চুজিন্ফা
চাওফা চুজিন্ফা 𑜋𑜧𑜨𑜇𑜡 𑜏𑜢𑜤𑜰𑜫𑜊𑜢𑜃𑜫𑜇𑜡 | |
---|---|
চাওফা
| |
ৰাজত্ব | ১৬৭৫-১৬৭৭ |
অভিষেক | ১৬৭৫ |
উত্তৰাধিকাৰী | চুদৈফা |
সম্পূৰ্ণ নাম | |
চাওফা চুজিন্ফা | |
বাসগৃহ | নামৰূপীয়া ফৈদ, আহোম ৰাজবংশ |
পিতৃ | টাইলাই (নামৰূপীয়া ৰজা) |
সমাধিস্থল | চে-ৰায়-দয় |
ধৰ্ম | আহোম ধৰ্ম, হিন্দু ধৰ্ম |
|
চাওফা চুজিন্ফা (আহোম: 𑜋𑜧𑜨𑜇𑜡 𑜏𑜢𑜤𑜰𑜫𑜊𑜢𑜃𑜫𑜇𑜡) বা সুৰ সিংহ আহোম সাম্ৰাজ্যৰ নামৰূপীয়া ফৈদৰ এজন স্বৰ্গদেৱ আছিল। পূৰ্বৰ স্বৰ্গদেৱ গোবৰ ৰজা আৰু প্ৰতিপত্তিশালী বিষয়া ডেবেৰা বৰবৰুৱাক ক্ষমতাচ্যুত কৰি আতন বুঢ়াগোহাঁয়ে চুজিন্ফাক সিংহাসনত অধিষ্ঠিত কৰে। আতন বুঢ়াগোহাঁইকে ধৰি আন বিষয়াসকলৰ পৰামৰ্শ আৰু সহযোগিতাৰে তেওঁৰ শাসনকালৰ ভালদৰেই আৰম্ভণি হয় যদিও কুৱঁৰী আৰু অন্য কিছু বিষয়াৰ কথাত বুঢ়াগোহাঁইৰ কৰ্তৃত্বক আওকান কৰিবলৈ লোৱাৰ ফলতে দুয়োপক্ষৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। প্ৰথমবাৰ চুজিন্ফাই বুঢ়াগোহাঁইৰ বাহিনীক প্ৰতিৰোধ কৰে যদিও দ্বিতীয়বাৰত গুৱাহাটীৰ সেনাবাহিনী ডাঙৰীয়াগৰাকীৰ লগ লগাৰ বাবে এয়া প্ৰতিহত কৰাত ব্যৰ্থ হয়। তেওঁক ক্ষমতাচ্যুত কৰি চকু কঢ়া হয়। কোনো লোকৰ মতে তেওঁ আত্মহত্যা কৰে আৰু কিছু সূত্ৰৰ মতে লালুকসোলা বৰফুকনৰ ভ্ৰাতৃ ভাতধৰা ফুকনে তেওঁক হত্যা কৰে।
উত্তৰাধিকাৰ আৰু প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]চুজিন্ফা নামৰূপীয়া ৰজা টাইলাইৰ পুত্ৰ আৰু পূৰ্বৰ ৰজা চুচেংফা ওৰফে প্ৰতাপ সিংহৰ নাতি আছিল। তেওঁ আহোম ৰাজবংশৰ নামৰূপীয়া ফৈদৰ কোঁৱৰ আছিল। ৰজা হোৱাৰ আগতে তেওঁৰ নাম আছিল অৰ্জুন কোঁৱৰ। তেওঁৰ কুঁৱৰী আছিল সম্ভ্ৰান্ত সন্দিকৈ পৰিয়ালৰ জীয়ৰি আৰু তেওঁৰ ফালৰ পৰা চুজিন্ফাৰ চেংমুং, দীঘলা, চুত্যাং আৰু চুন্নাং নামৰ চাৰিজন পুত্ৰ আছিল। তেওঁলোকক যথাক্ৰমে কলীয়া গোহাঁই, দীঘলা গোহাঁই, ধলা গোহাঁই আৰু সৰু গোহাঁই নামেৰে জনা গৈছিল। চুজিন্ফাই সপৰিয়ালে দিহিংত নিজা ঘৰ-বাৰী তদাৰক কৰি আছিল।[1][2]
সিংহাসনত আৰোহণ
[সম্পাদনা কৰক]১৬৭২ চনত চুন্যৎফা ওৰফে উদয়াদিত্য সিংহৰ ক্ষমতাচ্যুতি আৰু প্ৰাণনাশৰ পিছত ৰাজ্যৰ শাসনভাৰ দুৰ্বল ৰজাৰ হাতত ন্যস্ত হয়। সেই সময়ছোৱাত তিনিজন শীৰ্ষ ৰাজবিষয়া ক্ৰমে ডেবেৰা বৰবৰুৱা, আতন বুঢ়াগোহাঁই আৰু লালুকসোলা বৰফুকনৰ মাজত ক্ষমতাক লৈ অঁৰিয়াঅঁৰি চলে। যি সময়ত অসমৰ বহুসংখ্যক ক্ষমতাশালী বিষয়া (তেওঁলোকক শৰাইঘটীয়া হিচাপে জনা যায়) শৰাইঘাটৰ যুদ্ধৰ পিছত নতুনকৈ দখল কৰা গুৱাহাটীৰ পহৰাদাৰী কৰা কাৰ্যত ব্যস্ত আছিল এই যুঁজখনত প্ৰথমে গড়গাঁৱৰ প্ৰশাসনিক ক্ষেত্ৰখনৰ হৰ্তা-কৰ্তা বিধতা ৰূপত ডেবেৰা বৰবৰুৱাৰ উত্থান ঘটে। ডেবেৰা ক্ষমতাত থকা কালছোৱাত তিনি বছৰৰ ভিতৰতে তিনিজনকৈ ৰজাক ক্ষমতাচ্যুত কৰি বধ কৰা হয়। চুন্যাৎফাৰ পিছত বৰবৰুৱাই চুক্লমফা আৰু চুহুংক ৰাজপাটত বহোৱাই পিছলৈ বধ কৰে। ইয়াৰ পিছত তুংখুঙীয়া ফৈদৰ কোঁৱৰ গোবৰ ৰজাক সিংহাসনত উঠোৱা হয়। ইফালে শৰাইঘটীয়াসকলে ডেবেৰাৰ স্বেচ্ছাচাৰৰ অন্ত পেলাবলৈ সিদ্ধান্ত লয় আৰু সেয়ে প্ৰধান মন্ত্ৰী আতন বুঢ়াগোহাঁইৰ নেতৃত্বত ৰাজধানী গড়গাঁৱলৈ অগ্ৰসৰ হয়। ডেবেৰা বৰবৰুৱা আৰু গোবৰ ৰজাক বন্দী কৰি মৃত্যুদণ্ড দিয়া হয়। বিষয়াসকলে আতন বুঢ়াগোহাঁইক সিংহাসনত বহিবলৈ কয় যদিও তেওঁ এই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে। বুঢ়াগোহাঁয়ে ৰাজপাটৰ উপযুক্ত ৰাজকোঁৱৰৰ সন্ধান কৰে আৰু অৰ্জুন কোঁৱৰক পাই তেওঁক ৰজা হিচাপে মনোনীত কৰে।
১৬৭৫ খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত নতুনকৈ সজা শিঙৰিঘৰ বৰনাওশালত অৰ্জুন কোঁৱৰৰ ৰাজ-অভিষেক সম্পন্ন হয় আৰু তেওঁ আহোমমতে চুজিন্ফা আৰু হিন্দুমতে সুৰ সিংহ নাম লয়। দিহিংত ঘৰ হোৱাৰ বাবে তেওঁ দিহিঙীয়া ৰজা নামেৰেও পৰিচিত আছিল।[2][3] চুজিন্ফা মহা আড়ম্বৰৰে সৈতে ৰাজপাটত উঠে। জনসাধাৰণৰ মাজত যথেষ্টসংখ্যক টকা বিতৰণ কৰা হয় আৰু সাদিনীয়াকৈ উৎসৱ চলে।[4]
ৰাজত্বকাল
[সম্পাদনা কৰক]চুজিনফা আৰু আতন বুঢ়াগোহাঁয়ে ডেবেৰা বৰবৰুৱাৰ স্বৈৰাচাৰী মন্ত্ৰিত্বত অস্থিৰ হৈ পৰা ৰাজধানী গড়গাঁৱৰ প্ৰশাসনিক দিশটোৰ ঠান-থিত লগাবলৈ তৎপৰ হয়। ডেবেৰাই নিযুক্তি দিয়া বিষয়াসমূহ ভাঙি নতুন বিষয়া পতা হয়। এওঁলোক হৈছে কেন্দুগুৰীয়া ছেং-ক্লঙ (বৰপাত্ৰগোহাঁই), গুইমেলা বৰগোহাঁইৰ পুত্ৰ লালুক (বৰগোহাঁই) আৰু ৰঙাচিলাৰ পুত্ৰ লানচিং-ছৈকন (বৰবৰুৱা)।[5] ডেবেৰাই হত্যা কৰা ফুকন আৰু বৰুৱাসকলৰ পুত্ৰ আৰু ভতিজাকসকলক ফুকন আৰু বৰুৱাৰ পদত অধিষ্ঠিত কৰা হয়।[6][7]
প্ৰধান মন্ত্ৰীৰ সৈতে বিৰোধ
[সম্পাদনা কৰক]আতন বুঢ়াগোহাঁইৰ জ্ঞান আৰু দূৰদৰ্শীতাৰ সহায়ত চুজিন্ফাৰ ৰাজত্বকাল প্ৰাচুৰ্য আৰু শান্তিপূৰ্ণ হোৱাৰ প্ৰতিশ্ৰুতি দেখা গৈছিল। কিন্তু কিছুসংখ্যক বিষয়া আৰু সম্ভ্ৰান্ত লোকে বুঢ়াগোহাঁইৰ বৰ্দ্ধিত ক্ষমতালৈ মন কৰি এই কথা ভাল পোৱা নাছিল। গতিকে এই বিষয়াসকলে বুঢ়াগোহাঁই আৰু ৰজাৰ মাজত বিবাদ ঘটাবলৈ পাঙ পাতে। লাও বৰচেতিয়া নামৰ এজন বিষয়াই তেওঁলোকৰ মাজত কন্দল লগাবলৈ গাত লয়। ৰাজমাওৰ ওচৰ সম্পৰ্কীয় লোক হিচাপে ৰাজকাৰেঙলৈ বৰচেতিয়াৰ অবাধ আহ-যাহ আছিল। তেওঁ বৰকুঁৱৰীৰ মনত এক ভয় ওপজাবলৈ সক্ষম হয় যে বুঢ়াগোহাঁয়ে বৰ্তমানৰ দৰেই ক্ষমতাত অধিষ্ঠিত হৈ থাকিলে কুঁৱৰীৰ চাৰিওজন পুত্ৰলৈ বিপদ আহিব পাৰে। বৰকুঁৱৰীয়ে বৰচেতিয়াই আঙুলিয়াই দিয়াৰ দৰেই স্বৰ্গদেউক কয় যে বুঢ়াগোহাঁই আৰু ফুকনসকলে চুজিৰ্ন্ফাৰ পুত্ৰসকলৰ প্ৰতি কোনো ভাল ভাৱ পোষণ নকৰে আৰু তেওঁৰ মৃত্যুৰ পিছত পুতেককেইজনৰ জীৱন সুৰক্ষিত হৈ নাথাকিবও পাৰে। ৰাজকোঁৱৰকেইজনে এই কথা সমৰ্থন কৰি কয় যে তেওঁলোক নামতহে; বুঢ়াগোহাঁয়ে সকলো ক্ষমতা নিজৰ হাতত ৰাখিছে। এনেকৈয়ে ৰজাৰ মনত আতন বুঢ়াগোহাঁইৰ প্ৰতি বিদ্বেষৰ ভাৱে গঢ় লৈ উঠে।[8]
ইফালে এদিন চিকাৰলৈ যোৱাৰ উত্তেজনাত মতলীয়া চুজিনফাৰ দুজন পুত্ৰই বুঢ়াগোহাঁইৰ বাট আগচি ধৰে। লাও বৰচেতিয়াই অসন্মান প্ৰদৰ্শনৰ এই ঘটনাটোৰ পৰিণতি গুৰুতৰ কৰি তোলে আৰু বুঢ়াগোহাঁয়ে ৰাজকোঁৱৰ কেইজনৰ ওপৰত কঠোৰ ব্যৱস্থা ল’বলৈ গুনা-গঁঠা কৰিছে বুলি অভিযোগ দিয়া হয়। তেতিয়া দুয়ো কোঁৱৰে প্ৰধানমন্ত্ৰীজনক ওচৰৰ ছাউনীত শুই থকা অৱস্থাতে হত্যা কৰিবলৈ পৰিকল্পনা কৰে। ঈফালে বৰ্চেতিয়াই এই পৰিকল্পনাৰ কথা বুঢ়াগোহাঁইক অৱগত কৰাৰ তেওঁ ঘৰলৈ পলাই সাৰে। এইদৰেই দুমুখীয়া নীতিৰে বৰচেতিয়াই ৰাজপৰিয়াল আৰু প্ৰধানমন্ত্ৰীৰ সম্পৰ্ক অধিক জটিল কৰি তোলে।[8] ইয়াৰ পিছত বৰচেতিয়াই ৰজাৰ পৰা দৈনিক বুঢ়াগোহাঁইলৈ উপহাৰ অনা-নিয়া কৰা লিগিৰী এজনীৰ হতুৱাই বুঢ়াগোহাঁইক খবৰ দিয়াই যে ৰজাই তেওঁক বন্দী কৰাৰ আয়োজন চলাইছে। বুঢ়াগোহাঁয়ে লিগিৰীজনীক ওপৰখাপৰ পদবী দিয়াৰ আশ্বাস দি এই বিষয়ে অধিক বাতৰি বিচাৰে। আনহাতে লিগিৰীয়ে ৰজাক গৈ কয় যে বুঢ়াগোহাঁয়ে ৰজাক আক্ৰমণ কৰাৰ যো-জা কৰিছে। এই কথাকেই বিশ্বাস কৰি ৰজাই কাৰেঙৰ দুৱাৰত অতিৰিক্ত প্ৰহৰী নিয়োগ কৰে আৰু বুঢ়াগোহাঁইৰ লগতে তেওঁৰ সহযোগীসকলৰ কাম-কাজত নজৰ দিবলৈ চৰ পঠিয়ায়।[8][9] ইফালে ফুকনসকলে ৰজাৰ এই আয়োজনৰ ভু পাই এয়া সমাপ্ত কৰাৰ আগেয়েই ৰজাক আক্ৰমণ কৰাৰ পক্ষে বুঢ়াগোহাঁইক পৰামৰ্শ দিয়ে। বুঢ়াগোহাঁয়ে এই কথা সমৰ্থন নকৰি সন্দেহবোৰৰ স্পষ্টীকৰণ বিচাৰি ৰজাক লগ কৰাৰ সপক্ষে মত দিয়ে। লাও বৰচেতিয়াই এই কথাত ভয় খাই বৰকুঁৱৰীক পতিয়ন নিয়ায় যে ৰাজবিষয়াসকলৰ সৈতে বৈঠকত বহিলে তেওঁলোকে ৰজাক পূৰ্ব-পৰিকল্পনা মতে ধ্বংস কৰাৰ সুযোগ পাব। সেইমতে বৰকুঁৱৰীয়ে ৰজাক এই বিষয়ে সাৱধান কৰি দিয়ে। সেয়ে আতন বুঢ়াগোহাঁইৰ নেতৃত্বত ৰাজবিষয়াসকল ৰজাক সাক্ষাত কৰিবলৈ আহোঁতে নৰীয়াত পৰাৰ অজুহাতত ৰজাই তেওঁলোকক ঘৰলৈ ঘূৰি যাবলৈ কয়। এই ঘটনাৰ পিছত বিষয়াসকলে চুজিন্ফাৰ দ্বেষপূৰ্ণ মনোভাৱৰ উমান পায়।[9][10]
বুঢ়াগোহাঁইৰ দ্বাৰা সিংহাসনচ্যুত কৰাৰ ব্যৰ্থ প্ৰয়াস
[সম্পাদনা কৰক]স্বৰ্গদেউ চুজিনফাই আতন বুঢ়াগোহাঁইৰ সহযোগীসকলক ধৰিবলৈ কৰা আয়োজন অব্যাহত ৰাখে। ৰাজকাৰেঙৰ লোকসকলক অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত কৰি তোলাৰ লগতে প্ৰৱেশ পথসমূহত হিলৈ-বৰটোপ স্থাপন কৰা হয়। চাৰিওজন কোঁৱৰে এই সমস্ত প্ৰস্তুতিৰ তদাৰক কৰে। আনহাতে বুঢ়াগোহাঁইৰ বিশ্বাসী টেপৰতলীয়া ৰাম ফুকন, দিলিহিয়াল লাঙি ফুকন, কলঞ্চু ফুকন গোবিন্দ আৰু ভিতৰুৱাল ফুকন বেতমেলাই এই কথাৰ সম্ভেদ পাই ৰজাৰ অভিসন্ধিৰ মোকাবিলা কৰিবলৈ তাৎক্ষণিক ব্যৱস্থা ল’বলৈ জোৰ দিয়ে আৰু পিছদিনাই সেয়া কাৰ্যকৰী কৰিবলৈ লোৱা হয়। ফুকনসকলে বুঢ়াগোহাঁইক নেতৃত্ব ল’বলৈ কোৱাত থেৰোগেঁৰো কৰিলেও এই বুঢ়াগোহাঁই এই কথাত সন্মত হয়।
১৬৭৬ চনৰ ২৫ জুনত অস্ত্ৰ-শস্ত্ৰৰে সুসজ্জিত হৈ বুঢ়াগোহাঁইৰ বাহিনী কাৰেঙৰ ফালে আগবাঢ়ে। বুঢ়াগোহাঁয়ে তেওঁৰ জোঁৱায়েক ৰামচৰণ বৰপাত্ৰগোহাঁইক দলটোত যোগদান কৰিবলৈ আহ্বান জনায়। বৰপাত্ৰগোহাঁয়ে গা-ধুবলৈ যোৱাৰ চলেৰে দলত তাৎক্ষণিকভাৱে যোগদান নকৰি তেওঁৰ আধাসংখ্যক মানুহ লগত দি পঠায় যদিও বাকী আধা নিজৰ লগত ৰাখে। মাজৰাতি পাৰ হওঁতেই সৈন্য-সামন্তৰে সৈতে দলটো ৰাজকাৰেঙৰ চৌহদত প্ৰৱেশ কৰে। হুৱাদুৱা লগাত চুজিন্ফা সাৰ পাই তৎক্ষণাত হাতত হেংদাং লৈ চন্তৰীৰে সৈতে ওলাই আহে আৰু বাৰজন আক্ৰমণকাৰীৰ প্ৰাণনাশ কৰে। ক্ৰোধান্বিত ৰজাক দেখি বুঢ়াগোহাঁই দোলাৰ পৰা নামি যায় আৰু বৰচ’ৰাৰ খালী ঠাইত আশ্ৰয় লয়। দোলাৰ ভিতৰত ডাঙৰীয়া বহি থকা বুলি ৰজাই তাতো হেংদাঙেৰে আঘাত হানে। পৰাজিত হৈ বুঢ়াগোহাঁই ৰাজধানী এৰি পলাই যায় আৰু দেৰগাঁৱত ছাউনী পাতে।[11][12][13]
পিছদিনা পুৱা ৰজাই আগশাৰীৰ বিষয়াসকলক মাতি আনি বুঢ়াগোহাঁইৰ এই আক্ৰমণৰ কথা অত্যুক্তি কৰি কয় আৰু বুঢ়াগোহাঁয়ে যিহেতু নিজেই কোঁৱৰক পৈতৃক গৃহৰ পৰা আনি ৰজা পাতিছিল সেয়ে ইয়াক অবন্ধুত্বসুলভ তথা অপ্ৰৰোচিত আখ্যা দিয়ে।[14] এই বৈঠকত চুজিনফাই বিষয়াসকলক হিন্দু আৰু আহোম ধৰ্ম উভয়ৰ নিয়মমতে শপত লৈ তেওঁলোকৰ আনুগত্য পুনৰ প্ৰকাশ কৰিবলৈ কয়। সেইমতে শপত গ্ৰহণৰ অনুষ্ঠান ধৰ্মীয় নিয়ম অনুসৰি সম্পন্ন কৰি বিষয়াসকল নিজ নিজ বাসগৃহলৈ উলটি যায়।[13][14]
বুঢ়াগোহাঁইৰ সৈতে বুজাবুজিৰ প্ৰয়াস
[সম্পাদনা কৰক]আতন বুঢ়াগোহাঁয়ে গুৱাহাটীৰ ফুকন আৰু ৰাজখোৱাসকললৈ দিলিহীয়াল গোহাঁই ফুকন আৰু ৰাম তামূলীৰ হতুৱাই অনুৰোধ পঠায় যে জৰুৰীকালীন সময়ত ইজনে-সিজনৰ কাষত থিয় দিবলৈ কৰা পূৰ্বৰ অংগীকাৰ মতে ডা-ডাঙৰীয়াসকল তেওঁৰ সহায়ৰ বাবে আহিব লাগে। গুৱাহাটীৰ বিষয়াসকলে তাৎক্ষণিকভাৱে এই কথাৰ সঁহাৰি দিয়ে আৰু লালুকসোলা বৰফুকনৰ নেতৃত্বত এক বিশাল বাহিনী বুঢ়াগোহাঁইৰ ছাউনীলৈ আগবাঢ়ে।[15]
ইফালে চুজিন্ফাই বুঢ়াগোহাঁইৰ লগত মিত-মাত কৰিবলৈ ব্যগ্ৰ হৈ পৰে আৰু তেওঁৰ ছাউনীলৈ কটকী প্ৰেৰণ কৰে। বুঢ়াগোহাঁয়ে চতুৰতাৰে কটকীসকলৰ পৰা আঁতৰি থাকে আৰু ৰজাক লগ কৰিবলৈ অনিচ্ছা প্ৰদৰ্শন কৰে। প্ৰথমাৱস্থাত ৰজাই শাক্ত পুৰোহিত কাত্যায়ন ভট্টাচাৰ্যৰ পুত্ৰক বন্ধুত্ব আৰু সদ্ভাৱৰ বতৰা দি জকাইচুকলৈ প্ৰেৰণ কৰে কিন্তু বুঢ়াগোহাঁয়ে ইতিমধ্যেই জকাইচুক এৰি যায়। পিছত পাঠক চন্দ্ৰ নামৰ কটকী পঠোৱা হয় যদিও তেওঁক প্ৰৱেশদ্বাৰত সোমাবলৈ অনুমতি দিয়া নহয়। তেতিয়া ৰজাই বৰপাত্ৰগোহাঁই, বৰগোহাঁই, সলাল গোহাঁই, লাও বৰচেতিয়া আৰু মূৰামৰাৰ মহন্তক বুজা-পৰাৰ বাবে বুঢ়াগোহাঁইৰ শিবিৰলৈ পঠায় কিন্তু তেওঁলোককো শিবিৰৰ চৌহদত সোমোৱাৰ অনুমতি দিয়া নহয়। একেদৰে দক্ষিণপাট সত্ৰৰ বনমালী গোসাঁই আৰু বেঙেনআটি সত্ৰৰ ৰামকৃষ্ণ বাপুৰ আগমনো ফলপ্ৰসূ নহয়। প্ৰধানমন্ত্ৰীজনৰ এনে নেতিবাচক আচৰণত চুজিন্ফা বাৰুকৈ চিন্তিত হয়। সম্পূৰ্ণ ক্ষমাদানৰ চৰ্ত বান্ধি বৰচেতিয়াৰ সৈতে গোহাঁইকেইজনক বুজা-পৰাৰ বাবে পুনৰ পঠিওৱা হয়। এইবাৰ বুঢ়াগোহাঁয়ে তেওঁলোকক সাক্ষাত কৰি ৰজাৰ বাৰ্তাটো শুনে যদিও এই আশ্বাসত পতিয়ন নগৈ আত্মসমৰ্পণ কৰিবলৈ অপাৰগ হয়। তেওঁ বৰগোহাঁইক কথাৰে সৈমান কৰাই নিজৰ ফলীয়া কৰে যদিও ৰামচৰণ বৰপাত্ৰগোহাঁই সৈমান কৰোৱাত ব্যৰ্থ হয়। ইফালে বৰপাত্ৰগোহাঁই তেওঁৰ জোঁৱায়েক হোৱাৰ বাবে ৰখীয়াৰে সৈতে তেওঁক কলিয়াবৰলৈ প্ৰেৰণ কৰে। লাও বৰচেতিয়াক বন্দী কৰি ৰখা হয়।[13][16]
চিনাতলীৰ যুদ্ধ
[সম্পাদনা কৰক]দেৰগাঁৱৰ বাতৰি পাই চুজিন্ফাই চিনাতলীৰ দুৰ্গ মেৰামতি কৰোৱায় আৰু সৈন্য-সামন্তৰে সৈতে তাতেই ৰয়। গজপুৰতো এজন ৰাজকীয় দুৰ্গৰক্ষক নিয়োগ কৰা হয়। সেই সময়তে লালুকসোলা বৰফুকন আৰু গুৱাহাটীৰ প্ৰধান প্ৰধান সেনাপতিসকল দেৰগাঁৱৰ বুঢ়াগোহাঁইৰ শিবিৰ আহি পায়। তেওঁলোকে গজপুৰ আৰু চিনাতলীত ৰাজকীয় সৈন্যক আক্ৰমণ কৰাৰ সিদ্ধান্ত লয়। ২৯ আহাৰৰ দিনা (১৫৯৮ শক, ১৬৭৬ চন) বুঢ়াগোহাঁইৰ বাহিনীয়ে নাৱেৰে দেৰগাঁৱৰ পৰা গজপুৰ অভিমুখে আগবাঢ়ে। ৰজাৰ সৈন্যই গজপুৰৰ দুৰ্গ এৰি গৈ চিনাতলীৰ দুৰ্গৰ বাহিনীৰ লগ লাগে। বুঢ়াগোহাঁই আৰু বৰফুকনৰ যুটীয়া আক্ৰমণত ৰজাৰ ফালৰ বহুসংখ্যক সৈন্যই প্ৰাণ হেৰুৱায়। এজন মানুহক ৰক্ষা কৰিবলৈ ইমানবোৰ মানুহৰ প্ৰাণ হানি হোৱাত চুজিন্ফাই অনুতাপ কৰি ৰাজধানীৰ মুখ্য প্ৰৱেশদ্বাৰ সিংহদুৱাৰলৈ পিছুৱাই যায় আৰু তাতে ডাণজ্ঞৰীয়াকেইজনৰ সৈতে নৌযুদ্ধত লিপ্ত হয়। সন্ধিয়ালৈকে চলা যুঁজত ৰাজকীয় বাহিনী সম্পূৰ্ণৰূপে পৰাস্ত হয়। কিৰকিৰিয়া বৰবৰুৱা আৰু চুজিনফাৰ পুত্ৰ কলীয়া গোহাঁয়ে শেষপৰ্যন্ত প্ৰৱেশদ্বাৰ ৰক্ষা কৰাৰ চেষ্টা কৰিও ব্যৰ্থ হোৱাত কোঁৱৰ পলাই যায়।[17]
বন্দীত্ব আৰু ক্ষমতাচ্যুত
[সম্পাদনা কৰক]চুজিন্ফাই যুদ্ধক্ষেত্ৰ এৰি নাৱেৰে উজাই গৈ ছাউনী এটাত ৰয় আৰু নিজৰ ব্যক্তিগত তামূলী লিগিৰাৰ সৈতে ঘোঁৰাত উঠি ছাউনী এৰে। ঘোঁৰাৰ পৰা নামি তেওঁ তামূলীক চাৰিমুঠি চিকাৰূপ আৰু তামূলীৰ প্ৰতি থকা ৰজাৰ স্নেহৰ চিনস্বৰূপে নিজে পিন্ধা গাৰ কাপোৰৰ এপদ দি কয় যে তামূলীৰ জীৱনকালৰ এতিয়াও কিছুবছৰ বাকী আছে। গতিকে ৰজাৰ লগতে তেওঁ মৰিব নালাগে। ইয়াকে কৈ তামূলীক তেওঁৰ লগ এৰি যাবলৈ কয়। ক্ৰন্দনৰত তামূলীক বিদায় দি চুজিনফাই তেওঁৰ কুঁৱৰী আৰু সন্তানকেইজনৰ সৈতে শেষ মুহূৰ্তকেইটা কটাবৰ বাবে গড়গাঁৱৰ কাৰেংঘৰত আশ্ৰয় লয়। ভাতধৰা ফুকনৰ তত্ত্বাৱধানত ৰজাক কাৰেঙতে নজৰবন্দী কৰি পহৰা দি ৰখা হয়।[18]
ফুকন আৰু অন্যান্য বিষয়াসকলে আতন বুঢ়াগোহাঁইকে সিংহাসনত বহিবলৈ কয় যদিও তেওঁ মান্তি নহৈ চুহুন্মুংৰ নাতি চৰাইদেউৰ পৰ্বতীয়া কোঁৱৰ চুদৈফাক স্বৰ্গদেৱ পাতে।[19][20]
মৃত্যু
[সম্পাদনা কৰক]সিংহাসনত আৰোহণ কৰি চুদৈফা আৰু বিষয়াসকলে ভৱিষ্যতে হ’ব পৰা বিপদৰ কথা চিন্তা কৰি চুজিন্ফাৰ চকু কাঢ়ি ৰজা হোৱাৰ যোগ্যতা নোহোৱা কৰিবলৈ সিদ্ধান্ত লয়। ভাতধৰা ফুকন আৰু বেতমেলা ফুকনক এই দায়িত্ব অৰ্পণ কৰা হয় যদিও ভাতধৰা ফুকনে নিৰ্মমভাৱে চুজিন্ফাক হত্যা কৰি তেওঁৰ কুঁৱৰীক বলাৎকাৰ কৰে। আতন বুঢ়াগোহাঁয়ে এই কাৰ্যৰ বিৰোধিতা কৰি পিছদিনাই ভাতধৰাক ৰাজসভাৰ পৰা বহিষ্কাৰ কৰি বাহিৰত স্থান দিয়ে।[21]
আন এক প্ৰবাদ মতে চুজিৰ্ন্ফাই ৰত্নাৱলী বুকুত বান্ধি বিহ খাই আত্মহত্যা কৰে।[19]
কিছু লোকৰ মতে দৃষ্টিশক্তি হেৰুৱাই ১৬৭৭ চনৰ জুলাইত চুজিন্ফাই শিলত মূৰ খুন্দিয়াই আত্মহত্যা কৰে। বৰকোঁৱৰ দীঘলা পলাই সৰাৰ বিপৰীতে মাজু কোঁৱৰ কলীয়া গোহাঁইৰ চকু কাঢ়ি নামৰূপলৈ পঠোৱা হয়। সৰু কোঁৱৰ দুজনক প্ৰাণে মৰা হয়। চুজিন্ফাৰ দেহ চৰাইদেউত সমাধিস্থ কৰা হয়।[22]
চৰিত্ৰ
[সম্পাদনা কৰক]চুজিন্ফাক বুৰঞ্জীসমূহে শান্তিপ্ৰিয় ব্যক্তি আখ্যা দিছে। তেওঁ কঠোৰতা আৰু নিষ্ঠুৰতাৰ পৰা পাৰ্যমানে দূৰত থাকিছিল আৰু পৰিস্থিতিত পৰি তেনে কোনো কাম কৰিলেও অনুতপ্ত হৈছিল। তেওঁক স্বভাৱতে কৃতজ্ঞ আৰু পৃষ্ঠপোষক আখ্যা দিয়া হৈছে। তেওঁ নিজৰ নিকট সহযোগীসকলে আঘাত পাই বুলি তেওঁলোকৰ পৰামৰ্শ অস্বীকাৰ বা অবিশ্বাস কৰিবলৈ নিবিচাৰিছিল। কিন্তু তেওঁ খৰখেদাকৈ কোনো সিদ্ধান্ত ল’ব বা ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিছিল। ৪০ বছৰ বয়সত ৰজা হোৱালৈকে এজন কোঁৱৰে লাভ কৰা পৰিৱেশ এটাৰ বাদে তেওঁৰ কোনো আনুষ্ঠানিক প্ৰশিক্ষণ নাছিল। সেই সময়ৰ ৰাজ্যৰ প্ৰতিকূল পৰিস্থিতি তেওঁৰ বাবে অতিশয় জটিল হৈ পৰিল।[23]
টোকা
[সম্পাদনা কৰক]- ↑ (Bhuyan 1957, পৃষ্ঠা 113–114)
- ↑ 2.0 2.1 (Barbaruah 1981, পৃষ্ঠা 202–203)
- ↑ (Bhuyan 1957, পৃষ্ঠা 113)
- ↑ (Gait 1906, পৃষ্ঠা 161–162)
- ↑ (Gogoi 1968, পৃষ্ঠা 488)
- ↑ (Bhuyan 1957, পৃষ্ঠা 111)
- ↑ (Barbaruah 1981, পৃষ্ঠা 202)
- ↑ 8.0 8.1 8.2 (Bhuyan 1957, পৃষ্ঠা 118)
- ↑ 9.0 9.1 (Barbaruah 1981, পৃষ্ঠা 204)
- ↑ (Bhuyan 1957, পৃষ্ঠা 119–120)
- ↑ (Bhuyan 1957, পৃষ্ঠা 120–122)
- ↑ (Barbaruah 1981, পৃষ্ঠা 204–205)
- ↑ 13.0 13.1 13.2 (Gait 1906, পৃষ্ঠা 162)
- ↑ 14.0 14.1 (Bhuyan 1957, পৃষ্ঠা 123)
- ↑ (Bhuyan 1957, পৃষ্ঠা 124)
- ↑ (Bhuyan 1957, পৃষ্ঠা 123–127)
- ↑ (Bhuyan 1957, পৃষ্ঠা 127–128)
- ↑ (Bhuyan 1957, পৃষ্ঠা 128–129)
- ↑ 19.0 19.1 (Barbaruah 1981, পৃষ্ঠা 206)
- ↑ (Bhuyan 1957, পৃষ্ঠা 129)
- ↑ (Bhuyan 1957, পৃষ্ঠা 129–130)
- ↑ (Gait 1906, পৃষ্ঠা 163)
- ↑ (Bhuyan 1957, পৃষ্ঠা 131)
তথ্য উৎস
[সম্পাদনা কৰক]- Barbaruah, Hiteswar (1981) (Assamese ভাষাত). Ahomor Din. প্ৰকাশক Guwahati: Publication Board of Assam.
- Bhuyan, S K (1957). Atan Burhagohain and his times. প্ৰকাশক Guwahati: Lawyers Book Stall.
- Bhuyan, S K, ed (1968). Tunkhungia Buranji (2 সম্পাদনা). প্ৰকাশক Guwahati: Lawyers Book Stall.
- Gait, Edward A (1906), A History of Assam, প্ৰকাশক Calcutta, https://books.google.com/books?id=w-6kr1IyHJkC
- Gogoi, Padmeswar (1968). The Tai and the Tai Kingdoms. প্ৰকাশক Guwahati: Department of Publications, Gauhati University.