৭ ছেপ্টেম্বৰ (ইংৰাজী : 7 September ) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জী ৰ ২৫০তম (অধিবৰ্ষ ত ২৫১তম) দিন । বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১১৫টা দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-
১৯৩১ - লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল আৰম্ভ হয়। এই মেজেমলত যোগদান কৰে মহাত্মা গান্ধীয়ে।
১৯৫৬ - তেল আৰু প্ৰাকৃতিক গেছ আয়োগ গঠন কৰা হয়।
১৯৮৮ - মিজোৰামত ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হয়।
১৫৩৩ - প্ৰথম এলিজাবেথ , ইংলেণ্ডৰ ৰাণী।
১৮২৯ - আগষ্ট কেকুলে , জাৰ্মান ৰসায়ন বিজ্ঞানী।
১৯১৩ - আলবেয়াৰ কেমু , ফৰাচী ঔপন্যাসিক, নাট্যকাৰ আৰু অস্তিত্ববাদী দাৰ্শনিক।
১৯১৫ - মহেশ্বৰ নেওগ , বুৰঞ্জীবিদ, লোকসংস্কৃতিৰ গৱেষক, কবি আৰু প্ৰাচ্যতত্ত্ববিদ। "অন্ত্যজা" কবিতাৰে অসমীয়া কাব্য সাহিত্যলৈ এক নতুন সোঁত বোৱাই অনিছিল।
১৯১৭ - বানু জাহাংগীৰ কয়াজী , ভাৰতীয় চিকিৎসক।
১৯৩১ - মীনা খাদিকাৰ , ভাৰতীয় মাৰাঠী আৰু হিন্দী ভাষাৰ নেপথ্য কণ্ঠশিল্পী আৰু সুৰকাৰ।
১৯৩৩ - ইলা ৰমেশ ভাট , ভাৰতীয় সমাজকৰ্মী আৰু গান্ধীবাদী।
১৯৩৪ - সুনীল গঙ্গোপাধ্যায় , জনপ্ৰিয় বঙালী কবি।
১৯৫১ - মামুট্টি , টলীউড ৰ অভিনেতা আৰু কথাছবি পৰিচালক।
১৯৬০ - অংশুলা কান্ত , ভাৰতীয় বেংকাৰ।
১৯৬৩ - নীৰজা ভানোট , অশোকচক্ৰ বিজিতা বিমান পৰিচালিকা।
১৯৮৫ - ৰাধিকা আপ্টে , ভাৰতীয় মঞ্চাভিনেত্ৰী আৰু চলচ্চিত্ৰৰ শিল্পী।