সমললৈ যাওক

উজনি অসম

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উজনি অসম
ডিব্ৰুগড়, উজনি অসমৰ এক উল্লেখযোগ্য চহৰ
ডিব্ৰুগড়, উজনি অসমৰ এক উল্লেখযোগ্য চহৰ
Map
দেশ ভাৰত
ৰাজ্য অসম
ৰাজধানী চৰাইদেউ, গড়গাঁও, শদিয়া (মধ্যযুগৰ)
জনসংখ্যা
  মুঠ
৭৫,০০,০০০

উজনি অসম হৈছে অসমৰ এক প্ৰশাসনিক খণ্ড বা সংমণ্ডল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উচ্চাংশৰ অবিভক্ত লখিমপুৰ আৰু শিৱসাগৰৰে ই গঠিত হৈছে। অইন খণ্ডসমূহ হৈছে নামনি অসম, উত্তৰ অসম আৰু পৰ্বতীয়া আৰু বৰাক উপত্যকা। এই বিশেষ খণ্ডটো যোৰহাট জিলাৰ বিচাৰ-ব্যৱস্থাৰ অধীন।

প্ৰাৰম্ভিক অৱস্থাত সাতখন জিলাৰে গঠিত হোৱা উজনি অসমৰ খণ্ডটিত জিলাৰ সংখ্যা এতিয়া নখনলৈ বৃদ্ধি পাইছে। সেইকেইখন হৈছে-যোৰহাট, ডিব্ৰুগড়, ধেমাজি, শিৱসাগৰ, গোলাঘাট, চৰাইদেউ, লখিমপুৰ, মাজুলী,আৰু তিনিচুকীয়া। উল্লেখনীয় যে, চৰাইদেউ আৰু মাজুলী নতুনকৈ গঠিত হোৱা জিলা। ২০১৬ চনত এই দুখনে জিলাৰ মৰ্যাদা পাইছিল।[1][2] বৰ্গকিলোমিটাৰৰ ভিত্তিত বৃহত্তম গোলাঘাট আৰু তিনিচুকীয়া জিলাই ১৯৮৭ আৰু ১৯৮৯ চনত যথাক্ৰমে জিলাৰ মৰ্যাদা পাইছিল।[3][4]

ডিব্ৰুগড়,1 গোলাঘাট2 আৰু যোৰহাট3 জিলাও এই খণ্ডৰ পুৰণি আৰু জনবসতিৰে পূৰ্ণ চহৰাঞ্চল (পৌৰ অঞ্চল)। স্বাধীনতাৰ পূৰ্বতেই এই তিনিখন জিলাৰ গঠন আৰম্ভ হৈছিল।[5]

বৃহত্তৰ উজনি অসম অঞ্চলটোৱে শোণিতপুৰ, বিশ্বনাথ জিলা, কাৰ্বি আংলং আৰু নগাঁও জিলাকো সামৰি লৈছে। এই খণ্ডটো ৰাজ্যৰ সৰ্বাধিক উৎপাদনশীল অংশ। উজনি অসম প্ৰাকৃতিক সম্পদ যেনে কয়লা, তেল আৰু প্ৰাকৃতিক গেছত চহকী। উজনি অসমত চাহৰ খেতি ব্যাপক ৰূপত কৰা হয়।

মধ্যযুগীয়

[সম্পাদনা কৰক]

ব্ৰহ্মপুত্ৰ উপত্যকাত আহোম সাম্ৰাজ্যই প্ৰায় ছশবছৰধৰি ৰাজত্ব কৰিছিল আৰু উত্তৰ-পূৰ্বাঞ্চলক মোগলৰ শাসনজৰীৰ পৰা ৰক্ষা কৰি আহিছিল। মংগ মাওৰ এজন টাই ৰাজকোঁৱৰ চু্কাফাৰ দ্বাৰা এই সাম্ৰাজ্য প্ৰতিষ্ঠিত হৈছিল। ১৬ শতিকাত চুহুংমুঙৰ দিনত এই সাম্ৰাজ্যৰ পৰিসৰ বৃদ্ধি পায় আৰু ই বহু-জাতীয় হৈ পৰে। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত এই সাম্ৰাজ্য ক্ৰমাৎ দুৰ্বল হ'বলৈ ধৰে আৰু মান সেনাৰ উপুৰ্যপৰি আক্ৰমণৰ ফলত এই সাম্ৰাজ্যৰ পতন আৰম্ভ হয়। মানসেনাৰ লগত পৰাভূত হোৱাৰ পাছত ১৮২৬ চনত ইয়াণ্ডাবু সন্ধি হয় আৰু এই ভূখণ্ড ব্ৰিটিছৰ অধীনলৈ যায়।

চুতীয়া লোকসকল হৈছে এই খণ্ডৰ খিলঞ্জীয়া থলুৱা লোক। ৪০০০ বছৰ আগতেই এই খণ্ডত থিতাপি লোৱা গোটসমূহৰ ভিতৰত তেওঁলোক আছিল অন্যতম। ১১৮৭ চনত বীৰপালে ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰফালে মধ্যযুগৰ চুতীয়া সাম্ৰাজ্য স্থাপন কৰিছিল। উত্তৰ অসমকে ধৰি অৰুণাচল প্ৰদেশৰ কিছু অংশ এই সাম্ৰাজ্যৰ শাসনাধীন আছিল। শদিয়াত তেওঁলোকৰ ৰাজধানী আছিল। বৰ্তমান অসমৰ লখিমপুৰ, ধেমাজি, তিনিচুকীয়া, আৰু ডিব্ৰুগড়কে ধৰি শোণিতপুৰ, গোলাঘাট, যোৰহাট আৰু শিৱসাগৰ জিলাত তেওঁলোকে শাসন কৰিছিল। আনহাতে অসম-অৰুণাচলৰ সীমান্তত থকা কিছুমান জিলাও তেওঁলোকৰ অধীনত আছিল।

জনগাঁথনি

[সম্পাদনা কৰক]

উজনি অসম খণ্ডৰ জনসংখ্যা প্ৰায় ৭৫ লাখ (অসমৰ মুঠ জনসংখ্যাৰ ২৪ শতাংশ)। আশী শতাংশকতৈও অধিক মানুহ হিন্দুধৰ্মী। তাৰপিছতে আছে ইছলাম ধৰ্ম। ৭০ শতাংশতকৈও অধিক মানুহ অসমীয়া ভাষাত ভাৱ-বিনিময় কৰে। কিছুসংখ্যক বঙালীভাষী আৰু হিন্দীভাষীও এইখণ্ডত আছে। উজনি অসমৰ প্ৰধান সম্প্ৰদায়কেইটা হৈছে আহোম, চুতীয়া, চাহ জনগোষ্ঠী, মিছিং, সোণোৱাল কছাৰী, মৰাণ, মটক, দেউৰী, আৰু ঠেঙাল-কছাৰী আদি।

চিত্ৰ-ভঁৰাল

[সম্পাদনা কৰক]
  • ^1   ডিব্ৰুগড় পৌৰখণ্ডৰ গঠন, ১৮৭৩.[6]
  • ^2   গোলাঘাট পৌৰখণ্ডৰ গঠন, ১৯২০[7]
  • ^3   যোৰহাট পৌৰখণ্ডৰ গঠন, ১৯০৯[8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Preparations afoot for inauguration of Charaideo district at Sonari, The Eastern Today". ET Correspondent. 10 February 2016. Archived from the original on 18 July 2021. https://web.archive.org/web/20210718081936/http://www.eastern-today.com/entries/blog/preparations-afoot-for-inauguration-of-charaideo-district-at-sonari.
  2. "Assam: Majuli becomes 1st river island district of India". Hindustan Times (Guwahati). 27 June 2016. Archived from the original on 29 August 2016. https://web.archive.org/web/20160829023254/http://www.hindustantimes.com/indianews/assam-majuli-to-become-india-s-first-river-island-district/story-hzFoxSUxh3IpRpSeIqrhtM.html আহৰণ কৰা হৈছে: 28 June 2016.
  3. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html আহৰণ কৰা হৈছে: 2011-10-11.
  4. "Various Districts in Assam". http://www.assaminfo.com/districts/.
  5. Sharma, Anil Kumar (1 January 2007). "Quit India Movement In Assam". Mittal Publications. https://books.google.com/books?id=gZmusO1pWjUC আহৰণ কৰা হৈছে: 5 August 2016.
  6. "Dibrugarh Municipal Board". Archived from the original on 2016-06-11. https://web.archive.org/web/20160611150105/http://dibrugarhmunicipality.org.in/ আহৰণ কৰা হৈছে: 2019-10-11.
  7. "AGP lists civic poll candidates (Golaghat Municipal Board)". http://www.telegraphindia.com/1150119/jsp/northeast/story_9079.jsp#.V0OXAZMrIcg আহৰণ কৰা হৈছে: 5 August 2016.
  8. "Jorhat Municipal Board(JBM), Jorhat, Assam". Archived from the original on 2016-03-27. https://web.archive.org/web/20160327181336/http://jorhatmunicipalboard.org/jorhat_municipal_board.php আহৰণ কৰা হৈছে: 2016-08-05.
  9. Shakespear, Leslie (1914). History of Upper Assam, Upper Burmah and Northeast Frontier.. Cambridge University Press..