চুকাফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
চাওলুং চ্যু-কা-ফা
চাওলুং , অসমৰ পিতৃ , বৰঅসম গঢ়োতা আহোম ভাষা
চাওলুং চুকাফাৰ প্ৰতিমূৰ্তি
অসমৰ ৰজা
ৰাজত্ব ১২২৮ – ১২৬৮
অভিষেক ২ ডিচেম্বৰ, ১২২৮
উত্তৰসূৰী চুতেফা
সন্তান
চুতেফা
সম্পূৰ্ণ নাম
চাও - লুং চ্যু-কা-ফা
বাসগৃহ ছ্যু ফৈদ , আহোম ৰাজবংশ
মাতৃ ব্লক খাম সেন
পিতৃ চাও চাং নেও
সমাধিস্থল ছে ৰাই দয়
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
Ahom insignia plain.svg
চুকাফা ১২২৮–১২৬৮
চুতেওফা ১২৬৮–১২৮১
চুবিণ্‌ফা ১২৮১–১২৯৩
চুখাংফা ১২৯৩–১৩৩২
চুখ্ৰাম্‌ফা ১৩৩২–১৩৬৪
শাসক নাই ১৩৬৪–১৩৬৯
চুতুফা ১৩৬৯–১৩৭৬
শাসক নাই ১৩৭৬–১৩৮০
ত্যাও খাম্‌টি ১৩৮০–১৩৮৯
শাসক নাই ১৩৮৯–১৩৯৭
চুডাংফা ১৩৯৭–১৪০৭
চুজান্‌ফা ১৪০৭–১৪২২
১০ চুফক্‌ফা ১৪২২–১৪৩৯
১১ চুচেনফা ১৪৩৯–১৪৮৮
১২ চুহেনফা ১৪৮৮–১৪৯৩
১৩ চুপিম্‌ফা ১৪৯৩–১৪৯৭
১৪ চুহুন্মুং ১৪৯৭–১৫৩৯
১৫ চুক্লেণমুং ১৫৩৯–১৫৫২
১৬ চুখাম্‌ফা ১৫৫২–১৬০৩
১৭ চুচেংফা ১৬০৩–১৬৪১
১৮ চুৰাম্‌ফা ১৬৪১–১৬৪৪
১৯ চুত্যিণ্‌ফা ১৬৪৪–১৬৪৮
২০ ফুতুণ্‌ফা ১৬৪৮–১৬৬৩
২১ চুপংমুং ১৬৬৩–১৬৭০
২২ চুন্যৎফা ১৬৭০–১৬৭২
২৩ চুক্লফা ১৬৭২–১৬৭৪
২৪ চুহুংফা ১৬৭৪–১৬৭৫
২৫ গোবৰ ৰজা ১৬৭৫–১৬৭৫
২৬ চুজিন্‌ফা ১৬৭৫–১৬৭৭
২৭ চুদৈফা ১৬৭৭–১৬৭৯
২৮ চুলিক্‌ফা ১৬৭৯–১৬৮১
২৯ চুপাতফা ১৬৮১–১৬৯৬
৩০ চুখ্ৰংফা ১৬৯৬–১৭১৪
৩১ চুতণফা ১৭১৪–১৭৪৪
৩২ চুণেণফা ১৭৪৪–১৭৫১
৩৩ চুৰাম্‌ফা ১৭৫১–১৭৬৯
৩৪ চুণ্যেউফা ১৭৬৯–১৭৮০
৩৫ চুহিত্পংফা ১৭৮০–১৭৯৫
৩৬ চুক্লিংফা ১৭৯৫–১৮১১
৩৭ চুদিনফা ১৮১১–১৮১৮
৩৮ পুৰন্দৰ সিংহ ১৮১৮–১৮১৯
৩৯ চুদিনফা ১৮১৯–১৮২১
৪০ যোগেশ্বৰ সিংহ ১৮২১–১৮২৪
৪১ পুৰন্দৰ সিংহ ১৮৩২–১৮৩৯
শ্ৰেণীAhomDregon.JPG

আহোম ৰাজ্য      অসম বুৰঞ্জী

 প্ৰ     

চাওলুং চুকাফা (ইংৰাজী: Sukapha , Full name: Chao Lueng Sue ka pha , ৰাজত্বকাল: ১২২৮-১২৬৮) মধ্যযুগীয় বৰ অসমৰ প্ৰথমজন চাওফা তথা টাই ৰাজ্য মৌঙ মাওৰ চাং বংশীয় চ্যু ফৈদৰ ৰাজকোঁৱৰ,[1] আৰু আহোম সাম্ৰাজ্যৰ প্ৰতিস্থাপক আছিল। মং মাও[2]শান ৰাজকুমাৰ চুকাফাই পাটকাই পৰ্বত পাৰ হৈ আহি ১২২৮ খ্ৰীষ্টাব্দত অসমত আহোম সাম্ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে-ৰাই-ডয়তত স্থায়ীকৈ ৰাজধানী পাতে৷ চুকাফাই প্ৰতিষ্ঠা কৰা সাম্ৰাজ্যই ৬১০ বছৰ ধৰি সমগ্ৰ ব্ৰহ্মপুত্ৰ উপত্যাকাজোৰা আহোম সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা কৰে৷ এই সময়ছোৱাত অসমত বাস কৰা সকলো জাতি-জনজাতিকে তেওঁ একত্ৰিত কৰে৷ সেয়ে বৰ অসম গঢ়াৰ ক্ষেত্ৰত অসম তথা অসমীয়া জাতিৰ বাবে চুকফাৰ অৱদান সৰ্বস্ব৷ এনে কাৰণতে তেওঁৰ নামৰ আগতচাওলুং (চাও: ঈশ্বৰ , লুং: মহান) ব্যৱহাৰ হ'বলৈ ধৰে।

জীৱনবৃত্ত[সম্পাদনা কৰক]

মং মাওত থকাৰ সময়[সম্পাদনা কৰক]

আহোমসকল মংগোলীয় গোষ্ঠীৰ অন্তৰ্গত দক্ষিণ-পূব-এছিয়াৰ বৃহৎ জাতিৰ এটা শাখা৷ খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে টাই যুৱৰাজ পি-লকুৱে ছখন ক্ষুদ্ৰ ৰাজ্য জয় কৰি একত্ৰিত কৰে৷ ফলত টাই ৰাজ্য নানাচাও বৃহৎ সাম্ৰাজ্যত পৰিণত হয়৷ এই সাম্ৰাজ্যৰ পৰিধি ভাৰতৰ মগধ পৰ্যন্ত বিস্তৃত আছিল৷ লগতে ব্ৰহ্মদেশৰ উত্তৰ ভাগ আৰু অসমৰ কিছু অংশত এই সাম্ৰাজ্য অন্তৰ্ভুক্ত আছিল৷ এই সাম্ৰাজ্য কালক্ৰমত ভাগি পুনগঠিত হৈ মুঙ-ৰি-মুং-ৰামৰাজ্যত পৰিণত হয়৷ চীনদেশৰ য়ুন্নান প্ৰদেশৰ দক্ষিণ-পশ্চিমৰ কিছু অংশ, ওপৰৰ ব্ৰহ্মদেশ আৰু থাইলেণ্ডৰ কিছু অংশ সামৰি এই ৰাজ্য গঠিত হৈছিল৷ পূৰ্বতে এই ঠাই জনশূন্য আছিল৷ এই জনশূন্য ঠাইলৈ প্ৰব্ৰজন কৰি অহা টাই মংগোলীয়সকলৰ নায়ক আছিল খুনলুং আৰু খুনলাই নামৰ দুজন ভাই-ককাই৷ খুনলুঙে ভায়েকক মুঙ-খু-মঙ্-য়াও নামৰ পৃথক ৰাজ্য এখন প্ৰতিষ্ঠা কৰি দি নিজে মুঙ-ৰি-মুং-ৰামৰ ৰজা হয়৷

খুনলাই প্ৰতিষ্ঠা কৰা মুঙ-ৰি-মুং-ৰাম ৰাজ্যৰে চাও-চাং-মুনৰ পুত্ৰ চাও-চাং-ন্যেউৱে দক্ষিণ দিশৰ ৰাজ্য মাও-লুং জয় কৰিবলৈ যুদ্ধ যাত্ৰা কৰে৷ কিন্তু যুদ্ধৰ বাবে প্ৰস্তুত নথকাত মাও-লুঙৰ ৰজা খুন-পাং-খামে নিজ ভনীয়েক নাং-ম'ঙব্লক-খাম-চেউক চাও-চাং-ন্যেউলৈ বিয়া দি সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়৷ পিছত চাও-চাং-ন্যেউক মাও-লুঙৰ কৰতলীয়া ৰজা পাতি চাও-ফা (ৰজা) উপাধি দিয়ে৷ নাং-ম'ঙব্লক-খাম-চেউক গৰ্ভত চাও-চাং-ন্যেউৰ তিনি সন্তানৰ জন্ম হয়৷ ছুজৎ ফা, ছুখাম-ফা আৰু কনিষ্ঠ চুকাফা৷ চুকাফাৰ জন্মৰ আগতে মাক আহি পিতৃগৃহত আছিল বাবে পুঠায়েকৰ ঘৰতে চুকাফাৰ জন্ম হৈছিল৷ চুকাফাই ১৯ বছৰ কাল নিছায়েক খুন-পাং-খামৰ ঘৰত আছিল আৰু জন্মৰ পৰা চফল ডেকা বয়সলৈকে পিতৃৰ ৰাজ্যলৈ যোৱা নাছিল৷ ১২২০ চনত খুন-পাং-খামৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰই পেহাক চাও-চাং-ন্যেউৰ ৰাজ্য অধিকাৰ কৰে৷ এই যুদ্ধত চুকাফাৰ ডাঙৰ ককায়েক ছুজৎ ফাক বধ কৰা হয়৷ পিছত মাও-লুংৰ ৰজাই চুকাফাক ম'ঙ-মিৎ-কুপ-ক্লি-নয়ৰ ৰজা নিয়োগ কৰে৷ এনেদৰে তলতীয়া ৰজা হিচাপে ১৮ বছৰ কাল থকাৰ পিছত এখন স্বাধীন ৰাজ্যৰ কথা ভাবি চুকাফাই গোপনে যা-যোগাৰ আৰম্ভ কৰে৷ এই সময়তে জুন-লুং নামৰ আন এখন ৰাজ্য জয় কৰিবৰ বাবে মাও-লুঙৰ ৰজা ছু-খান-ফাই চুকাফাক সহায় কৰিবলৈ আমন্ত্ৰণ জনালে৷ কিন্তু চুকাফাই সহায় নকৰাত তেওঁক বন্দী কৰিবলৈ আগবাঢ়ি আহিল৷ কিন্তু চুকাফাই নিজৰ মাতুল পক্ষীয় ভাইৰ লগত যুদ্ধ নকৰি ৰাজ্য ম'ঙ-মিৎ-কুপ-ক্লি-নয় পৰিত্যাগ কৰে আৰু নতুন ঠাইৰ সন্ধানত যাত্ৰা কৰে৷[3]

অসমলৈ আগমন[সম্পাদনা কৰক]

চুকাফাই প্ৰতিষ্ঠা কৰা ৰাজধানী চৰাইদেউৰ এটা মৈদাম

চুকাফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়৷ স্বৰাজ্য এৰি অহাৰ সময়ত চুকাফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ,, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল৷ লগতে ১০৮০ সৈনিক, ৩০০ ঘোঁৰা, খাম, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী। ককায়েক ছু-খাম-ফাই চুকাফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশে থকা দেশখন জয় কৰিবলৈ পৰামৰ্শ দিয়ে৷ চুকাফাই মাকৰ লগত নিছায়েকৰ ৰাজ্যত থাকোতেই নিছায়েকৰ পুত্ৰ কোঁৱৰ চাম-লুং-ফাই সৌমৰপীঠলৈ যুদ্ধাভিযান চলাই ১২১৫ খ্ৰীষ্টাব্দত মণিপুৰ আৰু কাছাৰৰ কিছু অংশ অধিকাৰ কৰিছিল৷ এই অভিযানৰ বিষয়ে চুকাফাই সকলোখিনি জানিছিল৷ সেয়ে তেওঁ সৌমাৰ বা মুহ-দুন-চুন-খাম জয় কৰাটোকে নিশ্চিত কৰে৷ সেয়ে চুকাফাই নৰা ৰাজ্যৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহে৷

১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চুকাফাই সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে৷ টি-পামত চুকাফাই ৩ বছৰ কাল থাকে৷ ইয়াৰ পিছত অভয়াপুৰীলৈ আহি তিনি বছৰ থাকেহি৷ ইয়াৰ পৰা শ'লগুৰি আৰু হাবুঙলৈ আহে৷ হাবুঙত বানপানীয়ে আমনি দিয়াত দিহিং নৈৰে ভটিয়াই গৈ দিখৌমুখ পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত উপস্থিত হয়৷ চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ৷ ইয়াত কিছু দিন থাকি চুকাফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে৷ পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়৷ এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত) অৰ্থাত পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ৷ পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত হয়৷ অতি বীৰত্ব আৰু বিচক্ষণতাৰে চুকাফাই ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি বিশাল আহোম সাম্ৰাজ্যৰ পাতনি মেলে৷[3]


তি-পাম[4][সম্পাদনা কৰক]

দৈ-কাও-ৰাং বা পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠত ছৗ-কা-ফাই আহোম ৰাজত্বৰ প্ৰথম ৰাজকাৰ্য আৰম্ভ কৰিছিল ৷ প্ৰথমে ছৗ-কা-ফাই তি-পামত তিনিবছৰ কটালে ৷ তেখেতে তি-পামত খেতি কৰি ভঁৰাল বান্ধিলে ৷

উল্লেখযোগ্য যে সেই সময়ত এই মুলুকৰ মানুহে কেৱল আহু খেতি হে কৰিব জানিছিল ৷ ছৗ-কা-ফাই উন্নত কৃষি পদ্ধতিৰে বিপ্লৱ সূচনা কৰিলে ৷ এই ঠাইৰ বাসিন্দা সকলে কঠিয়া নপৰাকৈ বাম মাটিত আহু কৰিছিল ৷ ছৗ-কা-ফাই সাপ- বেঙৰ ৰাজ্য হৈ পৰি থকা পিটনি গেৰেকণি চাফা কৰি দ মাটিত শালি খেতি কৰিলে ৷ দ পিটনি গুচাই কৰা শালি খেতি নদন বদন হৈছিল ৷ তাকে দেখি বাকী মানুহবোৰে তবধ মানিলে ৷ ছৗ-কা-ফাই সূচনা কৰা এই কৃষি পদ্ধতিয়ে অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিলে ৷ তাই সকলৰ এই 'কৃষি অৰ্থনীতি'য়ে এখন ৰাজ্য প্ৰতিষ্ঠা কৰাত তাইসকলক ব্যাপকভাবে সহায় কৰিলে ৷ কাৰণ তাইসকলৰ এই চমৎকাৰ কাৰ্যই সেই সময়ৰ খিলঞ্জীয়া মানুহখিনিক বাৰুকৈয়ে আকৃষ্ট কৰিলে আৰু কালক্ৰমত তেওঁলোকে তাই মানুহৰ 'তলত' কাম কৰিবলৈ কুন্ঠাবোধ নকৰিলে ৷ এইবোৰৰ লগতে ছৗ-কা-ফাৰ 'সাম্য আৰু মৈত্ৰী নীতি'য়েও বহু পৰিমাণে প্ৰভুত্ব স্বীকাৰ কৰি লোৱাত বিশেষভাৱে অৰিহণা যোগালে ৷বৰাহীসকলৰ বহুতেই এনেদৰে কোৱা-মেলা কৰিলে যে " এই ৰজা প্ৰজাখন আহি আমাক ছলেৰে ৰণুৱা কৰি লোৱা স্বতেও আমাৰ বেয়া লগা নাই বৰং এইদৰে খাটি-লুটি অহা যোৱাকৈ থাকিবৰহে মন যায় ৷ "

ছৗ-কা-ফাৰ  আগৰ অভিযানকাৰী ছাম-লুং-ফাই এই মুলুকত জয় কৰি যোৱা অঞ্চলসমূহৰ প্ৰজাসকলৰ পৰা কৰ কাটল সংগ্ৰহ কৰিছিল ৷ নগা, মৰাণ, বৰাহী,  চুতীয়া আদি প্ৰজাসকলৰ পৰা কৰ আদায় কৰিবলৈ ছাম-লুং-ফাই ইয়াত তিনিজন কৰতোলা বিষয়া পাতি থৈ গৈছিল ৷ তেওঁলোকে নিয়মিয়াকৈ মাওছান ৰাজ্যলৈ কৰ পঠিয়াই আছিল ৷ কিন্তু ছৗ-কা-ফা অহাত বিষয়া সকলে ছৗ-কা-ফাকে কৰ শোধাবলৈ ল'লে ৷ ছৗ-কা-ফাই তেতিয়া তেওঁলোকক যথাযোগ্য উপাধি প্ৰদান কৰিলে ৷ পুৰণি বিষয়াই ছৗ-কা-ফাই সহায় কৰিলত তেখেতে বিষয়া কৰ্মচাৰী নিয়োগ কৰি অসমত আহোম ৰাজত্বৰ সূচনা কৰিলে ৷

অভয়াপুৰ-হাবুং[4][সম্পাদনা কৰক]

তিপামত তিনি বছৰ কাল থকাৰ পাছত দিহিং নৈৰ বানপানীয়ে আমনি কৰাত ছৗ-কা-ফা অভয়াপুৰলৈ ভটিয়াই গ'ল ৷ অভয়াপুৰত তিনি বছৰ  থাকি সুচল নাপাই শালগুৰিলৈ ভটিয়ালে ৷ ইয়াৰ পিছতে ভটিয়ালে হাবুঙলৈ ৷ তেতিয়া দিহিং আৰু লুইতৰ মাজৰ অঞ্চলটোৱেই আছিল হাবুং ৷ বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং ৷ বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ ঠাইখিনিয়েই হাবুং ৷ হাবুঙত চাৰি পাচঁ বছৰ থাকি লুইতৰ বানপানীৰ অত্যাচাৰত ছৗ-কা-ফা দিখৌ নদী পালেহি ৷ তেখেতে দিখৌ নাম দিলে খে-নাম-চাউ অৰ্থাৎ নিৰ্মল পানীৰ নৈ ৷ সেই সময়ত দিখৌ লুইতত পৰাৰ সলনি দিহিঙতহে পৰিছিল ৷ দিখৌৰ পাৰতো সুচল নেদেখি ছৗ-কা-ফাই দিখৌৱেদি উজাই দিলিহ নৈৰ মুখ পালেহি

দিলিহৰ ঘোদা পানী দেখি নাম থ'লে নাম-খুন অৰ্থাৎ ঘোলা পানীৰ নৈ ৷ দিলিহৰ পৰাও উজাই গৈ নাম-দাং অৰ্থাৎ ৰঙচুৱা পানীৰ নৈৰ মুখ পালেগৈ ৷ নাম-দাঙত ছৗ-কা-ফা নৰ'ল ৷ কাৰণ এই ঠাইৰ আশে-পাশে অনেক জনবসতি ৷ অচিন ঠাইত বিপদৰ সম্ভাৱনাও বেছি ৷ তেখেতৰ নাম-দাঙেদি নগৈ পুনৰ দিখৌৱেদি উজাই গৈ ছং-টক (বৰ্তমান চন্টক) পালেগৈ ৷ ইয়াত ছৗ-কা-ফা চাৰি বছৰ থাকি এখন প্ৰদেশ পাতি তা-খুন লাকক শাসনকৰ্তা নিয়োগ কৰিলে ৷ তাৰ পিছত সদলবলে শিমলুগুৰিৰ ফালে ভটিয়াই ফালে ভটিয়াই গৈ তাতে ৰৈ অঞ্চলটো কিছুদিন ধৰি পৰ্যবেক্ষণ কৰিলে ৷

শিমলুগুৰত থাকোঁতে ছৗ-কা-ফাই মৰাণ আৰু বৰাহী জাতিৰ মানুহক লগ পাইছিল ৷

চৰাইদেউ বা চে-ৰাই-দৈ[4][সম্পাদনা কৰক]

এওঁলোকৰ পৰা কোনোধৰণৰ আসৈ নাপাই শিমলুগুৰিৰ ভিতৰুৱা অঞ্চলবোৰলৈ সোমাই গৈ পৰ্যবেক্ষন কৰিলে ৷ তাতে এটা পাহাৰ দেখি আগুৱাই গৈ পাহাৰটোত ১২৫৩ খ্ৰীষ্টাব্দত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই স্হায়ী ৰাজধানী পাতিলে ৷ এই ৰাজধানীয়েই চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰ ৷ এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথম ৰাজধানী ৷ অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া সাক্ষী ৷
শিল্পীৰ কল্পনাত চুকাফা

চুকাফাৰ অৱদান[সম্পাদনা কৰক]

আহোম স্বৰ্গদেউ চুকাফাৰ এটা প্ৰতিমূৰ্তি

স্বৰ্গদেউ চুকাফাই টাই মংগোলীয় ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘ্টাত উৎসাহ যোগাইছিল৷ এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত এক নতুন সমন্বয়ৰ ভাষা অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল৷ চুকাফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা৷ স্বৰ্গদেউ চুকাফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘ্টনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি৷[3] তেওঁ সমসাময়িক অসমত বসবাস কৰা আৰু ৰাজ্য শাসন কৰা মৰাণ, বৰাহী, কছাৰী, নগা, চুতীয়া আদি সকলো জাতি-জনগোষ্ঠীকে একত্ৰিত কৰি পৰস্পৰৰ মাজত বিবাহ আৰু খোৱা-বোৱাৰ ব্যৱস্থা কৰি দিছিল৷ লগতে বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল৷ যাৰ ফলত অসমত শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু বামুণ, কলিতা, লালুং, কোচ সকলোৱে এই উপাধি লাভ কৰিছিল৷ সাতৰাজ মাৰি একৰাজ কৰা চাওলুং চুকাফাই হ'ল যথাৰ্থভাৱে অসম আৰু অসমীয়াৰ পিতৃপুৰুষ আৰু বৃহত্তৰ অসমীয়া জাতিৰ জনক৷

মৃত্যু[সম্পাদনা কৰক]

১২৬৮ চনত চুকাফাৰ মৃত্যু হয়।

চুকাফা দিৱস[সম্পাদনা কৰক]

বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চুকাফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা ‘‘অসম দিৱস’’ বা ’’চুকাফা দিৱস’’ হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাওলুং চ্যুকাফাপাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়।[5]

লগতে চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "Chaolung Sukaphaa". Assam info.com. http://www.assaminfo.com/famous-people/50/chaolung-sukapha.htm। আহৰণ কৰা হৈছে: 2012-11-25. 
  2. সংক্ষিপ্ত অসমীয়া বিশ্বকোষ (প্ৰথম খণ্ড), শান্তনু কৌশিক বৰুৱাৰ মতে "ত্ৰয়োদশ শতিকাৰ আগভাগতে চুকাফাই উজনি চীনদেশৰ দেহং ডাই চিপচংপাননা আৰু ৰুইলিৰ মৌঙ মাও ৰাজ্যৰ পৰা আহি ডয় পাটকাই পৰ্বতত উপস্থিত হৈছিলহি৷"
  3. 3.0 3.1 3.2 গণ অধিকাৰ, প্ৰবন্ধ- অসমীয়া জাতিৰ জনক চুকাফাৰ প্ৰাসংগিকতা, অমল নাৰায়ণ পাটোৱাৰী, ১২ অক্টোবৰ ২০১১
  4. 4.0 4.1 4.2 ছৗ কা ফাৰ অসম আগমন আৰু আহোম ৰাজত্বৰ আৰম্ভণি ...চাও নবীন বুঢ়াগোঁহাই
  5. অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১

বাহ্যিক সংযোগ[সম্পাদনা কৰক]