চুক্লমফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চাওফা চুক্লমফা
চাওফা

অসমৰ ৰজা
ৰাজত্ব ১৬৭২-১৬৭৪
অভিষেক ১৬৭২
উত্তৰসূৰী চুহুংফা
সম্পূৰ্ণ নাম
চাওফা চুক্লমফা
বাসগৃহ চাৰিঙীয়া ফৈদ, আহোম ৰাজবংশ
সমাধিস্থল চে-ৰায়-দয়
ধৰ্ম আহোম ধৰ্ম, হিন্দু ধৰ্ম
আহোম ৰাজবংশ
Ahom insignia plain.svg
চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ চুতাম্লা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লমফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰেম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিংফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিংফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯
শ্ৰেণীAhomDregon.JPG

আহোম ৰাজ্য      অসম বুৰঞ্জী

 প্ৰ     

চুক্লমফা বা ৰামধ্বজ সিংহ ( সৰুগোহাঁ‌ই) (ৰাজত্বকাল ১৬৭২–১৬৭৪) আহোম সাম্ৰাজ্যৰ এজন স্বৰ্গদেৱ আছিল। তেওঁৰ শাসনকালতে ডেবেৰা বৰবৰুৱা প্ৰবল-প্ৰতাপী হৈ উঠাৰ লগতে ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ মাজত প্ৰায় দহ বছৰ জোৰা ক্ষমতাৰ অঁ‌ৰিয়াঅঁ‌ৰিয়ে গা কৰি উঠিছিল। ইয়াৰ ফলত উক্ত কালছোৱাত ৰাজবিষয়াসকলৰ হস্তক্ষেপত সঘনাই ৰজা ভঙা-পতা চলিছিল।

বংশ পৰিচয়[সম্পাদনা কৰক]

ৰামধ্বজ সিংহ আছিল নামৰূপীয়া ৰজাৰ তৃতীয় পুত্ৰ আৰু চুৰেং দেওৰজাৰ নাতি তথা চুহুন্মুংৰ আজোনাতি। তেওঁৰ ককাদেউতাক চুৰেং দেওৰজা আছিল আহোম ৰাজবংশৰ চাৰিঙীয়া ফৈদৰ প্ৰতিষ্ঠাতা।[1] ৰামধ্বজ সিংহৰ পূৰ্বৰ নাম আছিল সৰুগোহাঁ‌ই। তেওঁৰ দুয়োগৰাকী জ্যেষ্ঠ ভ্ৰাতৃ চুপংমুং ওৰফে চক্ৰধ্বজ সিংহ আৰু চুন্যৎফা ওৰফে উদয়াদিত্য সিংহ যথাক্ৰমে আহোম ৰাজপাটত বহিছিল।[2]

সিংহাসনত আৰোহণ[সম্পাদনা কৰক]

১৬৭২ চনৰ নৱেম্বৰ মাহত ডেবেৰা বৰবৰুৱা আৰু ডাঙৰীয়াসকলৰ সৈতে মিলিত হৈ পূৰ্বৰ স্বৰ্গদেৱ চুন্যৎফাক ক্ষমতাচ্যুত কৰি প্ৰাণে মৰাৰ পিছত সৰুকোঁ‌ৱৰে আহোমমতে চুক্লমফা আৰু হিন্দুমতে ৰামধ্বজ সিংহ নাম লৈ ৰাজপাটত উঠে। স্বজন বধৰ গ্লানিৰ পৰা নিজকে মুক্ত কৰিবলৈ তেওঁ গলপোৰাঘাটত ব্ৰাহ্মণৰ হতুৱাই মাংগলিক কাৰ্য সম্পন্ন কৰোৱাই আৰু তেওঁলোকক উদাৰহস্তে দান-বৰঙনি আগবঢ়ায়। তেওঁ বৈষ্ণৱসকলকো একজ্ঞোট কৰি সাতদিন-সাতৰাতিৰ বাবে নাম-কীৰ্ত্তন কৰোৱাই।[3]

ৰাজত্বকাল[সম্পাদনা কৰক]

ডেবেৰাক বৰবৰুৱা পদত নিযুক্তি[সম্পাদনা কৰক]

চুন্যৎফাক ক্ষমতাচ্যুত কৰাৰ মূল গুৰি ধৰোঁ‌তা ডেবেৰা হাজৰিকা নিজৰ পদবীক লৈ সন্তুষ্ট নাছিল। বাকীসকলে নতুন ৰজাই ৰাজপাটত উঠাৰ সুবিধা ভোগ কৰাৰ বিপৰীতে তেওঁ ইচ্ছামতে সা-সুবিধা পোৱাৰ পৰা বঞ্চিত হোৱা যেন বোধ কৰিছিল। ডেবেৰাই বৰবৰুৱা হ'বলৈ মন মেলিছিল যদিও ৰামধ্বজ সিংহই নিজৰ বিশ্বাসী ঘোঁৰাকোঁ‌ৱৰকহে বৰবৰুৱা পদত অধিষ্ঠিত কৰে। গতিকে ডেবেৰাই ছলেৰে এই পদবীটো হস্তগত কৰিবলৈ থিৰাং কৰে। এদিন চৰাইদেউমৈদামলৈ যাওঁ‌তে ডেবেৰাই ৰামধ্বজ সিংহক কয় যে স্বৰ্গদেৱৰ সৰু ভায়েক চাৰিং ৰজা আৰু লাঙিচাং বৰগোহাঁ‌য়ে গড়গাঁও অধিকাৰ কৰিছে। স্বৰ্গদেৱে এই কথাৰ সঁ‌চা-মিছা বুজ ল'বলৈ অশ্বাৰোহী এজন প্ৰেৰণ কৰে আৰু নিজে কঁ‌ঠালবাৰী দুৰ্গত আশ্ৰয় লয়। অশ্বাৰোহীজনে ঘূৰি আহি ৰাজধানী স্বাভাৱিক বুলি জনায়। ডেবেৰাই নিজৰ কথা প্ৰমাণ কৰিবলৈ মিছা সাক্ষী সাজু কৰে আৰু কয় যে বৰগোহাঁ‌ইৰ আমন্ত্ৰণ সত্ত্বেও চাৰিং ৰজা নহাৰ বাবেই তেওঁলোকে গড়গাঁও অধিকাৰ কৰাত বিফল হয়। এই কথাত ৰজাই আগপাছ নুগুনি বৰগোহাঁ‌ই আৰু চাৰিং ৰজাক ধৰাই আনি কোনো বিচাৰ নকৰাকৈ মৃত্যুদণ্ড দিয়ে। ইয়াৰ পিছতে ডেবেৰাই মিছা প্ৰমাণেৰে ঘোঁৰাকোঁ‌ৱৰকো ষড়যন্ত্ৰকাৰীৰ সৈতে সম্পৰ্ক থকা বুলি পদবীচ্যুত কৰোৱায় আৰু নিজে বৰবৰুৱাৰ পদ লাভ কৰে। নাকজই দুলীয়া বৰুৱাৰ পুত্ৰ তথাডেবেৰাৰ ভতিজাক চেঙমুং গোহাঁ‌ইক বৰগোহাঁ‌ই পতা হয়।[4][5]

চুতীয়া ৰাজ্য আৰু মিচিমিৰ বিৰুদ্ধে অভিযান[সম্পাদনা কৰক]

চুতীয়াসকলে চুন্যৎফাৰ দিনতেই আবৰ আৰু মিচিমিসকলৰ লগ লাগি আহোমসকলৰ বিৰুদ্ধে বিদ্ৰোহ আৰম্ভ কৰে। চুক্লমফাৰ দিনত এই বিদ্ৰোহে গুৰুতৰ ৰূপ ধাৰণ কৰে। ৰজাই ডেবেৰাক এই বিদ্ৰোহ দমন কৰিবলৈ শদিয়ালৈ প্ৰেৰণ কৰে আৰু সেইমতে ক্ষণিকতে বিদ্ৰোহ দমন কৰা হয়।[6] বহুকেইজন পুৰুষক নিৰ্বাসন দিয়াৰ লগতে বছৰেকীয়া বৰঙণি হিচাপে আহোম ৰজাক নাও দিবলৈ বন্দোৱস্তি কৰা হয়। মিচিমিসকলেও আহোম ৰাজ্যত লুটপাত চলাই থকাত বৰফুকনৰ নেতৃত্বত তেওঁলোকক দমন কৰা হয়।[7]

নৰীয়া আৰু উত্তৰাধিকাৰীৰ বিবাদ[সম্পাদনা কৰক]

১৬৭৪ চনত চুক্লমফা নৰীয়াত পৰে। সেই সময়ত ডেবেৰা গজপুৰৰ এক অনুষ্ঠানত আছিল। ৰজাৰ অসুস্থতাৰ বাতৰি পাই তেওঁ ততাতৈয়াকৈ ৰাজধানী গড়গাঁৱলৈ আহে ৰজাৰ চিকিৎসাৰ বাবে চিকিৎসক নিয়োগ কৰে।[8] সেই সময়ছোৱাত আতন বুঢ়াগোহাঁই আৰু লালুকসোলা বৰফুকনকে ধৰি শীৰ্ষস্তৰৰ অধিকাংশ ডা-ডাঙৰীয়া মোগলৰ সম্ভাব্য আক্ৰমণ প্ৰতিহত কৰিবলৈ বুলি গুৱাহাটীত আছিল। সেয়ে ডেবেৰা বৰবৰুৱাৰ বাদে গড়গাঁৱৰ আন বিষয়াসকল মধ্য বা নিম্নস্তৰৰ পদবীধাৰী হোৱাৰ বাবে ডেবেৰাই ৰাজধানীত সম্পূৰ্ণ ক্ষমতা প্ৰয়োগৰ অধিকাৰ লাভ কৰে। চুক্লমফাই নিজৰ বাঢ়ি অহা নৰীয়ালৈ লক্ষ্য কৰি তেওঁৰ আকস্মিক দেহাৱসান ঘটিলে শান্তিপূৰ্ণভাৱে নতুন ৰজা পাতিবৰ বাবে ৰাজধানীত উপস্থিত থকা সকলো বিষয়াকে মাতি পঠিয়ায়। তেওঁ‌ উত্তৰাধিকাৰী হিচাপে উদয়াদিত্য সিংহৰ পুত্ৰ কলীয়া গোহাঁ‌ই আৰু তেওঁৰ দুই ভ্ৰাতৃ তিপাম ৰজা নাৰায়ণ গোহাঁ‌ই আৰু নামৰূপীয়া ৰজা বন গোহাঁ‌ইৰ নাম প্ৰস্তাৱ কৰে। বিষয়াসকলে এই প্ৰস্তাৱত সন্মতি জনায় যদিও ৰাজসভাৰ বাহিৰলৈ আহি ডেবেৰাই তিনিওজন কোঁ‌ৱৰৰে বিৰোধিতা কৰিবলৈ মনস্থ কৰে। তেওঁ ভাবিছিল যে কোঁ‌ৱৰসকলে ভৱিষ্যতে তেওঁৰ প্ৰতি শত্ৰু আচৰণ কৰিব পাৰে। আনহাতে অন্যান্য বিষয়াবৰ্গই ৰজাৰ প্ৰথম পছন্দ কলীয়া গোহাঁ‌ইক ৰজা পাতিবলৈ সিদ্ধান্ত লয়। এই কাৰ্য স্থগিত কৰিবলৈ ডেবেৰাই ফুকন আৰু হাজৰিকাসকলক ৰজাৰ শৰীৰৰ অধিক অৱনতি ঘটাৰ অজুহাতত তেওঁৰ কক্ষলৈ মাতি পঠিয়ায় আৰু একেৰাতিৰ ভিতৰতে এজন এজনকৈ গড়গাঁৱৰ ২৪ জন হাজৰিকা আৰু আটাইকেইজন ফুকনক হত্যা কৰে। অসুস্থ চুক্লমফাই লিগিৰাৰ গাত ভেঁ‌জা দি কি হৈ আছে জানিব বিচৰাত ডেবেৰাই কয় যে হাজৰিকা আৰু ফুকনসকল ৰজাৰ শত্ৰু আছিল; গতিকে স্বৰ্গদেউ চিন্তিত হোৱাৰ প্ৰয়োজন নাই।[9]

ডেবেৰা বৰবৰুৱাৰে বিবাদ[সম্পাদনা কৰক]

ডেবেৰাৰ বৰবৰুৱাৰ অমানুষিক কাৰ্যত ক্ষুণ্ণ হৈ চুক্লমফাই টাঙাচু ফুকন ওৰফে নাৰায়ন খনিকৰ ফুকনক[10] ) মাতি ডেবেৰাক নিপাত কৰিবলৈ আদেশ দিয়ে আৰু ইয়াৰ পুৰস্কাৰ স্বৰূপে তেওঁক বৰফুকন পতাৰ প্ৰতিশ্ৰুতি দিয়ে। ডেবেৰাই কাৰেঙৰ লিগিৰী এজনীৰ পৰা এই কথাৰ সম্ভেদ পায়। টাঙাচু ফুকনে দুই ভ্ৰাতৃ চাৰিঙীয়া ফুকন আৰু তিপমীয়া ফুকনৰে লগ হৈ পাটীৰ মাজত হেংদান লুকুৱাই দেবেৰাৰ বাসগৃহলৈ যায় আৰু তেওঁক ৰজাই প্ৰেৰণ কৰা বাৰ্তা এটা শুনিবলৈ কয়। তেওঁলোকে ডেবেৰাৰ কাষ চাপোঁ‌তেই ডেবেৰাই তেওঁলোকক ঠাইতে কাটি মাৰে। ইয়াৰ পিছতেই ডেবেৰাই তেওঁৰ নিজা মানুহবোৰক তেওঁৰ বিৰোধিতা কৰা সকলো বিষয়াকে হত্যা কৰিবলৈ পাচে। চুক্লমফাই ডেবেৰাক হত্যা কৰিবলৈ বিফল হোৱাৰ খবৰ পাই বিমৰ্ষ হয়।[11]

মৃত্যু[সম্পাদনা কৰক]

চুক্লমফা আৰোগ্য হৈ উঠিলে ভৱিষ্যতে মুখামুখি হ'বলগা বিষম পৰিস্থিতিৰ কথা ভাবি-গুনি ডেবেৰাই ৰজাক হত্যা কৰিবলৈ মনস্থ কৰে। সেইমতে ডেবেৰাই ৰজাক চিকিৎসা কৰি থকা খৰমুজা বেজ নামৰ বৈদ্য এজনক ৰোগীৰ পথ্যত বিহ মিহলাই দিবলৈ ক'বলৈ চাওনা তামূলীক নিৰ্দেশ দিয়ে। উপায়হীন খৰমুজাই সেইমতে কাম কৰাত গড়গাঁৱৰ দ্বিতীয়তো হত্যাযজ্ঞৰ তিনিদিন পিছত ১৬৭৪ চনৰ নৱেম্বৰত বিষক্ৰিয়া হৈ চুক্লমফাৰ মৃত্যু হয়। ডেবেৰাৰ বিপক্ষে ৰজাক সততে পৰামৰ্শ দিয়া ৰজাৰ বৰকুঁ‌ৱৰী তথা চপৰা খোৱা গোহাঁ‌ইৰ জীয়ৰীক ৰজাৰ লগত জীৱন্তে সমাধিস্থ কৰা হয়।[12]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 46
  2. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 188
  3. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 90
  4. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 91
  5. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 193-194
  6. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 194
  7. Gait E.A. A History of Assam 2nd edition 1926 Thacker, Spink & Co Calcutta page 160
  8. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 92
  9. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 93
  10. Barbaruah Hiteswar Ahomar-Din or A History of Assam under the Ahoms 1st edition 1981 Publication Board of Assam Guwahati page 195
  11. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 94-95
  12. Bhuyan S. K. ATAN BURAGOHAIN AND HIS TIMES, Lawyers book stall, 1957 page 95