গৌহাটী চিকিৎসা মহাবিদ্যালয়
গৌহাটী চিকিৎসা মহাবিদ্যালয় Gauhati Medical College | |
---|---|
স্থাপিত | ১৯৬০ |
অধীক্ষক | ডাঃ অভিজিত শৰ্মা, এম.এছ. (ছাৰ্জাৰী) |
অধ্যক্ষ | অধ্যাপক (ডাঃ) অচ্যুত চন্দ্ৰ বৈশ্য, এম.ডি. (কমিউনিটি মেডিচিন) |
স্থান | ভাঙাগড়, পো: অ: ইন্দ্ৰপুৰ ৭৮১০৩২ গুৱাহাটী, অসম, ভাৰত |
চমু নাম | জি এম চি |
ভুক্তি | শ্ৰীমন্ত শংকৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় |
ৱেবছাইট | gmchassam |
গৌহাটী চিকিৎসা মহাবিদ্যালয় (Gauhati Medical College) গুৱাহাটীৰ নৰকাসুৰ পাহাৰত অৱস্থিত অসমৰ দ্বিতীয়খন চিকিৎসা মহাবিদ্যালয়। ১৯৬০ চনত অসম চৰকাৰে ইয়াক প্ৰতিষ্ঠা কৰে। জন্মলগ্নৰে পৰা ই সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত স্বাস্থ্য সেৱা আগবঢ়াই আহিছে। চিকিৎসা বিজ্ঞানৰ স্নাতক, স্নাতকোত্তৰ তথা বিশেষজ্ঞ পৰ্যায়ৰ শিক্ষা আগবঢ়োৱা এইখন মহাবিদ্যালয় সমগ্ৰ ভাৰততে বিখ্যাত।
পাঠ্যক্ৰম[সম্পাদনা কৰক]
মহাবিদ্যালয় খনে ৫বছৰ আৰু ছয়মহীয়া চিকিৎসা বিজ্ঞানৰ স্নাতক ডিগ্ৰী, তিনিবছৰীয়া স্নাতকোত্তৰ ডিগ্ৰী আৰু দুবছৰীয়া ডিপ্লোমাও আগবঢ়ায়। লগতে ডক্টৰ অফ মেডিচিন আৰু ডক্টৰ অফ চাৰ্জাৰী পাঠ্যক্ৰমো ইয়াত আছে। তদুপৰি মহাবিদ্যালয় খনৰ লগতে ইনষ্টিটিউট অফ ফাৰ্মাচি আৰু নাৰ্ছিং আছে। ইয়াত ফাৰ্মাচিৰ ডিপ্লোমা আৰু নাৰ্ছিংৰ স্নাতক পাঠ্যক্ৰম আছে। বিভিন্ন ধৰণৰ পেৰামেডিকেল পাঠ্যক্ৰমো ইয়াত উপলব্ধ।
এই সকলোবোৰ পাঠ্যক্ৰমত নামভৰ্তি বিভিন্ন সৰ্বভাৰতীয় আৰু ৰাজ্যিক পৰ্যায়ৰ প্ৰৱেশ পৰীক্ষাৰ দ্বাৰা কৰা হয়।
বিভিন্ন বিভাগ[সম্পাদনা কৰক]
গৌহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিভাগসমূহ হ'ল:
- অস্থিৰোগ বিভাগ
- নাক, কান আৰু ডিঙি বিভাগ
- এনাস্থেচিয়’ল’জি বিভাগ
- সামূহিক মেডিচিন বিভাগ
- চকু-চিকিৎসা বিভাগ
- চৰ্মৰোগ বিভাগ
- জৈৱ-ৰসায়ন বিভাগ
- যক্ষ্মাৰোগ বিভাগ
- দন্ত-চিকিৎসা বিভাগ
- পেৰামেডিকেল বিভাগ
- প্লাষ্টিক অস্ত্ৰোপচাৰ বিভাগ
- ভেষজ বিভাগ
- শৰীৰবিজ্ঞান বিভাগ
- ফৰেনচিক মেডিচিন বিভাগ
- অনুজীৱ বিজ্ঞান বিভাগ
- মানসিক ৰোগ বিভাগ
- মেডিচিন বিভাগ
- ৰঞ্জন ৰোগ-নিৰ্ণায়ক বিভাগ
- ৰোগতত্ত্ব বিভাগ
- শিশু-চিকিৎসা বিভাগ
- শৈল্য-চিকিৎসা বিভাগ
- শৰীৰতত্ত্ব বিভাগ
- স্ত্ৰীৰোগ আৰু প্ৰসূতি বিভাগ
- স্নায়ুৰোগ বিভাগ
- হৃদৰোগ বিভাগ