১ ফেব্ৰুৱাৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯

১ ফেব্ৰুৱাৰী (ইংৰাজী: 1 February) গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ৩২তম দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ৩৩৩টা দিন (অধিবৰ্ষত ৩৩৪টা দিন) বাকী থাকে।

ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৭৮৬ - লৰ্ড কৰ্ণৱালিচ ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হয় আৰু ১৭৯৭ চনৰ আজিৰ দিনটোতে বেংগলৰ গৱৰ্ণৰ জেনেৰেল হয়।
  • ১৮২৭ - কলকাতা চহৰত বেংগল ক্লাব প্ৰতিষ্ঠিত হয়।
  • ১৮৩১ - বুশ ক্লাবৰ উদ্যোগত কলকাতা চহৰত প্ৰথম চাৰুকলা প্ৰদৰ্শনীৰ উদ্বোধন হয়।
  • ১৮৩৫ - ইষ্ট ইণ্ডিয়া কোম্পানীয়ে দাৰ্জিলিঙক চিকিমৰ ৰজাৰ পৰা Leaseত লয়।
  • ১৮৫৫ - কলকাতাৰ পৰা আগ্ৰা পৰ্যন্ত টেলিগ্ৰাফ যোগাযোগ ব্যৱস্থাৰ আনুষ্ঠানিক উদ্বোধন কৰা হয়।
  • ১৮৬২ - বংগীয় সভাৰ (বেংগল লেজিচলেটিভ কাউন্সিল) প্ৰথম সভা অনুষ্ঠিত হয়।
  • ১৮৮৪ - অক্সফোৰ্ড ইংলিছ ডিক্সনাৰীৰ ১ম খণ্ড (এ টু এণ্ট) প্ৰকাশিত হয়।
  • ১৮৮৪ - ডাক বীমা যোজনা আৰম্ভ কৰা হয়।
  • ১৮৯৭ - দক্ষিণ কোৰিয়াৰ প্ৰাচীনতম বেংক হিচাপে শিনহান বেংকে চিউলত কাৰ্যক্ৰম আৰম্ভ কৰে।
  • ১৯৩০ - The Times কাকতে প্ৰথম বাৰৰ বাবে Cross Word Puzzle প্ৰকাশ কৰে।
  • ১৯৪২ - Voice of Americaই আনুষ্ঠানিক ৰেডিঅ' আৰু দূৰদৰ্শন সেৱাৰ আৰম্ভ কৰিছিল।
  • ১৯৭৭ - ভাৰতৰ প্ৰথম ৰাষ্ট্ৰীয় ৰে'ল সংগ্ৰহালয় দিল্লীত স্থাপন কৰা হয়।

জন্ম[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

  • ১৮৫১ - মেৰী শ্বেলী, উনবিংশ শতিকাৰ ইংৰাজ সাহিত্যিক।
  • ১৯৭৬ - ৱাৰ্নাৰ হাইজেনবাৰ্গ, হৈছে ন'বেল বঁটা প্ৰাপ্ত জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী।
  • ১৯৮২ - ৰঘুনাথ মুৰ্মু, ভাৰতীয় ভাষাতত্ত্ববিদ, লেখক, নাট্যকাৰ আৰু চাঁওতালি ভাষাত ব্যবহৃত অল চিকি লিপিৰ উদ্ভাৱক।
  • ২০০৩ - কল্পনা চাওলা, আমেৰিকান মহাকাশচাৰী তথা মহাকাশলৈ যোৱা ভাৰতীয় মূলৰ প্ৰথম মহিলা।
  • ২০১০ - বীণা দাস মান্না, অসমীয়া অভিনেত্ৰী।
  • ২০১৪ - ছিলভাৰিন স্বেৰ, ভাৰতীয় সমাজকৰ্মী, শিক্ষাবিদ আৰু অসামৰিক সেৱা বিষয়া।

দিৱস[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]