সমললৈ যাওক

পুৰন্দৰ সিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

পুৰন্দৰ সিংহ (১৮১৮১৯, ১৮৩৩১৮৩৮) অসমআহোম ৰাজ্যৰ শেষ ৰজা আছিল। তেওঁক দুবাৰ ৰজা পতা হৈছিল। প্ৰথমবাৰ ১৮১৮ চনত চন্দ্ৰকান্ত সিংহক পদচ্যুত কৰাৰ পাছত ৰুচিনাথ বুঢ়াগোঁহাইয়ে তেওঁক ৰজা পাতিছিল।[1] ১৮১৯ চনত মানে দ্বিতীয়বাৰ অসম আক্ৰমণ কৰি আহোম সেনাক পৰাস্ত কৰে আৰু চন্দ্ৰকান্ত সিংহক পুনৰ সিংহাসনত বহুৱায়। পুৰন্দৰ সিংহ‌ই ব্ৰিটিছৰ সহায় লৈ ৰুচিনাথ বুঢ়াগোহাঁইৰ লগত মানক আঁতৰাবলৈ চেষ্টা অব্যাহত ৰাখে। প্ৰথম ইংগ'-বৰ্মী যুদ্ধৰ পাছত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে মানৰ হাতৰ পৰা অসম উদ্ধাৰ কৰে। অচিনাকী ঠাইত শাসন কৰিবলৈ অসুবিধা পাই আৰু বিদেশী প্ৰশাসনৰ প্ৰতি স্থানীয় লোকৰ অসন্তোষ দেখি ব্ৰিটিছ প্ৰশাসনে উজনি অসম অংশ আহোম কোঁৱৰ এজনক গতাই দিবলৈ সিদ্ধান্ত লয়। পুৰন্দৰ সিংহ বাছনিত উঠাত ১৮৩৩ চনৰ এপ্ৰিলত শদিয়া আৰু মটক অঞ্চলৰ বাহিৰে গোটেই উজনি অসম আনুষ্ঠানিকভাৱে তেওঁক গতাই দিয়া হয়। বিনিময়ত পুৰন্দৰ সিংহ‌ই বছৰি ৫০,০০০ টকা কৰ দিবলৈ গাত লয়। ১৮৩৩ চনত নিয়মিতভাৱে কৰ নোশোধোৱা পুৰন্দৰ সিংহক অনুপযুক্ত যেন দেখি ব্ৰিটিছে তেওঁৰ ৰাজ্য অধিকাৰ কৰে আৰু ফলত আহোম ৰাজবংশৰ ৬০০ বছৰীয়া শাসনৰ অন্ত পৰে।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Gait, E. A. (223). A History of Assam, 2nd edition. প্ৰকাশক Calcutta: Thacker, Spink & Co.. পৃষ্ঠা. 223.
  2. Bhuyan Dr. S.K. (1968). Tunkhungia Buranji or A History of Assam (1681-1826), 2nd edition. প্ৰকাশক Guwahati: Department of HISTORICAL AND ANTIQUARIAN STUDIES IN ASSAM. পৃষ্ঠা. 211.