সমললৈ যাওক

চুডাংফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুডাংফা
চাওফা

ৰাজকীয় শাসন ১৩৯৭ – ১৪০৭ খ্ৰীষ্টাব্দ
খেউন ৰৌণ মাই ক্ব ১৩৯৭ খ্ৰীষ্টাব্দ
পূৰ্বৰ শাসক ত্যাও খাম্‌টি
পৰবৰ্তী শাসক চুজান্‌ফা
বৰ-কুঁৱৰী (নাঙ ফা) ছাও নাঙছেঙ
সম্পূৰ্ণ নাম
ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা
উপাসনালয়ৰ নাম
ঘুগুহা দৌল
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
মাতৃ ঘূগু কুঁৱৰী
পিতৃ ত্যাও খাম্‌টি
জন্ম ঘূগুহা, হাবুং, অসম
মৃত্যু ১৪০৯ খ্ৰীষ্টাব্দ
ধৰ্ম আহোম ধৰ্ম

চুডাংফা বা ত্যাও-ফ্ৰ' চ্যু-ডাং-ফা (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜏𑜢𑜤𑜰𑜫 𑜓𑜂𑜫 𑜇𑜡, ইংৰাজী: Chaupha Siu-Dang-Pha)আহোম ৰাজ্যৰ অষ্টমজন স্বৰ্গদেউ আছিল। তেওঁ অসমত ১৩৯৭ চনৰ ১৪০৭ চনলৈকে ৰাজত্ব কৰিছিল।[1] তেওঁৰ পিতৃ আছিল ত্যাও খামটি আৰু মাতৃৰ নাম আছিল ঘূগু কুঁৱৰী। তেওঁৰ পত্নীৰ নাম আছিল ছাও নাঙছেঙ। তেওঁ শিৱসাগৰদিহিং নদীৰ ওচৰৰ চৰগুৱাত ৰাজধানী পাতিছিল। এওঁৰ দিনত ৰাজমাও আলি নিৰ্মাণ কৰা হৈছিল।[2]

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯


তেওঁৰ পিতৃ ত্যাও খাম্‌টিৰ দুগৰাকী ৰাণী আছিল। ৰাজপাটত উঠিয়েই তেওঁ ভাতৃ চুতুফাক হত্যা কৰাৰ প্ৰতিশোধত[3] চুতীয়া ৰাজ্য আক্ৰমণ কৰে। তালৈ যাওঁতে তেওঁ বৰজনা কুঁৱৰীৰ হাতত শাসনভাৰ দি যায়।[4] ত্যাও খামটিৰ অনুপস্থিতিৰ সুযোগত বৰজনা কুঁৱৰীয়ে সেই সময়ত গৰ্ভৱতী অৱস্থাত থকা সৰুজনা কুঁৱৰী ঘূগু কুঁৱৰীক মিছা অপৰাধত দোষী সাব্যস্ত কৰি প্ৰাণদণ্ড দিয়ে।[4][5] বুঢ়াগোঁহাই আৰু ডা-ডাঙৰীয়াসকলে বুদ্ধি কৰি ঘূগু কুঁৱৰীক ভূৰ সাজি নদীত উটাই দিয়ে। গৰ্ভৱতী অৱস্থাত অৱস্থাত ভুৰত উঠি অহা দেখি চুতীয়া ৰাজ্যৰ হাবুঙ অঞ্চলৰ এগৰাকী বামুণ মহিলাই তেওঁক নি নিজৰ ঘৰত ৰাখিছিল। তাতেই চুডাংফাৰ জন্ম হৈছিল। বাহ্মণ পৰিয়াল এটাত প্ৰতিপালিত হোৱাৰ বাবে তেওঁক বামুণী কোঁৱৰ নামেৰেও জনা যায়।[6][7][4] পাছলৈ বৰকুঁৱৰীৰ অন্যায় কথাত হয়ভৰ দি থকা ত্যাও খাম্‌টিক ডাঙৰীয়াসকলে ষড়যন্ত্ৰ কৰি হত্যা কৰায়।[4][5]

আহোম পৰিয়াললৈ পুনৰ গমন

[সম্পাদনা কৰক]

ত্যাও খাম্‌টিৰ মৃত্যুৰ পিছত আঠ বছৰ ধৰি আহোম ৰাজ সিংহাসন খালী হৈ আছিল। ডাঙৰীয়াসকলে স্বৰ্গদেউৰ উপযুক্ত লোক বিচাৰি পোৱা নাছিল। এদিনাখন থাও চ্যেও-খেন নামৰ বিষয়া এজনে গৰু বিনিময় কৰিবলৈ যাওঁতে হাবুঙত তেওঁক লগ পায়।[8] ৰাজচিহ্ন যুক্ত বা ডাঙৰ গোষ্ঠীৰ ল'ৰা থকাৰ সম্ভেদ পায় থাও চ্যেও-খেনে অনুসন্ধান কৰি ত্যাও খাম্‌টিৰ সৰু কুঁৱৰী ঘুগুৰ সন্তান বুলি গম পায়।[8][9] সেই কথা আহি থাও-লুং আৰু ফ্ৰুং-মূঙ নামৰ বিষয়া দুজনক জনালে।[8] তেওঁলোকে এখন মেল পাতি তেওঁক পৰিয়াললৈ ঘূৰাই অনাৰ সিদ্ধান্ত লয়।[8] সেই মতে তেওঁলোকক মতাই আনি স্বৰ্গদেউ হোৱাৰ উপযুক্ত যেন দেখি তেওঁকেই লাকনি ৰুংকেও নামৰ বছৰত (১৩৯৭ খ্ৰীষ্টাব্দত) স্বৰ্গদেউ পাতে।[8] স্বৰ্গদেউ হৈ তেওঁ ত্যাওফ্ৰচুডাং নাম লয়[9] আৰু চৰগুৱাত ৰাজধানী পতাৰ লগতে শিঙ্গৰি ঘৰত উঠি সোণৰ আৰু ৰূপৰ মোহৰ মাৰে।[4]

ৰাজত্বকাল

[সম্পাদনা কৰক]

পাটকাই সন্ধি

[সম্পাদনা কৰক]

বৰ্তমানৰ পাটকাই পৰ্বত চুদাংফাই ৰজা হৈ আহোম ৰাজধানী চৰাইদেউৰ পৰা তিপমীয়াসকলৰ বাসস্থানৰ অন্তৰ্ভুক্ত ঠাই চৰগুৱালৈ তুলি নিয়ে।[8] তেওঁক লালন পালন কৰা বামুণ পৰিয়ালক নিজৰ লগত লৈ অনাৰ বাবে তিপমীয়া পৰিয়াল সকলে বিদ্ৰোহ কৰে।[4] [8]এওঁৰ দিনৰ পৰাই আহোম ৰাজ্যত হিন্দু ধৰ্মৰ প্ৰভাৱ বৃদ্ধি পায়।[10]

তাও ব্লাক-চেঙ নামৰ এজন তিপমীয়া পলাই গৈ মু'ঙ মাও ৰাজ্যৰ শাখা ৰাজ্য মু'ঙ কৌঙ ৰাজ্যৰ (বৰ্তমানৰ ছান ৰাজ্যৰ এখন চহৰ) শাসক চাওলুং চ্যু-ৰেন-ফাৰ ওচৰত আশ্ৰয় লয়।[8] খিলিমি বা ডফলা সকলে চুডাংফাক জনাই যে তিপমীয়া সকলে তেওঁক হত্যাৰ পাং পাতিছে।[11] চুডাংফাই এই কথা গম পাই ডফলাসকলক এটা মহ মাৰি ভুজ দিয়ে।[11] তেওঁ পাছত আহোমসকলৰ ধৰ্মীয় নিয়ম মানি এটা বগা মহ বলি দি ভোজ পাতি তিপমীয়াসকলক নিমন্ত্ৰণ কৰে আৰু ৰাতি ভাত খাবলৈ বহোঁতেই মুখিয়াল তথা বলৱান ভালেকেইজনক হত্যা কৰায়।[11] তেওঁ এই ঘটনাৰ পাছতে তিপমীয়াগোঁহাইৰ জীয়ৰী চাও নাঙছেঙক বিয়া কৰোৱাই।[11] ৰজাৰ কাৰেঙত ৰাতি ভোজন কৰাৰ সময়ত ত্যাওচুলাইক ৰাণী নাঙছেঙে অলপ চাই।[11] উত্তৰ হিচাপে ত্যাওচুলাই ঘৰ পাই লিকচৌ হতুৱাই কুঁৱৰীলৈ বাখৰপতা আঙুঠি এটা দি পঠায়।[5] লিকচৌৱে এই কথা চুডাংফাক কয়।[9] ত্যাওচুলাই এই কথা জানি ভয় খাই; তিপামৰ কোঁৱৰ আৰু টেমেৰা নামৰ এজন ব্যক্তিৰ সৈতে মিলি বিদ্ৰোহ কৰে।[4][5] ত্যাওচুলাই মু'ঙ কৌঙ ৰাজ্যৰ শাসক চাওলুং চ্যু-ৰেন-ফাৰ ওচৰত আশ্ৰয় লয় আৰু তেওঁক জনাই যে অসমৰ স্বৰ্গদেউ টাই-আহোম বংশৰ নহয়।[11] এই কথা গম পাই চ্যু-ৰেন-ফাই তাচিনপাও বৰগোঁহাই নামৰ বিষয়া এজন অসমলৈ পথায়।[11] সেই অনুসৰি তাচিনপাও বৰগোঁহাই নামি আহি টিপামৰ কুহিয়াৰবাৰীৰ ওচৰত চাউনী পাতে।[11] খবৰ পাই চাওফা চুদাংফাই পাও-ৰিন নামৰ হাতীটোৰ পিঠিত উঠি কুহিৰবাৰীত তাচিনপাও বৰগোঁহাইক লগ কৰিবলৈ গ'ল।[11] তাত যুঁজ হওঁতে চাওফা চুদাংফাই সামান্য আঘাত পাইছিল।[11] পৰাস্ত হৈ তাচিনপাও বৰগোঁহাই পিছুৱাই গ’ল।[12] দুয়োপক্ষই ড'য় কাও-ৰেঙ পৰ্বতকে সীমা নিৰ্ধাৰণ কৰি নং-জাঙ হ্ৰদৰ পাৰত কাই ছেঙ মু'ঙ পৰম্পৰা পালন কৰি কুকুৰা কাটি শপত খাই যে নিজৰ টাই জাতিৰ মাজত কাহিনীও যুদ্ধ নকৰে আৰু পাটকাই পৰ্বতক দুয়োখন মু'ঙ, অসম আৰু মু'ঙ কৌঙৰ সীমা হিচাপে নিৰ্ধাৰণ কৰা হয়।[12] টাই-আহোম ভাষা অনুসৰি পাট মানে কটা আৰু কাই মানে কুকুৰা। তেতিয়াৰে পৰা এই পৰ্বতৰ নাম পাটকাই হয়।[4][5]

কমতা ৰাজ্যৰ সৈতে মিত্ৰতা

[সম্পাদনা কৰক]

চাওলুং চ্যু-ৰেন-ফাৰ সৈতে চুডাংফাৰ মিত্ৰতা হোৱাত ত্যাওচুলাই কমতা ৰজাৰ কাষ চাপে। কমতেশ্বৰে ত্যাওচুলাইক এৰি দিবলৈ অমান্তি হোৱাত চুডাংফাই টা-ছান-বিং বুঢ়াগোহাঁই অধীনত এদল সৈন্যক কমতাপুৰ আক্ৰমণ কৰিবলৈ পঠায়।[11] তেতিয়া কমতা ৰজাই যুদ্ধ নকৰি নিজ কন্যা ভাজনীক চুডাংফালৈ বিয়া দি মিত্ৰতা স্থাপন কৰে।[4]

এইগৰাকী ৰজাৰ দিনৰ পৰাই শিঙ্গৰি ঘৰত উঠি ৰাজ্যাভিষেক পতা প্ৰথা প্ৰচলিত হয়। তেওঁ নিজে এজন নিপুণ যোদ্ধা আৰু সেনানায়ক আছিল।[5]

দহ বছৰ ৰাজত্ব কৰাৰ পিছত ১৪০৭ খ্ৰীষ্টাব্দত চুডাংফাৰ পৰলোক হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "History of Assam". assamtourism.org. http://www.assamtourism.org/history.php আহৰণ কৰা হৈছে: March 24, 2013.
  2. "টাই সংস্কৃতিৰ ৰূপৰেখা" (১৯৯৪ চন), ড লীলা গগৈ। বনলতা প্ৰকাশন। ISBN-81-7339-079-7। পৃষ্ঠা ২২৭
  3. অসম দেশৰ বুৰঞ্জী (১৯৮৭ চন), ড॰ লক্ষ্মী দেৱী, এল বি এছ পাব্লিকেশ্যন, পৃষ্ঠা ১৩৩
  4. 1 2 3 4 5 6 7 8 9 অসম দেশৰ বুৰঞ্জী (১৯৮৭ চন), ড॰ লক্ষ্মী দেৱী, এল বি এছ পাব্লিকেশ্যন, পৃষ্ঠা ১৩৪-১৩৮
  5. 1 2 3 4 5 6 ভাৰতৰ বুৰঞ্জী (১৯৮৬ চন), এম.এল. কাথবৰুৱা, নীলমণি ফুকন, হৰি প্ৰসাদ দাস, দেৱকান্ত দত্তবৰুৱা, বৰুৱা এজেন্স, পৃষ্ঠা ৮৯, ৯০
  6. ভূপেন্দ্ৰনাথ চৌধুৰী (১৯৯৫). সোণৰ অসম. প্ৰকাশক গুৱাহাটী: শ্ৰী খগেন্দ্ৰনাৰায়ণ দত্তবৰুৱা; লয়াৰ্ছ বুক ষ্টল, পাণবজাৰ, গুৱাহাটী. পৃষ্ঠা. ৪৯, ৫০ পৃষ্ঠা.
  7. Col Ved Prakash (1 January 2007). Encyclopaedia Of North-east India Vol# 1. Atlantic Publishers & Dist. পৃষ্ঠা. 167–. ISBN 978-81-269-0703-8. http://books.google.com/books?id=Ic4UCdaxbHIC&pg=PA167 আহৰণ কৰা হৈছে: 24 March 2013.
  8. 1 2 3 4 5 6 7 8 (বৰুৱা ১৯৩০:৪৯)
  9. 1 2 3 সাতসৰী অসম বুৰঞ্জী (১৯৬৪ চন), সম্পাদক: সূৰ্য্যকুমাৰ ভূঞা, প্ৰকাশন বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়, পৃষ্ঠা ৫১-৫৪
  10. Nitul Kumar Gogoi (1 January 2006). Continuity And Change Among The Tai-Ahom. Concept Publishing Company. পৃষ্ঠা. 64–. ISBN 978-81-8069-281-9. http://books.google.com/books?id=DrN5_kseuDcC&pg=PA64 আহৰণ কৰা হৈছে: 24 March 2013.
  11. 1 2 3 4 5 6 7 8 9 10 11 (বৰুৱা ১৯৩০:৫০)
  12. 1 2 Assam State Gazetteer page 132, Amlan Baruah, S. B. Roy Choudhury,a). Department of District GazetteersAssam State Gazette

উৎস প্ৰসংগ

[সম্পাদনা কৰক]