বসন্ত কুমাৰ ভট্টাচাৰ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ড° বসন্ত কুমাৰ ভট্টাচাৰ্য
জন্ম ০১ ফেব্ৰুৱাৰী, ১৯৪২ (৮২ বছৰ)
নলবাৰী, অসম, ভাৰত
পেচা শিক্ষাবিদ, সাহিত্যিক, গল্পকাৰ, কবি, নাট্যকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব  ভাৰত
উল্লেখযোগ্য বঁটা অসম সাহিত্য সভাৰ ‘সাহিত্যাচাৰ্য’ উপাধি
নলবাৰী জিলা সাহিত্য সভাৰ ‘নলবাৰী ৰত্ন’ উপাধি
দাম্পত্যসংগী ভবানী ভট্টাচাৰ্য
সন্তান ড° ৰঞ্জনা ভট্টাচাৰ্য, ড° অঞ্জনা ভট্টাচাৰ্য, ড° সুশান্ত কুমাৰ কাশ্যপ, দিগন্ত কুমাৰ ভট্টাচাৰ্য
পিতৃ-মাতৃ আদ্যনাথ ভট্টাচাৰ্য (পিতৃ)
লক্ষ্মীপ্ৰিয়া দেৱী (মাতৃ)

ড° বসন্ত কুমাৰ ভট্টাচাৰ্য (ইংৰাজী: Dr Basanta Kumar Bhattacharyya; জন্ম ১ ফেব্ৰুৱাৰী, ১৯৪২) অসমৰ এগৰাকী সাহিত্যিক, শিক্ষাবিদ, গল্পকাৰ, কবি, প্ৰৱন্ধকাৰ, নাট্যকাৰ, সমালোচক।


শিক্ষা[সম্পাদনা কৰক]

১৯৪৭ চনত ভট্টাচাৰ্যই বালিজাৰ প্ৰাথমিক বিদ্যালয়ত প্ৰাথমিক শিক্ষা আৰম্ভ কৰে আৰু ১৯৫২ চনত বাউসীপাৰা প্ৰাথমিক বিদ্যালয়ৰ পৰা শেষ পৰীক্ষাত উত্তীৰ্ণ হ্য়। ১৯৫২-৫৫ চনলৈ বৰক্ষেত্ৰী বানেকুছি এম.ই স্কুলত মাধ্যমিক শিক্ষা আৰু পিছত তেওঁ ১৯৫৫ চনত গৰ্ডন হাইস্কুলত সপ্তম শ্ৰেণীত নামভৰ্তি কৰে। ১৯৫৯ চনত গৰ্ডন হাইস্কুলৰ পৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত অনুষ্ঠিত প্ৰবেশিকা পৰীক্ষাত সংস্কৃত বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উত্তীৰ্ণ হয়। ১৯৬১ চনত তেওঁ গুৱাহাটীকটন কলেজৰ পৰা দ্বিতীয় বিভাগত আই.এছ.ছি. পৰীক্ষাত উত্তীৰ্ণ হয়। তাৰ পিছত তেওঁ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত নামভৰ্তি কৰে কিন্তু শাৰীৰিক অসুস্থতাৰ বাবে তেওঁ ১৯৬২ চনত মেডিকেল কলেজ আধাতে এৰিব লগা হয়। ভট্টাচাৰ্যই ১৯৬৪ চনত নলবাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ১৯৬৬ চনত অসমীয়া(বি গ্ৰুপ) বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত সময়ত তেওঁ মাধৱ বেজবৰুৱা এক নং দুমহলীয়া ছাত্ৰাৱাসৰ আৱাসী আছিল৷

কৰ্মজীৱন[সম্পাদনা কৰক]

শিক্ষাৰ ক্ষেত্ৰত[সম্পাদনা কৰক]

বসন্ত কুমাৰ ভট্টাচাৰ্যই ১৯৬৭ চনৰ ১৬ আগষ্ট তাৰিখে সৰভোগৰ বৰনগৰ মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কৰ্মজীৱনৰ পাতনি মেলে। তাৰ পিছত ১৯৬৮ চনৰ ৮ ডিচেম্বৰ তাৰিখে নলবাৰী মহাবিদ্যালয়ত অসমীয়া বিভাগৰ প্ৰবক্তা স্বৰূপে যোগদান কৰে। ১৯৯৭ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাৰা লোক-সংস্কৃতি গৱেষণা তত্ত্বাবধায়ক ৰূপে স্বীকৃতি লাভ কৰে আৰু তেওঁৰ তত্ত্বাবধানত গৱেষণা কৰি পোন্ধৰজনে গৱেষকৰ ডক্তৰেট ডিগ্ৰী লাভ কৰে। ২০০২ চনৰ ৩১ জানুৱাৰী তাৰিখে ভট্টাচাৰ্যই নলবাৰী মহাবিদ্যালয়ৰ পৰা বিভাগীয় প্ৰধানৰূপে অৱসৰ লোৱাৰ পিছত তেওঁ ২০১১ চনলৈকে নলবাৰী মহাবিদ্যালয় আৰু প্ৰাগজ্যোতিষ মহাবিদ্যালয়্ত অসমীয়া বিষয়ৰ স্নাতকোত্তৰ শ্ৰেণীত অতিথি প্ৰবক্তা হিচাপে অধ্যাপনা কৰিবলৈ লয়। ভট্টাচাৰ্যই কেবাখনো জুনিয়ৰ মহাবিদ্যালয়ৰ প্ৰতিস্থাপক অধ্যক্ষৰূপে যোগদান কৰি অৱদান আগবঢ়ায়।

সাহিত্যিক কৰ্মৰাজি[সম্পাদনা কৰক]

গল্পগ্ৰন্থ[সম্পাদনা কৰক]

  • প্ৰতিবাদ (১৯৭৪)[1]
  • বোধন (১৯৭৫)
  • অৱৰোধ (১৯৭৯)
  • এটি নিশাৰ বাতৰিৰে (১৯৮১)
  • আকাশ আজিও নীলা (১৯৮৩)
  • দুষ্ট প্ৰজাপতি (১৯৮৬)
  • দু:স্বপ্নৰ সময় (১৯৮৭)
  • গ্ৰহণ (১৯৮৮)
  • ক্লান্ত অপৰাহ্ন (১৯৮৯)
  • অসংলগ্ন স্বৰ (১৯৯১)
  • মানুহ আছে মানুহ নাই (১৯৯৫)
  • এটা গল্পৰ আৰম্ভণি (১৯৯৭)
  • অন্ধকাৰত মই অকলে (২০০০)
  • স্বপ্ন-দু:স্বপ্নৰ ভগ্নাংশ (২০১০)
  • নিষিদ্ধ আলাপ (২০১২)
  • বসন্ত কুমাৰ ভট্টাচাৰ্যৰ গল্প সমগ্ৰ(প্ৰথম খণ্ড) (২০১৭)

কবিতা পুথি[সম্পাদনা কৰক]

  • তোমাৰ হৃদয়ৰ উমেৰে (২০০৫)
  • এখন বেগবতী নদীৰ দৰে তুমি (২০০৬)
  • নৈপৰীয়া গছ এজোপাৰ ছাঁত (২০০৬)
  • বুকুৰ বাগিছাত ফুলিল এপাহ খৰিকাজাঁই (২০০৮)
  • জোনাকে চুই যাই তোমাক (২০১১)
  • নিশব্দে এই সেউজীয়াত (২০১২)
  • অৰণ্য ফালি এজাক চৰাই (২০১৩)
  • নিজানত অকলে কেতিয়াবা (২০১৫)
  • দুহাত মেলি শূন্যতাত (২০১৭)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]