হেংদান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search

হেংদান হল আহোমসকলৰ পৰম্পৰাগত এবিধ অস্ত্ৰ। আহোম সকলৰ মতে হেং-দান্ অকল যুদ্ধৰ অস্ত্ৰই নহয়, ই বশ্যতা স্বীকাৰ কৰোৱাত, ৰাজকাৰ্য চলোৱাত, কৰ-কাটল আদি আদায় কৰাত দিগ্বিজয় কৰাত সাৰথি হোৱা এবিধ আপুৰুগীয়া আহিলা। হেং-দান্ টাই আহোম ভাষাৰ শব্দ।

প্ৰকাৰ[সম্পাদনা কৰক]

হেং-দানসমূহক তলত দিয়া ধৰণে ভাগ কৰা হয়-

  1. হেং-দান্ খান খাম্ ফা ফা (আদি হেং-দান্): খুন-লুং খুন-লাইক শাসন কৰিবলৈ মুঙফিৰ পৰা নমাই পঠাওঁতে লেং-দনে এখন হেং-দান্ প্ৰদান কৰিছিল।[1]জা-ছিং-ফাই হেং-দান্খন ৰাজসভাৰ ফ-কাম্ খুঁটাত বান্ধি ৰাখিবলৈ তেওঁলোকক উপদেশ দিছিল।
মই তোমালোকক এখন হেং-দান্ দিছোঁ। আদ্য দেৱী খান্-খাম্-ফাই মোক এইখন দিছিল। দেশৰ সকলো মানুহে তোমাকোকক কৰ দিব। ৰাজকীয় কাৰ্য সম্পাদন কৰাত তোমালোকৰ সহায় হ'ব। বছৰৰ শেষত তোমালোকে হেং-দান্খন ধুই ধৰাবা। তোমাকোকক কোনেও কেতিয়াও পৰাজয় কৰিব নোৱাৰে। -লেংডন
  1. হেং-দান্ তাও ছেং আৰু হেং-দান্ লা চাৎ (ৰাজদণ্ড হেং-দান্ বা মূল আহোম হেং-দান্ আৰু চিকাৰী হেং-দান্): চাও-লুং ছ্যু-কা-ফা মৌং-দুন-ছুন-খাম অভিমুখে ৰাওনা হওঁতে এনায়েকে তেখেতক দুখন, চাও থাও লুং আৰু চাও ফ্ৰুঙ মুঙক দুখন আৰু পাঁচজন হাতীমূৰীয়াক পাঁচখন হেং-দান্ দিছিল। ছ্যু-কা-ফাক দিয়া প্ৰথমখন হেং-দান্ টোক টোকালে মাছ, পহু, চৰাই আদি মৰে আৰু দ্বিতীয়খন হেং-দান্ যি দেশলৈ দাঙে, সেই দেশে বশ্যতা স্বীকাৰ কৰে। প্ৰথমখন হেং-দান্ লা-চাৎ আৰু দ্বিতীয়খন হেং-দান্ তাও-ছেং হিচাবে জনাজাত। গোহাঁই দুজনে অনা দুখনক হেং-দান্ কুন-হাই আৰু হাতীমূৰীয়া কেইজনে অনা কেইখনক হেং-দান্ ৰু-চাৎ বুলি কোৱা হয়।[2]
  2. হেং-দান্ থৎ-নাপ্ (খোলা হেং-দান্): ৰাজ অভিষেকৰ দিনা স্বৰ্গদেউ সকলে হাতত খোলা হেং-দান্ লৈ হাতীত উঠি চৰাইদেউলৈ গৈছিল। এইখনক হেং-দান্ থৎ-নাপ বোলা হয়।
  3. হেং-দান্ থিন্ (সিংহাসনৰ হেং-দান্): চাওঁফাট সাত খলপীয়া ৰাজ আসন ঠি ৰুণ খামত ঠাকে ঠাকে সোণৰ নালেৰে বিবিধ বাখৰ খজা নাল আৰু মুঠিত বাখৰ পতা হেং-দান্ ৰাখিছিল। এই হেং-দান্ বোৰক হেং-দান্ থিন্ কৈছিল।[3]
  4. হেং-দান্ লুক্ (গুপুত হেং-দান্): চাওফাসকলৰ আত্ম ৰক্ষাৰ অৰ্থে নিজৰ লগত এখন সৰু হেং-দান্ গুপুতে ৰখা হৈছিল। এইখনক হেং-দান্ লুক্ বোলা হৈছিল। গুৱাহাটীৰ যাদু ঘৰত এনেকুৱা এবিধ হেং-দান্ সংৰক্ষিত আছে।[4]
  5. হেং-দান্ ময়্-দাম্ (মৈদাম হেং-দান্): স্বৰ্গদেউ সকলৰ মৈদাম দিয়াৰ সময়ত সোণৰ হীৰা বাখৰ কৰোৱা ফাক সহ হেং-দান্ কাষত ৰখা হৈছিল। এইবিধ হ'ল হেং-দান্ ময়-দাম্।[5]
  6. হেং-দান্ চাও-চেঙ (ধৰ্মীয় হেং-দান্): শপঠ খাবৰ বাবে কুকুৰা পাৎ কৰোঁতে, পূজা আদিত অন্যান্য প্ৰাণী পাৎ কৰোঁতে যি হেং-দান্ ব্যৱহাৰ কৰা হ'য় সেইখনেই হ'ল হেং-দান্ চাও-ছেঙ[6]
  7. হেং-দান্ আন্-চাই-কান্ ( উপহাৰ হেং-দান্): স্বৰ্গদেউ ছ্যু-হুং-মৌঙে কছাৰী ৰাজ্য দেত্ চনক এখন হেং-দান্, এটা সোণালী হিলৈ আৰু বহুতো বস্তু উপহাৰ দিছিল। পাছৰ স্বৰ্গদেউসকলে বহু সময়ত বহু মিত্ৰ ৰজাক হেং-দান্ উপহাৰ দিছিল। এই হেং-দান্'ক হেং-দান্ আন্-চাই-কান্ কোৱা হয়।[7]
  8. হেং-দান্ ক্কাং আৰু হেং-দান্ উ (বেঁকা আৰু পোন হেং-দান্): বুৰঞ্জীবিদ সৰ্বানন্দ ৰাজকুমাৰ দেৱৰ মতে হেংদান্ এবিধ মুঠি থকা দীঘল নালৰ আগখঁৰা দা। ই আহোমৰ নিজৰ অস্ত্ৰ। উল্লেখযোগ্য যে ইয়াক আহোম সেনাপতি সকলৰ বাহিৰে অন্যে ব্যৱহাৰ নকৰিছিল।[8]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

উৎস প্ৰসংগ[সম্পাদনা কৰক]

  • হাজৰিকা, নগেন (অসমীয়া ভাষাত). অবৌৰঞ্জীক. পৃথিৱী প্ৰকাশন,বেলতলা বজাৰ,গুৱাহাটী-২৮.