চ্যু-ডাং-ফা
চাওফা চ্যু-ডাং-ফা | |
---|---|
চাওফা
| |
ৰাজকীয় শাসন | ১৩৯৭ – ১৪০৭ খ্ৰীষ্টাব্দ |
চুজান্ফা | |
সম্পূৰ্ণ নাম | |
চাওফা চ্যু-ডাং-ফা | |
বাসগৃহ | ছ্যু ফৈদ , আহোম ৰাজবংশ |
পিতৃ | ত্যাও খাম্টি |
ধৰ্ম | আহোম ধৰ্ম |
চুডাংফা অসমৰ আহোম ৰাজবংশৰ এজন ৰজা। তেওঁ অসমত অষ্টমজন স্বৰ্গদেউ ৰূপে ১৩৯৭ চনৰ ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল।[1] ত্যাও খাম্টিৰ মৃত্যুৰ পিছত আঠ বছৰ ধৰি আহোম ৰাজ সিংহাসন খালী হৈ আছিল। ডাঙৰীয়াসকলে ৰজাৰ উপযুক্ত লোক বিচাৰি পোৱা নাছিল। এদিনাখন এজন মানুহে গৰু কিনিবলৈ যাওঁতে এজন বামুণৰ ঘৰত এটি ৰাজলক্ষণযুক্ত ল’ৰা লগ পালে। সেই কথা আহি ডাঙৰীয়াসকলৰ আগত ক’লত ডাঙৰীয়াসকলে ল’ৰাটিক মতাই আনি ৰজাৰ উপযুক্ত যেন দেখি তেওঁকেই ৰজা পাতিছিল। ত্যাও খাম্টিৰ সৰু ৰাণীক গৰ্ভৱতী অৱস্থাত অৱস্থাত ভুৰত উঠি অহা দেখি সেই বামুণে তেওঁক নি নিজৰ ঘৰত ৰাখিছিল। তাতেই চুডাংফাৰ জন্ম হৈছিল। বাহ্মণ পৰিয়াল এটাত প্ৰতিপালিত হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়।[2][3][4] তেওঁ শিৱসাগৰৰ দিহিং নদীৰ ওচৰৰ চৰগুৱাত ৰাজধানী পাতিছিল। এওঁৰ দিনৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায়।[5] এওঁৰ দিনত ৰাজমাও আলি নিৰ্মাণ কৰা হৈছিল।[6]
পূৰ্বৱৰ্তী ঘটনাৱলী আৰু ৰাজ্যভিষেক[সম্পাদনা কৰক]
|
পূৰ্বৱৰ্তী ৰজা ত্যাও খাম্টিৰ দুগৰাকী ৰাণী আছিল। ৰাজপাটত উঠিয়েই তেওঁ ভাতৃ চুতুফাক হত্যা কৰাৰ কাৰণে[7] চুটিয়া ৰজাৰ ৰাজ্য আক্ৰমণ কৰে। তালৈ যাওঁতে তেওঁ বৰজনা কুঁৱৰীৰ হাতত শাসনভাৰ দি যায়।[4] ত্যাও খামটিৰ অনুপস্থিতিৰ সুযোগত বৰজনা কুঁৱৰীয়ে সেই সময়ত গৰ্ভৱতী অৱস্থাত থকা সৰুজনা কুঁৱৰীক মিছা অপৰাধত দোষী সাব্যস্ত কৰি প্ৰাণদণ্ড দিয়ে।[4][8] বুঢ়াগোঁহাই আৰু ডা-ডাঙৰীয়াসকলে বুদ্ধি কৰি সৰুজনা কুঁৱৰীক ভূৰ সাজি নদীত উটাই দিয়ে। এনেকৈয়ে সৰুজনা কুঁৱৰী হাবুং পায়গৈ আৰু কেইমাহমান পিছত ব্ৰাহ্মণ এঘৰত তেওঁৰ এক পুত্ৰ সন্তানৰ জন্ম হয়।[4]
বৰকুঁৱৰীৰ অন্যায় কথাত হয়ভৰ দি থকা ত্যাও খাম্টিক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰায়।[4][8] আঠবছৰ কাল ডাঙৰীয়াসকলে শাসন চলোৱাৰ পিছত[8] হাবুঙত ৰাজচিহ্ন যুক্ত বা ডাঙৰ গোষ্ঠীৰ ল'ৰা[9] থকাৰ সম্ভেদ পায়। সকলোৱে আলচি সেই ল'ৰাজন অৰ্থাৎ চুডাংফাক আনি ১৩৯৭ চনত স্বৰ্গদেৱ পাতে। ৰজা হৈ তেওঁ ত্যাওফ্ৰচুডাং নাম লয়[9] আৰু চৰগুৱাত ৰাজধানী পতাৰ লগতে শিঙ্গৰি ঘৰত উঠি সোণৰ আৰু ৰূপৰ মোহৰ মাৰে।[4]
ৰাজত্বকাল[সম্পাদনা কৰক]
তিপমীয়াসকলৰ দমন[সম্পাদনা কৰক]
চুদাংফাই ৰজা হৈ আহোম ৰাজধানী চৰাইদেওৰ পৰা তিপমীয়াসকলৰ বাসস্থানৰ অন্তৰ্ভুক্ত ঠাই চৰগুৱালৈ তুলি নিয়াৰ বাবে কিছুমান মুখ্য টাই বা আহোম মানুহ তেওঁৰ ওপৰত অসন্তুষ্ট হয় আৰু তেওঁক হত্যা কৰিবলৈ ষড়যন্ত্ৰ চলায়।[4] এই কথাৰ ভূ পাই চুডাংফাই এক ডাঙৰ ভোজ পাতি তিপমীয়াসকলক নিমন্ত্ৰণ কৰে আৰু খাবলৈ বহোঁতেই মুখিয়াল তথা বলৱান ভালেকেইজনক হত্যা কৰায়।
নৰা ৰাজ্যৰে মিত্ৰতা[সম্পাদনা কৰক]
তিপমীয়া গোঁহাইৰ জীয়ৰী খুনতাই তিপাম কোঁৱৰ ত্যাওচুলাইৰ প্ৰতি অনুৰাগী আছিল। এদিন ৰজাৰ কাৰেঙত ভোজন কৰাৰ পিছত ত্যাওচুলাইয়ে খুনতাই কুঁৱৰীলৈ বাখৰপতা আঙঠি এটা দি পঠায়।[8] এই কথা জানি চুদাংফাই ত্যাওচুলাইক ইয়াৰ কাৰণ সুধি কয়, "মোৰ কুঁৱৰীলৈ বিশ্বাসে কিয় আঙ্গঠি দি পঠালে?"[9] তেতিয়া তিপাম কোঁৱৰে ভয় পাই পলাই গৈ নৰা ৰজাৰ আশ্ৰয় লয় আৰু নৰাৰজাক জনায় যে চুডাংফাই আহোম ৰাজ্যৰ অৱনতি ঘটাই ব্ৰাহ্মণ্য শাসন প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে।[4][8] এই কথাৰ পৰাই আহোম আৰু নৰাৰ মাজত সংঘৰ্ষৰ সূত্ৰপাত হয়। নৰা ৰাজ্যৰ তাচিনপৌ নামৰ বৰগোঁহাই আৰু চুদাংফাৰ ভেটাভেটি হোৱাত আহোম ৰাজপাটত আহোম ৰাজবংশৰ ৰজা থকাৰ কথা গম পাই বৰগোঁহায়ে যুদ্ধ কৰিবলৈ অস্বীকাৰ কৰে। দুয়োপক্ষই ডই-কাও-ৰঙ্গ পৰ্বতকে সীমা নিৰ্ধাৰণ কৰি কুকুৰা কাটি শপত লৈ মিত্ৰতা কৰে। তেতিয়াৰে পৰা এই পৰ্বতৰ নাম পাটকাই হয়।[4][8]
কমতা ৰাজ্যৰে মিত্ৰতা[সম্পাদনা কৰক]
নৰাৰজাৰ সৈতে আহোম ৰজাৰ মিত্ৰতা হোৱাত ত্যাওচুলাই কমতা ৰজাৰ কাষ চাপে। কমতেশ্বৰে ত্যাওচুলাইক এৰি দিবলৈ অমান্তি হোৱাত চুডাংফাই বৰগোঁহাইৰ অধীনত এদল সৈন্যক কমতাপুৰ আক্ৰমণ কৰিবলৈ পঠায়। তেতিয়া কমতা ৰজাই যুদ্ধ নকৰি নিজ কন্যা ভাজনীক চুডাংফালৈ বিয়া দি মিত্ৰতা স্থাপন কৰে।[4]
এইগৰাকী ৰজাৰ দিনৰ পৰাই শিঙ্গৰি ঘৰত উঠি ৰাজ্যাভিষেক পতা প্ৰথা প্ৰচলিত হয়। তেওঁ নিজে এজন নিপুণ যোদ্ধা আৰু সেনানায়ক আছিল।[8]
মৃত্যু[সম্পাদনা কৰক]
দহ বছৰ ৰাজত্ব কৰাৰ পিছত ১৪০৭ খ্ৰীষ্টাব্দত চুডাংফাৰ পৰলোক হয়।
তথ্য সংগ্ৰহ[সম্পাদনা কৰক]
- ↑ "History of Assam". assamtourism.org. http://www.assamtourism.org/history.php। আহৰণ কৰা হৈছে: March 24, 2013.
- ↑ ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৪৯, ৫০ পৃষ্ঠা.
- ↑ Col Ved Prakash (1 January 2007). Encyclopaedia Of North-east India Vol# 1. Atlantic Publishers & Dist. পৃষ্ঠা. 167–. ISBN 978-81-269-0703-8. http://books.google.com/books?id=Ic4UCdaxbHIC&pg=PA167। আহৰণ কৰা হৈছে: 24 March 2013.
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 4.6 4.7 4.8 4.9 অসম দেশৰ বুৰঞ্জী (১৯৮৭ চন), ড॰ লক্ষ্মী দেৱী, এল বি এছ পাব্লিকেশ্যন, পৃষ্ঠা ১৩৪-১৩৮
- ↑ Nitul Kumar Gogoi (1 January 2006). Continuity And Change Among The Tai-Ahom. Concept Publishing Company. পৃষ্ঠা. 64–. ISBN 978-81-8069-281-9. http://books.google.com/books?id=DrN5_kseuDcC&pg=PA64। আহৰণ কৰা হৈছে: 24 March 2013.
- ↑ "টাই সংস্কৃতিৰ ৰূপৰেখা" (১৯৯৪ চন), ড লীলা গগৈ। বনলতা প্ৰকাশন। ISBN-81-7339-079-7। পৃষ্ঠা ২২৭
- ↑ অসম দেশৰ বুৰঞ্জী (১৯৮৭ চন), ড॰ লক্ষ্মী দেৱী, এল বি এছ পাব্লিকেশ্যন, পৃষ্ঠা ১৩৩
- ↑ 8.0 8.1 8.2 8.3 8.4 8.5 8.6 ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন), এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্স, পৃষ্ঠা ৮৯, ৯০
- ↑ 9.0 9.1 9.2 সাতসৰী অসম বুৰঞ্জী (১৯৬৪ চন), সম্পাদক: সূৰ্য্যকুমাৰ ভূঞা, প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, পৃষ্ঠা ৫১-৫৪