সমললৈ যাওক

চুপিম্‌ফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুপিম্‌ফা
চাওফা
১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-পিম-ফা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

চুপিম্‌ফা বা চাওফা চ্যু-পিম-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜆𑜪𑜢 𑜇𑜡)১৪৯৩ চনৰ পৰা ১৪৯৭ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ আছিল। পিতৃ চুহেনফাৰ হত্যাকাৰীৰ প্ৰতিশোধ ল'বলৈ তেওঁ উচ্চ আৰু নিম্ন বৰ্গৰ লোকৰ ওপৰত সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। সাধাৰণ ভুলৰ বাবে তেওঁ নিজৰ এগৰাকী গৰ্ভৱতী পত্নীক নগা পাহাৰলৈ নিৰ্বাসন দিছিল। ৰাণীয়ে কন্‌ছেং নামৰ পুত্ৰ সন্তানৰ জন্ম দিয়ে যি পাছত আহোম ৰাজ্যৰ প্ৰথম বৰপাত্ৰগোহাঁই হিচাপে বিচক্ষণতাৰ পৰিচয় দিছিল।

সিংহাৰোহণ

[সম্পাদনা কৰক]

চুপিম্‌ফা ৰজা চুহেনফাৰ জ্যেষ্ঠ পুত্ৰ আছিল। ১৪৯৩ চনত পিতাকৰ মৃত্যুৰ পাছত চুপিম্‌ফা স্বৰ্গদেউ হিচাপে শিঙৰি ঘৰত উঠে।

ৰাজত্বকাল

[সম্পাদনা কৰক]

চুহেনফাৰ হত্যাকাৰীৰ শাস্তি

[সম্পাদনা কৰক]

শাসনভাৰ লৈয়েই চুপিম্‌ফাই পিতাক চুহেনফাৰ হত্যাকাৰীক বিচাৰিবলৈ মানুহ লগায়। লন্তৰুবন আৰু তেওঁৰ দুজন পুত্ৰ টাওফ্ৰং আৰু খুন্তাওক ধৰি মৃত্যুদণ্ড বিহা হয়।[1] আন ষড়যন্ত্ৰকাৰীসকলকো শাস্তি দিয়া হয়। খুংলুং বুঢ়াগোহাঁইক চুহেনফাৰ হত্যাত সন্দেহ কৰা হৈছিল। ৰজাৰ শাস্তিত ভয়ত বুঢ়াগোহাঁই পলাই যায়।[2] চুপিম্‌ফাই লগে লগে লুংলুং খাম্‌পেঙক নতুন বুঢ়াগোহাঁই পাতে। পাছত খুংলুং বুঢ়াগোহাঁই ধৰা পৰে যদিও আন বিষয়াসকলৰ অনুৰোধত তেওঁ মৃত্যুদণ্ডৰ পৰা সাৰে। তেওঁৰ সম্পত্তি বাজেয়াপ্ত কৰি তেওঁক গাঁৱৰ ঘৰলৈ নিৰ্বাসন দিয়া হয়।[3]

ৰাণীৰ নিৰ্বাসন আৰু কন্‌ছেঙৰ জন্ম

[সম্পাদনা কৰক]

চুহেনফাৰ দিনৰে পৰা নগাসকলে আহোম ৰাজ্যৰ লগত মিত্ৰতা বজাই ৰাখিছিল। প্ৰতি বছৰে তেওঁলোক আহোম ৰাজধানীলৈ আহি উপঢৌকন দিছিল। এজন নগা দলপতিয়ে চুপিম্‌ফাৰ পত্নী এগৰাকীৰ দেখা পাই ৰজাৰ সন্মুখতে তেওঁৰ সৌন্দৰ্যৰ প্ৰশংসা কৰে। ৰজাই খঙতে নগাজনৰ গাঁৱলৈ পত্নীক নিৰ্বাসন দিয়ে। ৰাণী সেই সময়ত গৰ্ভৱতী আছিল আৰু কিছু দিন পাছত এটি পুত্ৰ সন্তানৰ জন্ম দিয়ে।[4] তেওঁ কন্‌ছেং নামেৰে জনাজাত হয়। চুপিম্‌ফাৰ উত্তৰসূৰী চুহুন্মুঙে কন্‌ছেঙৰ কথা জানিব পাৰি তেওঁক অনাই বুঢ়াগোহাঁই আৰু বৰগোঁহাই সমপৰ্যায়ৰ বৰপাত্ৰগোহাঁই পদ সৃষ্টি কৰি নিয়োগ কৰে।[5] কন্‌ছেং বৰপাত্ৰগোহাঁয়ে চুহুন্মুঙৰ বাবে কেইবাখনো যুঁজত অংশ লয় আৰু তেওঁৰ নেতৃত্বত আহোম সেনাই পুৰণি কামৰূপ ৰাজ্যৰ পশ্চিম সীমা কৰতোৱালৈকে যায়।[6][7]

চমু ৰাজত্বকালত চুপিম্‌ফাই তেওঁৰ পিতাকৰ হত্যাৰ প্ৰতিশোধৰ বাবে বহু লোকক পৰিয়ালৰ লগতে শাস্তি আৰু মৃত্যুদণ্ড বিহে। বিষয়াসকল এই কামত সন্ত্ৰস্ত হৈ পৰিছিল। এনে অভিযান চলি থাকোঁতেই হঠাতে ১৪৯৭ চনত ৰজাৰ মৃত্যু হয়। মৃত্যুৰ কাৰণ কিছুমান বুৰঞ্জীয়ে প্ৰাকৃতিক আৰু কিছুমানে হত্যা বুলি ক'ব খোজে। অসমীয়া ইতিহাসবিদ আৰু লেখক গুণাভিৰাম বৰুৱা মতে চুহেনফাৰ মৃত্যুৱে জনতাৰ মাজত উত্তেজনা আৰু ভয়ৰ সৃষ্টি কৰিছিল। সেইবাবে বিষয়াসকলে চুপিম্‌ফাক হত্যা কৰি প্ৰকৃত কথা লুকুৱাই ৰাখে আৰু ৰজাৰ মৃত্যু প্ৰাকৃতিকভাৱে হোৱা বুলি প্ৰচাৰ কৰে।[8][9] চুপিম্‌ফাৰ পাছত তেওঁৰ পুত্ৰ চুহুন্মুং ৰাজপাটত উঠে।

  1. (Barbaruah 1981, পৃষ্ঠা 43)
  2. (Gait 1926, পৃষ্ঠা 85)
  3. (Barbaruah 1981, পৃষ্ঠা 43)
  4. (Gait 1926, পৃষ্ঠা 86)
  5. (Gait 1926, পৃষ্ঠা 90)
  6. (Barua 2008, পৃষ্ঠা 61)
  7. (Gait 1926, পৃষ্ঠা 95)
  8. (Barua 2008, পৃষ্ঠা 59)
  9. (Barbaruah 1981, পৃষ্ঠা 45)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • Barbaruah, Hiteswar (1981) (Assamese ভাষাত). Ahomar-Din or A History of Assam under the Ahoms (1 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam. 
  • Barua, Gunaviram (2008). Assam Buranji or A History of Assam (4 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam. 
  • Gait, E A (1926). A History of Assam (2 সম্পাদনা). প্ৰকাশক Calcutta: Thackar, Spink and Co.