চুক্লিংফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চাওফা চুক্লিংফা
চাওফা

অসমৰ ৰজা
ৰাজত্ব ১৭৯৫-১৮১১
অভিষেক ১৭৯৫
উত্তৰসূৰী চুদিংফা
সম্পূৰ্ণ নাম
চাওফা চুক্লিংফা
ধৰ্ম হিন্দু ধৰ্ম
আহোম ৰাজবংশ
Ahom insignia plain.svg
চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯
শ্ৰেণীAhomDregon.JPG

আহোম ৰাজ্য      অসম বুৰঞ্জী

 প্ৰ     

চুক্লিংফা (১৭৯৫–১৮১১), বা কমলেশ্বৰ সিংহ আছিল আহোম সাম্ৰাজ্যৰ এজন স্বৰ্গদেৱ। তেওঁৰ শাসনকালতেই মোৱামৰীয়া বিদ্ৰোহ দমন কৰি উজনি অসমত আহোমৰ ৰাজত্ব পুনৰাই প্ৰতিষ্ঠা কৰা হৈছিল। কামৰূপৰ দাণ্ডিয়া বিদ্ৰোহো এইগৰাকী ৰজাৰ দিনতেই দমন কৰা হয়। চুক্লিংফা বৰ কম বয়সৰ হোৱাৰ বাবে শাসনকাৰ্যৰ গুৰিবঠা প্ৰকৃততে মন্ত্ৰীপ্ৰধান পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়েহে ধৰিছিল।

বংশ পৰিচয়[সম্পাদনা কৰক]

কমলেশ্বৰ সিংহ আছিল ৰাজকোঁ‌ৱৰ কদমদীঘলা গোহাঁ‌ই আৰু নুমলী ৰাজমাওৰ বৰপুত্ৰ। তেওঁৰ পিতৃ-মাতৃয়ে দিয়া নাম আছিল কিনাৰাম গোহাঁই। তেওঁৰ পিতৃ আছিল স্বৰ্গদেৱ ৰুদ্ৰসিংহৰ কনিষ্ঠ ভ্ৰাতৃ লেচাই নামৰূপীয়া ৰজাৰ নাতি। মাজু আইদেউ আৰু চুদিংফা আছিল তেওঁৰ সহোদৰ ভাই-ভনী। [1]

সিংহাসনত আৰোহণ[সম্পাদনা কৰক]

১৭৯৫ চনত পূৰ্বৰ ৰজা চুহিত্পংফা ওৰফে গৌৰীনাথ সিংহৰ দেহাৱসান ঘটাৰ সময়ত চুক্লিংফাৰ পিতৃ কদমদীঘলা গোহাঁ‌য়ে চাৰিঙীয়া ৰজাৰ বাব খাই আছিল। গৌৰীনাথ সিংহ অপুত্ৰক হোৱাৰ বাবে উত্তৰাধিকাৰী নিৰ্বাচনৰ দায়িত্ব তেওঁ পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ইক দিছিল। ব্যক্তিগত সম্পৰ্ক আৰু মোৱামৰীয়া বিদ্ৰোহ দমনত কৰা সহায়ৰ বাবে বুঢ়াগোহাঁ‌য়ে কদমদীঘলা গোহাঁ‌ইৰ বৰপুত্ৰ কিনাৰাম গোহাঁ‌ই ৰজা হিচাপে মনোনীত কৰে। সেই সময়ত কোঁ‌ৱৰৰ বয়স আছিল দুই বছৰতকৈয়ো কম। ১৭৯৫ চনতে তেওঁক কমলেশ্বৰ সিংহ নাম দি দিচৈৰ শিবিৰত আহোম ৰাজপাটত বহোৱা হয়। আহোমমতে তেওঁ চুক্লিংফা নাম লয়। কমলেশ্বৰ সিংহৰ নাম কলিকতালৈ মোহৰ মাৰিবলৈ প্ৰেৰণ কৰা হয়।[2]

শাসনকাল[সম্পাদনা কৰক]

আহোম সেনাবাহিনীৰ পুনৰ্গঠন[সম্পাদনা কৰক]

স্বৰ্গদেৱ গৌৰীনাথ সিংহৰ দিনত প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে এই কথা দেখা পাইছিল যে অস্ত্ৰৰে সুসজ্জিত, প্ৰশিক্ষিত আৰু নিয়মানুৱৰ্তী ব্ৰিটিছ চিপাহীৰ একো একোটা সৰু দলে সংখ্যাত অধিক হোৱা স্বত্বেও মোৱামৰীয়া বিদ্ৰোহক ছেদেলি-ভেদেলি কৰি পেলাইছিল। গতিকে গৌৰীনাথ সিংহৰ দিনতেই আহোম সামৰিক বাহিনীৰ পুনৰ্গঠন আৰম্ভ কৰা হৈছিল আৰু কমলেশ্বৰ সিংহৰ দিনত ই এক বিস্তৃত ৰূপ লাভ কৰিছিল। ১৮০৩ চনত বুঢ়াগোহাঁ‌য়ে নিজৰ পুত্ৰ ওৰেখানাথ ঢেকীয়াল ফুকনৰ নেতৃত্বত বলোৰাম খঙীয়া ফুকন, ভূধৰ চলিহা চাংকাকতি, মধুৰাম বৰা, গোবিন্দ্ৰম শৰ্মা খাউণ্ড আৰু তনুশ্যাম শৰ্মা খাউণ্ডক কটকী হিচাপে ভাৰতৰ ব্ৰিটিছ মুখ্য ৰাজপালিকা লৰ্ড ৱেলেছলিৰ কাষলৈ পঠায়। তেওঁলোকে লৰ্ড ৱেলেছলিক উচ্চ-প্ৰশিক্ষণপ্ৰাপ্ত এদল চিপাহীৰ লগতে ভালেসংখ্যক অস্ত্ৰ-শস্ত্ৰৰ বিচাৰি অনুৰোধ জনায়।[3][4] তেওঁলোকে ৰাজ্যপালিকাগৰাকীক দুই হাজাৰ সোণৰ আৰু দহ হাজাৰ ৰূপৰ মোহৰ আহোম ৰাজ্যৰ ফালৰ পৰা উপঢৌকন হিচাপে দিয়ে। লৰ্ড ৱেলেছ্লিয়ে এই অনুৰোধ ৰাখি চিপাহী আৰু অস্ত্ৰ-পাতি দি পঠায়। ইয়াৰ সহায়ত প্ৰথমে বছা আৰু দৈয়াংৰ অসমীয়া লোকক আধুনিক সমৰকলা আৰু অস্ত্ৰচালনাৰ প্ৰশিক্ষণ দিয়া হয়। এই নতুন বাহিনীটোক এশজনীয়া ওঠৰটা ভাগত ভগোৱা হয়। বুঢ়াগোহাঁ‌ইৰ সম্পৰ্কীয় চন্দ্ৰ গোহাঁ‌ই নামৰ এজন লোকক কেপ্টেইন হিচাপে নিযুক্তি দিয়া হয়। পিছলৈ তেওঁক মেজৰ আৰু শেষত কৰ্ণেললৈ পদোন্নীত কৰা হয়। তেওঁৰ অধীনত কিছুসংখ্যক চুবেদাৰ আৰু জামাদাৰ নিযুক্ত কৰা হয়। নৱনিৰ্মিত বাহিনীটোৱে গুৱাহাটী, যোৰহাট, শদিয়া আৰু মহংত দুৰ্গ পাতে।[3]

মহন্তসকলৰ বৰঙণি[সম্পাদনা কৰক]

চিপাহীসকলক মজুৰি প্ৰদান কৰিবলৈ ৰাজকোষত ধনৰ নাটনি হোৱাত সত্ৰসমূহৰ মহন্ত আৰু অধিকাৰ্সকলক বৰঙণি আগবঢ়াবলৈ কোৱা হয়। সেইমতে মুখ্য সত্ৰসমূহৰ বাবে চাৰি হাজাৰ টকাকৈ, মধ্যমীয়া সত্ৰসমূহৰ বাবে চাৰিশ টকাকৈ, সৰু সত্ৰসমূহৰ বাবে এশ টকাকৈ আৰু ক্ষুদ্ৰতম সত্ৰসমূহকৰ বাবে পঞ্চাশ টকাকৈ বৰঙণি নিৰ্ধাৰণ কৰা হয়। বৰবৰুৱাই সত্ৰসমূহৰ প্ৰতিনিধি খাটনিয়াৰসকলক মাতি আনি এই বৰঙণি গোটাবলৈ নিৰ্দেশ দিয়ে আৰু এনেদৰেই চিপাহীসকলৰ মাহিলি মজুৰি আদায় দিয়া হয়।[5][6]

কামৰূপৰ দাণ্ডিয়া বিদ্ৰোহ[সম্পাদনা কৰক]

কামৰূপত সেই সময়তে বিদ্ৰোহে গুৰুতৰ ৰূপ ধাৰণ কৰে আৰু নামনি অসমবদন চন্দ্ৰ বৰফুকনৰ অপশাসনকে ইয়াৰ বাবে জগৰীয়া বুলি ঠাৱৰ কৰা হয়। কোৱা হয় যে বদন বৰফুকন আৰু তেওঁৰ তলতীয়া বিষয়াসকল মূলতঃ উজনি অসমৰ হোৱাৰ বাবে সম্ভৱতঃ নামনিৰ লোকসকলৰ কথাৰ ঠাঁ‌চক লৈ 'ঢেকেৰী' বুলি ইতিকিং কৰে।[7] কিছু লোকে বদনৰ এনে কাৰ্যকলাপৰ বিষয়ে আহোম ৰজা আৰু পূৰ্ণানন্দ বুঢ়াগোহাঁ‌ইক অভিযোগ কৰে। কিন্তু সেইসময়ত উজনিৰ মোৱামৰীয়া বিদ্ৰোহে তচনচ কৰা প্ৰশাসন ব্যৱস্থাক থান-থিত লগোৱাত ব্যস্ত হৈ থকা আহোমৰ কেন্দ্ৰীয় প্ৰশাসনে বিষয়টোৰ গুৰুত্ব বুজি পোৱাত ব্যৰ্থ হয়। উত্তৰ কামৰূপৰ জিকেৰিৰ হৰ দত্ত চৌধুৰী আৰু বীৰ দত্ত চৌধুৰী নামৰ দুজন ককাই-ভায়ে কছাৰী, কৈৱৰ্ত্ত আৰু অন্যান্য সম্প্ৰদায়ৰ কিছু লোকক একত্ৰিত কৰি আহোম ৰাজ্যৰ পৰা নিজকে স্বাধীন বুলি ঘোষনা কৰে। তেওঁলোক দুয়োজনেই পূৰ্বতে বদন বৰফুকনৰ তলতীয়া বিষয়া আছিল। বৃহৎ জনজাগৰণৰ ফলত প্ৰায় সমগ্ৰ উত্তৰ কামৰূপ তেওঁলোকৰ হাতলৈ যায়। কথিত আছে যে কোচ বিহাৰ আৰু বিজনীৰ শাসনকৰ্তায়ো পূৰ্বতে কোচ ৰাজ্যৰ ভিতৰুৱা কামৰূপ আহোমৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ আশাত এই বিদ্ৰোহত গোপনে সহায় আগবঢ়ায়।[5] কামৰূপৰ থলুৱা লোকসকলে দুই ভ্ৰাতৃৰ এই কাৰ্যক সাধাৰণ জনতাক বদনৰ স্বৈৰাচাৰৰ পৰা মুকলি কৰাৰ দেশহৈতিষী প্ৰচেষ্টা হিচাপে গণ্য কৰাৰ বিপৰীতে আহোম বুৰঞ্জীবিদসকলে এই বিদ্ৰোহীসকলক দাণ্ডিয়া অৰ্থাৎ কাজিয়া কৰিবলৈ ভাল পোৱা লোক আখ্যা দিয়ে।

বদন বৰফুকনে এই বিদ্ৰোহ দমন কৰিবলৈ অসমৰ্থ হোৱাত পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে সন্দিকৈ পৰিয়ালৰ কলিয়া ভোমোৰাক গুৱাহাটীৰ নতুন বৰফুকন পাতে। বিদ্ৰোহীসকলে গুৱাহাটীৰ দুৰ্গৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে যদিও কলিয়া ভোমোৰাই বেলতলা আৰু ডিমৰীয়াৰ ৰজাৰ সহায়ত ব্ৰহ্মপুত্ৰ পাৰ হৈ বিদ্ৰোহী শিবিৰ থানবান কৰে। হৰ দত্ত আৰু বীৰ দত্তক কৰায়ত্ত কৰি বধ কৰা হয়। কিছুসংখ্যক বিদ্ৰোহী বাজুসিং আৰু আলোসিং নামৰ দুই জামাদাৰৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰেদি পলাই সাৰিবলৈ চেষ্টা কৰে।[8] কলিয়া ভোমোৰাই কামাখ্যাত তেওঁলোকক পৰাজিত কৰে আৰু ইয়াতেই বহুসংখ্যক বিদ্ৰোহীৰ মৃত্যু হয়। এনেদৰেই গুৱাহাটীত দাণ্ডিয়া বিদ্ৰোহৰ অন্ত পৰে। এই বাতৰি পাই কমলেশ্বৰ সিংহই কলিয়া ভোমোৰাক সোণৰ চুলাৰ জাপি উপহাৰস্বৰূপে দি 'প্ৰতাপ-বল্লভ' উপাধি প্ৰদান কৰে।[9]

ডফলা আৰু মোৱামৰীয়া বিদ্ৰোহ দমন[সম্পাদনা কৰক]

কলিয়া ভোমোৰা বৰফুকন দাণ্ডিয়া বিদ্ৰোহ দমনত ব্যস্ত থকাৰ সময়তেই ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰৰ পাহাৰত বাস কতা ডফলাসকলে মোৱামৰীয়া বিদ্ৰোহীসকলৰ সৈতে যোগ দিয়ে আৰু বৰ্তমানৰ শোণিতপুৰ জিলাত বিদ্ৰোহ আৰম্ভ কৰে। তেওঁলোকে লুইত পাৰ হৈ দুইমুনি শিলা অৰ্থাৎ বৰ্তমানৰ নগাঁও জিলাৰ শিলঘাট পাইগৈ। এই বাতৰি পাই ভাণ্ডাৰী বৰুৱাই নতুনকৈ প্ৰশিক্ষিত আহোম সৈন্যৰ তিনিটা দল শিলঘাটলৈ প্ৰেৰণ কৰে। বিদ্ৰোহকাৰীসকলৰ ওপৰত ৰাজকীয় সৈন্যই গুলীবৰ্ষণ কৰে আৰু ইয়াৰ ফলত বহু লোকৰ মৃত্যু হয়। ইয়াৰ লগতে বহু লোক নদীত ডুব যায় আৰু কিছুসংখ্যক লোকক বন্দী কৰা হয়। বন্দী লোকসকলক পিছলৈ শিৰশ্ছেদ কৰি তেওঁলোকৰ মূৰসমূহ সকীয়নি হিচাপে দুইমুনি শিলাত শূলত ওলোমাই ৰখা হয়।[6] বাকী থকা বিদ্ৰোহীসমূহ উত্তৰ পাৰৰ হাবি আৰু পাহাৰলৈ পলাই যায়। পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে তেওঁলোকক খেদি যাবলৈ অপাৰগ হয় আৰু ইয়াৰ সলনি তেওঁ দীৰ্ঘদিনীয়া গৃহযুদ্ধই বিপৰ্যস্ত কৰি তোলা প্ৰশাসনিক ব্যৱস্থাৰ থান-থিত লগোৱাত মনোনিৱেশ কৰে।

ইফালেদি ডফলা আৰু মোৱামৰীয়া বিদ্ৰোহীসকল লুইতৰ উত্তৰ পাৰত ফোপাই সেনাপতি নামৰ লোক এজনৰ নেতৃত্বত লগ হয়। তেওঁ মধুৰাম বৈৰাগী নামৰ এজন লোকক বংগলৈ চিপাহী খুজি আনিবলৈ পঠিয়ায়। এই চিপাহীদলৰ সহায়ত বিদ্ৰোহীসকলে বহুকেইখন গাঁৱত উপদ্ৰৱ চলাই সাধাৰণ জনতাৰ মাজত আতংকৰ সৃষ্টি কৰে।[10] বুঢ়াগোহাঁ‌য়ে ততাতৈয়াকৈ সেনাবাহিনীৰে সৈতে আগুৱাই আহে। ভৰলীৰ পাৰত ডেকাফুকনৰ সৈন্যদলৰ ওপৰত বিদ্ৰোহীসকলে অতৰ্কিতে আক্ৰমণ চলায়। কিন্তু যুত হাৰি তেওঁলোক বাচকটালৈ পিছুৱাই যায়।[11] আনহাতে বুঢ়াগোহাঁ‌য়ে উত্তৰ পাৰ অৰ্থাৎ বৰ্তমানৰ তেজপুৰ গৈ পাই ডফলাসকলক দমন কৰে। তেওঁ গড়মূৰলৈ আগুৱাই গৈ ভালেকেইজন বিদ্ৰোহী নেতাক বন্দী অথবা হত্যা কৰে। বিদ্ৰোহৰ মূল নেতা ফোপাই সেনাপতিৰ গুলি লাগি মৃত্যু হয়। বিদ্ৰোহীসকলৰ পৰা ভালেমান ম'হ, গৰু, অলংকাৰ আৰু ন্যান্য সামগ্ৰী জব্দ কৰি ৰাজভঁ‌ৰালত জমা কৰা হয়।[11]

পিতৃৰ মৃত্যু আৰু নতুন বৰবৰুৱাৰ নিযুক্তি[সম্পাদনা কৰক]

১৭৯৯ চনত যোৰহাটত কমলেশ্বৰ সিংহৰ পিতৃ কোঁ‌ৱৰ কদম দীঘলা চাৰিঙীয়া ৰজাৰ দেহাৱসান ঘটে। ৰজাৰ কনিষ্ঠ ভ্ৰাতৃ চুদিংফা ওৰফে চন্দ্ৰকান্ত গোহাঁইক নতুন চাৰিঙীয়া ৰজা হিচাপে অভিষিক্ত কৰা হয়।[12][13] ইফালে ১৮০০ চনত সন্দিকৈ পৰিয়ালৰ ভাণ্ডাৰী বৰবৰুৱাৰো দেহাৱসান ঘটে। তেওঁৰ ঠাইত দুৱৰা পৰিয়ালৰ শ্ৰীনাথক নতুন বৰবৰুৱা নিযুক্তি দিয়া হয়।[14][15]

খামটিসকলৰ বিৰুদ্ধে অভিযান[সম্পাদনা কৰক]

খামটি আৰু আহোমসকল একে জনগোষ্ঠীয় মূলৰ অৰ্থাৎ শ্বান গোষ্ঠীৰ লোক। তেওঁলোকে অসমলৈ প্ৰব্ৰজন কৰি আহি আহোম ৰজাৰ অনুমতি লৈ শদিয়া অঞ্চলত বসবাস কৰিবলৈ লয়। ১৭৯৪ চনত পূৰ্বৰ ৰজা গৌৰীনাথ সিংহৰ দিনত গৃহযুদ্ধৰ ফলত দুৰ্বল হৈ পৰা কেন্দ্ৰীয় প্ৰশাসনৰ সুযোগ গ্ৰহণ কৰি খামটিসকলে শদিয়াখোৱা গোহাঁ‌ইক উৎখাত কৰি শদিয়াত নিজৰ প্ৰভুত্ব স্থাপন কৰে আৰু স্থানীয় নৃগোষ্ঠীয় লোকসকলক দাসলৈ পৰিণত কৰে। কোৱা হয় যে আহোম ৰাজত্বকালৰ পিছৰ সময়ছোৱাত অসমলৈ প্ৰব্ৰজন কৰা শ্বান গোষ্ঠীৰ অন্যান্য জনগোষ্ঠী যেনে নৰা, ফাকিয়াল আদিৰ পৰাও তেওঁলোকে সহায় লাভ কৰিছিল।[16] ১৮০০ চনত প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে শদিয়াত পুনৰ আহোমৰ প্ৰভুত্ব প্ৰতিষ্ঠা কৰিবলৈ থিৰাং কৰে। গুৱাহাটীৰ পৰা কলিয়া ভোমোৰা বৰফুকনে ইউৰোপীয় শৈলীৰে প্ৰশিক্ষিত কিছুসংখ্যক সৈন্য উজনি অসমলৈ বুঢ়াগোহাঁ‌ইৰ সাহায্যাৰ্থে প্ৰেৰণ কৰে।[17] এই সৈন্যদলটোৰ সহায়ত খামটিসকলক পৰাজিত কৰি শদিয়া পুনৰ দখল কৰা হয় আৰু নতুনকৈ শদিয়াখোৱা গোহাঁ‌ই নিযুক্তি দিয়া হয়। খামটিসকলৰ মুৰব্বী বুঢ়া ৰজা আৰু তেওঁ‌ৰ অনুগামীসকলক কৰায়ত্ত কৰি বুঢ়াগোহাঁ‌ইৰ সমুখলৈ অনা হয়। বুঢ়াগোহাঁ‌য়ে তেওঁলোকক টোকলাই হাবিত স্থাপন কৰে আৰু বুঢ়া ৰজাক ৰাজধানী যোৰহাটত নজৰবন্দী কৰি ৰখা হয়।[16][15]

মৰাণ-চিংফৌ বিদ্ৰোহ আৰু ভৰঠী ৰজাৰ বিৰুদ্ধে অভিযান[সম্পাদনা কৰক]

১৮০১ চনত পূব অসমত মোৱামৰীয়া সত্ৰৰ মৰাণসকলে আহোম শাসনৰ বিৰুদ্ধে মূৰ ডাঙি উঠে। বুঢ়াগোহাঁ‌ই পৰিয়ালৰ হৰিপদ ডেকাফুকনে চিপাহীৰ পাঁ‌চটা ফৌজৰে সৈতে বেংমৰাত বিদ্ৰোহীসকলক আগুৰি ধৰে। মৰাণসকল নামৰূপলৈ পলাই যায় আৰু তাতে চিংফৌসকল আহি তেওঁলোকৰ লগ লাগে। দুয়োটা ফৈদ একগোট হৈ ৰাজকীয় বাহিনীৰ ওপৰত আক্ৰমণ চলায় যদিও পুনৰ পৰাজিত হয় আৰু এই সংঘৰ্ষত বহু লোকৰ প্ৰাণহানি ঘটে। বিদ্ৰোহীসকল দুভাগ হৈ পলাই যায় আৰু তেওঁলোকৰ পৰা গৰু-ম'হ, কাঁ‌হ-পিতল, কাপোৰ-কানি আনি জব্দ কৰি আনি ডেকাফুকনে ৰাজধানী যোৰহাটৰ ৰাজভঁ‌ৰালত জমা দিয়ে।[15] ইফালে ভৰঠী ৰজাৰ নেতৃত্বত মোৱামৰীয়াসকল বেংমৰাত পুনৰ একগোট হয়। এইবাৰ ডেকাফুকন ছটা ফৌজৰ সৈতে মোৱামৰীয়াসকলৰ বিৰুদ্ধে আগুৱাই যায় আৰু তেওঁলোকক খেদি নি হাবিৰ মাজ পায়। হাবিৰ মাজতেই মোৱামৰীয়াসকলে ৰাজকীয় বাহিনীক ঘেৰি ধৰে যদিও ৰাইফলৰ গুলীত তেওঁলোকৰ নেতা ভৰঠী ৰজাৰ মৃত্যু হয় আৰু ইয়াকে দেখি মোৱামৰীয়াসকল ছত্ৰভংগ দিয়ে। তেওঁৰ মৃতদেহটো কমলেশ্বৰ সিংহৰ আদেশ অনুযায়ী খুটিয়াপতাত নতুনকৈ স্থাপন কৰা মোৱামৰীয়া গাঁ‌ৱত যাঠীৰে হানি ৰখা হয়। ইয়াৰ পিছতেই বৃহৎসংখ্যক মোৱামৰীয়া আৰু মৰাণ লোকে যঠেষ্টসংখ্যক বয়-বস্তুৰে সৈতে আহি আহোম ৰজাৰ বশ্যতা স্বীকাৰ কৰে। ইয়াৰ পিছত বহুবছৰলৈকে পূব অসমত মোৱামৰীয়াসকলে কোনো বিদ্ৰোহী কাৰ্যকলাপ চলোৱাৰ পৰা বিৰত থাকে। [18]

ভোগদৈৰ খনন[সম্পাদনা কৰক]

নতুনকৈ স্থাপন কৰা ৰাজধানী যোৰহাটত পানীৰ যোগান ধৰিবৰ বাবে বুঢ়াগোহাঁ‌য়ে দিচৈৰ পৰা কলিয়নিলৈকে এটা সুঁ‌তি খান্দে। খননকাৰ্যৰ সময়ত সত্ৰৰ অধিকাৰসকলে ৰাইজক চাউল আৰু পিঠা-পনা যাচে। ৰজা, বুঢ়াগোহাঁ‌ই আৰু বৰবৰুৱাই কৰ্মীসকলৰ বাবে খাদ্যবস্তুৰ যোগান ধৰে। সেয়ে উক্ত সুঁ‌তিটোৰ নাম ভোগদৈ ৰখা হয়। খননকাৰ্য চাবলৈ আহোঁতে কমলেশ্বৰ সিংহক বিষয়াসকলে শৰাই আৰু তাওবানেৰে সন্মান যাচে। ৰজাৰ মাতৃ নুমলী ৰাজমাৱেও সেইদিনা বাটত তিৰোতাসকলক উপহাৰ যাচে।[4][18][19][20]

পানীমুৱাৰ ষড়যন্ত্ৰ[সম্পাদনা কৰক]

​কমলেশ্বৰ সিংহ কমবয়সীয়া হোৱাৰ বাবে প্ৰধানমন্ত্ৰী পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়েই সৰ্বোচ্চ ক্ষমতাত অধিষ্ঠিত আছিল। তেওঁ ৰাজপত্ৰ, ৰাজআদেশ অদি জাৰী কৰাৰ লগতে নিজৰ ইচ্ছা অনুসৰি বিষয়া ভঙা-পতা কৰিছিল। ইয়াৰ ফলত বহু লোকৰ মনত অসন্তুষ্টিয়ে গা কৰি উঠিছিল। ৰাতি-খোৱা খেলৰ পানীমুৱা নামৰ এজন লোকে বুঢ়াগোহাঁ‌ইৰ স্বেচ্ছাচাৰী কাৰ্যকলাপৰ বিৰুদ্ধে উচটাই কিছু লোকক একগোট কৰে আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ লগতে ৰজাকো হত্যা কৰিবলৈ মনস্থ কৰে। ষড়যন্ত্ৰকাৰীসকলে পুৰণি মামৰে ধৰা বৰটোপ এটা বুঢ়াগোহাঁ‌ইৰ ঘৰৰ চৌহদৰ মুখৰ জোপোহাৰ আঁ‌ৰত থিয় কৰায়। বুঢ়াগোহাঁ‌য়ে ২৪০জন সশস্ত্ৰ লোকক লগত লৈ বাহিৰত চলা-ফুৰা কৰিছিল। তেওঁলোকে জোপোহাৰ আঁ‌ৰৰ পৰা ধোঁ‌ৱা ওলোৱা দেখা পাই পানীমুৱাৰ লগতে আটাইবোৰ সংগীকে ধৰি পেলায়। পানীমুৱাই ষড়যন্ত্ৰত তেওঁৰ লগ দিয়া লোকসকাৰ নাম সৈ কাঢ়ে আৰু প্ৰায় সকলোকে আটক কৰা হয়। ইয়াৰ সুবিধা গ্ৰহণ কৰি বুঢ়াগোহাঁ‌য়ে তেওঁক অসন্তুষ্ট কৰা বা পূৰ্বৰ কোনো আখেজ থকা লোকসকলক ধৰি অনোৱায়। আনকি তেওঁ এই সকলোবোৰ লোককে প্ৰাণদণ্ড দিবলৈ শ্ৰীনাথ দুৱৰা বৰবৰুৱাক আদেশ দিয়ে। অৱশ্যে বুঢ়াগোহাঁ‌ইৰ ভায়েক শিৱনাথ দোলাকাষৰীয়া বৰুৱাৰ হস্তক্ষেপত এই হত্যালীলা স্তব্ধ হয়। ১৮০৩ চনত পানীমুৱাৰ লগতে সংগীসকলক প্ৰাণে মৰা হয়।[21][19][22]

পলৰীয়া কৃষকসকলক ঘূৰাই অনাৰ প্ৰয়াস[সম্পাদনা কৰক]

মোৱামৰীয়া বিদ্ৰোহে সৃষ্টি কৰা অশান্ত পৰিৱেশৰ ফলত বহু অসমীয়া লোকে ৰাজ্য এৰি কাষৰীয়া কছাৰী আৰু জয়ন্তীয়া ৰাজ্যত আশ্ৰয় লৈ আছিলগৈ। ৰাজকীয় বাহিনীয়ে বিদ্ৰোহ দমন কৰাৰ পিছত বহুতো পলৰীয়া বিদ্ৰোহীয়েও চুবুৰীয়া ৰাজ্যকেইখনত আশ্ৰয় লয়। এই লোকসকলক মুক্ত ক্ষমাদানৰ আশ্বাস প্ৰদান কৰি পুনৰাই নিজা ঘৰলৈ ঘূৰাই আনিবৰ বাবে পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে অবিৰতভাৱে চেষ্টা কৰি আছিল।[16] বহু লোক নিজ গাৱঁ‌লৈ ঘূৰি আহে যদিও বিদ্ৰোহত অংশগ্ৰহণ কৰা বৃহৎসংখ্যক লোকে চুবুৰীয়া ৰাজ্য দুখনতেই ৰৈ যায়। দুয়ো ৰাজ্যৰ ৰজাই এই নতুন লোকসকলক বিতাৰিত কৰিবলৈ অনীহা প্ৰকাশ কৰে আৰু সেয়ে আহোম ৰাজ্যৰ সৈতে তেওঁলোকৰ দীৰ্ঘদিনীয়া বিবাদৰ সূত্ৰপাত ঘটে। জয়ন্তীয়া ৰজা দ্বিতীয় ৰামসিংৰ পত্ৰত পূৰ্বদেশীয় ৰজাসকলে ইজনে সিজনক কৰা নীতিপূৰ্বক বিশেষণাত্মক সম্বোধন নথকাৰ বাবে অসন্মান প্ৰদৰ্শন কৰা বুলি গণ্য কৰা হয়। আনহাতে কছাৰী ৰজা কৃষ্ণ চন্দ্ৰৰ সৈতে মোৱামৰীয়াসকলৰ সহযোগিতাৰ কথা পোহৰলৈ অহাত দুয়ো ৰাজ্যৰ সম্পৰ্কত অধিক ফাঁ‌ট মেলে। পূৰ্ণানন্দ বুঢ়াগোহাঁ‌য়ে বলপ্ৰয়োগ কৰি পলৰীয়া কৃষকসকলক ঘূৰাই আনিবলৈ কমলেশ্বৰ সিংহৰ অনুমতি লয়। [23]

নগাঁৱত মোৱামৰীয়া-কছাৰীৰ দ্ৰোহ[সম্পাদনা কৰক]

পূব প্ৰান্তত মোৱামৰীয়াৰ উত্থান[সম্পাদনা কৰক]

বৈদেশিক সম্পৰ্ক[সম্পাদনা কৰক]

মুংকংৰ কটকী[সম্পাদনা কৰক]

ভূটানৰ সৈতে সম্পৰ্ক[সম্পাদনা কৰক]

দৰংৰ কাৰ্য-কলাপ[সম্পাদনা কৰক]

মাজু আইদেউৰ বিবাহ[সম্পাদনা কৰক]

অসমক সামন্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ প্ৰয়াস[সম্পাদনা কৰক]

বদনচন্দ্ৰ বৰফুকনৰ নিযুক্তি[সম্পাদনা কৰক]

প্ৰজাহিতকৰ কাম[সম্পাদনা কৰক]

সাহিত্যৰ পোষকতা[সম্পাদনা কৰক]

মৃত্যু[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Baruah S.L. Last Days of Ahom Monarchy 1993 page 287
  2. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 137
  3. 3.0 3.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Assam 1826 page 193 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  4. 4.0 4.1 Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 287
  5. 5.0 5.1 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; gait218 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  6. 6.0 6.1 Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 140
  7. Barua Gunaviram Assam Buranji or A History of Assam 2008 page 99
  8. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 138
  9. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 139
  10. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 142
  11. 11.0 11.1 Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 145
  12. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 146
  13. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 274
  14. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 285
  15. 15.0 15.1 15.2 Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 147
  16. 16.0 16.1 16.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; gait220 নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  17. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 284
  18. 18.0 18.1 Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 148
  19. 19.0 19.1 Barua Gunaviram Assam Buranji or A History of Assam 2008 page 102
  20. (Gait 1926, পৃষ্ঠা 223)
  21. Bhuyan Dr. S.K. Tunkhungia Buranji or A History of Assam (1681–1826) 1968 page 195
  22. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1981 page 286
  23. (Gait 1926, পৃষ্ঠা 221)