অংশুলা কান্ত

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অংশুলা কান্ত
বিশ্ব বেংক গোটৰ পৰিচালনা সঞ্চালক
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
৭ অক্টোবৰ ২০১৯
ৰাষ্ট্ৰপতি ডেভিড মালপাছ
পূৰ্বসূৰী ক্ৰিষ্টেলিনা জৰ্জীয়েভা (মুখ্য কাৰ্যবাহী)
ভাৰতীয় ষ্টেট বেংকৰ পৰিচালনা সঞ্চালক
কাৰ্যকাল
৭ ছেপ্টেম্বৰ ২০১৮ – ৩১ আগষ্ট ২০১৯
পূৰ্বসূৰী বি. শ্ৰীৰাম
উত্তৰসূৰী শ্ৰী গুপ্তা
ব্যক্তিগত তথ্য
জন্ম ৭ ছেপ্টেম্বৰ, ১৯৬০ (৬৩ বছৰ)
ৰুৰকী, উত্তৰাখণ্ড, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা বেংকাৰ

অংশুলা কান্ত (ইংৰাজী: Anshula Kant, জন্ম: ৭ ছেপ্টেম্বৰ ১৯৬০) এগৰাকী ভাৰতীয় বেংকাৰ। বৰ্তমান তেওঁ বিশ্ব বেংক গোটৰ মুখ্য বিত্তীয় বিষয়া আৰু পৰিচালনা সঞ্চালক। ২০১৯ চনৰ ১২ জুলাই তাৰিখে তেওঁ এই পদত নিযুক্তি লাভ কৰিছিল।[1][2][3] ইয়াৰ আগতে তেওঁ ২০১৮ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখৰ পৰা ২০১৯ চনৰ ৩১ আগষ্টলৈকে তেওঁ ভাৰতীয় ষ্টেট বেংকৰ পৰিচালনা সঞ্চালক পদত অধিষ্ঠিত আছিল। তেওঁ ভাৰতৰ উত্তৰাখণ্ডৰ ৰুৰকীৰ অধিবাসী।[4]

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা[সম্পাদনা কৰক]

১৯৬০ চনৰ ৭ ছেপ্টেম্বৰ তাৰিখে ভাৰতউত্তৰাখণ্ডৰ ৰুৰকীত অংশুলা কান্তৰ জন্ম হৈছিল। ১৯৭৯ চনত নতুন দিল্লীৰ লেডী শ্ৰীৰাম কলেজৰ পৰা অৰ্থনীতি বিভাগৰ স্নাতক ডিগ্ৰী অৰ্জন কৰিছিল। তাৰপিছত ১৯৮১ চনত তেওঁ দিল্লী স্কুল অৱ ইক'ন'মিক্সৰ পৰা অৰ্থনীতিৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] তেওঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ বেংকাৰছ্ বৰ্তমানৰ ভাৰতীয় বেংকিং আৰু বিত্তীয় প্ৰতিষ্ঠানৰ এগৰাকী স্বীকৃতিপ্ৰাপ্ত সহযোগী।[5]

কৰ্মজীৱন[সম্পাদনা কৰক]

১৯৮৩ চনত অংশুলা কান্তে ভাৰতীয় ষ্টেট বেংকত এগৰাকী প্ৰমাণিক বিষয়া হিচাপে যোগদান কৰে। তেওঁ এছবিআইৰ মুখ্য মহাব্যৱস্থাপক (মহাৰাষ্ট্ৰ আৰু গোৱা), ৰাষ্ট্ৰীয় বেংকিং গোটৰ কাৰ্য প্ৰণালীৰ বাবে উপ পৰিচালনা সঞ্চালক আৰু এছবিআই ছিংগাপুৰ শাখাৰ মুখ্য কাৰ্যবাহী বিষয়া পদত অধিষ্ঠিত আছিল।[5] ২০১৮ চনৰ ছেপ্টেম্বৰ মাহত তেওঁ দুবছৰৰ বাবে এছবিআইৰ পৰিচালনা সঞ্চালক আৰু বেংকৰ বোৰ্ডৰ সদস্য হৈছিল।[1][6][7] ভাৰতীয় ষ্টেট বেংকত শ্ৰীমতী কান্তৰ বেংকিং ক্ষেত্ৰত ৩৫ বছৰতকৈও অধিক অভিজ্ঞতা লাভ কৰিছে। ইয়াৰে ভিতৰত তেওঁ খুচুৰা আৰু কৰ্পোৰেট বেংকিং, বন্ধকী বিত্ত, স্থানীয় মুদ্ৰা আৰু বৈদেশিক মুদ্ৰা সঁজুলি, আৰু বিত্ত, বিপদাশংকা, কাৰ্যকলাপ, কোষাগাৰ, পুঁজি, নিয়ামক অনুপালন আৰু সাধাৰণ ব্যৱস্থাপনাক সামৰি নেতৃত্ব দিছিল। এছবিআইৰ মুখ্য বিত্তীয় বিষয়া হিচাপে তেওঁ ৩৮ বিলিয়ন আমেৰিকান ডলাৰ ৰাজহ আৰু মুঠ ৫০০ বিলিয়ন আমেৰিকান ডলাৰ সম্পত্তি পৰিচালনা কৰিছিল। তেওঁ কঠোৰ ভাবে পুঁজিৰ আধাৰ যথেষ্ট উন্নত কৰিছিল আৰু তেওঁৰ নিৰ্দেশত এছবিআইৰ দীৰ্ঘম্যাদী বহনশীলতাৰ ওপৰত গুৰুত্ব দিয়া হৈছিল।[8]

২০১৯ চনৰ ১২ জুলাই তাৰিখে তেওঁক বিশ্ব বেংক গোটৰ মুখ্য বিত্তীয় বিষয়া আৰু পৰিচালনা সঞ্চালক হিচাপে নিযুক্ত কৰা হৈছিল। তেওঁ বেলেন্স শ্বীট আৰু বিত্তীয় আৰু বিপদাশংকা ব্যৱস্থাপনাৰ বাবে দায়বদ্ধ।[8] ২০১৯ চনৰ ৭ অক্টোবৰ তাৰিখৰ পৰা তেওঁৰ কাৰ্যকাল আৰম্ভ হয়। এই পদত অধিষ্ঠিত হোৱা তেওঁ বিশ্বৰ প্ৰথম মহিলা।

ইণ্ডিয়া টুডে কাকতে তেওঁক ২০১৯ বৰ্ষৰ 'ব্ৰেভিং এ নিউ ৱৰ্ল্ড - গ্লোৱেল ইণ্ডিয়ান' শিতানত অষ্টম স্থান প্ৰদান কৰিছে।[9] ২০২০ চনত বিজনেছ টুডে কাকতে তেওঁক 'সন্মুখৰ পৰা নেতৃত্ব দিয়া আটাইতকৈ ক্ষমতাশালী মহিলা'ৰ তালিকাত অন্তৰ্ভুক্ত কৰে।[10]

ব্যক্তিগত জীৱন[সম্পাদনা কৰক]

অংশুলা কান্ত উত্তৰ প্ৰদেশৰ বাৰাণসীৰ চাৰ্টাৰ্ড একাউণ্টেণ্ট সঞ্জয় কান্তৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল। তেওঁলোকৰ এজন পুত্ৰ সিদ্ধাৰ্থ আৰু এগৰাকী কন্যা নূপুৰ আছে।[1][11]

তথ্য উৎস[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Explained: Anshula Kant’s journey from SBI to World Bank" (en-IN ভাষাত). The Indian Express. 13 July 2019. https://indianexpress.com/article/explained/anshula-kants-journey-from-sbi-to-world-bank-5827473/। আহৰণ কৰা হৈছে: 13 July 2019. 
  2. "SBI MD Anshula Kant appointed World Bank CFO and MD". www.businesstoday.in. https://www.businesstoday.in/sectors/banks/sbi-md-anshula-kant-appointed-cfo-and-md-of-world-bank/story/364011.html। আহৰণ কৰা হৈছে: 13 July 2019. 
  3. Kumar, Sanjay (13 July 2019). "World Bank appoints Anshula Kant as MD, CFO" (en-US ভাষাত). BFSI. https://bfsi.eletsonline.com/world-bank-appoints-anshula-kant-as-md-cfo/। আহৰণ কৰা হৈছে: 13 July 2019. 
  4. Bhakta, Pratik (21 October 2015). "Meet SBI CFO Anshula Kant, the woman who busted myths and ran a bank like a start up". The Economic Times. https://economictimes.indiatimes.com/industry/banking/finance/banking/meet-sbi-cfo-anshula-kant-the-woman-who-busted-myths-and-ran-a-bank-like-a-start-up/articleshow/49475339.cms?from=mdr. 
  5. 5.0 5.1 "Who is Anshula Kant, the new State Bank of India (SBI) MD?" (en ভাষাত). Zee Business. 11 September 2018. https://www.zeebiz.com/companies/news-who-is-anshula-kant-the-new-sbi-md-62854। আহৰণ কৰা হৈছে: 13 July 2019. 
  6. "Anshula Kant appointed new SBI MD; to serve till September 2020". www.businesstoday.in. https://www.businesstoday.in/sectors/banks/anshula-kant-appointed-new-sbi-md/story/282141.html। আহৰণ কৰা হৈছে: 13 July 2019. 
  7. "Anshula Kant appointed SBI Managing Director: Here’s her journey from Probationary Officer to MD" (en-US ভাষাত). The Financial Express. 7 September 2018. https://www.financialexpress.com/industry/banking-finance/anshula-kant-appointed-sbi-managing-director-heres-her-journey-from-probationary-officer-to-md/1305656/। আহৰণ কৰা হৈছে: 13 July 2019. 
  8. 8.0 8.1 "Who is Anshula Kant — Indian banker appointed as MD and CFO of World Bank" (en-US ভাষাত). The Financial Express. 12 July 2019. https://www.financialexpress.com/industry/banking-finance/who-is-anshula-kant-indian-banker-appointed-as-md-and-cfo-of-world-bank/1642426/। আহৰণ কৰা হৈছে: 13 July 2019. 
  9. "The most powerful people of India 2019 - Full list" (en ভাষাত). The India Today. 26 July 2019. https://www.indiatoday.in/india/story/the-most-powerful-people-of-india-2019-full-list-1574021-2019-07-26। আহৰণ কৰা হৈছে: 3 February 2021. 
  10. "BT MPW 2020: Business Today honours 'Most Powerful Women' who lead from the front" (en ভাষাত). The Business Today. 4 October 2020. https://www.businesstoday.in/current/corporate/businesstoday-honours-most-powerful-women-in-business-and-economy-who-lead-from-front/story/417721.html। আহৰণ কৰা হৈছে: 3 February 2021. 
  11. "Fond of malai pua, World Bank’s new CFO Anshula Kant has a strong Varanasi connection" (en ভাষাত). Hindustan Times. 15 July 2019. https://www.hindustantimes.com/lucknow/fond-of-malai-pua-world-bank-s-new-cfo-anshula-kant-has-a-strong-varanasi-connection/story-Ahwbbx1DIeKqs9cE0I9aaI.html। আহৰণ কৰা হৈছে: 15 July 2019.