সমললৈ যাওক

চুহেনফা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চুহেনফা
চাওফা
১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ
সম্পূৰ্ণ নাম
চাওফা চ্যু-হেন-ফা
বাসগৃহ ছ্যু ফৈদ, আহোম ৰাজবংশ
ধৰ্ম আহোম ধৰ্ম
আহোম ৰাজবংশ
চ্যু-কা-ফা১২২৮১২৬৮
চুতেওফা১২৬৮১২৮১
চুবিণ্‌ফা১২৮১১২৯৩
চুখাংফা১২৯৩১৩৩২
চুখ্ৰাম্‌ফা১৩৩২১৩৬৪
শাসক নাই১৩৬৪১৩৬৯
চুতুফা১৩৬৯১৩৭৬
শাসক নাই১৩৭৬১৩৮০
ত্যাও খাম্‌টি১৩৮০১৩৮৯
শাসক নাই১৩৮৯১৩৯৭
চুডাংফা১৩৯৭১৪০৭
চুজান্‌ফা১৪০৭১৪২২
১০চুফক্‌ফা১৪২২১৪৩৯
১১চুচেনফা১৪৩৯১৪৮৮
১২চুহেনফা১৪৮৮১৪৯৩
১৩চুপিম্‌ফা১৪৯৩১৪৯৭
১৪চুহুন্মুং১৪৯৭১৫৩৯
১৫চুক্লেণমুং১৫৩৯১৫৫২
১৬চুখাম্‌ফা১৫৫২১৬০৩
১৭চুচেংফা১৬০৩১৬৪১
১৮চুৰাম্‌ফা১৬৪১১৬৪৪
১৯চুত্যিণ্‌ফা১৬৪৪১৬৪৮
২০চুতাম্লা১৬৪৮১৬৬৩
২১চুপংমুং১৬৬৩১৬৭০
২২চুন্যৎফা১৬৭০১৬৭২
২৩চুক্লমফা১৬৭২১৬৭৪
২৪চুহুংফা১৬৭৪১৬৭৫
২৫গোবৰ ৰজা১৬৭৫১৬৭৫
২৬চুজিন্‌ফা১৬৭৫১৬৭৭
২৭চুদৈফা১৬৭৭১৬৭৯
২৮চুলিক্‌ফা১৬৭৯১৬৮১
২৯চুপাতফা১৬৮১১৬৯৬
৩০চুখ্ৰংফা১৬৯৬১৭১৪
৩১চুতণফা১৭১৪১৭৪৪
৩২চুণেণফা১৭৪৪১৭৫১
৩৩চুৰেম্‌ফা১৭৫১১৭৬৯
৩৪চুণ্যেউফা১৭৬৯১৭৮০
৩৫চুহিত্পংফা১৭৮০১৭৯৫
৩৬চুক্লিংফা১৭৯৫১৮১১
৩৭চুদিংফা১৮১১১৮১৮
৩৮পুৰন্দৰ সিংহ১৮১৮১৮১৯
৩৯চুদিংফা১৮১৯১৮২১
৪০যোগেশ্বৰ সিংহ১৮২১১৮২৪
৪১পুৰন্দৰ সিংহ১৮৩২১৮৩৯

চুহেনফা বা চাওফা চ্যু-হেন-ফা ১৪৮৮ চনৰ পৰা ১৪৯৩ চনলৈ আহোম ৰাজ্য শাসন কৰা স্বৰ্গদেউ। তেওঁৰ ৰাজত্বকালত আহোম ৰাজ্যৰ পৰিসীমা বাঢ়িছিল আৰু সেইবাবে নগা আৰু কছাৰী ৰাজ্যৰ লগত সংঘাত হৈছিল। নগাসকলৰ বিৰুদ্ধে তেওঁৰ সামৰিক অভিযান সফল হ'লেও কছাৰীসকলৰ লগত তেওঁৰ পৰাজয় হৈছিল। টাইৰুংবান ফৈদৰ এজন আহোমৰ হাতত তেওঁৰ মৃত্যু হয়।

সিংহাৰোহণ

[সম্পাদনা কৰক]

চুহেনফা আহোম ৰজা চুচেনফাৰ পুত্ৰ। ৪৯ বছৰ শাসন কৰি চুচেনফাৰ মৃত্যু হোৱাত ১৪৮৮ চনত চুহেনফা শিঙৰি ঘৰত উঠে।

ৰাজত্বকাল

[সম্পাদনা কৰক]

নগাৰ লগত সংঘাত

[সম্পাদনা কৰক]

চুহেনফাৰ দেউতাক চুচেনফাৰ দিনত পৰাস্ত হোৱা টাংছু নগাসকলে পুনৰ আহোম ৰজাৰ বিৰুদ্ধে থিয় দিলে। তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ গাঁওবোৰ আক্ৰমণ কৰি সাধাৰণ ৰাইজক বন্দী কৰি লৈ গৈছিল। ইয়াৰ প্ৰতিকাৰৰ বাবে চুহেনফাই তাওকাংবাংৰেক বুৰগোহাঁইৰ অধীনত এদল সৈন্য পঠিয়াই দিয়ে। টাংছু নগাই তেওঁলোকক পৰাস্ত কৰি বৰগোহাঁইৰ মূৰ কাটি লৈ যায়। চুহেনফাই ততালিকে নতুন সৈন্য এদল তৈয়াৰ কৰি নংৰাং বৰগোহাঁইক নগাৰ বিৰুদ্ধে পঠিয়ায়। তুমুল যুদ্ধৰ অন্তত বৰগোহাঁয়ে নগাসকলক পৰাস্ত কৰে আৰু তেওঁলোকে আহোমৰ অধীন হ'বলৈ মান্তি হয়। বৰগোহাঁয়ে বিজয়ৰ চিন হিচাপে কেইবাজনো নগাক বন্দী কৰি আনি চুহেনফাৰ অনুমতিক্ৰমে তেওঁলোকক আহোম ৰাজ্যৰ বিভিন্ন ঠাইত থাকিবলৈ দিয়ে।[1][2][3]

কছাৰীৰ লগত যুদ্ধ

[সম্পাদনা কৰক]

চুহেনফাই ব্ৰহ্মপুত্ৰৰ নামনিলৈ ৰাজ্য বিস্তাৰ কৰিবলৈ বিচাৰিছিল। সেই সময়ত উজনি অসমৰ ডাঙৰ অংশ অধিকাৰ কৰি থকা কছাৰীসকলে তেওঁলোকৰ অঞ্চল অধিকাৰত বাধা দিয়ে। চুহেনফাই বল প্ৰয়োগ কৰাৰ সিদ্ধান্ত লৈ আহোম বিষয়া চেলাওচেং নেওগক কছাৰী অঞ্চলৰ ভিতৰুৱা টংছুত এটা দুৰ্গ সাজিবলৈ নিৰ্দেশ দিয়ে। কছাৰীসকলৰ পৰা কোনো বাধা নোপোৱাকৈ এই কাম সমাধা হয়। ইয়াত উৎসাহ পাই তেওঁ খুংলুং বুঢ়াগোহাঁইৰ অধীনত এদল সৈন্য কছাৰী ৰাজ্যৰ আৰু ভিতৰলৈ পঠিয়ায়। কছাৰীসকলে এই সৈন্যদলক পৰাস্ত কৰে। আহোম সেনাপতি জিয়েউমুং নেওগ আৰু ১৫০জন সৈন্য ৰণত পৰে। কছাৰীসকলে আহোমসকলক দিখৌ নদীৰ পাৰলৈকে খেদি লৈ যায়। খুংলুং বুঢ়াগোহাঁয়ে দিখৌ নদী সাঁতুৰি পাৰ হৈ প্ৰাণ ৰক্ষা কৰে।[4] মন্ত্ৰীসকলৰ লগত আলোচনা কৰি চুহেনফাই কছাৰী ৰজাৰ লগত মিত্ৰতাৰ বাবে মান্তি হয়। তেওঁ কছাৰী ৰজালৈ এগৰাকী ৰাজকুমাৰীৰ লগতে যৌতুক হিচাপে দুটা হাতী আৰু বাৰগৰাকী বান্দী পঠিয়ায়।[5] কোনো কোনো সূত্ৰৰ মতে যুদ্ধৰ ফলাফল অনিৰ্দিষ্ট আছিল আৰু শান্তি স্থাপনৰ পাছত কছাৰীসকলে আহোমক কিছু অঞ্চল এৰি দিছিল।[6][7] .

তাইৰুংবন ফৈদৰ লন্তৰুবন নামৰ এজন লোক ৰজাৰ ভঁৰালৰ পৰা শস্য চুৰ কৰি ধৰা পৰিছিল। সংগীসকলৰ লগতে তেওঁক এই কামৰ বাবে শাস্তি বিহা হয়। লন্তৰুবন আৰু সংগীসকলে ৰজাৰ ওপৰত পোটক তুলিবলৈ মন কৰে। ১৪৯৩ চনত তেওঁলোক ৰজাৰ মহলত মেৰামতিৰ কামত নিয়োগ আছিল। কামলৈ আহোঁতে লন্তৰুবনে বাঁহৰ ভিতৰত এডাল যাঠী লুকুৱাই আনে। কামৰ অগ্ৰগতি চাবলৈ চুহেনফা আহোঁতে লন্তৰুবনে যাঠীৰে হানি তেওঁৰ প্ৰাণ নাশ কৰে।[8](আন সূত্ৰৰ মতে ৰজাক জোঙা বাঁহেৰে হত্যা কৰা হৈছিল। ) কোনো কোনো তথ্যৰ অনুসৰি খুংলুং বুঢ়াগোহাঁয়ে এই কাম কৰোৱাইছিল।[9][10][11] চুহেনফাৰ তিনিজন পুত্ৰ আছিল॥ ইয়াৰ পাছত জ্যেষ্ঠ পুত্ৰ [[চুপিম্‌ফা] ৰাজপাটত উঠে।

চৰিত্ৰ আৰু ঐতিহ্য

[সম্পাদনা কৰক]

চুহেনফাৰ ৰাজত্বকালত তেওঁ ৰাজ্য বিস্তাৰৰ পূৰ্বৰ নীতিকে অনুসৰণ কৰিছিল। কছাৰীসকলৰ লগত সংঘাতে প্ৰমাণ কৰে যে আহোমসকলে কাষৰীয়া ৰাজ্য সামৰি নিজৰ অঞ্চল বিস্তাৰৰ চেষ্টা চলাইছিল। কছাৰীসকলৰ হাতত তেওঁ পৰাস্ত হ'লেও তেওঁৰ নাতি চুহুন্মুঙে এই সংঘাত অব্যাহত ৰাখি কছাৰী আৰু চুতীয়াসকলক ঘটুৱাই আহোম ৰাজ্য বিস্তাৰ কৰিছিল। প্ৰশাসক হিচাপে তেওঁ কঠোৰ আছিল আৰু দোষীসকলৰ উচিত শাস্তি বিহিছিল।

  1. (Barbaruah 1981, পৃষ্ঠা 42)
  2. (Barua 2008, পৃষ্ঠা 58)
  3. (Gait 1926, পৃষ্ঠা 85)
  4. (Barbaruah 1981, পৃষ্ঠা 42)
  5. (Gait 1926, পৃষ্ঠা 308)
  6. (Barua 2008, পৃষ্ঠা 58)
  7. (Gait 1926, পৃষ্ঠা 85)
  8. (Barbaruah 1981, পৃষ্ঠা 42)
  9. (Barbaruah 1981, পৃষ্ঠা 42)
  10. (Barua 2008, পৃষ্ঠা 58)
  11. (Gait 1926, পৃষ্ঠা 85)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  • Barbaruah, Hiteswar (1981) (Assamese ভাষাত). Ahomar-Din or A History of Assam under the Ahoms (1 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam. 
  • Barua, Gunaviram (2008). Assam Buranji or A History of Assam (4 সম্পাদনা). প্ৰকাশক Guwahati: Publication Board of Assam. 
  • Gait, E A (1926). A History of Assam (2 সম্পাদনা). প্ৰকাশক Calcutta: Thackar, Spink and Co.