January 2014. Archived from the original on 24 July 2011. https://web.archive.org/web/20110724200026/http://www.stats.govt.nz/tools_and_services/tools/population_clock.aspx। আহৰণ কৰা হৈছে: 30 January 2014.
- ↑ "Number of Electorates and Electoral Populations: 2013 Census – Media Release". 2013 Census. Statistics New Zealand. http://www.stats.govt.nz/browse_for_stats/population/census_counts/NumberofElectoratesandElectoralPopulations_MR2013Census.aspx। আহৰণ কৰা হৈছে: 7 October 2013.
- ↑ 4.0 4.1 4.2 4.3 "New Zealand". International Monetary Fund. http://www.imf.org/external/pubs/ft/weo/2012/01/weodata/weorept.aspx?pr.x=57&pr.y=12&sy=2009&ey=2012&scsm=1&ssd=1&sort=country&ds=.&br=1&c=196&s=NGDPD%2CNGDPDPC%2CPPPGDP%2CPPPPC%2CLP&grp=0&a=। আহৰণ কৰা হৈছে: 20 April 2012.
- ↑ "Equality and inequality: Gini index". Human Development Report 2009. United Nations Development Programme. http://hdrstats.undp.org/en/indicators/161.html। আহৰণ কৰা হৈছে: 14 April 2011.
- ↑ "Human Development Report 2013". United Nations. পৃষ্ঠা: 16. http://hdr.undp.org/en/media/HDR2013_EN_Summary.pdf। আহৰণ কৰা হৈছে: 5 May 2013.
- ↑ ভূ-দৰ্শন; দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা (২০০২). নিউজিলেণ্ড. প্ৰকাশক গুৱাহাটী: কামাখ্যা বুক ষ্টল.
- ↑ ভূ-দৰ্শন; দিলীপ কুমাৰ গোহাঁই, হৰেন্দ্ৰনাথ বৰা (২০০২). নিউজিলেণ্ড. প্ৰকাশক গুৱাহাটী: কামাখ্যা বুক ষ্টল.