মু'ঙ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

মু'ঙ (আহোম ভাষা:𑜉𑜢𑜤𑜂𑜫 চীনা ভাষা:勐 ,থাই ভাষা : เมือง,লাও ভাষা: ເມືອງ,শান ভাষা: မိူင်း ,ইংৰাজী : Mueng) টাইসামাজিক প্ৰথা অনুসৰি টাইজনগোষ্ঠীৰে বসবাস কৰা অঞ্চল যি উত্তৰ-পূব ভাৰত আৰু দক্ষিণ চীন সংলগ্ন হৈ থাইলেণ্ড, লাওছ, বাৰ্মা, কম্বোডিয়া, উত্তৰ ভিয়েতনাম দেশলৈকে বিয়পি আছে। টাইসকলৰ পৰম্পৰাগত ৰাজ্য সমূহক মু'ঙ বুলি কোৱা হয়। অসমৰ নামো টাই আহোম ভাষাত মু'ঙ দন চ'ণ খাম (𑜉𑜢𑜤𑜂𑜫 𑜓𑜤𑜃𑜫 𑜏𑜤𑜃𑜫 𑜁𑜪) হয়।

উৎপত্তি[সম্পাদনা কৰক]

মু'ঙ সমূহ প্ৰাচীন ৰাজকীয় ভূমি আছিল যত একোজনকৈ চাওফাই শাসন কৰিছিল। ই সাধাৰণতে গড়ে আৱৰা হয় আৰু কেইবাখনো গাঁও লগ হৈ নিৰ্মিত কৰা হৈছিল। .[1][2][3] থাইলেণ্ডত যথেষ্ট শক্তিশালী মু'ঙ (সাধাৰণত চিয়াং, উইং, নাখোন বা ক্ৰুং নামে পৰিচিত - ব্যাংককেৰ সাথে ক্ৰুং থিপ মহা নাখোঁ নামে পৰিচিত) গঠিত হৈছিল। প্ৰাচীন চীনত শক্তিশালী মমু'ঙ সমূহ ঠন ধৰি উঠিছিল যি সেইসময়ৰ শক্তিশালী চীনা মিঙ সাম্ৰাজ্যক আগুৰি আছিল। ১২৫৪ খ্ৰীষ্টাব্দত শান ৰাজ্য আৰু দাঁতিকাষৰীয়া এলেকা সমূহত বিস্তাৰিত ভাবে নতুন মু'ঙ সমূহ টাই সকলৰ প্ৰবজনৰ বাবে প্ৰতিষ্ঠা হৈছিল। মু'ঙ সামাজিক প্ৰথা প্ৰাচীন চীনা সাম্ৰাজ্য মিং আৰু চিং-যুগৰ বুলি অনুমান কৰা হয়। উনৈছ শতিকাত থাইলেণ্ডৰ ৰাজবংশ আৰু বাৰ্মাৰ ঔপনিবেশিক আৰু পৰবৰ্তী সামৰিক শাসক সকলে মু'ঙ প্ৰথাৰে ৰাজকাৰ্য চলাইছিল যাৰ ফলত এতিয়াও ঠাইসমূহত মু'ঙ শব্দ ব্যৱহাৰ কৰা হয়। অসমৰ বুৰঞ্জীটো মু'ঙ ৰ যথেষ্ট মহত্ব আছে। আহোম ৰাজ্য বা মু'ঙ ডোন চোন খাম এই মু'ঙ সামাজিক প্ৰথাৰ দ্বাৰা পৰিচালিত আছিল। নামনি অসমক মু'ঙ -ক্লা বুলি কোৱা হৈছিল বুলি কিছু বিদ্বানে কয়।

বিভিন্ন দেশৰ মু'ঙ সমূহৰ নাম[সম্পাদনা কৰক]

দক্ষিণ-পশ্চিম টাইভাষা সমূহত মু'ঙ সমূহৰ নাম ৰখা হৈছিল।

উত্তৰ-পূৰ্বাঞ্চল[সম্পাদনা কৰক]

  • মু'ঙ দন চ'ণ খাম ১২১৮ খ্ৰীষ্টাব্দত সৌমাৰ খণ্ডত টাই ৰাজকোঁৱৰ চাওলুং চুকাফা ৰয় তেখেতৰ লগত বৰ্তমান চীন দেশৰ দেহং ডাই চিপচংপান্না আৰু ৰুইলীৰ পৰা মু'ঙ মাও হৈ অহা ৯০০০ টাই লোকে মু'ঙ ডুন চোন খাম গঠন কৰিছিল যি পিছলৈ আহোম ৰাজ্য বা অসম ৰাজ্য বুলি পৰিচিত হৈছিল। সোঁতৰ শতিকাত মু'ঙ খনে এটা বৃহৎ আকাৰৰ অঞ্চল আগুৰি লৈছিল আৰু মোগলকো ভেটা দিবলৈ সক্ষম হৈছিল।

চীন[সম্পাদনা কৰক]

  • মু'ঙ হাই
  • মু'ঙ মাও
  • মু'ঙ হুন
  • মু'ঙ লিয়ান
  • মু'ঙ চা
  • মু'ঙ চিয়াং লো
  • মু'ঙ হিং
  • মু'ঙ চিয়াং নুয়া
  • মু'ঙ ফং
  • মু'ঙ ওয়েন
  • মু'ঙ ম্যাং
  • মু'ঙ হুন
  • মু'ঙ নুন
  • মু'ঙ ইউয়ান
  • মু'ঙ নাগাত

লাওছ[সম্পাদনা কৰক]

লাওছ দেশক মু'ঙ লাও বুলিও কোৱা হয়।

  • মু'ঙ ছিং
  • মু'ঙ জা
  • মু'ঙ ফুয়ান
  • মু'ঙ ছ্যু

ম্যানমাৰ[সম্পাদনা কৰক]

  • মু'ঙ মাও
  • মু'ঙ হাছাত
  • মু'ঙ হেপায়েক
  • মু'ঙ টন
  • মু'ঙ নাই
  • মু'ঙ পিং
  • মু'ঙ গাং

থাইল্যান্ড[সম্পাদনা কৰক]

থাইলেণ্ডক মু'ঙ থাই বুলিও কোৱা হয়। নাখোঁ মু'ঙ

বুড়ি মু'ঙ

ভিয়েতনাম[সম্পাদনা কৰক]

  • মু'ঙ চা
  • মু'ঙ লা
  • মু'ঙ লে
  • মু'ঙ লেট
  • মু'ঙ খুং
  • মু'ঙ নেহে
  • মু'ঙ তে
  • মু'ঙ থানহ

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Terwiel, Barend Jan (1983). Ahom and the Study of Early Thai Society. JSS Vol. 71.0. Siamese Heritage Trust. p. image 4. http://www.siamese-heritage.org/jsspdf/1981/JSS_071_0g_Terwiel_AhomAndStudyOfEarlyTaiSociety.pdf। আহৰণ কৰা হৈছে: March 7, 2013. "khun : ruler of a fortified town and its surrounding villages, together called a mu'ang. In older sources the prefix ph'o ("father") is sometimes used as well.". 
  2. Vickery, Michael (1995) (PDF). Piltdown3: Further Discussion of The Ram Khamhaeng Inscription. JSS Vol. 83.0j. Siam Heritage Trust. p. image 11. http://www.siamese-heritage.org/jsspdf/1991/JSS_083_0j_Vickery_Piltdown3RamKhamhaengInscription.pdf। আহৰণ কৰা হৈছে: August 3, 2013. "Examples of the first are söaṅ, the name of Ram Khamhaeng's mother, and möaṅ. Khun Phasit said that these terms should in fact be read as /söŋ/ and /möŋ/....". 
  3. Wyatt, D.K. (1991). "Chapter 11: Contextual arguments for the authenticity of the Ram Khamhaeng inscription". In Chamberlain, J.R. (PDF). The Ram Khamhaeng Controversy. প্ৰকাশক Bangkok: The Siam Society. Quoted text is found in image 7. http://sealang.net/sala/archives/pdf8/wyatt1991contextual.pdf। আহৰণ কৰা হৈছে: 2013-06-13. "...Lord Sam Chon, the ruler of Müang Chot, came to attack Müang Tak...." 

উৎস প্ৰসংগ[সম্পাদনা কৰক]