চুতীয়া ৰাজ্য

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(চুতীয়া সাম্ৰাজ্যৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
চুতীয়া সাম্ৰাজ্য

১১৮৭–১৬৭৩
চুতীয়া ৰাজ্যৰ মানচিত্ৰ
ৰাজধানী শদিয়া
ভাষা(সমূহ) চুতীয়া ভাষা (ৰাজকীয়), অসমীয়া(প্ৰজা)
ধৰ্ম অৰ্ধ হিন্দু
চৰকাৰ ৰাজতন্ত্ৰ
মহাৰাজ
 - ১১৮৭-১২২০ বীৰপাল/গয়াপাল
 - ১২৩০-১২৬০ ৰত্নধ্বজপাল/গৌৰী নাৰায়ণ
 - ১৫২০-১৫২২ ধৰ্মধ্বজপাল/ধীৰনায়াৰণ
 - ১৫২২-১৫২৪ নীতিপাল/চন্দ্ৰ নাৰায়ণ(অন্তিম)
ইতিহাস
 - বীৰপালৰ দ্বাৰা স্থাপিত ১১৮৭
 - ৰত্নধ্বজপাললৰ ৰাজ্য বিস্তাৰ ১২২০ - ১২৬০
 - চুতীয়া-আহোম যুদ্ধ ১৫১৪ - ১৬৭৩
 - শদিয়াৰ আক্ৰমণ ১৭ এপ্ৰিল ১৫২৪
 - পতন ১৬৭৩
বৰ্তমানৰ অৱস্থিতি ভাৰত

চুতীয়া ৰাজ্য (ইংৰাজী: Sutiya kingdom) আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে দিকাৰাই নদী আৰু দিচাং নদীৰ মাজত এক বিশাল সাম্ৰাজ্য[1]। ১১৮৭ চনত বীৰপালে শদিয়াক ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লৈ চুতীয়া ৰাজ্য স্থাপন কৰিছিল। ইয়াৰ পিছত প্ৰায় সোতৰজন ৰজাই এই সাম্ৰাজ্য চলাইছিল। কামৰূপ ৰাজ্য ধ্বংস হোৱাৰ লগে লগে অসমৰ উত্তৰ-পূবত চুতীয়াসকল, পশ্চিমদিশে বাৰভূঞা বিষয়াসকল আৰু খেন ৰজাসকল ক্ষমতালৈ আহিছিল।[2]। অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। তেওঁলোক তিব্বত-বাৰ্মীজ বড়ো-কচাৰী পৰিয়াল গোষ্ঠীৰ লোক আছিল আৰু তিব্বত-বাৰ্মীজ ভাষা ব্যৱহাৰ কৰিছিল। সাম্প্ৰতিক কালত, চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।

ৰাজ্য প্ৰতিষ্ঠা[সম্পাদনা কৰক]

আনুমানিক ১১৮৭ চনত চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা বীৰপাল বা বীৰবৰে প্ৰথমতে সোৱণশিৰি নদীৰ দাঁতিত অৱস্থিত সোণাগিৰি পাহাৰত বসবাস কৰা ৬০ ঘৰ মানুহৰ ওপৰত অধিনায়কত্ব স্থাপন কৰি শাসন কৰিবলৈ লৈছিল। ইয়াৰ পিছত চুবুৰীয়া লোকসলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। পিছলৈ তেওঁ উত্তৰ-পূব অসম আৰু অৰুণাচলৰ অধিক অঞ্চল লৈ চুতীয়া ৰাজ্য বিস্তাৰ কৰে। শদিয়াক তেওঁ চুতীয়া ৰাজ্যৰ ৰাজধানী পাতিছিল।

ত্ৰয়োবিংশ শতিকাৰ আগভাগত আহোমসকলে অসমত তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবৰ সময়ত উজনি অসমত চুতীয়াসকলেই আটাইতকৈ শক্তিশালী আছিল। এখন আহোম বুৰঞ্জীৰ মতে চুকাফা অহাৰ সময়ত চুতীয়া ৰাজ্যৰ পূবে আছিল ব্ৰহ্মকুণ্ড, পশ্চিমে চিচি নদী (সোৱণশিৰিৰ উপনদী), উত্তৰে পৰ্বতমালা আৰু দক্ষিণে বুঢ়ীদিহিং নদী। পাছলৈ‌ ৰত্নধ্বজপালে ভদ্ৰেশেন আৰু ন্যায়পালৰ ৰাজ্য দখল কৰি বিশ্বনাথৰ দিকাৰাই-ঘিলাধাৰী অঞ্চলৰ লৈকে ৰাজ্য বিস্তাৰ কৰিছিল। চুতীয়া সকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। নোই ইলিয়াছ চাহাবৰ "হিষ্ট্ৰী অৱ দা শ্বান্‌ছ" গ্ৰন্থৰ মতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ সমসাময়িক চুতীয়া ৰজা কোছীৰ আগতে তেওঁৰ বংশৰ চৌত্ৰিশজন ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে।[3]

পৰৱৰ্তী ৰজাসকল[সম্পাদনা কৰক]

চুতীয়া ৰজাসকলৰ মাজত আটাইতকৈ শক্তিশালী তথা প্ৰভাৱশালী ৰজা আছিল বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণ (ৰত্নধ্বজপাল)[4]। ১২৩০ চনত তেওঁ স্বেতাগিৰিৰ ৰজা "ভদ্ৰসেন"ক যুদ্ধত হৰুৱাইছিল। তাৰপিছত ন্যায়পালক বশ কৰি কমতাপুৰ লৈকে আগবাঢ়ি গৈছিল। তেওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰত্বপুৰ বা ৰতনপুৰত ৰাজধানী স্থাপন কৰিছিল আৰু কমতাপুৰৰ ৰজাৰ জীয়েকক বিয়া পাতি বন্ধুত্ব স্থাপন কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ ৰাজত্বকালত বহুতো চুতীয়া গোটক নিজ ৰাজ্যৰ অধীনলৈ আনিছিল অথবা গোটবোৰক চুতীয়া ৰাজ্যৰ লগত মিলি যাবলৈ উৎসাহিত কৰিছিল।

১৩৭৬ চনত হোৱা কোনো এক দ্বন্দ্বৰ ফলত চুতীয়া ৰজাৰ হাতত আহোম ৰজা চুতাফাৰ মৃত্যু হয়। এনেদৰেই আহোম আৰু আৰু চুতীয়াসকলৰ মাজত কাজিয়া আৰম্ভ হয় আৰু এই কাজিয়া বহু বছৰ ধৰি চলি আছিল। অৱশেষত, ১৫২২ চনত আহোমে চুতীয়া ৰজা নীতিপালক হত্যা কৰি চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া দখল কৰে। আহোমসকলে সেই অঞ্চলটো শাসন কৰিবৰ বাবে শদিয়া খোৱা গোঁহাই নামৰ পদৰ সৃষ্টি কৰে। কিন্তু চুতীয়াসকলে আহোমসকলৰ বিৰুদ্ধে বিভিন্ন লুণ্ঠন চলাইছিল। ১৬৭৩ চনত চুতীয়াসকলে আহোমসকলৰ বশ্যতা স্বীকাৰ কৰে[5]

ৰজা সকলৰ তালিকা[সম্পাদনা কৰক]

ৰজাৰ তালিকাত
# বছৰ ৰাজত্ব কাল নাম অন্য নাম
১. ১১৮৭ - ১২২০ ৩৩ ব বীৰপাল গয়াপাল
২. ১২২০ - ১২৫৫ ৩৫ ব ৰত্নধ্বজপাল গৌৰীনাৰায়ণ
৩. ১২৫৫ - ১২৭০ ১৫ ব বিজয়ধ্বজপাল শিৱনাযৰায়ণ
৪. ১২৭০ - ১২৮৫ ১৫ ব বিক্ৰমধ্বজপাল জগতনাৰায়ণ
৫. ১২৮৫ - ১৩০৫ ২০ ব গৌৰধ্বজপাল প্ৰমত্তনাৰায়ণ
৬. ১৩০৫ - ১৩২৫ ২০ ব শঙ্খধ্বজপাল হৰিনাৰায়ণ
৭. ১৩২৫ - ১৩৪৩ ১৮ ব ময়ূৰধ্বজপাল গোলোকনাৰায়ণ
৮. ১৩৪৩ - ১৩৬০ ১৭ ব জয়ধ্বজপাল বজ্ৰনাৰায়ণ
৯. ১৪৬০ - ১৩৮০ ২০ ব কৰ্মধ্বজপাল প্ৰতাপনাৰায়ণ/নন্দেশ্বৰ
১০. ১৩৮০ - ১৪০০ ২০ ব সত্যনাৰায়ণ ৰত্ননাৰায়ণ
১১. ১৪০০ - ১৪১৫ ১৫ ব লক্ষ্মীনাৰায়ণ ধৰ্মনাৰায়ণ
১২. ১৪১৫ - ১৪৩০ ১৫ ব দুৰ্লভনাৰায়ণ
১৩. ১৪৩০- ১৪৪৫ ১৫ ব মুক্তধৰ্মনাৰায়ণ
১৪. ১৪৪৫ - ১৪৬৫ ২০ ব প্ৰত্যক্ষনাৰায়ণ
১৫. ১৪৬৫ - ১৪৮০ ১৫ ব যশনাৰায়ণ
১৬. ১৪৮০- ১৫০০ ২০ ব পুৰন্দৰধ্বজপাল পুৰন্দৰনাৰায়ণ
১৭. ১৫০০ - ১৫২২ ২২ ব ধৰ্মধ্বজপাল ধীৰনাৰায়ণ
১৮. ১৫২২ - ১৫২৪ ২ ব নীতিপাল/নিত্যপাল চন্দ্ৰনাৰায়ণ

চুতীয়া বিদ্ৰোহ[সম্পাদনা কৰক]

১৫২৪ চনত চুতীয়া ৰাজ্যৰ পতন হৈছিল যদিও চুতীয়া সকলৰ মনৰ পৰা স্বাধীনতা আৰু স্বৰাজৰ আশা নাইকীয়া হৈ যোৱা নাছিল। চিৰদিন স্বাধীন হৈ থকা চুতীয়া সকলে বীৰাঙ্গণা ৰাণী সাধনীৰ আত্মোৎসৰ্গৰ কথা সোঁৱৰি পুনৰ জাগ্ৰত হৈ উঠিল আৰু বিদ্ৰোহ ঘোষণা কৰিলে। এই বিদ্ৰোহ ১৫২৭ চনৰ পৰা ১৭০০ শতিকাৰ শেষ ভাগৰ লৈকে চলিছিল। ১৭৭০ দখকৰ মায়ামৰা বিদ্ৰোহে জাতিটোৰ শেষ বিদ্ৰোহ বুলি কব পাৰি যাৰ ফলত সকলো নহলেও এটা অংশয়ে স্বাধীন হৈ নিজৰ ৰাজ্য গঠন কৰিছিল। চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া ধ্বংস হোৱাৰ ফলত বহুতো ৰাজকোঁৱৰ আৰু সম্ভ্ৰান্ত পৰিয়ালৰ লোকে পাহাৰীয়া মিচিং, মিচিমি জাতিৰ লোক সকলৰ মাজত আশ্ৰয় লৈছিল আৰু প্ৰথম বিদ্ৰোহ এই সকল লোকে আৰম্ভ কৰিছিল। এই কথা কোচ ৰজা সকলৰ দৰং ৰাজ বংশাৱলীতো উল্লেখ কৰা হৈছে। "পূৰ্বে চুটিয়াৰ ৰজা সিঠাৱে আছিল। অন্যায়ে অসম ছল কৰিয়া মাৰিলে।। যিমতে মাৰিল তাৰ শুনিয়ো কাহিনী। বলে নপাৰিয়া স্বৰ্গী ৰাজা মনে গুণি।। ৩৬৪ ... তাৰ পুত্ৰ ভাই যত সকলে পলাইল। মিৰি মিচিমিত পশি প্ৰাণক ৰাখিলা।। চুটিয়াৰ ৰাজাক মাৰিয়া ছলে বলে। লৈলা সেহি ৰাজ্যক অসমে কৌতূহলে।। ৩৭১

১৫২৭ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

চুতীয়া সকলে প্ৰথম বিদ্ৰোহ ১৫২৭ চনৰ ফাগুন মাহত ৰাজধানী শদিয়াত ঘোষণা কৰিছিল, অৰ্থাৎ ৰাজ্য পতনৰ ৩ বছৰৰ পাছত। বিদ্ৰোহ দমন কৰিবলৈ আৰু ফ্ৰাচেংমুং বৰগোহাঁইক সহযোগ কৰিবলৈ দিহিঙীয়া গোহাঁইক পঠিওৱা হৈছিল। যুদ্ধত বিদ্ৰোহী সকলৰ হাতত ফ্ৰাচেংমুং বৰগোহাঁইৰ হাতী প্লাইপাম আৰু দিহিঙীয়া গোহাঁই মৰা পৰিছিল। কিন্তু শেষ পৰ্যায়ত বিদ্ৰোহী সকল পৰাজিত হৈ উভতি যাবলৈ বাধ্য হ'ল। এই বিদ্ৰোহৰ ফলত চুহুংমুঙ ৰজাই বহুতো প্ৰশাসনীয় পৰিবৰ্তন কৰিবলৈ বাধ্য হৈছিল। জেঠ মাহত, ডিব্ৰুগড় অঞ্চলত নতুন এখন প্ৰদেশ গঠন কৰি তাত চাওলুং চুলিঙক শাসনকৰ্তা হিচাপে নিযুক্তি দিয়া হৈছিল, যাতে শদিয়া অঞ্চলত পুণৰ বিদ্ৰোহ হ'লে ডিব্ৰু প্ৰদেশৰ সেনাই শদিয়া বাহিনীৰ সহযোগ কৰিব পাৰে। ইয়াৰ উপৰিও কিংলুন বুঢ়াগোহাঁইক "থাও-মুঙ-বঙেন" পাতি পশ্চিম শদিয়া অঞ্চলত (তিনিচুকীয়াৰ সোণাৰিৰ(কাংখাম) পৰা লুহিত নদীৰ গুৰি লৈকে) শাসন কৰিবলৈ দিয়া হ'ল।

১৫২৯ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

প্ৰথম বিদ্ৰোহৰ দুবছৰ পাছতে ১৫২৯ চনৰ পুহ মাহত শদিয়াৰ চুতীয়া সকলে আকৌ মুৰ দাঙি উঠিলে। এইবাৰ চুহুংমুঙ ৰজাই ফ্ৰাচেংমুঙক সহযোগ কৰিবলৈ চাও চুক্লান (তিপামৰ পৰা) আৰু কিংলুনক সহযোগ কৰিবলৈ চাওলুং চুলিঙক (ডিব্ৰুগড়ৰ পৰা) পঠিয়ালে। ইয়াৰ পাছত চুহুংমুঙে চুক্লেংমুঙ ৰাজকোঁৱৰক ৰাজধানীত ৰাখি সকলো বিষয়ববীয়াৰ সৈতে নিজে শদিয়া আহি উপস্থিত হয়। লুহিতৰ পাৰত, ডিবাং নৈৰ পাৰত, মাৰানকাও, চন্দনগিৰি পৰ্বত, দৈথাং পৰ্বত, ইত্যাদি বিভিন্ন ঠাইত কেইবাখনো যুদ্ধ হয়। প্ৰথম পৰ্যায়ত বিদ্ৰোহী সকলে চাও চুলিঙক ধৰি নিবলৈ সক্ষম হৈছিল কিন্তু পাছৰ পৰ্যায়ত এৰি দিলে। বহু মাহ যুদ্ধ লগা পাছত শেষত বিদ্ৰোহী সকল পৰাজিত হ'ল। যুদ্ধত লাভ কৰা সকলো ধন আৰু সম্পত্তি ৰজা আৰু মন্ত্ৰী সকলে নিজৰ মাজতে ভাগ কৰি ল'লে আৰু ৰজাই বৰগোহাঁই আৰু বুঢ়াগোহাঁইক শদিয়াত ৰাখি নিজে ৰাজধানী লৈ ঘূৰি গ'ল।

১৫৪২ চনৰ বিদ্ৰোহ, দিচাং নৈৰ পাৰত[সম্পাদনা কৰক]

চুতীয়া সকলে পুণৰ বাৰ ১৫৪২ চনত ৰজা চুক্লেংমুঙৰ দিনত বিদ্ৰোহ ঘোষণা কৰে কৰিছিল। এইবাৰ ১৫৪২ চনৰ বহাগ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে শিৱসাগৰৰ দিচাং নৈৰ ওচৰত আহোম মন্ত্ৰী চেং-হাননক পৰাস্ত কৰি স্বৰাজ ঘোষণা কৰে। কিন্তু ইয়াৰ পাছতে চুক্লেংমুঙে চাওলুং তিমাক বিদ্ৰোহ দমন কৰিবলৈ পঠিয়াই আৰু দুবছৰ লৈকে পূৰ্বৰ চুতীয়া ৰাজ্যৰ বিভিন্ন অঞ্চল ধ্বংস কৰে যাতে কোনো চুতীয়া সকলে পুণৰ বিদ্ৰোহ কৰিবলৈ সাহস নকৰে।

১৫৫০ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

১৫৫০ চনত শদিয়াখোৱা গোহাঁইৰ মৃত্যুৰ পাছত, কংসপাত্ৰ নামৰ চুতীয়া নায়ক এজনে শদিয়াত বিদ্ৰোহ কৰি নিজকে ৰজা বুলি ঘোষণা কৰিছিল। আহোম ৰাজ্যৰ বহুতো ৰাজকোঁৱৰে তেওঁক সহযোগ কৰিছিল আৰু শদিয়াত উপস্থিত হৈ আহোম ৰজাৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ সাজু হৈছিল। এই যুদ্ধ ৩ বছৰ লৈকে চলিছিল আৰু শেষত কংসপাত্ৰৰ লগতে বহুতো চুতীয়াই মৃত্যু বৰণ কৰিছিল। ৰাজকোঁৱৰ সকলৰ ভিতৰত কিছুমানৰ মৃত্যু হৈছিল আৰু বাকী থকা সকলক বন্দী বনাই পাছলৈ চাৰিঙত থাকিবলৈ দিয়া হৈছিল।

১৫৬৫ চনৰ বিদ্ৰোহ, নামৰূপ আৰু খেৰাম[সম্পাদনা কৰক]

১৫৬৫ চনৰ মাঘ মাহত ডিব্ৰুগড় অঞ্চলৰ চুতীয়া সকলে বিদ্ৰোহ ঘোষণা কৰি নামৰূপ আৰু খেৰাম(বৰ্তমান ডিব্ৰুগড়ৰৰ খেৰেমীয়া) অঞ্চলৰ আহোম গাঁও সমূহ আক্ৰমণ কৰি লুণ্ঠন কৰিছিল। ৰজাই বিদ্ৰোহ দমন কৰিবলৈ চাওলুং তিপামক পঠিয়াইছিল। বিদ্ৰোহী সকলৰ লগত হোৱা যুদ্ধত চাওলুং তিমাৰ হাতী আহত হৈছিল যাৰ বাবে তেওঁ যুদ্ধ এৰি দিহিং পাৰ হৈ উভতি আহে। ইয়াৰ পাছত বিদ্ৰোহৰ কি পৰিণতি হ'ল গম পোৱা নাযায়। সম্ভৱতঃ পাছলৈ বিদ্ৰোহ দমন কৰা হৈছিল।

১৫৭২ চনৰ বিদ্ৰোহ, শদিয়া[সম্পাদনা কৰক]

১৫৭২ চনত পুণৰ বাব চুতীয়া সেনাপতি এজনৰ নেতৃত্বত শদিয়া অঞ্চলৰ চুতীয়া সকলে মুৰ দাঙি উঠে। বিদ্ৰোহ দমন কৰিবলৈ চাওলুং চাৰিং, চাওফ্ৰাংমুঙ বৰগোহাঁই, শদিয়া খোৱা গোঁহাই, ইত্যাদি বহুতো বিষয়ববীয়াক পঠিওৱা হৈছিল। আহোম সেনাৰ তুলনাত বিদ্ৰোহী সকলৰ সংখ্যা কম থকাৰ বাবে বিদ্ৰোহী সকল কানচাই আৰু পুখুৰীখনা নামৰ অঞ্চল লৈ আতঁৰি আহিছিল আৰু সেই অঞ্চলৰ চুতীয়া সকলৰ সহযোগত পুণৰ ৰণ কৰিছিল। কিন্তু দুৰ্ভাগ্যবশতঃ বিদ্ৰোহী সকল পৰাজিত হৈছিল। চুতীয়া সেনাপতি, কানচাইৰ মুখিয়াল আৰু অন্য বহুতো চুতীয়া সৈন্যক বন্দী বনাই ৰাজধানী লৈ লয় অনা হৈছিল।

১৬৬৫ চনৰ বিদ্ৰোহ, উত্তৰ পাৰ[সম্পাদনা কৰক]

১৬৬৫ চনত আহোম সেনা নগা সকলৰ লগত হোৱা যুদ্ধত ব্যস্ত আছিল। এই সুযোগ লয়, উত্তৰ পাৰৰ লখিমপুৰৰ এখিনি চুতীয়া লোকে মিৰি আৰু দফলা লোকৰ লগত মিলি বিদ্ৰোহ কৰিছিল। কিন্তু বিদ্ৰোহ সফল নহ'ল।

১৬৭৩ চনৰ বিদ্ৰোহ, উত্তৰ পাৰ[সম্পাদনা কৰক]

১৬৭৩ চনত ধেমাজি অঞ্চলৰ চুতীয়া সকলে বিদ্ৰোহ ঘোষণা কৰি ৰূপা(বৰ্তমানৰ ৰূপহী) আৰু ডিমৌ(বৰ্তমানৰ ধেমাজিৰ ডিমৌ) মিৰি সকলে আহোম ৰজাক কৰ হিচাপে দিয়া মাৰ নাও তোলাই লৈ গৈছিল। এই কথা শুনি আহোম ৰজাই চুতীয়া অঞ্চললৈ কটকী পঠিয়াই নাও সমূহ ঘূৰাই দিবলৈ আদেশ কৰিছিল, কিন্তু চুতীয়া সকলে আদেশ নামানিলে। ইয়াৰ পাছত সকলো চুতীয়া দেউলীয়া নামৰ গাঁৱ এখনত একগোট হৈছিল।কটকীৰ খবৰ পাই আহোম ৰজাই তিনিমুখিয়া অঞ্চলত থকা নাৰাই নামৰ চুতীয়া বিদ্ৰোহী নেতা জনক ধৰি আনিবলৈ সৈনিক পঠিয়ালে। ইয়াৰ পাছত ৰজাই শদিয়াখোৱা গোঁহাই আৰু মৰঙ্গীখোৱা গোহাঁইক চেচামুখত গড় নিৰ্মাণ কৰি যুদ্ধৰ বাবে সাজু হ'বলৈ আদেশ দিলে। দিহিং নদীৰ পাৰত আন এটা গড় নিৰ্মাণ কৰা হ'ল। তাৰ পাছত আহোম সেনাই দিহিং পাৰ হৈ মাজুলী হৈ চুতীয়া গাঁৱলৈ আগ বাঢ়ি আহিল। চুতীয়া সকলেও হাতত ধেনু-কাড় লয় দেউলীয়া গাঁৱৰ পৰা মিৰি গাঁৱ এখনলৈ আগ বাঢ়ি আহিলে। আহোম ৰজাই পুণৰ চুতীয়া সকলৰ ওচৰলৈ কটকী পঠিয়াইলে। চুতীয়া বৰুৱা জনে অৱশেষত বশ্যতা স্বীকাৰ কৰিলে, কিন্তু নিজৰ গৰু-ছাগলী, হাঁহ-কুকুৰ, ইত্যাদি সকলো হেৰুৱালে। নাৰাই আৰু অন্য চুতীয়া বিদ্ৰোহী নেতা সকলক মদ্যপান কৰোৱাই পুণৰ বিদ্ৰোহ নকৰিবলৈ প্ৰতিজ্ঞা কৰালে। সবল আৰু শক্তিশালী চুতীয়া সৈনিক সকলৰ বন্দী বনোৱা হ'ল আৰু অন্য চুতীয়া সকলক প্ৰতি বছৰে কৰ হিচাপে নাও দিবলৈ আদেশ দিয়া হ'ল।

১৭৬৯-১৮০৫ চনৰ মায়ামৰা বিদ্ৰোহ[সম্পাদনা কৰক]

মায়ামৰা ধৰ্মীয় চুতীয়া সকলে ১৭৬৯ চনত আহোম ৰাজ্যৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰি ১৭৯১ লৈকে বেংমৰা নামৰ পৃথক ৰাজ্য এখন গঠন কৰিছিল। মায়ামৰা বিদ্ৰোহত ভাগ লোৱা জনগোষ্ঠী সমূহৰ মাজত দ্বিতীয় সৰ্বাধিক লোক চুতীয়া জনগোষ্ঠীৰ আছিল। বেংমৰা ৰাজ্যৰ ৰজা সৰ্বানন্দ সিংহ বীৰপালৰ বংশৰ বুৰুক চুতীয়া ৰাজপৰিয়ালৰ লোক আছিল। হয়তো ১৫২৫ চনত ৰাজ্য হেৰুৱা চুতীয়া ৰাজপৰিয়াল টোৱে সৰুকৈ হ'লেও পুণৰ বাৰ ৰাজ্য ৰাজত্ব কৰিবলৈ সক্ষম হৈছিল।

১৭৭৫ চনৰ বিদ্ৰোহ, বৰহাট[সম্পাদনা কৰক]

মায়ামৰা বিদ্ৰোহ হৈ থাকোঁতে বৰহাটত একাংশ চুতীয়াই বিদ্ৰোহ ঘোষণা কৰিছিল। বৰহাট অঞ্চলতো পূৰ্বৰ চুতীয়া ৰাজ্যৰ সীমান্তৰ অঞ্চল আছিল। এই বিদ্ৰোহত চুতীয়া সকলক নৰা সকলেও সহযোগ কৰিছিল। নঙাখাম নামৰ এইজন মুখিয়ালে বৰহাটখোৱা গোহাঁইক পৰাস্ত কৰি নিজকে ডিব্ৰু নৈৰ কাষৰ অঞ্চল সমূহৰ ৰজা বুলি ঘোষণা কৰিছিল। ৰজা হৈ চুতীয়া আৰু বাৰেচিৰিঙীয়া সকলৰ মাজৰ পৰাই ফুকন আৰু বৰুৱা নিযুক্ত কৰিছিল। আহোম ৰজাই নঙাখাম আৰু চুতীয়া সকলৰ বিৰুদ্ধে বুঢ়াগোহাঁইৰ নেতৃত্বত ৪০ হাজাৰ সৈন্য পঠিয়াইছিল। দিহিং নৈৰ পাৰত এখন যুদ্ধ হৈছিল। বিদ্ৰোহী সকল পৰাজিত হৈ আতৰি গৈছিল। নৰা সকলে পূৰ্বৰ চুতীয়া ৰাজ্যৰ পাহাৰীয়া অঞ্চলত আশ্ৰয় লয় আৰু চুতীয়া সকলে ধূনাগুৰি নামৰ ঠাই এদখৰত আশ্ৰয় লয়। বহুতো চুতীয়া, বাৰেচিৰিং আৰু নৰা বিদ্ৰোহীক ৰাজধানী ৰংপুৰলৈ লয় অনা হয়। তাৰে কিছুমানক মৃত্যু দণ্ড দিয়া হৈছিল আৰু আন সকলক বন্দী হিচাপে ৰখা হৈছিল।

আৰু চাওক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "চুতীয়া ৰাজ্য". http://enajori.com/test/history/kingdomsofAssam/kingdomofassam1.html। আহৰণ কৰা হৈছে: August 11, 2012. 
  2. "চুতীয়া ৰজা". http://www.historyfiles.co.uk/KingListsFarEast/IndiaChutiyas.htm। আহৰণ কৰা হৈছে: August 11, 2012. 
  3. ড: স্বৰ্ণলতা বৰা. মাধ্যমিক অসম বুৰঞ্জী. পৃষ্ঠা. ১৮৪-১৯০. ISBN 81-85905-11-8. 
  4. "ৰত্নধ্বজপাল". http://enajori.com/test/history/kingdomsofAssam/kingdomofassam1.html। আহৰণ কৰা হৈছে: August 11, 2012. 
  5. "আহোম-চুতীয়াৰ কাজিয়া". http://enajori.com/test/history/kingdomsofAssam/kingdomofassam1.html। আহৰণ কৰা হৈছে: August 11, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]