টাই-আহোম ভাষা
টাই-আহোম ভাষা
𑜁𑜨า𑜉𑜫: 𑜄𑜐𑜫: 𑜒า, 𑜑𑜨𑜉𑜫, (khwām Tái Āhom) | |
---|---|
সাঁচিপাতৰ পুথি আৰু ৰূপৰ মুদ্ৰাত পুৰণি আহোম লিপিৰ লেখা | |
থলুৱা অঞ্চল | অসম |
অঞ্চল | অসম, অৰুণাচল |
জাতীয়তা | টাই-আহোম জনগোষ্ঠী |
স্থানীয় ভাষিক |
ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ পাঠ্যক্ৰমe18 পৰম্পৰাগত লোকাচাৰ, ধৰ্মীয় কাৰ্য, বুৰঞ্জী অধ্যয়ন আৰু শৈক্ষিক পাঠ্যক্ৰম আদিত ব্যৱহৃত। |
ভাষা পৰিয়াল |
Tai–Kadai
|
পূৰ্বসূৰী |
|
মান্য ৰূপ |
আধুনিক মানক টাই-আহোম
|
লিখন প্ৰণালী | টাই-আহোম লিপি |
ভাষা সংকেত | |
ISO 639-3 | aho |
গ্লোটোলগ | ahom1240 [1] |
টাই-আহোম ভাষা (𑜁𑜨า𑜉𑜫: 𑜄𑜐𑜫: 𑜒า, 𑜑𑜨𑜉𑜫, khwām Tái Āhom) অসম আৰু অৰুণাচলৰ টাই-আহোমসকলৰ পৰম্পৰাগত ক্ৰা-দাই পৰিয়ালৰ দক্ষিণ-পশ্চিম টাই ভাষা যাৰ লিপি হৈছে টাই-আহোম লিপি। ই এটা সুৰীয়া ভাষা যত ছয়টা ভিন্ন সুৰ আছে।[2] ই মধ্যযুগীয় অসম ৰাজ্যৰ ৰাজভাষা আছিল আৰু বুৰঞ্জীসমূহ এই ভাষাতে লিখা হৈছিল।[3]
বৈশিষ্ট্যসমূহ
[সম্পাদনা কৰক]টাই-আহোম ভাষাৰ নিজস্ব লিপি আছে আৰু আন টাই ভাষাসমূহৰ দৰে ইয়াৰ কিছুমান অনন্য বৈশিষ্ট্য আছে:
- বাক্যবিন্যাস সাধাৰণতে কৰ্ত্তা ক্ৰিয়া কৰ্ম/ কৰ্ত্তা কৰ্ম ক্ৰিয়া এইধৰণে হয়।[4][5]
- স্বৰ।[4][5][6]
- উচ্চাৰণ অনুসৰি একেটা কথাতে কেইবাটাও অৰ্থ হয়। [4][5][6][7]
- শব্দ যেনে ক্ৰিয়াবাচক শব্দৰ ৰূপান্তৰ নহয়।[4][6]
- বিশ্লেষণাত্মক বাক্য ৰচনা[5]
অসমীয়া ভাষালৈ অবদান
[সম্পাদনা কৰক]টাই-আহোম ভাষাই অসমীয়া ভাষাক অধিক চহকী কৰি তুলিছিল।[8] তাৰে দুটামান উদাহৰণ হল:
টাই-আহোম ভাষা | অসমীয়া ভাষা | অৰ্থ | |
---|---|---|---|
𑜆𑜣 𑜀𑜩 (pi-kai) | ককাই | ডাঙৰ সহোদৰ | |
Ka-Ruen | কাৰেং | ৰাজ পৰিয়াল বাস কৰা ঘৰ | |
Buronji | বুৰঞ্জী | ইতিহাস | |
Khi-Lan-Zi[8] | খিলঞ্জীয়া | থলুৱা | |
Lāu | লাও | সুৰা | |
Phuk | ফুক | মন্ত্ৰ মতা | |
Rāp | ৰাপ | আগ্ৰহ | |
Khin | ক্ষীণ | কম উজনৰ ব্যক্তি | |
Chaklang | চকলং | টাই-আহোম বিবাহ পৰম্পৰাৰ মুখ্য নিয়ম | |
Tsang-mei | চাংমাই | এটা উপাধি | |
Chau-dang | চাওদাং | এটা বিষয় বাব | |
Choak | চোকা | পাকৈত | |
Mawk | জমক | উজ্জল | |
Kai-ki-ni | কাকিনি | এক প্ৰকাৰৰ তামোল | |
Mām | মাম | ভাত | |
Lik-Chau | লিক-চৌ | লগুৱা |
ইতিহাস
[সম্পাদনা কৰক]অসমৰ টাই-আহোম শাসকসকল বৃহত্তৰ অসমীয়া জাতিৰ সৈতে মিলি যোৱাৰ ফলত ১৯ শতিকাৰ সময়ছোৱালৈ টাই-আহোম ভাষাৰ ঠাইত অসমীয়াই কথিত ভাষাৰ স্থান দখল কৰে। ২০০০ চনৰ হিচাপ মতে প্ৰায় ২০০ গৰাকী টাই-আহোম ম'-লৌঙ সম্প্ৰদায়ৰ লোকেহে এই ভাষা জানে আৰু বিভিন্ন পৰম্পৰাগত আচাৰত টাই-আহোম ভাষাৰ ব্যৱহাৰ কৰা হয়। বৰ্তমান টাই-আহোম ভাষাৰ প্ৰচলন বৰ কাকত ম'-হুং নামেৰে জনাজাত টাই-আহোম-অসমীয়া অভিধান পুথি টাই-আহোম সাম্ৰাজ্যত ব্যৱহৃত টাই-আহোম ভাষাৰ ৰূপটো সংৰক্ষিত অৱস্থাত আছে।[9] টাই-আহোম ভাষা তুলনামূলকভাৱে মন-খমেৰ আৰু আৰ্য-ভাৰতীয় ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত। ত্ৰয়োদশ শতিকাৰ পৰাই এই ভাষাৰ লেখনৰ পৰম্পৰা আছিল। টাই-আহোম ভাষাই অসমৰ একমাত্ৰ ভাষিক লিপি যি স্বাধীনভাৱে উনিকদত স্থান লাভ কৰিবলৈ সক্ষম হৈছে, আধুনিক প্ৰচলিত টাই ভাষা যেনে শ্যান, খামটি, আইটন আদিৰ সৈতে টাই-আহোম ভাষাৰ মিল আছে আৰু বৰ্ণমালা হিচাপে টাই-আহোম ভাষা এই আটাইকেইটা ভাষাতকৈ চহকী।[10]টাই-কড়াই পৰিয়ালৰ অন্তৰ্গত (সম্ভৱতঃ অষ্ট্ৰ’নেচিয়ান ভাষাৰ সৈতে সম্পৰ্কিত)[5] কাম-টাই ঠালৰ[7] (প্ৰস্তাৱিত কিন্তু দ্বিমত থকা) ২০০০ বছৰ পুৰণি প্ৰ’ট’-টাই ভাষাৰ[6][7] পৰা টাই-আহোম ভাষাৰ উৎপত্তি হোৱা বুলি ঠাৱৰ কৰা হৈছে। অৱশ্যে কিছু লোকৰ মতে টাই ভাষাসমূহ এক ভিন্ন পৰিয়ালৰ আৰু ইহঁত টাই-কড়াইৰ অংশ নহয়।[6]
টাই-আহোম লোকসকল আৰু তেওঁলোকৰ ভাষাৰ মূল ঠাই হৈছে বৃহত্তৰ চীনৰ য়ুন্নান আৰু তেওঁলোকে উত্তৰ ভিয়েটনাম আৰু গুৱেংজি প্ৰদেশৰ সীমান্তৰ পৰা[6] দক্ষিণ-পূব এচিয় অৱবাহিকা আৰু উত্তৰ বাৰ্মালৈ পৰিব্ৰাজন কৰিছিল। টাই-আহোম ৰাজত্বকালত (১২২৮-১৮২৬) অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত কথিত ৰূপত টাই-আহোম ভাষাৰ ব্যৱহাৰ কৰা হৈছিল।[4] ১৫-১৬ শতিকাত টাই-আহোম ৰাজসভাত কেৱল টাই-আহোম ভাষাৰ ব্যৱহাৰ হৈছিল। পিছলৈ অসমীয়া ভাষায়ো ৰাজসভাত স্থান পায় আৰু ১৯ শতিকালৈ টাই-আহোম ভাষা এলাগী হৈ পৰে।[7] বৰ্তমান পাৰম্পৰিক আচাৰ-উৎসৱত যেনে চকলং, পূজা-পাতল আদিতহে এই ভাষা ব্যৱহাৰ কৰা হয়।[4]
বৰ্তমান ব্যবহাৰ
[সম্পাদনা কৰক]বৰ্তমান সময়ত টাই-আহোম ভাষাটো পুনৰ ব্যবহাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত টাই-আহোম ভাষাৰ বিষয় উচ্চতৰ মাধ্যমিক কলা শাখাত যোগদান কৰিছে।[11] আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত টাই--টাই-আহোম ভাষাৰ এবছৰীয়া স্নাতকোত্তৰ ডিপ্লমা পাঠ্যক্ৰম আৰু কথিত তিনি মাহৰ চাৰ্টিফিকেট পাঠ্যক্ৰম প্ৰদান কৰা হৈছে।[12]
ইউনিকড
[সম্পাদনা কৰক]টাই-আহোম লিপি সম্ভৱতঃ ইণ্ডিক নাইবা ব্ৰাহ্মী লিপিৰ পৰা উদ্ভৱ হৈছে।[4] ২০১৫ চনৰ জুনত টাই-আহোম লিপিক ইউনিকোডত (৮.০ সংস্কৰণ) স্থান দিয়া হয়।[13]
আহোম[1][2] আনুষ্ঠানিক কনছ'ৰ্টিয়াম কোড চাৰ্ট (PDF) | ||||||||||||||||
0 | 1 | 2 | 3 | 4 | 5 | 6 | 7 | 8 | 9 | A | B | C | D | E | F | |
U+1170x | 𑜀 | 𑜁 | 𑜂 | 𑜃 | 𑜄 | 𑜅 | 𑜆 | 𑜇 | 𑜈 | 𑜉 | 𑜊 | 𑜋 | 𑜌 | 𑜍 | 𑜎 | 𑜏 |
U+1171x | 𑜐 | 𑜑 | 𑜒 | 𑜓 | 𑜔 | 𑜕 | 𑜖 | 𑜗 | 𑜘 | 𑜙 | 𑜝 | 𑜞 | 𑜟 | |||
U+1172x | 𑜠 | 𑜡 | 𑜢 | 𑜣 | 𑜤 | 𑜥 | 𑜦 | 𑜧 | 𑜨 | 𑜩 | 𑜪 | 𑜫 | ||||
U+1173x | 𑜰 | 𑜱 | 𑜲 | 𑜳 | 𑜴 | 𑜵 | 𑜶 | 𑜷 | 𑜸 | 𑜹 | 𑜺 | 𑜻 | 𑜼 | 𑜽 | 𑜾 | 𑜿 |
বি. দ্ৰ. |
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Hammarström, Harald; Forkel, Robert; Haspelmath, Martin, eds (2017). "Ahom". Glottolog 3.0. প্ৰকাশক Jena, Germany: Max Planck Institute for the Science of Human History. http://glottolog.org/resource/languoid/id/ahom1240.
- ↑ "G.N. Phukan's 'Primer and Grammar of Ahom (Tai) Language". https://shs.hal.science/halshs-02925410/document.
- ↑ Terwiel, B. J. (1992). Tai Ahoms and the Stars: Three Ritual Texts to Ward off Danger. p.8
- ↑ 4.0 4.1 4.2 4.3 4.4 4.5 4.6 Diller, A. (1993). Tai Languages. In International Encyclopedia of Linguistics (Vol. 4, pp. 128-131). Oxford, UK: Oxford University Press.
- ↑ 5.0 5.1 5.2 5.3 5.4 Blake, B. J. (1994). Language Classification. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 1952-1957). New York, NY: Pergamon Press Press.
- ↑ 6.0 6.1 6.2 6.3 6.4 6.5 French, M. A. (1994). Tai Languages. In The Encyclopedia of Language and Linguistics (Vol. 4, pp. 4520-4521). New York, NY: Pergamon Press Press.
- ↑ 7.0 7.1 7.2 7.3 Hongladarom, K. (2005). Thai and Tai Languages. In Encyclopedia of linguistics (Vol. 2, pp. 1098-1101). New York, NY: Fitzroy Dearborn.
- ↑ 8.0 8.1 The Tai Ahom Language in Assam : Language Shift and The Process of Socio-Cultural Assimilation — Dr. Anita konwar, Asst. Professor, Donation, Cheraidoi
- ↑ দেওধাই ফুকন,বৰুৱা, বি,এন এন (১৯৬৪) (টাই-আহোম ভাষা, ইংৰাজী, অসমীয়া ভাষাত). টাই-আহোম লেগজিকন. ঐতিহাসিক আৰু প্ৰাচীন গ্ৰন্থ অধ্যয়ন বিভাগ, অসম চৰকাৰ.
- ↑ টাই-আহোম প্ৰাইমাৰ. বুৰঞ্জী আৰু পুৰাতত্ত্ব বিভাগ, অসম চৰকাৰ. ২০১০. পৃষ্ঠা. ১০.
- ↑ Assam Higher Secondary Education Council to include Tai language in HS level as subject[1]
- ↑ Dibrugarh University Diploma in Tai Language
- ↑ http://www.unicode.org/charts/PDF/U11700.pdf