চ্যু-কা-ফা
| চাও-লুং চ্যু-কা-ফা 𑜋𑜈𑜫;𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜈𑜫𑜀า;𑜇า. | |
|---|---|
| চাও-লুং চু'-কা-ফাৰ প্ৰতিমূৰ্তি | |
| ৰাজত্ব | ১২২৮ – ১২৬৮ |
| অভিষেক | অসম দিৱস (২ ডিচেম্বৰ, ১২২৮) |
| উত্তৰাধিকাৰী | চ্যু-তেও-ফা |
| নাঙ-লুং (কুঁৱৰী) | আই-মে' চাও-লু চেন-চুম-ফা য়িলো-কে-চি-চুম-ফা |
| সম্পূৰ্ণ নাম | |
| চাও-লুং চু'-কা-ফা | |
| বাসগৃহ | ছ্যু ফৈদ |
| মাতৃ | ব্ল'ক খাম-ছেন |
| পিতৃ | চাং-ন্যেও |
| জন্ম | চীনদেশৰ দেহ'ঙ (মধ্যযুগৰ মু'ঙ মাও) |
| সমাধিস্থল | চু'-কা-ফা মৈ-দাম,চু'-কা-ফা হাবি গাঁও, ছে ৰাই দ'য়, অসম |
| ধৰ্ম | ফুৰালুং ধৰ্ম |
| ||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
চাও-লুং চু'-কা-ফা (টাই-আহোম: 𑜋𑜈𑜫;𑜎𑜤𑜂𑜫 𑜏𑜢𑜤𑜈𑜫𑜀า;𑜇า.Tsāolung Sérkāphâ, শাসনকাল: লাক-নি কাট ৰাও —কাট প্লওশাসনকাল ১২২৮–১২৬৮) অসম ৰাজ্য বা মু'ঙ দুন চুন খামৰ প্ৰতিস্থাপক তথা চীনৰ দেহ'ঙৰ (মধ্যযুগৰ মু'ঙ মাওৰ) ৰাজকোঁৱৰ আছিল,ল।[1][2] চু'-কা-ফাই ১২২৮ খ্ৰীষ্টাব্দত ব্ৰহ্মপুত্ৰ উপত্যকাত অসম ৰাজ্যৰ প্ৰতিষ্ঠা কৰে আৰু ১২৫৩ চনত চে ৰাই দ'য়ত স্থায়ীকৈ ৰাজধানী পাতে। চু'-কা-ফাই প্ৰতিষ্ঠা কৰা আহোম ৰাজ্যই প্ৰায় ৬০০ বছৰ ধৰি ৰাজত্ব কৰে। অসম তথা অসমীয়া জাতিৰ বাবে চু'-কা-ফাৰ অৱদান উল্লেখনীয় সেয়েহে ২ ডিচেম্বৰত তেওঁ ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হোৱা দিনটোক অসম দিৱস ৰূপে পালন কৰা হয় আৰু তেওঁক অসমীয়া জাতিৰ পিতৃ বুলি কোৱা হয়।[3]। তেওঁক বুজাবলৈ চাও-লুং (চাও: গৰাকী[4], লুং: মহান) উপাধি ব্যৱহাৰ কৰা হয়।
জীৱনবৃত্ত
[সম্পাদনা কৰক]মং মাওত থকাৰ সময়
[সম্পাদনা কৰক]খ্ৰীষ্টীয় অষ্টম শতিকাৰ আৰম্ভণিতে টাই যুৱৰাজ পি-লকুৱে ছখন ক্ষুদ্ৰ ৰাজ্য জয় কৰি একত্ৰিত কৰে। ফলত টাই ৰাজ্য মূঙ নান-চাও (南詔) বৃহৎ সাম্ৰাজ্যত পৰিণত হয়। এই সাম্ৰাজ্য কালক্ৰমত ভাগি পুনগঠিত হৈ মুঙ-ৰি-মুং-ৰাম ৰাজ্যত পৰিণত হয়। চীনদেশৰ য়ুন্নান প্ৰদেশৰ দক্ষিণ-পশ্চিমৰ কিছু অংশ, ওপৰৰ ব্ৰহ্মদেশ আৰু থাইলেণ্ডৰ কিছু অংশ সামৰি এই ৰাজ্য গঠিত হৈছিল। পূৰ্বতে এই ঠাই জনশূন্য আছিল। এই জনশূন্য ঠাইলৈ প্ৰব্ৰজন কৰি অহা টাই সকলৰ নায়ক আছিল খুনলুংআৰু খুনলাই নামৰ দুজন ভাই-ককাই। খুনলুঙে ভায়েকক মুঙ-খু-মঙ্-য়াও নামৰ পৃথক ৰাজ্য এখন প্ৰতিষ্ঠা কৰি দি নিজে মুঙ-ৰি-মুং-ৰামৰ ৰজা হয়।
খুনলাই প্ৰতিষ্ঠা কৰা মুঙ-ৰি-মুং-ৰাম ৰাজ্যৰে চাও চাং-মুনৰ পুত্ৰ চাও-চাং-ন্যেউৱে দক্ষিণ দিশৰ ৰাজ্য মাও-লুং জয় কৰিবলৈ যুদ্ধ যাত্ৰা কৰে। কিন্তু যুদ্ধৰ বাবে প্ৰস্তুত নথকাত মাও-লুঙৰ ৰজা খুন-পাং-খামে নিজ ভনীয়েক নাং-ম'ঙ ব্ল'ক-খাম-ছেনক চাও-চাং-ন্যেউলৈ বিয়া দি সন্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। পিছত চাও-চাং-ন্যেউক মাও-লুঙৰ কৰতলীয়া ৰজা পাতি চাও-ফা (ৰজা) উপাধি দিয়ে। নাং-ম'ঙ ব্লক-খাম-ছেনক গৰ্ভত চাও-চাং-ন্যেউৰ তিনি সন্তানৰ জন্ম হয়। চ্যু-জৎ-ফা, চ্যু-খাম-ফা আৰু কনিষ্ঠ চু'-কা-ফা। ১১৮৯ চনত চাওলুং চুকাফাৰ জন্ম হৈছিল।[5] চু'-কা-ফাৰ জন্মৰ আগতে মাক আহি পিতৃগৃহত আছিল বাবে প'-থাওয়েকৰ ঘৰতে চু'-কা-ফাৰ জন্ম হৈছিল। চু'-কা-ফাই ১৯ বছৰ কাল নিছায়েক খুন-পাং-খামৰ ঘৰত আছিল আৰু জন্মৰ পৰা চফল ডেকা বয়সলৈকে পিতৃৰ ৰাজ্যলৈ যোৱা নাছিল। ১২২০ চনত খুন-পাং-খামৰ মৃত্যু হোৱাত তেওঁৰ দুই পুত্ৰই পেহাক চাও-চাং-ন্যেউৰ ৰাজ্য অধিকাৰ কৰে। এই যুদ্ধত চু'-কা-ফাৰ ডাঙৰ ককায়েক ছুজৎ ফাক বধ কৰা হয়। পিছত মাও-লুংৰ ৰজাই চু'-কা-ফাক ম'ঙ-মিৎ-কুপ-ক্লি-নয়ৰ ৰজা নিয়োগ কৰে। এনেদৰে তলতীয়া ৰজা হিচাপে ১৮ বছৰ কাল থকাৰ পিছত এখন স্বাধীন ৰাজ্যৰ কথা ভাবি চু'-কা-ফাই গোপনে জা-যোগাৰ আৰম্ভ কৰে। এই সময়তে জুন-লুং নামৰ আন এখন ৰাজ্য জয় কৰিবৰ বাবে মাও-লুঙৰ ৰজা ছু-খান-ফাই চু'-কা-ফাক সহায় কৰিবলৈ আমন্ত্ৰণ জনালে। কিন্তু চু'-কা-ফাই সহায় নকৰাত তেওঁক বন্দী কৰিবলৈ আগবাঢ়ি আহিল। কিন্তু চু'-কা-ফাই নিজৰ মাতুল পক্ষীয় ভাইৰ লগত যুদ্ধ নকৰি ৰাজ্য ম'ঙ-মিৎ-কুপ-ক্লি-নয় পৰিত্যাগ কৰে আৰু নতুন ঠাইৰ সন্ধানত যাত্ৰা কৰে।[6]
অসমলৈ আগমন
[সম্পাদনা কৰক]চু'-কা-ফাই নতুন ৰাজ্যৰ সন্ধানত যাত্ৰা কৰাৰ সময়ত প্ৰথম অৱস্থাত সৰু ককায়েক ছু-খাম-ফাৰ নৰা ৰাজ্যত কিছুদিন আশ্ৰয় লয়। স্বৰাজ্য এৰি অহাৰ সময়ত চু'-কা-ফাই লগত ইষ্টদেৱতা চুমদেউ, মংগল চোৱাত ব্যৱহাৰ কৰা কুকুৰা চৰাই, তিনিগৰাকী ৰাণী- আই মে চাও লো, নাংচেন-চুম-ফা আৰু য়িলো-কে-চি-চুম-ফা, দুজন পাত্ৰ মন্ত্ৰী, পাঁচজন কোঁৱৰ,, চাৰিজন ৰাজপুৰোহিত, দুজন বাইলুং আহিছিল। লগতে ৯০০০ সৈনিক, ৩০০০ অশ্বাৰোহী আৰু ৩০০ ঘোঁৰা, খাম, পেং নামৰ এটা দঁতাল হাতী আৰু এজনী মাখুন্দী হাতী।[7] ককায়েক ছু-খাম-ফাই চু'-কা-ফাক নৰা ৰাজ্যৰ দক্ষিণ-পশ্চিম দিশে থকা দেশখন জয় কৰিবলৈ পৰামৰ্শ দিয়ে। সেয়ে তেওঁ মুহ-দুন-চুন-খাম জয় কৰাটোকে নিশ্চিত কৰে। সেয়ে চু'-কা-ফাই নৰা ৰাজ্যৰ পৰা হংকং উপত্যাকাৰে পাটকাই পৰ্বত পাৰ হৈ আহে।
১২২৮ খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ ১৬ তাৰিখে চু'-কা-ফাই সৌমাৰপীঠৰ টি-পাম (টি-ঠাই, পাম-চাপৰি)ত বুঢ়ীদিহিঙেৰে উজাই আহি উপস্থিত হয় আৰু ইয়াতেই তেওঁ নতুন এখন স্বাধীন ৰাষ্ট্ৰৰ সোপান ৰচনা কৰে আৰু ঠায়ে ঠায়ে অস্থায়ী ৰাজধানী পাতি খেতি কৰি যায়। তাৰে কিছুমানত চুকাফাই মানুহ থৈ যায় আৰু এই অঞ্চলবোৰ পাছলৈ আহোম ৰাজ্যৰ অংশ হয়। তাৰে প্ৰথমখন অস্থায়ী ৰাজধানী খামজাং নামৰ ঠাইত পাতিছিল। আহোম গণনা অনুসৰি লাকনি তে কাও চন্দ্ৰবৰ্ষত (Lunaryear) উক্ত ঠাইত অস্থায়ী ৰাজধানী পাতিছিল। দ্বিতীয় অস্থায়ী ৰাজধানী নামৰূপত পাতিছিল আৰু দাপ ৰাও চন্দ্ৰবৰ্ষত (Lunaryear) নামৰূপ এৰিছিল। মৌঙ ক্লাঙ খ্ৰূ (অসমীয়াত অভয়পুৰত) প্ৰায় পাঁচবছৰ অস্থায়ী ৰাজধানী পাতি আছিল। তাত খুঁত চি ঙা , ৰাংমুত , তাওছা , কা ৰাও , কাপ মিত মুঠ পাঁচটা চন্দ্ৰবৰ্ষ (Lunaryear) অস্থায়ী ৰাজধানী হিচাপে থাকে। পঞ্চমখন অস্থায়ী ৰাজধানী আছিল হা-বুঙ , তাতে দাপ কাও, ৰাই-ছেও , মুঙ প্লাও আদি চন্দ্ৰবৰ্ষ (Lunaryear) ৰাজধানী হৈ থাকে। হাবুঙত বানপানীয়ে আমনি দিয়াত দিহিং নৈৰে ভটিয়াই গৈ দিখৌমুখ পায় আৰু ইয়াৰ পৰা দিখৌ নৈৰে উজাই দৰিকা আৰু নামদাং নৈ অতিক্ৰম কৰি চন্তকত উপস্থিত হয়। চন্তকত দুবছৰ থাকি পুনৰ দিখৌৰে ভটিয়াই শিমলুগুৰি পালেগৈ। ইয়াত কিছু দিন থাকি চু'-কা-ফাই কাষৰীয়া অঞ্চলবোৰ পৰ্যবেক্ষণ কৰে আৰু তেওঁলোকৰ লগত সহৃদয়তা স্থাপন কৰি নিজৰ ৰাজ্যৰ সীমা বহলাই নিয়ে। পিছত শিমলুগুৰিৰ পৰা অলপ দূৰত থকা পাহাৰীয়া ওখ ঠাইত ৰাজধানী পাতি থিতাপি লয়। এই ওখ ৰাজধানীখনৰ নাম দিয়ে চে-ৰাই-দয় (চে- নগৰ, ৰাই- জিলিকি থকা, দয়- পৰ্বত) অৰ্থাত পৰ্বতৰ ওপৰত জিলিকি থকা নগৰ। পিছলৈ মুখ বাগৰি চে-ৰাই-দয় চৰাইদেউত পৰিণত হয়। এইখনে আছিল আহোম ৰাজ্যৰ প্ৰথমখন স্থায়ী ৰাজধানী। অতি বীৰত্ব আৰু বিচক্ষণতাৰে চু'-কা-ফাই ৩৯ বছৰ ৪ মাহ ১৪ দিন ৰাজত্ব কৰি আহোম ৰাজ্যৰ পাতনি মেলে।[6]

তি-পাম[8]
[সম্পাদনা কৰক]দৈ-কাও-ৰাং বা পাটকাই পৰ্বত পাৰ হৈ আহি সৌমাৰপীঠত ছৗ-কা-ফাই আহোম ৰাজত্বৰ প্ৰথম ৰাজকাৰ্য আৰম্ভ কৰিছিল। প্ৰথমে ছৗ-কা-ফাই তি-পামত তিনিবছৰ কটালে। তেখেতে তি-পামত খেতি কৰি ভঁৰাল বান্ধিলে।
উল্লেখযোগ্য যে সেই সময়ত এই অঞ্চলৰ মানুহে কেৱল আহু খেতি হে কৰিব জানিছিল। ছৗ-কা-ফাই উন্নত কৃষি পদ্ধতিৰে বিপ্লৱ সূচনা কৰিলে। এই ঠাইৰ বাসিন্দা সকলে কঠীয়া নপৰাকৈ বাম মাটিত আহু কৰিছিল। ছৗ-কা-ফাই পৰি থকা পিটনি গেৰেকণি চাফা কৰি দ মাটিত শালি খেতি কৰিলে। দ পিটনি গুচাই কৰা শালি খেতি নদন বদন হৈছিল। তাকে দেখি বাকী মানুহবোৰে তবধ মানিলে। ছৗ-কা-ফাই সূচনা কৰা এই কৃষি পদ্ধতিয়ে অৰ্থনৈতিক ক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰিলে। তাই সকলৰ এই 'কৃষি অৰ্থনীতি'য়ে এখন ৰাজ্য প্ৰতিষ্ঠা কৰাত তাইসকলক ব্যাপকভাবে সহায় কৰিলে। কালক্ৰমত এইখিনি বাম খেতি কৰা মানুহ খিনিয়ে তাই মানুহৰ 'তলত' কাম কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। এইবোৰৰ লগতে ছৗ-কা-ফাৰ 'সাম্য আৰু মৈত্ৰী নীতি'য়েও বহু পৰিমাণে প্ৰভুত্ব স্বীকাৰ কৰি লোৱাত বিশেষভাৱে অৰিহণা যোগালে। বৰাহীসকলৰ বহুতেই এনেদৰে কোৱা-মেলা কৰিলে যে " এই ৰজা প্ৰজাখন আহি আমাক ছলেৰে ৰণুৱা কৰি লোৱা স্বতেও আমাৰ বেয়া লগা নাই বৰং এইদৰে খাটি-লুটি অহা যোৱাকৈ থাকিবৰহে মন যায়। "
অভয়াপুৰ-হাবুং[8]
[সম্পাদনা কৰক]তিপামত তিনি বছৰ কাল থকাৰ পাছত দিহিং নৈৰ বানপানীয়ে আমনি কৰাত ছৗ-কা-ফা অভয়াপুৰলৈ ভটিয়াই গ'ল। অভয়াপুৰত তিনি বছৰ থাকি সুচল নাপাই শালগুৰিলৈ ভটিয়ালে। ইয়াৰ পিছতে ভটিয়ালে হাবুঙলৈ। বৰ্তমান সোৱণশিৰি আৰু লোহিত নদীৰ লগ খোৱা ঠাইখিনিয়ে হাবুং আছিল। হাবুঙত চাৰি পাচঁ বছৰ থাকি লুইতৰ বানপানীৰ অত্যাচাৰত ছৗ-কা-ফা দিখৌ নদী পালেহি। তেখেতে দিখৌ নাম দিলে খে-নাম-চাউ অৰ্থাৎ নিৰ্মল পানীৰ নৈ। সেই সময়ত দিখৌ লুইতত পৰাৰ সলনি দিহিঙতহে পৰিছিল। দিখৌৰ পাৰতো সুচল নেদেখি ছৗ-কা-ফাই দিখৌৱেদি উজাই দিলিহ নৈৰ মুখ পালেহি
দিলিহৰ ঘোদা পানী দেখি নাম থ'লে নাম-খুন অৰ্থাৎ ঘোলা পানীৰ নৈ। দিলিহৰ পৰাও উজাই গৈ নাম-দাং অৰ্থাৎ ৰঙচুৱা পানীৰ নৈৰ মুখ পালেগৈ। নাম-দাঙত ছৗ-কা-ফা নৰ'ল। কাৰণ এই ঠাইৰ আশে-পাশে অনেক জনবসতি। অচিন ঠাইত বিপদৰ সম্ভাৱনাও বেছি। তেখেতৰ নাম-দাঙেদি নগৈ পুনৰ দিখৌৱেদি উজাই গৈ ছং-টক (বৰ্তমান চণ্টক) পালেগৈ। ইয়াত ছৗ-কা-ফা চাৰি বছৰ থাকি এখন প্ৰদেশ পাতি তা-খুন লাকক শাসনকৰ্তা নিয়োগ কৰিলে। তাৰ পিছত সদলবলে শিমলুগুৰিৰ ফালে ভটিয়াই ফালে ভটিয়াই গৈ তাতে ৰৈ অঞ্চলটো কিছুদিন ধৰি পৰ্যবেক্ষণ কৰিলে। শিমলুগুৰত থাকোঁতে ছৗ-কা-ফাই মৰাণ আৰু বৰাহী জাতিৰ মানুহক লগ পাইছিল।
চৰাইদেউ বা চে-ৰাই-দৈ[8]
[সম্পাদনা কৰক]এওঁলোকৰ পৰা কোনোধৰণৰ আসৈ নাপাই শিমলুগুৰিৰ ভিতৰুৱা অঞ্চলবোৰলৈ সোমাই গৈ পৰ্যবেক্ষন কৰিলে। তাতে এটা পাহাৰ দেখি আগুৱাই গৈ পাহাৰটোত ১২৫৩ খ্ৰীষ্টাব্দত নুনি গছৰ তলত দুটা ঘোঁৰা বলি দি দেওধাই পণ্ডিতৰ হতুৱাই পূজা কৰোৱাই স্থায়ী ৰাজধানী পাতিলে। এই ৰাজধানীয়েই চৰাইদেউ অৰ্থাৎ পৰ্বতত জিলিকি থকা নগৰ। এই চৰাইদেউ বা চে-ৰাই-দৈ হৈছে আহোমৰ প্ৰথম ৰাজধানী। অসম আৰু অসমীয়া জাতিৰ প্ৰথমজন অসমীয়াই স্থাপন কৰা ইতিহাসৰ জীয়া সাক্ষী।
চু'-কা-ফাৰ অৱদান
[সম্পাদনা কৰক]স্বৰ্গদেউ চু'-কা-ফাই টাই ভাষা-কৃষ্টি-সংস্কৃতিৰ লগত থলুৱা ভাষা-কৃষ্টি-সংস্কৃতিৰ সমন্বয় ঘটাত উৎসাহ যোগাইছিল। এই দূৰদৰ্শী বদান্যতাৰ ফলতেই টাই ভাষাৰ ঠাইত পাছলৈ অসমীয়া ভাষা ৰাজকীয় ভাষা হৈ পৰিছিল। চু'-কা-ফাৰ আন এক বৃহৎ অৱদান হ'ল বুৰঞ্জী ৰচনা। স্বৰ্গদেউ চু'-কা-ফাই তেওঁৰ যাত্ৰা-পথত হোৱা সকলো ঘটনা আৰু দেউধাই-মহন-বাইলুং পণ্ডিতসকলক লিখিবলৈ কোৱাৰ পৰাই অসম বুৰঞ্জীৰ আৰম্ভণি বুলিব পাৰি।[6] তেওঁ বিভিন্ন উপাধি প্ৰদান কৰি সকলো প্ৰজাকে ৰাজ্যশাসনত অংশগ্ৰহণ কৰাৰ সুবিধা প্ৰদান কৰি দিছিল। পাছলৈ আহোম ৰাজ্যৰ শইকীয়া, বৰা, হাজৰিকা, বৰুৱা, ফুকন আদি নানান উপাধিৰ সৃষ্টি হৈছিল আৰু পাছলৈ বামুণ, কলিতা, ইত্যাদি সকললোৱে এই উপাধি লাভ কৰিছিল।
মৃত্যু
[সম্পাদনা কৰক]১২৬৮ চনত চু'-কা-ফাৰ মৃত্যু হয়।
স্মৃতি ৰক্ষা
[সম্পাদনা কৰক]চু'-কা-ফা দিৱস
[সম্পাদনা কৰক]বৰ-অসম গঢ়াৰ ক্ষেত্ৰত চু'-কা-ফাৰ অৱদানলৈ শ্ৰদ্ধা জনাই ২ ডিচেম্বৰ তাৰিখটো সমগ্ৰ অসমবাসীয়ে ১৯৮৭ চনৰ পৰা 'অসম দিৱস' বা 'চু'-কা-ফা দিৱস' হিচাপে পালন কৰি আহিছে। ১২২৮ চনৰ ২ ডিচেম্বৰ (১৬ আঘোণ) তাৰিখে চাও-লুং চ্যুকাফাই পাটকাই পৰ্বত পাৰ হৈ সৌমাৰ খণ্ডত ভৰি থোৱা ঐতিহাসিক দিনটোক চিৰস্মৰণীয় কৰি ৰখাৰ মানসেৰে ছৈখোৱা অঞ্চলৰ ভীমকান্ত বুঢ়াগোহাঁই নামৰ এজন ব্যক্তিয়ে ১৯৭২ চনত আৰম্ভ কৰা এক প্ৰচেষ্টাৰ ফলত এই দিৱসৰ আৰম্ভণি হয়।[9]
নামকৰণ
[সম্পাদনা কৰক]অসমৰ বিভিন্ন অনুষ্ঠান তেখেতৰ স্মৃতিত নামকৰণ কৰা হৈছে উদাহৰণ :-
- বিশ্ববিদ্যালয়ত :-
- চু'-কা-ফা আসন, বুৰঞ্জী বিভাগ ডিব্ৰুগড় বিশ্ববিদ্যালয় [10]
- চিকিৎসালয়ত :-
- চু'-কা-ফা মালটিস্পেচিয়েলিতি চিকিৎসালয়, শিৱসাগৰ
- সংগ্ৰহাল়য়ত :-
- স্বৰ্গদেউ চাওলুং চু'-কা-ফা সমন্বয় ক্ষেত্ৰ, যোৰহাট (Swargadeo Chaolung Siu-Ka-Pha Samanway Kshetra) [11]
- ক্ৰীড়া ক্ষেত্ৰত :-
- চাওলুং চু'-কা-ফা ইনদ'ৰ ষ্টেডিয়াম, ফুকন নগৰ, শিৱসাগৰ, অসম ৭৮৫৬৪০
- চু'-কা-ফা কাপ, শদিয়া। এই খেল প্ৰত্যেক বছৰেই শদিয়াৰ বীৰ লাচিত ষ্টেডিয়াম(নৌবহৰ)ত আয়োজন কৰা হয়। এই খেলখন মুখ্যকৈ টাই আহোম যুৱ পৰিষদ; অসম, শদিয়া মহকুমা সমিতিৰ উদ্যোগত আয়োজন কৰা হয়।
- বটা :-
- চু'-কা-ফা বঁটা (২০০৯ত ৰংবং তেৰাঙে লাভ কৰে) [12]
- চৰকাৰী ব্যৱহাৰ :-
- চু'-কা-ফা দিৱস (অসম দিৱসৰ চৰকাৰী নাম)
- চাওলুং চু'-কা-ফাৰ মূৰ্তি স্থাপন কাৰ্য্যসূচী, জনতা ভবন
- ৰাইজৰ বাতৰি - চৰকাৰী আলোচনী (গৃহ নং ১, দ্বিতীয় মহলা, দ্বাৰকা পথ, মহাপুৰুষ হৰিদেৱ পথ, হাতীগাঁও, গুৱাহাটী : ৭৮১০৩৮)
- পথ নামকৰণ :-
- চু'-কা-ফা পথ, জয়পুৰ, অসম ৭৮৫৬৪০
চিত্ৰ-বীথিকা
[সম্পাদনা কৰক]- আহোম স্বৰ্গদেউ চু'-কা-ফাৰ এটা প্ৰতিমূৰ্তি
- শিল্পীৰ কল্পনাত চু'-কা-ফা
- নাৰায়ণপুৰত প্ৰতিস্থাপিত চু'-কা-ফাৰ প্ৰতিমূৰ্তি
লগতে চাওক
[সম্পাদনা কৰক]তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ "Chaolung Sukaphaa". Assam info.com. http://www.assaminfo.com/famous-people/50/chaolung-sukapha.htm। আহৰণ কৰা হৈছে: 2012-11-25.
- ↑ He, Ping (2004). 德宏傣族的西迁与印度阿洪姆人的形成 [The Westward Immigration of Dai People from Dehong and the Coming-into-Being of the Ahoms in Northeastern India]. Social Sciences in Yunnan (in Simplified Chinese) (2): 76–81. doi:10.3969/j.issn.1000-8691.2004.02.019
- ↑ "Sukapha was the father of Assamese nation." Nirmolia, Lakhya Pratim (2010). "Sukapha and his Life: An Overview" (en ভাষাত). Kakojan College, Department of HistoryAcademia.edu. পৃষ্ঠা: 3. https://www.academia.edu/143089794/Sukapha_and_his_Life_An_Overview। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ "lord" (en ভাষাত). XOBDO.ORGXOBDO.ORG Dictionary. 2008-01-28. https://www.xobdo.org/dic/lord। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ "...Sukaphaa was born of this union not later than 1189..." Nirmolia, Lakhya Protim (2010). "Sukapha and his Life: An Overview" (en ভাষাত). Academia.eduAcademia.edu. পৃষ্ঠা: 3. https://www.academia.edu/143089794/Sukapha_and_his_Life_An_Overview। আহৰণ কৰা হৈছে: 2026-07-04.
- 1 2 3 গণ অধিকাৰ, প্ৰবন্ধ- অসমীয়া জাতিৰ জনক চ্যু-কা-ফাৰ প্ৰাসংগিকতা, অমল নাৰায়ণ পাটোৱাৰী, ১২ অক্টোবৰ ২০১১
- ↑ "...nine thousand infantry, three thousand cavalry and two elephants..." Doley, Piku (July 2014). "Role of Su-Ka-Pha in Founding Ahom Kingdom in Assam" (en ভাষাত). Pratidhwani the Echo (Department of Bengali, Karimganj College) খণ্ড 3 (1): 55. ISSN 2278-5264. https://www.thecho.in/files/Piku-Doley-.pdf। আহৰণ কৰা হৈছে: 2026-07-04.
- 1 2 3 ছৗ কা ফাৰ অসম আগমন আৰু আহোম ৰাজত্বৰ আৰম্ভণি ...চাও নবীন বুঢ়াগোঁহাই
- ↑ অসম দিৱস (চ্যুকাফা দিৱস)ৰ উৎপত্তি, হেম গগৈ, অসমীয়া খবৰ, ২ ডিচেম্বৰ, ২০১১
- ↑ Siukapha Chair at Dibrugarh University - The Assam Tribune DIBRUGARH, Jan 6
- ↑ "SWARGADEO CHAOULUNG SIU-KA-PHA SAMANWAY KSHETRA". Archived from the original on 2024-11-11. https://web.archive.org/web/20241111051454/https://jorhat.assam.gov.in/tourist-place-detail/315। আহৰণ কৰা হৈছে: 2023-09-03.
- ↑ Siu-Ka-Pha Award presented to noted writer Yeshe Dorjee Thongchi
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- চাও-লুং চু'-কা-ফা Archived 2020-08-12 at the Wayback Machine সম্পৰ্কে শব্দ ডট অৰ্গ ৱেবছাইটত।
- ছশ বছৰীয়া ঐতিহ্য Archived 2020-08-03 at the Wayback Machine, দ্য চানডে ইণ্ডিয়ান ৱেবছাইটত।
- Siukapha–an epitome of harmony Archived 2011-07-18 at the Wayback Machine তথ্য সংগ্ৰহৰ সময় : ১২ অক্টোবৰ ২০১১
- Chaolung Syu Ka Pha (1228-1268 A.D.) Archived 2010-05-07 at the Wayback Machine তথ্য সংগ্ৰহৰ সময় : ১২ অক্টোবৰ ২০১১