যোৰহাট জিলাৰ ইতিহাস

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

আহোম ৰজাসকলৰ শাসন কালত যোৰহাট জিলাখন পোহৰলৈ আহিছিল। আহোম ৰজা গদাধৰ সিংহই বৈষ্ণৱ মহন্ত সকলক নিৰ্যাতন কৰি এতিয়াৰ যোৰহাটৰ ভিতৰতে ৰাখিছিল।[1] যোৰহাট নামটো গৌৰীনাথ সিংহৰ দিনতহে প্ৰখ্যাত হয়। পুৰণি কালত ৰাজনৈতিকভাৱে গুৰুত্বপূৰ্ণ নহ’লেও বাণিজ্যিক নহ’লেও এই ঠাইৰ এটা বিশেষত্ব আছিল। সেই ঠাইত এই ঠাই বেহা-বেপাৰৰ কেন্দ্ৰ বুলি পৰিচিত আছিল।[1] ইয়াত চকীৰ হাট আৰু মাছৰ হাট নামৰ দুখন হাট ওচৰা-ওচৰিকৈ আছিল। যোৰ পাতি থকা বা সমান্তৰালকৈ থকা এই দুখন হাটৰ পৰাই যোৰহাট নাম জ্বলি উঠিল।

পৌৰাণিক[সম্পাদনা কৰক]

অতি পুৰণি কালত যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ কোনো লিখিত বিৱৰণ পাবলৈ নাই। গুণাভিৰাম বৰুৱাই প্ৰবাদৰ ওপৰত নিৰ্ভৰ কৰি লিখিছে যে মহাভাৰতৰ যুগত প্ৰসিদ্ধ বীৰ জৰাসন্ধই ক্ষুদ্ৰ দেশ জয় কৰি এতিয়াৰ যোৰহাটতে সেই ৰজাসকলক বন্দী কৰি ৰাখিছিল।[1] কিন্তু এই কথা সঁচা বুলিও কোৱা কঠিন। কিয়নো, প্ৰাচীন যুগত প্ৰাগজ্যোতিষ এখন স্বাধীন ৰাজ্য আছিল।[2] এতিয়াৰ যোৰহাটত প্ৰাচীন কালৰ কোনো চিহ্নই পোৱা নাযায়।

মধ্যযুগ[সম্পাদনা কৰক]

আহোম ৰজাসকলৰ শাসন কালত এই ঠাইখন পোহৰলৈ আহিছিল। গদাধৰ সিংহই বৈষ্ণৱ মহন্তসকলক নিৰ্যাতন কৰি এতিয়াৰ যোৰহাটৰ ভিতৰত ৰাখিছিল। তেতিয়া যোৰহাট নাম নাছিল। মহন্তসকলক নিৰ্যাতন দিয়াৰ সময়ত ‘চেউনি বচা’ বা ‘টোকোলাইবচা’ বুলিহে জনা গৈছিল।[1] টোকোলাইবচা প্ৰায় হাবি-জংগল, খাল-ডোং আদিৰে পৰিপূৰ্ণ আছিল। ৰাজনৈতিক দোষীবিলাককো টোকোলাইৰ গভীৰ অৰণ্যত মেলি দিয়া হৈছিল। গদাধৰ সিংহই উত্তৰ কুলৰ বহুতো বেবেজীয়া মানুহ আনি টোকোলাইতে পাতিছিল।[3] মণিৰাম দেৱানে টোকোলাই জৰা-ব্যাধিৰ ঠাই বুলি তেওঁৰ অপ্ৰকাশিত বুৰঞ্জীত লিখি থৈ গৈছিল। কোনো কোনো বৈষ্ণৱ গুৰুৰ চৰিত পুথিতো গদাধৰ সিংহৰ নিৰ্যাতন প্ৰসংগত টোকোলাইৰ নাম পোৱা যায়। ৰুদ্ৰ সিংহৰ দিনৰ পৰাহে টোকোলাইবচা আৰু চেউনি বচা সত্ৰ সভা আৰু ব্ৰাহ্মণ-মহন্তৰ সমাগম বাঢ়িবলৈ ধৰিছিল।[1]

প্ৰাক-ঔপনিবেশিক[সম্পাদনা কৰক]

আহোমৰ ৰাজধানী আৰু ন-নগৰ স্থাপন[সম্পাদনা কৰক]

মোৱামৰীয়াৰ উপদ্ৰৱত আহোমৰ ৰাজধানী ৰংপুৰ নগৰ চাৰখাৰ হ’ল। তাত সঘনে মোৱামৰীয়া সকলে অশান্তি কৰি থকাত বুঢ়াগোহাঁই ডাঙৰীয়াই ১৭১৬ শকৰ শাওণ মাহত (১৭৯৪ চনৰ জুলাই-আগষ্ট মাহত) যোৰহাটলৈ ৰাজধানী তুলি আনিলে। দিচৈ কোঠত নকৈ বাহৰ সাজি ৰজাদেৱক থাকিবলৈ দিয়া হৈছিল। বুঢ়াগোহাঁয়ে অন্যান্য পাত্ৰ-মন্ত্ৰীৰে আলচ কৰি যোৰহাটত এখন নতুন নগৰ সাজি উলিয়াবলৈ ঠিক কৰিলে।[4] তেওঁ যোৰহাটৰ বচা পথাৰত মানুহ লগাই বৰঘৰ, হোলোং ঘৰ আৰু অন্যান্য ঘৰ সাজি উলিয়াইছিল। এই নগৰখনক ‘ন-নগৰ’ নামেৰে নামাকৰণ কৰা হৈছিল।[4][5] এই নতুন নগৰৰ চাৰিওফালে গড় দি মেৰাই থোৱা হৈছিল। এই নগৰত নকৈ সাজি উলিওৱা ঘৰ-বাৰীক ‘ন-বাহৰ’ বা নতুন যোৰহাট বুলি কোৱা হৈছিল।[6] কমলেশ্বৰ সিংহৰ দিনত যোৰহাটৰ ভিতৰে বাহিৰে ন-আলি, কমাৰবন্ধা আলি, ম’হবন্ধা আলি, চুচন্দে বন্ধা আলি আদি বন্ধোৱা হৈছিল। গৌৰীনাথ সিংহৰ পৰ্বতীয়া কুঁৱৰীয়ে চেউনী আলিৰ কাষত কুঁৱৰী পুখুৰী নাম দি পুখুৰী এটা খন্দাইছিল। এই জনা ৰজাৰ দিনত, আলি পদূলি আৰু পুখুৰী আদিৰে যোৰহাটৰ ন-নগৰখন শুৱনি কৰি তোলে।[4]

মানৰ যোৰহাট আক্ৰমণ[সম্পাদনা কৰক]

প্ৰথম আক্ৰমণ

বদন চন্দ্ৰ গুৱাহাটীলৈ বৰফুকন হৈ গৈছিল। তাত তেওঁ কামৰূপীয়া প্ৰজাৰ ওপৰত নানা অত্যাচাৰ চলাইছিল। সেয়ে, বদন চন্দ্ৰক ধৰিবলৈ মহেশ্বৰ পৰ্বতীয়া ফুকনক গুৱাহাটীলৈ পঠোৱা হ’ল। জীয়েকৰ পৰা এই খবৰ পাই বদন চন্দ্ৰ ইংৰাজ ৰাজ্যলৈ পলাই গ’ল। কলিকতাত তেওঁ গৱৰ্ণৰ জেনেৰেলক দেখা কৰি পূৰ্ণানন্দৰ বিৰুদ্ধে ৰণ কৰিবলৈ সাহায্য বিচাৰিলে। তাত বিফল হৈ ব্ৰহ্মদেশৰ এজেণ্টৰ সহায়ত সেই দেশ পাইগৈ। ব্ৰহ্মদেশৰ ৰজাক বুঢ়াগোহাঁয়ে নিজে ৰজা হোৱা বুলি কৈ যুঁজ কৰিবলৈ সহায় বিচাৰিলে। ব্ৰহ্মদেশৰ ৰজাই বদনচন্দ্ৰৰ লগত আঠ হাজাৰ সেনা পঠিয়াই দিয়ে। ১৮১৬ চনত মান সেনা লৈ বদন চন্দ্ৰ অসমত প্ৰৱেশ কৰে। বুঢ়াগোহাঁয়ে এই বাতৰি পাই এফৌজ সেনা যুদ্ধলৈ পঠিয়াই দিয়ে। ঘিলাধাৰীত মান আৰু অসমীয়া সেনাৰ যুদ্ধ হয়। যুদ্ধত জয়ী হৈ মান সেনা যোৰহাটৰ দিশে আগবাঢ়ি যায়। এই সময়তে হঠাৎ পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ মৃত্যু হয়। কোনো কোনোৰ মতে তেওঁ আত্মহত্যা কৰিছিল।[7] বদন চন্দ্ৰই মানসেনা লগত লৈ হেলাৰঙে যোৰহাটত প্ৰৱেশ কৰে। ৰজাদেৱে বৰফুকনক ‘মন্ত্ৰী ফুকন’ বুলি নতুন বাব এটা দিলে। কিছুদিনৰ পাছত নিজৰ স্থিতি নিৰাপদ যেন অনুভৱ কৰি বৰফুকনে মান সকলক বঁটা পুৰস্কাৰ দি ১৮১৭ চনত ঘূৰাই পঠালে।[7]

দ্বিতীয় আক্ৰমণ

চন্দ্ৰকান্ত সিংহক ৰজা ভাঙি পুৰন্দৰ সিংহক ৰজা পতাৰ বাতৰি বৰফুকনৰ পক্ষৰ মানুহে গৈ ব্ৰহ্মৰাজ সভাত জনালেগৈ। ব্ৰহ্ম ৰজাই বদন চন্দ্ৰ হত্যাকাণ্ড আৰু চন্দ্ৰকান্ত সিংহক তৰাতলিলৈ খেদোৱাৰ প্ৰতিশোধ ল’বলৈ দ্বিতীয়বাৰৰ কাৰণে আলোমিঙ্গি বৰগোহাঁইক সেনাপাতি পাতি অসমলৈ পঠিয়াই। আহোম সৈন্য আৰু মানসেনাৰ মাজত নাজিৰাৰ ওচৰত যুদ্ধ হ’ল। মানৰ হাতত আহোম সৈন্য ছেদেলি-ভেদেলি হয়। আলোমিঙ্গি আহি যোৰহাট অধিকাৰ কৰে। মানে তৰাতলিৰ পৰা চন্দ্ৰকান্ত সিংহক আনি পুনৰ ৰাজ আসনত বহুৱালে।[7]

পূৰ্ণানন্দ বুঢ়াগোহাঁইৰ দিনত যোৰহাট[সম্পাদনা কৰক]

মন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁইয়ে যোৰহাটত কোঠদিয়া দিন ধৰি যোৰহাট নগৰ আৰু উপকণ্ঠ অঞ্চলৰ উন্নয়নৰ প্ৰতি চকু দিছিল।[8] তেওঁৰ ইচ্ছাতেই যোৰহাট নগৰত পণ্ডিত আৰু ব্ৰাহ্মণ লোকক দূৰ-দূৰণিৰ পৰা আনি পতা হৈছিল। পুৰণি আৰু যোৰহাট দুয়ো ঠাইতে শিক্ষাৰ কাৰণে সংস্কৃত টোল আৰম্ভ কৰা হৈছিল। পণ্ডিতৰো সভা বহুওৱা হৈছিল। এওঁৰ উৎসাহতে তৰাজানত বৰগোহাঁই দেৱে বুঢ়াগোহাঁই পুখুৰী, চোলাধৰা ফুকনে চোলাধৰা পুখুৰী, কেন্দুগুৰীত গৌৰীনাথ সিংহৰ কুঁৱৰীয়ে কুঁৱৰী পুখুৰী, যোৰহাটৰ ন-বাহৰত চন্দ্ৰকান্ত সিংহৰ মাতৃয়ে বিষ্ণু সাগৰ পুখুৰী খনাইছিল। বুঢ়াগোহাঁয়ে নিজেও লাক্‌চি মুংমুত বা ১৭৩৪-৩৫ শকত হাতীগড়ত পুখুৰী খনাই দেৱালয় প্ৰতিষ্ঠা কৰিছিল।[8]

মানৰ দিনৰ অৱসান[সম্পাদনা কৰক]

মানে ইংৰাজৰ ৰাজ্য আক্ৰমণ কৰি নিজৰ বিপদ নিজেই মাতি লৈছিল। গৱৰ্ণৰ জেনেৰেল ল’ৰ্ড আৰ্মহাষ্টে ১৮২৪ চনত মানৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল। ডেভিড্‌ স্কট চাহাবে জয়ন্তাৰ ফালৰ পৰা আৰু মেক্‌মেৰিণ চাহাবে গোৱালপাৰাৰ ফালৰ পৰা মানক বেৰি ধৰিছিলগৈ। ৰিচাৰ্ডৰ লগত যুদ্ধ কৰি মান সৈন্য হাৰে। মান সৈন্য কলিয়াবৰৰ পৰা পলাই আহি যোৰহাট পায়হি। ইংৰাজ সেনা ১৮২৪ চনৰ ১৭ জানুৱাৰীত যোৰহাটৰ ম’হগড়ত নাহি যোৰহাটত প্ৰৱেশ কৰিছিল।[9] ইংৰাজ আহি পোৱাৰ আগে আগে মানহঁতে যোৰহাটৰৰ কোঠ আৰু ঘৰবাৰীত অগ্নি সংযোগ কৰি গৌৰীসাগৰৰ ফালে আগবাঢ়ি গৈছিল। মানৰ উপদ্ৰৱত যোৰহাট নগৰ আৰু উপকণ্ঠৰ মানুহ যেনি-তেনি আঁতৰি গৈছিল। বহু লোকে মান যোৱাৰ পাছতো নিজৰ মাটি-বাৰী হেৰুৱাব লগা হৈছিল। সেই ঠাইসমূহত আন ঠাইৰ পৰা অহা মানুহ বহিছিলহি।[10] ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত মানহঁতে সম্পূৰ্ণ হাৰি ইংৰাজৰ লগত সন্ধি কৰিবলৈ বাধ্য হৈছিল। সন্ধিৰ পাছত গোটেই অসমখনেই ইংৰাজৰ হাতলৈ গুচি গৈছিল।[9]

ঔপনিবেশিক[সম্পাদনা কৰক]

ইয়াণ্ডাবু সন্ধিৰ ফলত গোটেই অসম ইংৰাজে দখল কৰিছিল। লগে লগে প্ৰায় ছশ বছৰীয়া আহোম ৰাজত্বৰ ৰঙাবেলি ডুব গৈছিল।[9] আন আন ঠাইৰ দৰে যোৰহাটখনো ইংৰাজৰ অধীনলৈ যায়।

ইংৰাজ শাসনৰ অধীনত যোৰহাট[সম্পাদনা কৰক]

ইংৰাজে যোৰহাট অধিকাৰ কৰাৰ সময়ত, যোৰহাটৰ অৱস্থা বৰ শোচনীয় আছিল। নগৰত মানুহৰ সংখ্যা কমি গৈছিল। আলি-পদূলি ছিগি গৈছিল। মানৰ উপদ্ৰৱত সৰুচৰাই, হোলোঙাপাৰা আদি হাবিত থাকি কচু-ঢেকীয়া খাই বহুতো লোকে আত্মৰক্ষা কৰি আছিল। বহু মানুহক মান আৰু চিংফৌবিলাকে বন্দী কৰি লগত লৈ গৈছিল। কেপ্টেইন নিউভিল চাহাবে তেওঁলোকৰ পৰা প্ৰায় ৩০ হাজাৰ বন্দী মুকলি কৰি আনিছিল। নিউভিল চাহাবেই যোৰহাটলৈ সদৰ আনি অফিচ পাতিছিল।[11]

সাতৱন ছালৰ বিদ্ৰোহ[সম্পাদনা কৰক]

ভাৰতৰ ইতিহাস প্ৰসিদ্ধ ১৮৫৭ চনৰ স্বাধীনতা সংগ্ৰামত যোৰহাট বা ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলৰ সাধাৰাণ ৰাইজ লিপ্ত হোৱা নাছিল। অসমত এই বিদ্ৰোহৰ জোকাৰ সৰু-সুৰা ভূমিকম্পৰ দৰেই অনুভূত হৈছিল। ১৮৩৮ চনত কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ হাতৰ পৰা ইংৰাজে দেশ কাঢ়ি লোৱাত সামন্তসকলৰ মাজত ইংৰাজ বিদ্বেষ দেখা দিছিল।[12] ৰাজ পৰিয়ালৰ লগত জড়িত কাকতি, কটকী, বাইলুং, সভাপণ্ডিত আদি বিষয়া কৰ্মহীন হোৱাত তেওঁলোকো ইংৰাজৰ প্ৰতি খড়্গহস্ত হৈ পৰিছিল। ১৮৫৩ চনত কলিকতাৰ পৰা অহা মফ্‌ট মিল্‌চ চাহাবক আৰ্জ্জি দুখন দি মণিৰামে অসমত পুনৰ আওম ৰাজত্ব প্ৰতিষ্ঠাৰ কাৰণে ওকালতি কৰিছিল। [13]১৮৪৭ চনত কলিকতালৈ গৈয়ো দুৱলীয়া লাটৰ ওচৰত কন্দৰ্পেশ্বৰক ৰাজ্য দিবলৈ আহ্বান জনাইছিল। কিন্তু, দুয়োবাৰে তেওঁৰ প্ৰচেষ্টা বিফলে যায়। তেওঁ কন্দৰ্পেশ্বৰ সিংহ আৰু ৰামেশ্বৰ গাভৰু মেলীয়াৰ পুতেক মহেশ চন্দ্ৰ (পিয়ালী বৰুৱা) লগত গোপনে যোগাযোগ কৰিছিল। সকলোৱে লগলাগি ইংৰাজক অসমৰ পৰা খেদাৰ পৰিকল্পনা হাতত লৈছিল।[12] দুৰ্ভাগ্যবশঃত অসমত বিদ্ৰোহ বিস্ফোৰণ হোৱাৰ আগতেই তাক ইংৰাজে নিয়ন্ত্ৰণ কৰিছিল। ইংৰাজে মণিৰামক কলিকতাত গ্ৰেপ্তাৰ কৰি যোৰহাটলৈ আনিছিল। পিয়ালীকো চোলাধৰাত পিতৃগৃহৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। বিচাৰত ১৮৫৮ চনৰ ১৩ ফেব্ৰুৱাৰীৰ দিনা ফাঁচীৰ হুকুম দিয়া হৈছিল। অৱশেষত, সেই বছৰৰে ২৬ ফেব্ৰুৱাৰীৰ দিনা শুকুৰবাৰে দিনৰ ১০ বজাৰ সময়ত দুয়োকে বৰ্তমানৰ যোৰহাটৰ থানা ৰোডত ফাঁচি দিছিল।[12]

যোৰহাট মহকুমা গঠন[সম্পাদনা কৰক]

১৮৫৭ চনৰ বিদ্ৰোহৰ পাছত যোৰহাটৰ শাসনৰ প্ৰতি চকু দিবলৈ চৰকাৰে যোৰহাটক এটা সুকীয়া মহকুমা ঘোষণা কৰাৰ কথা চিন্তা কৰে।[14] ১৮৬৫ চনত কেপ্টেইন হাৰবাৰ্ট ক্ৰোনচ্‌ চাহাব শিৱসাগৰ জিলাৰ অধিপতি হৈছিল। এওঁ বদলি হৈ গলত ক্লাৰ্ক চাহাব জিলাধিপতি হ’ল। এওঁৰ দিনতে ১৮৬৯ চনৰ ১৫ ডিচেম্বৰত যোৰহাটত মহকুমা চৰকাৰী ভাৱে ঘোষণা কৰা হ’ল।[14][15]

গণ আন্দোলন[সম্পাদনা কৰক]

১৯২০ চনৰ পৰা অসমত মহাত্মা গান্ধীৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছিল। ১৯২৯ চনৰ ২১ অক্টোবৰত কংগ্ৰেছৰ অসহযোগ কাৰ্যসন্থাৰ বিষয়ে আলোচনা কৰিবলৈ ‘আসাম এছোচিয়েচন’ৰ এখন বিশেষ সভা আহ্বান কৰা হৈছিল। ফাইজনুৰ আলিয়ে এই সভাৰ সভাপতিত্ব কৰিছিল। সেই সভাত ঘাইকৈ ৰাগীয়াল বস্তু বৰ্জ্জন, খদ্দৰ প্ৰচলন, আগন্তুক নিৰ্বাচন বৰ্জ্জন আদি আৰম্ভ হৈছিল।[16] অতি কম সময়ৰ ভিতৰতে যোৰহাটৰ গাঁও আৰু উপকণ্ঠ অঞ্চলতো অসহযোগ আন্দোলনৰ শিখা বনজুইৰ দৰে বিয়পিয়লৈ ধৰিছিল। জিলা প্ৰশাসনে এই আন্দোলন কঠোৰ হাতেৰে দমন কৰিছিল। উপায়ুক্ত ফ্ৰিল চাহাবে নিজে চৰকাৰী হাইস্কুলত সোমাই ধৰ্মঘট কৰা ল’ৰাবিলাকক স্বহস্তে বেতাইছিল।[16] এই ঘটনাই গোটেই বগৰতে আলোড়নৰ সৃষ্টি কৰিছিল। সকলো ল’ৰা স্কুলৰ পৰা ওলাই গৈছিল। ঠায়ে ঠায়ে প্ৰতিবাদী সভা অনুস্থিত হৈছিল।[17] যোৰহাটত কংগ্ৰেছীসকলে কাউন্সিলৰ কাৰণে নিৰ্বাচন বৰ্জন কৰিছিল। সমগ্ৰ যোৰহাটতে ১০-১২ টা কংগ্ৰেছ কমিটী স্থাপন কৰা হৈছিল। ১৯২১ চনৰ আগষ্ট মাহৰ কুৰি তাৰিখে মহাত্মা গান্ধী মৰিয়নি হৈ ৰেলেৰে যোৰহাটলৈ আহিছিল।[16] সেই সময়ত গান্ধীজীৰ দৰ্শন পাবলৈ নিতৌ হাজাৰ-বিজাৰ সমাগমৰ হৈছিল। যোৰহাটত গান্ধীজীয়ে এখন ৰাজহুৱা সভাত ভাগ লৈছিল। তেতিয়াৰ দিনত যান-বাহনৰ সুবিধা নথকাতো প্ৰায় কুৰি হাজাৰতকৈও অধিক মানুহৰ সমাগম ঘটিছিল। ১৯৩৪ চনত হৰিজনৰ কামত গান্ধীজী পুনৰ যোৰহাটলৈ আহিছিল।[16]

ভাৰত ত্যাগ আন্দোলন[সম্পাদনা কৰক]

ভাৰত ত্যাগ আন্দোলনৰ সময়ত অসমৰ অৱস্থা শোচনীয় হৈ পৰিছিল। ইয়াৰ ঘাই কাৰণ হ’ল পূবখণ্ডত জাপানৰ প্ৰৱল আক্ৰমণ সহিব নোৱাৰি মিত্ৰপক্ষ হুহকি আহিবলগীয়া হৈছিল। ব্ৰহ্মদেশৰ পৰা অহা ভগনীয়া লোকেৰে যোৰহাট নগৰ ভৰি পৰিছিল। ভগনীয়াসকলৰ লগত যুদ্ধত আঘাতপ্ৰাপ্ত আৰু ৰোগাক্ৰান্ত সেনা কিছুমানো যোৰহাটত আহি প্ৰৱেশ কৰিছিল।[18] ব্ৰিটিছ চৰকাৰে প্ৰাদেশিক যুদ্ধ সমিতি গঠন কৰি ব্ৰিটিছৰ যুদ্ধ প্ৰচেষ্টাৰ প্ৰচাৰ চলাবলৈ ধৰিছিল। নগৰ আৰু গাঁও অঞ্চলত ‘নগৰৰক্ষী দল’ আৰু ‘গাঁও ৰক্ষী দল’ সুকীয়া সুকীয়াকৈ গঠন কৰি শান্তি অক্ষুণ্ণ ৰাখিবলৈ যত্ন কৰিছিল। এনে সময়তে দেশৰ আন প্ৰান্তৰ লগতে যোৰহাটতো বিয়াল্লিছৰ আন্দোলনৰ শিখা বিস্ফোৰণ হৈ নগৰ, গাঁও চাটি ধৰিছিল। হৰিনাৰায়ণ বৰুৱাৰ নেতৃত্বত তথা কংগ্ৰেছৰ উদ্যোগত জনগণৰ মাজত আন্দোলন জনপ্ৰিয় কৰা প্ৰচেষ্টা অব্যাহত ৰখা হৈছিল। ব্ৰিটিছ চৰকাৰে বিশেষকৈ উপায়ুক্ত মিষ্টাৰ হাম্‌ফ্ৰে চাহাবে শান্তিসেনা বাহিনীক (কংগ্ৰেছে পতা) অশান্তিৰ উৎস বুলিহে ধৰি লৈছিল।[18]

১৯৪২ চনৰ ৮ আগষ্টৰ দিনা যোৰহাটত দেৱেশ্বৰ শৰ্মা গ্ৰেপ্তাৰ কৰে। তেওঁক আন ঠাইৰ নেতাৰ লগতে যোৰহাট জেলত ৰখা হৈছিল। গড়মূৰীয়া পীতাম্বৰ গোস্বামীয়ে ঠায়ে ঠায়ে উত্তেজনামূলক বক্তৃতা দি ফুৰিছিল। সেয়ে ১৯৪২ চনৰ ৩ অক্টোবৰ তাৰিখে গোসাঁইক অন্তৰীণ আদেশ দি মাজুলীৰ সত্ৰ নেৰিবলৈ আদেশ দিয়া হৈছিল। অন্তৰীণৰ আদেশ উলঙ্ঘা কৰাৰ অপৰাধত ১৯৪৩ চনৰ আৰম্ভণিতে পীতাম্বৰ গোস্বামীক গ্ৰপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰা হৈছিল।[18] যোৰহাটত কংগ্ৰেছ সেৱক সকলে ‘যুদ্ধকালী মন্ত্ৰী পৰিষদ’ গঠন কৰি আন্দোলন চলাই নিছিল। কমল ডেকা আৰু কিছুমান ডেকাই গোপনীয়ভাৱে প্ৰশিক্ষণ লৈ ধ্বংসাত্মক কামত লিপ্ত হৈ পৰিছিল। যোৰহাট মহকুমাত ৰেলৰ চিৰি তোলা, দলং ভঙা আদি কামত কোনো কোনো স্বেচ্ছাসেৱক জড়িত হৈ আছিল। তিতাবৰৰ কাছজানত ৰেল বাগৰি পৰিছিল। যোগেন শইকীয়া আৰু অজিত শৰ্মাই পটীয়া গাঁৱৰ ওচৰত থকা সেনা বাহিনীৰ খেৰত জুই লগাই দিছিল। নগৰত আন্দোলন, শোভাযাত্ৰা, হৰতাল আদিও চলি আছিল। কাছাৰী ঘৰত পতাকা তোলাৰ চেষ্টাও চলোৱা হৈছিল।[18] এনেবোৰ ঘটনাত উত্তেজিত আৰু অগ্নিমূৰ্ত্তি ধৰি পুলিচ চাহাব দীনেশ দত্তই স্বেচ্ছাসেৱকক স্বহস্তে প্ৰহাৰ কৰিছিল। যোৰহাট নগৰত আন্দোলন কৰা সকলৰ ভিতৰত প্ৰধান আছিল – সৰ্বেশ্বৰ বৰদলৈ, তিলেশ্বৰ বৰদলৈ, পদ্মেশ্বৰ গোস্বামী, গোলাপ দত্ত, যোগেন শইকীয়া, হৰি নাৰায়ন বৰুৱা, শশীধৰ মলীয়া বৰুৱা আদি।[19][20][21]

যুদ্ধকালীন যোৰহাট[সম্পাদনা কৰক]

প্ৰথম বিশ্বযুদ্ধ

১৯১৫ চন মানৰ পৰা যোৰহাটৰ খেলপথাৰ সমূহত ইংৰাজ আৰু ভাৰতীয় সেনাক যুদ্ধ শিক্ষা দিয়া আৰম্ভ কৰিছিল।[22] ইউৰোপৰ মহাযুদ্ধত ভাৰতক জড়িত কৰাত আন আন ঠাইৰ লগতে যোৰহাটতো এটা সাধাৰণ অসন্তোষ্টিৰ ভাৱ প্ৰকাশ পাইছিল। এই যুদ্ধৰ কাৰণে বয়-বস্তু কঢ়িওৱা বা অস্থায়ী গোলাঘৰ সজা আদি কামলৈ গাঁৱলীয়া মানুহক ধৰি নিছিল।এই ঘটনাৰ বাবে মানুহৰ মাজত প্ৰশাসন বিৰোধী মনোভাৱ জাগি উঠিছিল। যুদ্ধৰ কাৰণে অৰ্থ সংগ্ৰহ কৰা কামত বহুত মানুহৰে সমৰ্থন পোৱা নাছিল।[22] জিলাধিপতিৰ নিৰ্দেশত যোৰহাটত এটা যুদ্ধ সমিতি গঠন কৰি, যুদ্ধৰ কামত সহায় কৰিবলৈ বিশিষ্ট নাগৰিক সকলক আহ্বান জনোৱা হৈছিল। শিৱসাগৰৰ ফণীধৰ চলিহাক এই সমিতিৰ এগৰাকী সদস্য আছিল।[23] ১৯২০ চনৰ পাছত প্ৰথম বিশ্বযুদ্ধৰ সামৰণি পৰিলত যোৰহাট নগৰত শান্তি আৰু প্ৰগতিৰ পৰিৱেশ আছিল।[22]

দ্বিতীয় বিশ্বযুদ্ধ

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত যোৰহাট আৰু ইয়াৰ দাঁতিকাষৰীয়া উপকণ্ঠ অঞ্চল যুদ্ধৰ আখৰাৰ কেন্দ্ৰস্থল হৈ পৰিছিল।[24] এই ঠাইত পদাতিক আৰু বায়ুসেনাই কুচ-কাৱাজ কৰিবলৈ প্ৰয়োজনীয় ঘৰ-বাৰী নিৰ্মাণ কৰি লৈছিল। যুদ্ধৰ অগ্ৰগতিৰ লগে লগে যোৰহাটত সেনা বাহিনীৰ কেইবাটাও শিবিৰ আৰম্ভ কৰা হৈছিল। নগৰখনলৈ বহু নিগ্ৰো আৰু আমেৰিকান সেনা আহি নগৰৰ স্কুল, কলেজ অধিকাৰ কৰি সোমাই গৈছিল। ডেৰাজত উকীলৰ বৃহৎ বঙলা, ফণীধৰ শৰ্মাৰ বঙলা, চন্দ্ৰকান্ত ভৱন, যোৰহাট চৰকাৰী বিদ্যালয়, জগন্নাথ বৰুৱা কলেজ, ছোৱালী হাইস্কুল আদি সেনাৰ থকাৰ ঠাইৰ বাবে অধিগ্ৰহণ কৰা হৈছিল। তেওঁলোকৰ কাৰণে স্থায়ী আৰু অস্থায়ী দুয়োবিধ ঘৰকে সজোৱা হৈছিল। বৰভেটা, পূজা ডুবি, ৰজাবাৰী আদি ঠাইত স্থানীয় লোকক দূৰলৈ খেদি সেনা বাহিনীক ৰখিবলৈ আৰু শিক্ষা দিবলৈ ঠাই খালী কৰা হৈছিল। যেতিয়া সেনাৰ সোঁত বেছি প্ৰৱল হোৱাত যোৰহাট কাছাৰী পথাৰ আৰু উত্তৰ ফালৰ মুকলি ঠাইবিলাকতো স্থায়ী পকী ঘৰ, নৰ্দমা, কুঁৱা আদি সাজি সেনা বাহিনীৰ সুবিধা কৰি দিয়া হৈছিল। ৰাজমাও পুখুৰীৰ পাৰত ৩০০/৪০০ ট্ৰাক ৰাখি পুখুৰীৰ পৰিৱেশ নষ্ট কৰি দিয়াৰ কাৰণে আজিও তাৰ পানী অপৰিষ্কাৰ হৈয়ে থাকিল।[24]

দ্বিতীয় মহাযুদ্ধৰ সময়তে ব্ৰহ্মদেশৰ পৰা প্ৰাণলৈ পলাই অহা ভাৰতীয় ভগনীয়া সকল যোৰহাটত প্ৰৱেশ কৰিছিল। তেতিয়া এই নগৰৰ বজাৰ মহঙা হৈ উঠিছিল আৰু খাদ্য সামগ্ৰী খোৱাতেল, আটা, চেনী আদিৰ হৰলুকি দিছিল। যোৰহাটৰ ৰৰৈয়া, টীয়কৰ কলিয়াপানী, দেৰগাঁৱৰ বগৰিজেং আদি ঠাইত ন-ন বিমান ঘাটি সজা আৰু বিমানৰ আখৰা চলিবলৈ আৰম্ভ কৰিছিল। ৰেলগাড়ী, বিশেষকৈ মৰিয়নি পাণ্ডু লাইনত আমেৰিকাৰ পৰা অনা শক্তিশালী দ্ৰুতগামী ওখ ইঞ্জিন লগোৱা হৈছিল। ১৯৪১ চনৰ ডিচেম্বৰ মাহৰ পৰা আন আন ঠাইৰ দৰে যোৰহাট নগৰতো নিশা নিস্প্ৰৰদীপ ঘোষণা কৰা হৈছিল। খিৰিকিৰ আয়নাত ক’লা কাগজ মাৰি পোহৰ বাহিৰলৈ নাযাবলৈ সাৱধান কৰি দিয়া হৈছিল। লগতে বাটৰ কাষত থকা বিজুলী বাতিবোৰো নুমুৱাই ৰখা হৈছিল।[24]

দ্বিতীয় মহাযুদ্ধৰ স্মৃতিচিহ্ন

১৯৪৫ চনত মিত্ৰপক্ষৰ বিজয় ঘোষণা কৰি দ্বিতীয় বিশ্বযুদ্ধৰ যৱনিকা পৰিছিল। যুদ্ধৰ অন্তত চৰকাৰে অধিগ্ৰহণ কৰি লোৱা ঘৰবাৰী, স্কুল-কলেজ পুনৰ খালি কৰি দিয়া হৈছিল। স্কুল-কলেজ আগৰদৰেই চলিবলৈ ধৰিছিল।[25] কাছাৰী পথাৰৰ বৃহৎ বহৎ পকীঘৰবোৰ বুলড্ৰেজাৰ লগাই খহাই দিয়া হৈছিল। দ্বিতীয় মহাযুদ্ধৰ স্মৃতি হিচাবে যোৰহাটৰ তাঁৰ ঘৰটোলৈ আঙুলিয়াই দিব পাৰি। ইয়াৰ তলৰ মহলা যুদ্ধ চলি থকা অৱস্থাতে এবিধ অদাহ্য কংক্ৰিতেৰে সজা হৈছিল।[25] জগন্নাথ বৰুৱা কলেজৰ পাঠাগাৰৰ মূল ঘৰটোও সেনা বাহিনীয়ে নিৰ্মাণ কৰিছিল। যোৰহাট আৱৰ্ত ভৱনৰ কাষত ‘ই এণ্ড ডি’ কাৰ্যালয়ৰ প্ৰাঙ্গণত থকা সাঁতোৰ শিকোৱা পকী পুখুৰীটোত মহাযুদ্ধৰ সময়ত পানী ৰখা হৈছিল। হঠাৎ জুই লাগিলে ইয়াৰ পৰা পানী যোগান ধৰিবলৈ নলী থকা কলৰ ব্যৱস্থাও তাত ৰখাৰ ব্যৱস্থা কৰা হৈছিল।[25]

মহাযুদ্ধত কাৰিকৰী মানুহৰ প্ৰয়োজন হোৱাত লৰালৰিকৈ কাৰিকৰি বিদ্যাত প্ৰশিক্ষণ দিবলৈ স্কুল এখন সজা হৈছিল। ইয়াৰ চলিত নাম আছিল ‘ওৱাৰ টেক্‌নিকেল’। 'পূৰ্বতে যি ঠাইত ট্ৰেক্টৰৰ দোকান ‘ৰুচা কোম্পানী’ আছিল, তাতেই এই প্ৰশিক্ষণ কেন্দ্ৰটো পতা হৈছিল। আজিকালি এই অনুষ্ঠানক ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং চেণ্টাৰ বুলি কোৱা হয়। ইয়াৰ এচাম ঘৰ যুদ্ধৰ দিনৰে।[25]

উত্তৰ ঔপনিবেশিক[সম্পাদনা কৰক]


প্ৰশাসন[সম্পাদনা কৰক]

১৮৭০চনৰ পাছৰে পৰা যোৰহাট নগৰত চৰকাৰী উদ্যোগত কাৰ্যবিলাক স্থায়ীকৈ সাজি লোৱাৰ প্ৰচেষ্টা আৰম্ভ হৈছিল। যোৰহাট মহকুমা ঘোষণা কৰাৰ সময়ৰে পৰা ইয়াত কাছাৰীঘৰৰ কাম, মামলা-মোকৰ্দমা আদিৰ সৌধ হ’বলৈ ধৰিছিল। মামলা-মোকৰ্দমাৰ বেছি ভাগ গাঁৱৰ মেলতে নিষ্পত্তি কৰা হৈছিল।[26]

  • কাছাৰী ঘৰ : যোৰহাটৰ পুৰণি কাছাৰী ঘৰটো ইটা আৰু চুৰুকিৰে সজোৱা হৈছিল। ইয়াৰ প্ৰৱেশ দুৱাৰবোৰ ধেনুভিৰীয়া আছিল। বৰ্তমানৰ বনবিভাগৰ কাৰ্যালয়ত থকা ঠাইৰ ওচৰতে এই পুৰণা কাছাৰী ঘৰটো আছিল। ঊনবিংশ শতিকাৰ শষৰফালে কাছাৰীঘৰত কাম-কাজ আৰম্ভ হৈছিল। দেশ স্বাধীন হোৱাৰ পাছত এই ইটাৰ ঘৰটো ভাঙি পেলোৱা হৈছিল।[26]

পৌৰ প্ৰশাসন[সম্পাদনা কৰক]

আহোম ৰাজত্ব অৱসান হোৱাৰ পাছত এখন সৰু পুৰণি নগৰ বুলি জনমানসত প্ৰসিদ্ধি লাভ কৰিছিল। ১৮৭৬ চনত বেংগল মিউনিচিপেল আইন যোৰহাটত বলৱৎ হৈছিল। ফলস্বৰূপে, যোৰহাটত ষ্টেচন ব’ৰ্ডৰ সলনি এখন ইউনিয়ন বোৰ্ড গঠন কৰিবলৈ ১৮৮০ চনত অনুমতি দিয়া হৈছিল।[27] মহকুমাধিপতি এই ব'ৰ্ডৰ সভাপতি হৈছিল। আগতে নগৰ থকা ঠাই বাবে যোৰহাটত সহজতে ইউনিয়ন বোৰ্ড পাতিবলৈ দিয়া হৈছিল।[27]

ব্যৱসায়-বাণিজ্য[সম্পাদনা কৰক]

যোৰহাট নগৰখন ইংৰাজ চৰকাৰৰ অধীনলৈ অহাৰ পূৰ্বে ইয়াত সাপ্তাহিক হাট এখন বহিছিল। হাটখনৰ নাম আছিল চকীহাট।[28] মোৱামৰীয়া বিদ্ৰোহৰ সময়ত চকীহাট যুদ্ধক্ষেত্ৰলৈ পৰিণত হৈছিল। চন্দ্ৰকান্ত সিংহৰ দিনলৈকে এই নগৰত তিনিখন দোকান চলি আছিল।[29] ফ্ৰাঞ্চিচ্‌ জেনকিঞ্চৰ ভ্ৰমণ ডায়েৰীত, ১৮৩৮ চনত প্ৰায় তিনিকুৰী মাৰোৱাৰীয়ে এই নগৰত বেহা-বেপাৰ কৰাৰ কথা উল্লেখ আছে। ১৮৪০ চনত ৰাজস্থান আৰু মাৰোৱাৰীৰ বেপাৰী আহি স্থায়ীকৈ যোৰহাটত গোলা বা বাণিজ্যিক কেন্দ্ৰ খুলিছিল। ইংৰাজ অহাৰ সময়ত যোৰহাট নগৰত ‘লাইট ইনফেন্টি’ৰ কাৰণে এখন বজাৰ আৰম্ভ হৈছিল। সেই বজাৰেই পাছত আহল-বহল বজাৰৰ ৰূপ লৈছিল। ১৮৪০ চনৰ শেষ বা ১৮৪১ চনৰ আদি ভাগত আচকৰণ চোহনলাল আৰু পাঞ্চিৰামে যোৰহাটত ব্যৱসায় আৰম্ভ কৰিছিল। ১৮৫০ চনৰ পাছৰ পৰা যোৰহাট নগৰত বজাৰ নিয়মীয়াকৈ চলিবলৈ ধৰিছিল।[28]

পুৰণি ‘দাস এণ্ড কোম্পানী’

বৰ্তমানৰ চেউনি আলিৰ নতুন বজাৰৰ ওচৰত ১৯৩৮-৩৯ চন পৰ্যন্ত আমগছ কেইজোপা মানৰ তলত দোকান আছিল। সেই ঠাইক ‘আমতলৰ বজাৰ’ বুলি কোৱা হৈছিল।[30] ঊনবিংশ শতিকাৰ শেষৰ ফালে, যোৰহাটৰ গড় আলিত সৰু সৰু ঘৰ সাজি দোকান চলোৱা হৈছিল। ১৮৯৮ চনত মুক্তিযোদ্ধা গঙ্গাধৰ বৰকটকীয়ে যোৰহাট চকবজাৰত কিতাপ পত্ৰৰ দোকান খুলিছিল।[28] তেওঁৰ ককায়েক ১৮৯০ চনত যোৰহাট নগৰত কিতাপৰ ব্যৱসায় আৰম্ভ কৰিছিল। কলিকতাৰ বিখ্যাত মেক্‌মিলান কোম্পানীৰ পৰা পাঠ্যপুথি আৰু আন ধৰণৰ কিতাপ আনি বাটৰ দাঁতিত বহি বেচিছিল। তেওঁৰ মৃত্যুত গঙ্গাধৰে ব্যৱসায় হাতত তুলি ধৰিছিল। ১৯২০-২২ চনলৈকে যোৰহাটৰ চক্‌বজাৰ খন আকৃতিত সৰু আছিল। চন্দ্ৰধৰ বৰকটকীৰ সমসাময়িক আন এজন ব্যৱসায়ী আছিল স্বৰ্গীয় কালিকুমাৰ দাস। এৱেঁই যোৰহাটত ‘দাস এণ্ড কোম্পানী’ প্ৰতিষ্ঠা কৰিছিল।[28] এই প্ৰতিষ্ঠানটো এতিয়াও তেওঁৰ নাতিসকলে চলাই আছে। ১৯১৮ চনত চৰ্দাৰ চোহন সিং যোৰহাটলৈ আহিছিল। তেৱেঁই প্ৰথম যোৰহাটৰ গড়আলিত নানা ধৰণৰ ব্যৱসায় আৰম্ভ কৰিছিল। এওঁৰ সহায়ত আন আন শিখ সম্প্ৰদায়ৰ লোকেও গড়আলিত ব্যৱসায় বহল কৰিছিল।[28]

প্ৰাকৃতিক দুৰ্যোগ[সম্পাদনা কৰক]

বৰতি চাহাব বা ব্ৰোডি চাহাবৰ শাসন কালত যোৰহাটৰ বানপানী উল্লেখযোগ্য আছিল। ১৮৫০ চনৰ ছেপ্তম্বৰ মাহত প্ৰৱল বানপানী হৈ যোৰহাট নগৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ অভূতপূৰ্ব ক্ষতি সাধন কৰিছিল।[31]

১৯৪৩ চনৰ আগষ্ট মাহৰ মাজ ৰাতি এটা প্ৰবল ভূমিকম্প হৈ ডেৰাজতৰ বঙলা খহি পৰিছিল। ইটাৰ সেই পুৰণি বিশাল ঘৰটোত সাতজন সেনাৰ জীৱন্ত সমাধি হৈছিল। বৰ্তমান সেই ঠাইত ব্ৰডৱে হোটেল নামৰ ব্যৱসায়ী প্ৰতিষ্ঠান এটা চলি আছে। সেই ভূমিকম্পৰ জোকাঁৰতে পুৰণি ব্যৱসায় প্ৰতিষ্ঠান দোচ্‌ (দাস) এণ্ড কোম্পানীৰ সুদৃশ্য পকী ঘৰৰ দ্বিতল খহি পৰিছিল। নগৰৰ ঠায়ে ঠায়ে মাটি ফাটি বালি ওলাইছিল।[24]

পৰিবহন[সম্পাদনা কৰক]

ৰেল প্ৰৱৰ্তন[সম্পাদনা কৰক]

১৮৮৪ চনত যোৰহাটত ইংৰাজ চৰকাৰে এখন সৰুফুটীয়া ৰেলগাড়ী চলোৱাৰ কাম আৰম্ভ কৰিছিল। ১৮৮৪ চনৰ ৯ ডিচেম্বৰৰ দিনা মঙ্গলবাৰে যোৰহাটৰ পৰা ককিলামুখলৈ ৰেলগাড়ীখন চলোৱা হৈছিল।[32] সেই সময়ৰ উপায়ুক্ত ক্লাৰ্ক চাহাবৰ ডায়েৰীত শুভাৰম্ভ উৎসৱৰ কথা বিষদভাৱে পোৱা যায়। এই ৰেলখন চলোৱাৰ প্ৰধান উদ্দেশ্য আছিল – যোৰহাটৰ কাষত থকা চাহ-বাগিচাবিলাকৰ পৰা চাহৰ বাকচ চালান দিয়া। প্ৰথমতে ৰেলখনৰ নাম ‘ষ্টেট ৰেল’ ৰখা হৈছিল। পাছত নাম সলনি কৰি ‘যোৰহাট প্ৰভিঞ্চিয়েল ৰেল’ কৰা হৈছিল।[32] ১৯২৭ চনত এই ৰেলগাড়ীখন চলোৱাৰ দায়িত্ব ‘ৰিভাৰ ষ্টিম নেভিগেচন’ কোম্পানীয়ে লৈছিল। এই ৰেলখনৰ ডবা যোৰা দিয়া কপ্‌লিং ডাল প্ৰায়ে চিগি বাটত ডবা ৰৈ থাকিব লগা হৈছিল। সেয়ে যোৰহটীয়া ৰাইজৰ মাজত এই ৰেলখন ‘কপ্‌লিং চিগা ৰেল’ বুলি জনাজাত আছিল। প্ৰথম অৱস্থাত ৰেলপথ নগৰৰ ভোগদৈ নগৰৰ বৰদলঙৰ কাষেদি বড়িগাঁৱত প্ৰৱেশ কৰিছিল। এই পথ একা-বেকি কাৰণে, এটা নতুন ৰেলপথ ফাঁচী আলিৰ কাষেদি খোলা হৈছিল। চেউনি আলিৰ অলপ দূৰত ভোগদৈৰ ওপৰত এখন নতুন দলং সাজি এই পথটো নিৰ্মাণ কৰা হৈছিল।[32]

নিমাতি ঘাট নিৰ্মাণ[সম্পাদনা কৰক]

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ককিলামুখ জাহাজ ঘাটেদি যুদ্ধৰ সামগ্ৰী, তেল, খাদ্যবস্তু আনিব লগা হৈছিল। ককিলামুখ জাহাজ ঘাটটো তৰাং হৈ পৰাত, ওচৰতে মাটিৰে বন্ধাই এটা নতুন ঘাট নিৰ্মাণ কৰা হৈছিল। এইদৰে নতুন মাটি দি জাহাজ ঘাট বন্ধোৱাত বিহাৰী শ্ৰমিকবিলাকে এই ঘাটৰ কথা কওঁতে ‘নয়া মাটি ঘাট’ বুলি কৈছিল। এনেদৰে ঘাটটোৰ নাম ‘নয়ামাটি’ বা ‘নিয়ামাটি’ হৈ শেষত নিমাতি হ’লগৈ।[24]

বিমান অৱতৰণ[সম্পাদনা কৰক]

১৯২৮-২৯ চনত যোৰহাটৰ জিমখানা ক্লাবত প্ৰথমবাৰৰ বাবে এখন উৰাজাহাজ অৱতৰণ কৰিছিল। এইখন বাৰ্নাড্‌ লেটি নামৰ এজন চাহাবৰ নিজা উৰণীয়া জাহাজ আছিল। এইখন সেইসময়ত কলিকতালৈ যাত্ৰী নিবৰ বাবে অনা হৈছিল।[33]

ৰৰৈয়া বিমানঘাটি নিৰ্মাণ

যোৰহাটত বিমানঘাটি পতাৰ প্ৰধান কাৰণ আছিল দ্বিতীয় বিশ্বযুদ্ধ। ১৯৩৯ চনৰ ছেপ্তম্বৰ মাহত জাপানী সেনা বাহিনীয়ে ব্ৰহ্মদেশ অতিক্ৰম কৰি ভাৰতৰ দিশে অগ্ৰসৰ হৈছিল।[33] ভাৰতীয় আৰু ব্ৰিটিছ সেনা বাহিনীয়েও তৎপৰ হৈ উঠিছিল। ‘ৰয়েল এয়াৰ ফ’ৰ্চ’ আৰু ‘ইণ্ডিয়ান এয়াৰফ’ৰ্চ’ আহি ৰৰৈয়াৰ মাটিত অন্বেষণ কৰছিলহি। পকিমূৰি চাপৰিৰ মাটি বিমান ঘাটিৰ বাবে উপযুক্ত বুলি বিবেচনা কৰি জিলা কৰ্তৃপক্ষৰ যোগেদি মাটি অধিগ্ৰহণ কৰা হৈছিল। সেই সময়ত ৰৰৈয়াত মুৰলিধৰ বৰুৱাৰ বাগিচাৰ টকলা অংশটো বিমান ঘাটিৰ বাবে কিনি লোৱা হৈছিল। দ্বিতীয় মহাযুদ্ধৰ অগ্ৰগতিৰ লগে লগে ৰৰৈয়া বিমান ঘাটিৰো সম্প্ৰসাৰণ হ’ব ধৰিছিল। এই অঞ্চলৰ অসমীয়া পৰিয়ালৰ পৰা মাটি কিনি এই ঘাটিটো সম্প্ৰসাৰণ কৰা হৈছিল।[33]

শিক্ষা[সম্পাদনা কৰক]

যোৰহাট চৰকাৰী বালক বিদ্যালয়

১৮৮৩ চনত যোৰহাটত চৰকাৰী উদ্যোগত প্ৰথমখন হাইস্কুল প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমতে ৰাজমাওঁ পুখুৰীৰ পশ্চিম পাৰৰ এটা খেৰীঘৰত এই স্কুলখন আছিল। ১৯১৬ চনত চিফ্‌ কমিচনাৰ চাৰ আৰ্চিডেল আৰ্ল চাহাবে এই স্কুলখনৰ পকীঘৰটো মুকলি কৰিছিল।[22]

জগন্নাথ বৰুৱা মহাবিদ্যালয়

১৯৩০ চনত যোৰহাটত এখন মহাবিদ্যালয় আৰম্ভ কৰা হৈছিল। তেতিয়া ইয়াৰ নাম ‘যোৰহাট কলেজ’ ৰখা হৈছিল।[34] কৃষ্ণকান্ত সন্দিকৈ এই কলেজৰ প্ৰথম অধ্যক্ষ আছিল। স্বৰ্গীয় মুৰলিধৰ বৰুৱাই নিজৰ মাতামহ জগন্নাথ বৰৱাৰ বাসস্থান ‘বৰপাত্ৰ কুটীৰ’টো দান কৰাত এই কলেজৰ নাম জগন্নাথ বৰুৱা মহাবিদ্যালয় ৰখা হৈছিল।

যোৰহাট সাহিত্য সভা

যোৰহাট ৰাজহুৱা কামত সদায় আগবাঢ়ি আছিল। অসম সাহিত্য সভা নৌহওঁতেই যোৰহাটত ১৯১৫ চনত যোৰহাট সাহিত্য সভা গঠন কৰা হৈছিল।[34] সেই সময়ত শৰৎ চন্দ্ৰ গোস্বামী, চন্দ্ৰধৰ বৰুৱা, কুলধৰ চলিহা, দুৰ্গেশ্বৰ শৰ্মা, দেৱেন্দ্ৰ নাথ বেজবৰুৱা আদি সাহিত্যানুৰাগী লোক এই সভাৰ সদস্য আছিল। ফনীধৰ চলিহা এই সভাৰ সভাপতি আছিল।[35]

বিনোদন[সম্পাদনা কৰক]

১৮৬০ আৰু ১৮৭০ দশকত সমগ্ৰ যোৰহাট জিলাতে বহুতো চাহ বাগিচা প্ৰতিষ্ঠা কৰা হৈছিল। সেয়েহে চাহ খেতিৰ লগত জড়িত লোকসকলে বিনোদনৰ বাবে নানা প্ৰতিষ্ঠান / কেন্দ্ৰ প্ৰতিষ্ঠা কৰি লৈছিল।

যোৰহাট জিমখানা ক্লাব
যোৰহাট জিমখানা ক্লাব

১৮৭৬ চনত চেকনীধৰা গাঁৱত ডি. স্লিমনৰ দ্বাৰা যোৰহাট জিমখানা ক্লাবটো স্থাপিত হৈছিল।[36] স্থাপন হোৱা বছৰ ধৰি ইয়াত ঘোঁৰা দৌৰ অনুষ্ঠিত হৈ আহিছে য'ত বিজয়ীক "গ'ভাৰ্ণৰছ কাপ" প্ৰদান কৰা হয়।[37] ইয়াত থকা 'নাইন হ'ল গ'ল্ফ ক'ৰ্ছ' এছিয়াৰ আটাইতকৈ পুৰণি গ'ল্ফ ক'ছ আৰু বিশ্বৰ ভিতৰত তৃতীয় সৰ্বোচ্চ পুৰণি। ইয়াত এতিয়া ল'ন টেনিছ গ্ৰাছ ক'ৰ্ট, চুইমিং পুল, বিলিয়াৰ্ডছ্‌, প'ল' আৰু চিনেমা থিয়েটাৰৰ সুবিধা আছে। ইয়াত ক্ৰিকেটৰ বাবে 'যোৰহাট জিমখানা খেলপথাৰ'ও আছে।[36]

চিনেমা হ'ল
পুৰণি প্ৰভৰাজ চিনেমাঘৰত মানুহৰ ভিৰ

বিংশ শতিকাৰ শেষৰফালে যোৰহাট জিলাত চিনেমা ঘৰ প্ৰতিষ্ঠা কৰা হ'ল। যোৰহাট নগৰৰ মাজমজিয়াতে পাঁচোটাকৈ চিনেমা ঘৰ আছিল। বৰ্তমান দুটাহে চালুকীয়া অৱস্থাত আছে।

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ১১, ১২, ১৩ পৃষ্ঠা. 
  2. বৰুৱা গুণাভিৰাম. আসাম বুৰঞ্জী, ২য় প্ৰকাশ. প্ৰকাশক অসম. পৃষ্ঠা. ১২ পৃষ্ঠা. 
  3. তুংখুঙীয়া বুৰঞ্জী; ২৩, ২৪, ২৫, ২৬, ২৭ পৃষ্ঠা
  4. 4.0 4.1 4.2 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ২৩, ২৭ পৃষ্ঠা. 
  5. সাতসৰি অসম বুৰঞ্জী, ষষ্ঠখন, ৩১৭ পৃষ্ঠা
  6. তামূলী ফুকন কাশীনাথ – আসাম বুৰঞ্জী পুথি, চ্ছেদ ৩৭
  7. 7.0 7.1 7.2 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ২৯, ৩০, ৩১ পৃষ্ঠা. 
  8. 8.0 8.1 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৩৪ পৃষ্ঠা. 
  9. 9.0 9.1 9.2 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৩৮, ৩৯ পৃষ্ঠা. 
  10. দত্ত, ভোলানাথ, ৰিমিনিচেঞ্চ, জিমখানা স্মৃতিগ্ৰন্থ
  11. ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৩৯ পৃষ্ঠা. 
  12. 12.0 12.1 12.2 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৫৩, ৫৪, ৫৫ পৃষ্ঠা. 
  13. মিলচ্‌ ৰিপোৰ্ট, এপেণ্ডিক্স – জে, আমাৰ লিখিত, সাতাৱন ছাল আৰু পিয়ালী বৰুৱা চাওঁক, পিঠি – ৩৪,৩৫
  14. 14.0 14.1 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৫৭ পৃষ্ঠা. 
  15. হাণ্টাৰ উইলিয়াম – ষ্টেটিচিকেল একাউণ্ট অৱ আসাম (দ্বিতীয় ভাগ)
  16. 16.0 16.1 16.2 16.3 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭৩, ৭৪ পৃষ্ঠা. 
  17. পূৰ্বোক্ত গ্ৰন্থ, পিঠি - ১০০
  18. 18.0 18.1 18.2 18.3 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭৪, ৭৫, ৭৬ পৃষ্ঠা. 
  19. দেৱেশ্বৰ শৰ্মা - হেৰাই যোৱাৰ দিনবোৰ
  20. নীলিমা শৰ্মা - ত্যাগমূৰ্ত্তি পদ্মেশ্বৰ , কৰ্ম্মপ্ৰাণ হৰিনাৰায়ণ বৰুৱা
  21. পলিটিকেল হিষ্টৰি অৱ্‌ আসাম – ৩য় খণ্ড
  22. 22.0 22.1 22.2 22.3 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭০, ৭১ পৃষ্ঠা. 
  23. চলিহাৰ ডায়েৰীৰ কেইপাতমান (শৰ্মা, বেণুধৰ টোকোৰা বাঁহৰ কুটা)
  24. 24.0 24.1 24.2 24.3 24.4 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭৭, ৭৮, ৭৯ পৃষ্ঠা. 
  25. 25.0 25.1 25.2 25.3 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭৯, ৮০ পৃষ্ঠা. 
  26. 26.0 26.1 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৬৫, ৬৬ পৃষ্ঠা. 
  27. 27.0 27.1 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৬৬, ৬৭ পৃষ্ঠা. 
  28. 28.0 28.1 28.2 28.3 28.4 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৮১, ৮২ পৃষ্ঠা. 
  29. বৰুৱা গুণাভিৰাম, আসাম বুৰঞ্জী, দ্বিতীয় সংস্কৰণ। পিঠি - ১৮৯
  30. পূৰ্বোক্ত মছাই বৰাৰ পৰা সংগ্ৰহ
  31. ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৫১ পৃষ্ঠা. 
  32. 32.0 32.1 32.2 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৬০, ৬১ পৃষ্ঠা. 
  33. 33.0 33.1 33.2 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৮৩, ৮৪ পৃষ্ঠা. 
  34. 34.0 34.1 ড০ অমূল্য শৰ্মা (জুন, ২০১৩). অতীত যোৰহাটৰ ৰেহৰূপ. প্ৰকাশক যোৰহাট: শ্ৰী ৰাজ কুমাৰ দত্ত, প্ৰিণ্ট ৱৰ্ল্ড প্ৰিণ্ট এণ্ড পাব্লিকেশ্যন, যোৰহাট. পৃষ্ঠা. ৭২ পৃষ্ঠা. 
  35. পূৰ্বোক্ত গ্ৰন্থ; পিঠি – ৩৯
  36. 36.0 36.1 "Gymkhana Club". BharatOnline.com. http://www.bharatonline.com/assam/jorhat/jorhat-gymkhana.html। আহৰণ কৰা হৈছে: January 06, 2013. 
  37. "Jorhat Gymkhana Club". 1stHorse ~ wHere the Horse comes first.. http://www.1sthorse.com/1h/index.php?view=venueevents&id=46%3Ajorhat-gymkhana-club&option=com_eventlist&Itemid=86। আহৰণ কৰা হৈছে: January 06, 2013.