সমললৈ যাওক

ত্যাও খাম্‌টি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাওফা ত্যাও খাম্‌টি
𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣
চাওফা 𑜋𑜰𑜫 𑜇𑜡
১৩৮০ চনৰ পৰা ১৩৮৭ চনলৈ
সম্পূৰ্ণ নাম
চাওফা ত্যাও খাম্‌টি
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

চাওফা ত্যাও খাম্‌টি (টাই-আহোম: 𑜋𑜰𑜫 𑜇𑜡 𑜄𑜧𑜨 𑜁𑜪 𑜄𑜣) ১৩৮০ চনৰ পৰা ১৩৮৭ চনলৈ আহোম ৰাজ্যৰ ৰজা আছিল। তেখেতৰ সিংহাৰোহণে চুতুফাৰ মৃত্যুৰ পাছত চাৰি বছৰ (১৩৭৬-১৩৮০ চন) চাও ফ্ৰংদাম আৰু চাও তাপ্ৰিখিনৰ আন্তঃকালিন শাসনৰ অন্ত পেলাই।[1] কিন্তু ৰাণীৰ প্ৰতি থকা অত্যধিক মোহ আৰু সাধাৰণ জনতাৰ ওপৰত নিষ্ঠুৰতাই তেখেতৰ মৃত্যু মাতি আনে।

পূৰ্বপুৰুষ আৰু সিংহাৰোহণ

[সম্পাদনা কৰক]

ত্যাও খাম্‌টি আহোম ৰজা চুখাংফাৰ তৃতীয় পুত্ৰ। চুখাংফাৰ মৃত্যুৰ পাছত তেখেতৰ দুজন জ্যেষ্ঠ পুত্ৰ চুখ্ৰাম্‌ফাই ১৩৩২ চনৰ পৰা ১৩৬৪ চনলৈ আৰু চুতুফাই ১৩৬৪ চনৰ পৰা ১৩৭৬ চনলৈ ৰাজত্ব কৰে। ১৩৭৬ চনত চুতুফাক চুতীয়াসকলে প্ৰতাৰণাৰে হত্যা কৰে। বুঢ়াগোহাঁই আৰু বৰগোহাঁইকে আদি কৰি আহোম বিষয়ববীয়াসকলে কোনো ৰাজকুমাৰ সেই সময়ত ৰাজপাটৰ বাবে উপযুক্ত নহয় বুলি সিদ্ধান্ত লয়। চাৰি বছৰ কাল মন্ত্ৰীসকলেই ৰাজ্য পৰিচালনা কৰে। অৱশেষত ৰজা অবিহনে ৰাজ্য চলোৱা কঠিন দেখি তেওঁলোকে ত্যাও খাম্‌টিক ১৩৮০ চনত স্বৰ্গদেউ পাতে।[2]

ৰাজত্বকাল

[সম্পাদনা কৰক]

ৰাজপৰিয়ালৰ ঘটনা

[সম্পাদনা কৰক]

ত্যাও খাম্‌টিৰ দুগৰাকী পত্নী আছিল। সৰুগৰাকীৰ (দ্বিতীয় পত্নী) প্ৰতি ৰজাৰ মৰম বেছি আছিল। সিংহাসনৰ বহাৰ পাছতে ৰজাই চুতুফাৰ হত্যাৰ পোটক তুলিবলৈ চুতীয়াসকলৰ বিৰুদ্ধে যুদ্ধলৈ যায়। নিজে নথকা সময়ছোৱাত তেখেতে বৰৰাণীক ৰাজভাৰ দি যায়। সৰু ৰাণীক ৰজাই বেছি মৰম কৰা বাবে বৰ ৰাণীয়ে মনে মনে বেয়া পাইছিল। আকৌ সৰু ৰাণী সন্তানসম্ভৱাও (ৰজাৰ প্ৰথম) আছিল। শাসনভাৰৰ সুযোগ লৈ বৰ ৰাণীয়ে সৰু ৰাণীৰ বিৰুদ্ধে মিছা অভিযোগ আনিলে। অভিযোগৰ অনুসন্ধান কৰি সঁচা বুলি ঘোষণা কৰা হ'ল। বৰৰাণীয়ে সৰু ৰাণীৰ শিৰশ্ছেদ কৰাৰ আদেশ দিলে। কিন্তু সৰু ৰাণী সন্তানসম্ভৱা বাবে মন্ত্ৰীসকলে বুদ্ধি কৰি তেওঁক ভুৰ এখনত ব্ৰহ্মপুত্ৰত উটুৱাই দিলে। ভুৰখন গৈ গৈ হাবুং গাঁৱত লাগিল। তাত ব্ৰাহ্মণ এজনে ৰাণীক আশ্ৰয় দিলে। ল'ৰা এটা জন্ম দি মৃত্যুৰ আগে আগে ৰাণীয়ে ব্ৰাহ্মণজনক কেঁচুৱাটোৰ আচল পৰিচয় জনায়। ব্ৰাহ্মণজনে কেঁচুৱাটোক নিজৰ ল'ৰা-ছোৱালীৰ লগতে ডাঙৰ-দীঘল কৰে। পাছলৈ ১৩৯৭ চনত এই ল'ৰাটোৱেই চুডাংফা নামেৰে আহোম ৰজা হয়।[3][4][5]

যুদ্ধৰ পৰা আহি প্ৰিয় পত্নীৰ শিৰচ্ছদৰ কাহিনী শুনি ৰজা বিমৰ্শ হৈ পৰে। আনহাতে নতুন অনুসন্ধান এটাতো সৰু ৰাণী নিৰ্দোষী প্ৰমাণিত হয়। তথাপিও বৰ ৰাণীৰ প্ৰভাৱত ৰজাই তেওঁৰ বিৰুদ্ধে কোনো শাস্তি নল'লে। ৰাণীয়ে সাধাৰণ প্ৰজাৰ ওপৰতো নানা অত্যাচাৰ চলাইছিল। অৱশেষত অতিষ্ঠ হৈ বিষয়ববীয়াসকলে ৰজা আৰু ৰাণীৰ হত্যা কৰোৱায়। তেওঁলোকক একেলগে চৰাইদেউমৈদাম দিয়া হয়।[6][7][8]


  1. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 32
  2. Gait E.A. A History of Assam 1926 2nd edition Thacker, Spink & Co Calcutta page 82
  3. Gait E.A. A History of Assam 1926 2nd edition Thacker, Spink & Co Calcutta page 82
  4. Barua Gunaviram Assam Buranji or A History of Assam Publication Board of Assam Guwahati 4th edition 2008 page 56-57
  5. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 page 33
  6. Gait E.A. A History of Assam 1926 2nd edition Thacker, Spink & Co Calcutta page 297
  7. Barua Gunaviram Assam Buranji or A History of Assam Publication Board of Assam Guwahati 4th edition 2008 page 56
  8. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 page 33

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • বৰবৰুৱা হিতেশ্বৰ আহোমৰ-দিন or A History of Assam under the Ahoms first edition 1981 Publication Board of Assam Guwahati
  • বৰুৱা গুণাভিৰাম অসম বুৰঞ্জী or A History of Assam fourth edition 2008 Publication Board of Assam Guwahati
  • Gait E.A. A History of Assam second edition 1926 Thacker, Spink & Co Calcutta