যোৰহাট চিকিৎসা মহাবিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
যোৰহাট চিকিৎসা মহাবিদ্যালয়
মূলমন্ত্ৰ (motto) सर्वे सन्तु निरामयाः Sarve santu niramaya
স্থাপিত ১২ অক্টোবৰ, ২০০৯[1]
ধৰণ ৰাজহুৱা/চৰকাৰী
অধ্যক্ষ ডাঃ দেৱজিত হাজৰিকা
স্নাতক শিক্ষাৰ্থী ১০০
স্থান যোৰহাট, অসম, ভাৰত
চৌহদ চহৰাঞ্চল
চমু নাম জে এম চি (JMC)
ভুক্তি শ্ৰীমন্ত শঙ্কৰদেৱ স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়[2]
ৱেবছাইট www.jmch.org.in

যোৰহাট চিকিৎসা মহাবিদ্যালয় (ইংৰাজী: Jorhat Medical College) হৈছে অসমৰ চতুৰ্থখন চিকিৎসা মহাবিদ্যালয়। অসমৰ মাননীয় মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে এই মহাবিদ্যালয়খন উদ্বোধন কৰে[1]

ইতিহাস[সম্পাদনা কৰক]

অসমত চতুৰ্থখন চিকিৎসা মহাবিদ্যালয় হিচাপে তেতিয়াৰ প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিঙে ২০০৮ চনৰ ২৫ আগষ্টত আধাৰশিলা স্থাপন কৰিছিল। ইয়াৰ পিছত ২০০৯ চনৰ ১২ অক্টোবৰ তাৰিখে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয়খন উদ্বোধন কৰে[1]

অৱস্থান আৰু পৰিবহন[সম্পাদনা কৰক]

যোৰহাট চিকিৎসা মহাবিদ্যালয় অসমযোৰহাট জিলাৰ সদৰ যোৰহাট মহানগৰৰ প্ৰায় তিনি কি.মি. দূৰত অৱস্থিত। অসমৰ ৰাজধানী গুৱাহাটীৰ পৰা যোৰহাটলৈ দিনৰ আৰু ৰাতিৰ বাছ পোৱা যায়, পথ প্ৰায় ৬ ঘন্টাৰ। যোৰহাটৰ ৰৰৈয়া বিমানকোঠলৈ গুৱাহাটী আৰু কলকাতাৰপৰা বায়ু সংযোগ আছে। ৰেলপথেৰে গুৱাহাটীৰ পৰা ওচৰৰ মৰিয়নিলৈকে প্ৰত্যক্ষ ৰেল সংযোগ পোৱা যায়। যোৰহাটৰপৰা ইয়ালৈ মহাবিদ্যালয়ৰ বাছ আৰু ব্যক্তিগত অট'ৰিক্সা পোৱা যায়।

পুথিভঁৰাল[সম্পাদনা কৰক]

কেন্দ্ৰীয় পুথিভঁৰাল[সম্পাদনা কৰক]

মহাবিদ্যালয়ৰ কেন্দ্ৰীয় পুথিভঁৰালত প্ৰায় ৪২০০ কিতাপ আছে। ইয়াৰ উপৰিও কেন্দ্ৰীয় পুথিভঁৰালৰ ৫০ টা কম্পিউটাৰইণ্টাৰনেট সংযোজিত কৰা আছে। ইয়াত ৩৯ খন ৰাষ্ট্ৰীয় আলোচনী আৰু ৪৫ খন আন্তঃৰাষ্ট্ৰীয় আলোচনী উপলব্ধ আছে। ইয়াৰ উপৰিও ইয়াত ৰাষ্ট্ৰীয় আৰু স্থানীয় বাতৰি কাকত উপলব্ধ আছে। ইয়াত প্ৰায় ১০০ জন লোকে একেলগে বহি পঢ়াৰ সুবিধা আছে[3]

বিভাগীয় পুথিভঁৰাল[সম্পাদনা কৰক]

শিক্ষকসকলৰ প্ৰচেষ্টাত মহাবিদ্যালয়খনত ২২ টা বিভাগীয় পুথিভঁৰাল প্ৰতিষ্ঠা কৰা হৈছে। ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক সকলে এই পুথিভঁৰালৰ সুবিধা লাভ কৰে[3]

বুক বেংক[সম্পাদনা কৰক]

ছাত্ৰ-ছাত্ৰী সকলৰ সুবিধাৰ্থে মহাবিদ্যালয়খনত বুক বেংক প্ৰতিষ্ঠা কৰা হয়। অনুসূচীত জাতি, অনুসূচীত জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসমূহক বুক বেংকৰ কিতাপ সমূহ এবছৰৰ বাবে ধাৰলৈ দিয়া হয়। ইয়াৰ উপৰিও দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰ-ছাত্ৰীসকলে এই কিতাপসমূহ ধাৰলৈ লাভ কৰে[3]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংযোগ[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]