যুক্তৰাজ্য
গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য United Kingdom of Great Britain and Northern Ireland | |
|---|---|
| Anthem: গড চেভ দ্য কিং"[1] | |
যুক্তৰাজ্যৰ অৱস্থান (dark green) – ইউৰোপৰ মেপত (light green & dark grey) | |
| ৰাজধানী and largest city | লণ্ডন |
| জাতীয় ভাষা আৰু ৰাষ্ট্ৰীয় ভাষা | ইংৰাজী |
| অন্যান্য ভাষাসমূহ[2] | |
| Ethnic groups (২০১১) |
|
| Demonyms |
|
| Government | সংসদীয় সাংবিধানিক ৰাজতন্ত্ৰ |
| তৃতীয় চাৰ্লছ | |
| Keir Starmer | |
| Legislature | পাৰ্লিয়ামেণ্ট |
| লাটসভা | |
| জনসাধাৰণসভা | |
| গঠন | |
| ১ মে ১৭০৭ | |
| ১ জানুৱাৰী ১৮০১ | |
| ৫ ডিচেম্বৰ ১৯২২ | |
| Area | |
• Total | 2,42,495 বৰ্গ কি.মি. (93,628 বৰ্গ মাইল)[3] (৭৮তম) |
• Water (%) | ১.৩৪ |
| Population | |
• ২০১৫ estimate | ৬৪,৭১৬,০০০[4] (২২তম) |
• ২০১১ census | ৬৩,১৮১,৭৭৫[5] (২২তম) |
• Density | 225.6 /কিমি২ (584.3 /বৰ্গ মাইল) (৫১তম) |
| GDP (PPP) | ২০১৫ estimate |
• Total | $২.৬৭৯ ট্ৰিলিয়ন (৯তম) |
• Per capita | $৪১,১৫৯[6] (২৫তম) |
| GDP (nominal) | ২০১৫ estimate |
• Total | $২.৮৪৯ ট্ৰিলিয়ন (৫ম) |
• Per capita | $৪৩,৭৭১[6] (১৩তম) |
| Gini (২০১৪) | medium inequality (৩৩তম) |
| HDI (২০১৪) | very high (১৪তম) |
| Currency | পাউণ্ড ষ্টাৰ্লিং (£) (GBP) |
| Time zone | UTC (GMT[9]) |
• Summer (DST) | UTC+1 (BST) |
| Date format | dd/mm/yyyy |
| Calling code | +৪৪ |
| Internet TLD | .uk |
যুক্তৰাজ্য (ইংৰাজী: United Kingdom ইউনাইটেড্ কিংডম্) ইউৰোপীয় মূল ভূখণ্ডৰ উত্তৰ-পশ্চিম উপকূলৰ কাষতে অৱস্থিত এখন স্বাধীন দ্বীপৰাষ্ট্ৰ। ৰাষ্ট্ৰখনৰ চৰকাৰী নাম হ'ল গ্ৰেইট ব্ৰিটেন আৰু উত্তৰ আয়াৰলেণ্ডৰ যুক্তৰাজ্য (ইংৰাজী: The United Kingdom of Great Britain and Northern Ireland)। ৰাষ্ট্ৰখন চাৰিখন সাংবিধানিক ৰাষ্ট্ৰ: ইংলেণ্ড, স্কটলেণ্ড, ৱেল্ছ আৰু উত্তৰ আয়াৰলেণ্ডৰ সমন্বয়ত গঠিত।
যুক্তৰাজ্য বহুতো দ্বীপ লৈ গঠিত। দ্বীপসমূহক একেলগে ব্ৰিটিছ দ্বীপপুঞ্জ নামেৰে অভিহিত কৰা হয়। ইয়াৰে সৰ্ববৃহৎ দ্বীপটৌৰ নাম বৃহৎ ব্ৰিটেন বা গ্ৰেইট ব্ৰিটেন। গ্ৰেট ব্ৰিটেনৰ সকলোতকৈ বৃহৎ আৰু জনবহুল অংশটিৰ নাম ইংলেণ্ড, যি দ্বীপটোৰ দক্ষিণ আৰু পূব অংশ গঠন কৰিছে। পশ্চিমে আছে ৱেল্ছ আৰু উত্তৰ অংশত আছে স্কটলেণ্ড। আনহাতে আয়াৰলেণ্ড দ্বীপৰ উত্তৰ-পূব প্ৰান্তত উত্তৰ আয়াৰলেণ্ড অৱস্থিত। আয়াৰলেণ্ড দ্বীপ ব্ৰিটিছ দ্বীপপুঞ্জৰ দ্বিতীয় বৃহত্তম দ্বীপ। এই দ্বীপৰ অধিকাংশ তথা দক্ষিণ ভাগ জুৰি অৱস্থিত প্ৰজাতন্ত্ৰী আয়াৰলেণ্ড। যুক্তৰাজ্যৰ বাকী অংশক আটলাণ্টিক মহাসাগৰ, উত্তৰ সাগৰ, ইংলিছ চেনেল আৰু আইৰিছ সাগৰে আৱৰি ৰাখিছে। ইয়াৰোপৰি ব্ৰিটিছ সাম্ৰাজ্যকালৰ সময়ত হস্তগত ১৪টি বহিঃস্থ অঞ্চল এতিয়াও যুক্তৰাজ্যৰ অধীনত আছে। গ্ৰেইট ব্ৰিটেন দ্বীপ চেনেল টানেলৰ মাধ্যমেৰে ফ্ৰান্সৰ সৈতেও সংযুক্ত।
যুক্তৰাজ্য এখন সাংবিধানিক গণতন্ত্ৰ। ৰাণী দ্বিতীয় এলিজাবেথ ৰাষ্ট্ৰপ্ৰধান। ইয়াত এখন সংসদীয় গণতন্ত্ৰ ব্যৱস্থা বিদ্যমান হৈ আছে। লণ্ডন যুক্তৰাজ্যৰ ৰাজধানী আৰু বৃহত্তম চহৰ; ই ইংলেণ্ডৰ দক্ষিণ-পূব প্ৰান্তত অৱস্থিত।
ভূগোল
[সম্পাদনা কৰক]ভৌগোলিক আকাৰৰ দিশৰ পৰা যুক্তৰাজ্য এখন ক্ষুদ্ৰ ৰাষ্ট্ৰ। উষ্ণ উপসাগৰীয় স্ৰোতৰ প্ৰভাৱৰ ফলত ইয়াৰ জলবায়ু মৃদু আৰু আৰ্দ্ৰ। উত্তৰ অংশত যথেষ্ট শীতৰ প্ৰভাৱ পৰে। বছৰৰ অধিকাংশ সময়তে ইয়াৰ আকাশ মেঘাচ্ছন্ন হৈ থাকে বাবে বৃষ্টিপাতৰ পৰিমাণ অধিক। ইয়াৰ দক্ষিণ আৰু পূবে আছে বিস্তীৰ্ণ সমভূমি; পশ্চিম আৰু উত্তৰে আছে সুউচ্চ পাহাৰ আৰু পৰ্বত।
আকাৰত সৰু হ'লেও ব্ৰিটেইনৰ জনবসতি ঘন। ইয়াত প্ৰতি বৰ্গকিলোমিটাৰত প্ৰায় ২৫০ লোকে বাস কৰে। ব্ৰিটেইন অৰ্থনৈতিকভাবে অত্যন্ত সমৃদ্ধ, শিল্প আৰু বিজ্ঞানত উন্নত, প্ৰযুক্তিত আধুনিক এখন শান্তিপূৰ্ণ ৰাষ্ট্ৰ। ব্ৰিটেইন ইউৰোপৰ ধনী দেশসমূহৰ এখন আৰু ইয়াৰ জনসাধাৰণৰ জীৱনযাত্ৰাৰ মান বিশ্বৰ অন্যান্য দেশৰ তুলনাত উন্নত।
তথ্যসংগ্ৰহ
[সম্পাদনা কৰক]- ↑ National Anthem, British Monarchy official website. Retrieved 16 November 2013.
- ↑ "List of declarations made with respect to treaty No. 148". Council of Europe. Archived from the original on 12 December 2013. https://web.archive.org/web/20131212175720/http://conventions.coe.int/treaty/Commun/ListeDeclarations.asp?CL=ENG&NT=148&VL=1। আহৰণ কৰা হৈছে: 12 December 2013.
- ↑ (PDF) Demographic Yearbook – Table 3: Population by sex, rate of population increase, surface area and density. United Nations Statistics Division. 2012. http://unstats.un.org/unsd/demographic/products/dyb/dyb2012/Table03.pdf। আহৰণ কৰা হৈছে: 9 August 2015.
- ↑ "United Nations world population prospects".(PDF) 2015 Revision
- ↑ "2011 UK censuses". Office for National Statistics. http://www.ons.gov.uk/ons/guide-method/census/2011/uk-census/index.html। আহৰণ কৰা হৈছে: 17 December 2012.
- ↑ 6.0 6.1 "Report for Selected Countries and Subjects". World Economic Outlook Database. International Monetary Fund. April 2016. http://www.imf.org/external/pubs/ft/weo/2016/01/weodata/weorept.aspx?sy=2014&ey=2021&scsm=1&ssd=1&sort=country&ds=.&br=1&c=112&s=NGDP_R%2CNGDP_RPCH%2CNGDP%2CNGDPD%2CNGDP_D%2CNGDPRPC%2CNGDPPC%2CNGDPDPC%2CNGAP_NPGDP%2CPPPGDP%2CPPPPC%2CPPPSH%2CPPPEX&grp=0&a=&pr.x=91&pr.y=9। আহৰণ কৰা হৈছে: 15 April 2016.
- ↑ "Gini coefficient of equivalised disposable income (source: SILC)". Eurostat Data Explorer. http://appsso.eurostat.ec.europa.eu/nui/show.do?dataset=ilc_di12। আহৰণ কৰা হৈছে: 11 November 2015.
- ↑ "2015 Human Development Report". 14 December 2015. http://hdr.undp.org/sites/default/files/hdr_2015_statistical_annex.pdf। আহৰণ কৰা হৈছে: 14 December 2015.
- ↑ This excludes some of the UK's dependencies. See Time in the United Kingdom#British territories
বহিঃসংযোগ
[সম্পাদনা কৰক]- চৰকাৰী
- Official website of the British Monarchy
- Official website of the United Kingdom Government
- ৰাষ্ট্ৰ প্ৰধান আৰু মন্ত্ৰীপৰিষদ সদস্যবৃন্দ Archived 2009-10-26 at the Wayback Machine
- Official Yearbook of the United Kingdom statistics
- সাধাৰণ তথ্য
- United Kingdom entry at The World Factbook
- Economic and Social Data Ranking Archived 2008-10-10 at the Wayback Machine
- United Kingdom Archived 2009-04-06 at the Wayback Machine from UCB Libraries GovPubs
- যুক্তৰাজ্য বিষয়ে Curlie (DMOZ)-ত থকা তথ্য
- Wikimedia Atlas of United Kingdom
- বিবিচি
- পৰ্যটন