সমললৈ যাওক

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
সংক্ষিপ্ত AHSEC
গঠন জুন ১, ১৯৮৪ (1984-06-01) (৪২ বছৰ পূৰ্বে)[1]
প্ৰকাৰ ৰাজ্যিক শিক্ষা পৰিষদ
Headquarters গুৱাহাটী, ভাৰত
Location
Official language
অসমীয়া আৰু ইংৰাজী
অধ্যক্ষ
ৰুক্ম গোহাঁই বৰুৱা
Parent organization
শিক্ষা মন্ত্ৰালয়, অসম চৰকাৰ
ৱেবছাইট https://ahsec.assam.gov.in/

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ (ইংৰাজী: Assam Higher Secondary Education Council) (AHSEC) হৈছে অসম চৰকাৰৰ অধীনৰ এক শিক্ষা পৰিষদ। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক (১০+২) পৰ্যায়ৰ শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। এই পৰিষদে অসমত উচ্চতৰ মাধ্যমিক বিদ্যালয় শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত কৰে আৰু উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ প্ৰদান কৰে।

অসমত উচ্চতৰ মাধ্যমিক শিক্ষাৰ নিয়ন্ত্ৰণ, নিৰীক্ষণ আৰু বিকাশৰ বাবে অসম চৰকাৰে ১৯৮৪ চনৰ ১ জুন তাৰিখে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ প্ৰতিষ্ঠা কৰে।[2]

  • অধ্যক্ষ (পূৰ্ণকালীন) - তেওঁ সংসদৰ মুখ্য কাৰ্যবাহী বিষয়া। ৰাজ্য চৰকাৰে অধ্যক্ষক ৩ বছৰৰ কাৰ্যকালৰ বাবে নিযুক্তি দিয়ে। এই নিযুক্তিৰ ম্যাদ আৰু ৩ বছৰলৈ বৃদ্ধি কৰিব পাৰি।
  • সচিব - তেওঁ হ'ল সংসদৰ মুখ্য প্ৰশাসনিক বিষয়া। তেওঁ সংসদৰ সাধাৰণ প্ৰশাসন, প্ৰতিষ্ঠান, আইনী বিষয়, হিচাপ-নিকাচ, জনসংযোগ, অভিযোগ নিষ্পত্তি, ভুক্তি আৰু সা-সম্পত্তিৰ বাবে দায়বদ্ধ। *পৰীক্ষা নিবন্ত্ৰক - তেওঁ পৰীক্ষা প্ৰশাসন আৰু পৰীক্ষাৰ যাৱতীয় গোপনীয়তা ৰক্ষাৰ বাবে দায়বদ্ধ।
  • যুটীয়া সচিব
  • উপ সচিব
  • শৈক্ষিক বিষয়া
  • সহকাৰী সচিব
  • অভ্যন্তৰীণ হিচাপ নিৰীক্ষক
  • অধীক্ষক
  • সহকাৰী অধীক্ষক
  • পি এ
  • ইউ ডি এ
  • এল ডি এ

কাৰ্যালয়ৰ ঠিকনা

[সম্পাদনা কৰক]

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ
বামুণীমৈদাম, গুৱাহাটী-৭৮১০২১
টেলিফোন নং- ০৩৬১-২৫৫১৫৬৫
ই-মেইল- ahsec1@yahoo.com [3]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "About us". Assam Higher Secondary Education Council. Assam Higher Secondary Education Council. Archived from the original on 30 January 2014. https://web.archive.org/web/20140130072503/http://www.ahsec.nic.in/AboutUs.html আহৰণ কৰা হৈছে: 3 March 2014.
  2. "Assam higher secondary education council". https://m.timesofindia.com/home/education/board-exams/assam-higher-secondary-education-council-ahsec/articleshow/9991549.cms আহৰণ কৰা হৈছে: 30 April 2022.
  3. "CONTACT INFO & DETAILS". Archived from the original on 7 June 2022. https://web.archive.org/web/20220607191125/https://ahsec.assam.gov.in/index.php/contact/ আহৰণ কৰা হৈছে: 30 April 2022.