সমললৈ যাওক

দেউৰী জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
দেউৰী জনগোষ্ঠী
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
অসম, অৰুণাচল প্ৰদেশ, নাগালেণ্ড:
  
ভাষাসমূহ

দেউৰী ভাষা, অসমীয়া ভাষা

ধৰ্ম

হিন্দু ধৰ্ম

দেউৰী (ইংৰাজী: Deori)হ'ল বৃহৎ অসমীয়া জাতিৰ অন্তৰ্গত এটা চীনা তিব্বতীয় জনগোষ্ঠী[1] এই জনগোষ্ঠীৰ লোকসকলক প্ৰধানকৈ অসম, অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত পোৱা যায়। তেওঁলোকে প্ৰধানকৈ অসমীয়া ভাষা আৰু তিব্বেতীয়া বাৰ্মা ভাষা ব্যৱহাৰ কৰে। প্ৰায় ২লক্ষ্যৰো অধিক দেউৰী জনগোষ্ঠীৰ লোক ব্ৰহ্মপুত্ৰ নদীৰ কাষৰ উপত্যকাত বসবাস কৰি আছে[2]

দেউৰী নামৰ ইতিহাস

[সম্পাদনা কৰক]
দেউৰী লোক সকলৰ প্ৰতীক
দেউৰী লোক সকলৰ প্ৰতীক

'দেউৰী' শব্দৰ উৎপত্তি প্ৰধানকৈ "দেৱ" নামৰ পৰা হৈছে বুলি অনুমান কৰা হয়[3]। এই নাম সম্পৰ্কে এটি কিম্বদন্তি আছে। "প্ৰবাদ আছে যে, এসময়ৰ মহামায়া তাম্ৰশ্বৰী গোসাঁনীয়ে তেওঁৰ মায়া ছলনাৰে শক্তি প্ৰকাশ কৰিজগতৰ কল্যাণ সাধানাৰ্থে শিলাৰূপে দিবাং নৈত ওপঙি আছিল। তাকে দেখি ভীষ্মক ৰজাই 'হেন্দুৱান'ৰ দেশস্থ লোকক মতাই অনাই মহামায়াৰ শিলাৰূপিনী দেৱীমূৰ্তিখনি যথাস্থানলৈ নিবলৈ আদেশ কৰিলে। তেওঁলোকেও দেৱীমূৰ্তিজনাক তাৰ পৰা নিব নোৱাৰিলে। শেষত নিৰুপায় হৈ তেওঁ ঢোল কোবাইসকলোকে জনাই দিয়ালে যে যেয়ে দেৱীমূৰ্তিজনাক নিব পাৰিব সেয়ে তেওঁৰ ৰাজ পুৰোহিত হৈ বিখ্যাত বুঢ়া-বুঢ়ী,বলিয়া বাবা আৰু তাম্ৰশ্বৰী মন্দিৰৰ পূজাৰী হ'ব। এই কথা প্ৰচাৰ হোৱাৰ লগে লগে নানান জাতি বিধে বিধে মানুহ আহি মূৰ্তি নিবলৈ চেষ্টা কৰাত ই বোলে ইমান গধুৰ হৈ পৰিল যে কুৰি-পঁচিছজন মানুহেও থকা ঠাই পৰা লৰচৰ কৰিব নোৱাৰিলে। অৱশেষত চাৰিজন চুতিয়াই গা ধুই শুচি-সংযম হৈ মাতৃক স্তুতি মিনতি কৰেহি তেওঁলোকৰ অত্যন্ত পৰিশুদ্ধ আৰু পবিত্ৰ অন্তৰৰ সমবেত প্ৰাথৰ্না বাণীয়ে দেৱীৰ অন্তৰ পৰশিলে। দেৱী মূৰ্তি হালিজালি আপোনা আপুনি পাতল হ'ল। তেতিয়া সেই চাৰিজন চুতীয়াই দেৱী মূৰ্তি গোসাঁনীক দোলাত তুলি লৈ গৈ তাম্ৰেশ্বৰী মন্দিৰত থাপিলে। তেতিয়াৰ পৰা এই চাৰিজনক চুতীয়াসকলৰ ৰাজ পুৰোহিত পতা হয় আৰু এই সকলক দেউৰী বুলি কোৱা হয়। কাৰণ 'সৰ্বভূতে অৱষ্ঠিতা পূণব্ৰক্ষৰূপী এই অতি প্ৰাকৃত বা অতিজাগতিতক মহাশক্তিক উপাসনা কৰোঁতাসকলেই দেউৰী।

দেউৰীসকলৰ চাৰি খেল আৰু চাৰি শাল

[সম্পাদনা কৰক]

দেউৰীসকলৰ প্ৰধান খেল বা ফৈদ চাৰিটা। সেইবোৰ হৈছে-

  1. দিবঙীয়া - এওঁলোক শাল কুণ্ডিমামা বা বুঢ়া-বুঢ়ী শাল,
  2. টেঙাপনীয়া - এওঁলোকৰ শাল বলিয়া বাবা (শিৱৰ বৰ পুত্ৰ) শাল,
  3. বৰগঞা - এওঁলোকৰ শাল কেঁচাইখাতী বা তাম্ৰেশ্বৰী গোসাঁনী শাল আৰু
  4. পাটৰগঞা - এওঁলোক শাল পাটৰ শাল।

দেউৰীসকলৰ পাটৰ গঞা ফৈদটো বৰ্তমান গৱেষণাৰ বিষয় হৈ পৰিছে। কাৰণ এই ফৈদৰ লোকসকল বিভিন্ন ঠাইত বিভিন্ন ধৰণে বিলীন হৈ সিঁচৰতি হৈ থকাৰ উমান পোৱা গৈছে। দেউৰীসকলৰ চাৰিওটা ফৈদৰ নাম স্থানবাচক বুলি ক'ব পাৰি। অতীজত কুণ্ডিল ৰাজ্যত দিবং নদীৰ পাৰত বাস কৰা ফৈদক দিবঙীয়া,টেঙাপনী নৈৰ পাৰত বসতি কৰা ফদৈক টেঙাপনীয়া,বৰনদীৰ পাৰত বাস কৰা ফৈদক বৰগঞা আৰু পাট শদিয়াত বাস কৰাসকলক পাটৰগঞা বোলা হৈছিল। দেউৰী জনগোষ্ঠীৰ এই চাৰিটা প্ৰধান খেল বা মুখ্যফৈদৰ সংশ্লিষ্ট লোকসকল পূনৰ কেইবাটাও উপফৈদ বা উপখেলত বা উপগোত্ৰত বিভক্ত হৈ আছে।

বাস কৰা পদ্ধতি

[সম্পাদনা কৰক]

দেউৰীসকলে গাঁও পাতি চাংঘৰত বাস কৰা প্ৰথা অতি পুৰণি কালৰ পৰা চলি আহিছে। কাঠৰ জখলাৰে উঠি ঘৰত সোমায়ে প্ৰথমে পোৱা যায় সুৱচনী কোঠালি। এই কোঠালিটো গৃহ দেৱতাৰ নামত ৰখা হয়। অৱশ্যে দিৱঙীয়া আৰু বৰগঞা খেলৰ মাজত এই সুৱাচনী কোঠালি ৰখা প্ৰথাটো নাই। ঘৰৰ ইমূৰৰ পৰা সিমূৰলৈকে এটি দীঘলীয়া বাট ৰখা হয়। সমুখৰ দুৱাৰেদি সোমাই এই দীঘলী বাটেৰে ঘৰৰ আটাইবিলাক কোঠালিত প্ৰৱেশ কৰিব পৰা ব্যৱস্থা থাকে। একেবাৰে সিমূৰত থাকে ৰন্ধনশাল। ৰন্ধনশালৰ কাষতে থাকে ঘৰৰ মুৰব্বী বা পিতা-মাতাৰ কোঠা। এই মুৰব্বীজনৰ কোঠাতে পৰিয়ালৰ আটাইবিলাক একেলগে বহি খোৱা-বোৱা কৰে। বেতৰ এক বিশেষ পদ্ধতিৰে নিৰ্মিত 'মেহেঙা' নামৰ সঁজুলিৰ ওপৰত ভাতৰ কাঁহী থৈ ভাত খোৱাৰ নিয়ম। মহিলাসকলে ৰন্ধনশালতে ভোজন কৰা নিয়ম চলি আহিছে।

পৰম্পৰাগত সাজপাৰ দেউৰী সকলে পৰম্পৰাগত ব্যৱহৃত সাজপাৰযোৰ ঘৰতে প্ৰস্তুত কৰি লয়। দেউৰী সমাজত বিবাহিত মহিলাই বুকুৰ পৰা ভৰিৰ গুৰুহাত পৰাকৈ মেথনি মাৰি দীঘল মুগা অথবা কপাহী মেখেলা পিন্ধে। কঁকালত তেওঁলোকে মুগা ৰিহা ( জকাচ্ছিবা) অথবা বাইগা মেৰাই লয়। গাত তেওঁলোকে চোলা পিন্ধে। দেউৰী মহিলা সকলে মূৰত মৰা গামোচা খনক টকয়া (গাতিকী)বোলে। বৰগঞা সমাজত মহিলা সকলে সাধাৰতে উৎসৱ পাৰ্বন আদিত বগা মেখেলা আৰু চোলা পিন্ধি গাত এখন বগা চাদৰ মেৰাই লয়। টেঙাপনিয়া সমাজত মহিলাসকলে সোণালী ৰঙৰ মুগাৰ ৰিহা, ফুলাম মেখেলা পৰিধান কৰে। ডিবঙিয়া সমাজত মহিলাসকলে ৰঙা, সেউজীয়া, হালধীয়া আদি নানা বৰণীয়া উজ্জ্বল ৰঙৰ পোচাক পৰিধান কৰা দেখা যায়। দেউৰী সমাজত গাভৰু ছোৱালীয়ে মেখেলা পিন্ধি বুকুত এখন দীঘল গামোচা মেৰাই লয়। এনেদৰে বুকুত গামোচা মৰা প্ৰথাক তেওঁলোকে পাও মৰা বোলে। দেউৰী সমাজত পুৰুষ সকলে প্ৰধানকৈ চোলা আৰু চুৰিয়া পিন্ধে। তেওঁলোকৰ মাজত ঘৰতে প্ৰস্তুত কৰি লোৱা কপাহী চোলা, হাত দীঘল মুগা চোলা অথবা পাটৰ কাপোৰৰ চোলাৰ প্ৰচলন দেখা যায়। মৰ্য্যদা অনুসৰি পুৰুষ সকলে মূৰত পাটৰ অথবা কপাহী কাপোৰৰ পাগুৰিৰ ব্যৱহাৰ কৰা দেখা যায়।

আ-অলংকাৰ দেউৰী সমাজত মহিলাসকলে ডিঙিত তিল ক'লা মণিসহ সোণৰ মাদলি পিন্ধে। তেওঁলোকৰ মাজত দুগদুগী, জোনবিৰি আৰু বেনাৰ ব্যৱহাৰো মন কৰিবগীয়া। বয়সস্থ দেউৰী মহিলা সকলে কাণত কেৰু আৰু জাংফাই পৰিধান কৰা দেখা যায়। বৰ্তমান নৱ প্ৰজন্মৰ মাজত এই দুবিধ অলংকাৰৰ প্ৰচলন অতি সীমিত। দেউৰী মহিলা সকলে হাতত মুঠিখাৰু, গামখাৰু, গোটা খাৰু, পটিয়া খাৰু আদি অলংকাৰ পৰিধান কৰে। আঙুলিত তেওঁলোকে বিভিন্ন শৈলীৰ আঙুঠি পৰিধান কৰা দেখা যায়।

দেউৰীসকল সাধাৰণতে কৃষিজীৱি। তেওঁলোকৰ জীৱিকাৰ ঘাই উপায়েই হৈছে কৃষি। বিশেষকৈ ধান, মাহ, সৰিয়হ, আলু, কচু, শাক-পাচলি আদি খেতিৰ ওপৰত নিৰ্ভৰ কৰিয়েই তেওঁলোকে জীৱিকা নিৰ্বাহ কৰে। কপাহ খেতি তেওঁলোকৰ পৰম্পৰাগত খেতি। মহিলা আৰু গাভৰুসকলে আহু খেতিত বন নিৰণি কৰাৰ দৰে কপাহ খেতিতো বন নিৰণি কৰাৰ ওপৰত গুৰুত্ব দিছিল। এক সামান্য অংশই চাকৰি কৰি জীৱন নিৰ্বাহ কৰিলেও এওঁলোকে সাধাৰণতে কৃষি কৰ্ম নেৰে।

ধৰ্ম আৰু উৎসৱ

[সম্পাদনা কৰক]

ধৰ্মত দেউৰীসকল হিন্দু। হিন্দু শাস্ত্ৰত উল্লিখিত দেৱ-দেৱতাসকলক এওঁলোকে অতি প্ৰাচীন কালৰ পৰা অতি শ্ৰদ্ধা-ভক্তি আৰু বিশ্বাসেৰে উপাসনা কৰি আহিছে। দেউৰীসকলৰ তিনিটা খেলৰ ভিতৰত দিবঙীয়া খেলে কুণ্ডিমামাক, টেঙাপনীয়া খেলে বলিয়া বাবাক, বৰগীঞা খেলে তাম্ৰেশ্বৰী মাতৃক পূজা কৰে। ধৰ্মোৎসৱ হিচাবে এওঁলোকে পুৰণি কালৰ পৰা প্ৰধানকৈ তিনিটা উৎসৱ পালন কৰি আহিছে। সেইকেইটা হ'ল -

  1. ব’হাগ বিচু (ইবাঁকু বিচু)
  2. মাঘ বিচু
  3. অম্বুবাচীপূজা-উৎসৱ বা "সাতঅ-চুৱাদাবেবা" পৰম্পৰা।

তদুপৰি "পিটা-হাবা বিচু" আৰু "মেটুৱা লেবা" তেওঁ লোকৰ অন্যতম উৎসৱ। কেৱল এইকেইটা উৎসৱতহে দেউৰীসকলে নিজ নিজ খেলৰ দেওশাল (দে-গৰ)ত বিশেষ ভাৱে পূজা আগবঢ়ায়। দেওশালত আগতীয়াকৈ পূজা-অৰ্চনা নকৰাকৈ উৎসৱ পতাৰ নিয়ম নাই। বহাগ বিহুৰ বাহিৰে বাকী দুটা উৎসৱত দেওধনী (মিদি-কাবা) নুঠে আৰু দেওধনী নাচো (মিদি-জামা) নহয়। দেওশালত পতা অন্য এটা গুৰুত্বপূৰ্ণ পূজা হৈছে ন ধানৰ পূজা। এই পূজা প্ৰতিবছৰে শাওন মাহৰ শুক্লা পক্ষ প্ৰথমটো বুধবাৰে পতা হয়। দেউৰীসকলৰ ধৰ্মীয় কাম-কাজ সম্পূৰ্ণ শাক্ত পন্থীয়। বিভিন্ন পূজাত বলি-বিধানৰ ব্যৱস্থা আছে।

বহাগ বিচু উৎসৱ

[সম্পাদনা কৰক]

ৰঙালী বিহুকে দেউৰী সকলে বহগ বিচু বা ইবাঁকু বিচু বুলি কয়। ৰঙালী বিহুৰ উৎসৱ হ'লেও তেওঁলোকৰ বাবে ই কেৱল ৰং ৰহইচৰ উৎসৱ নহয়, ই অতি প্ৰাচীন কালৰে পৱা চলি অহা সাংস্কৃতিক মহোৎসৱ। দেউৰী জন-জীৱনৰ এই বসন্ত উৎসৱটি সৰ্বশ্ৰেষ্ঠ পূজা-উৎসৱ। বিহুৰ পূজা-উৎসৱত সাংস্কৃতিক আৰু আধ্যাত্মিক চিন্তন গভীৰভাৱে নিহত হৈ আছে। দেউৰীসকলে বিচু উৎসৱ উদযাপন উপলক্ষে দুটা পূজা পাতিব লাগে। ইয়াৰে এটা পৰিয়াল ভিত্তিক আৰু আনটো সামূহিক। প্ৰথমটো সুৱচনী পূজা বা ঘৰদেও পূজা আৰু দ্বিতীয়টো দেওশাল বা "দেগৰ" বা দেৱালয়ৰ পূজা।

সুৱচনী বা ঘৰদেও পূজা

[সম্পাদনা কৰক]

দেউৰীসকলৰ বিশ্বাস যে গাঁৱৰ প্ৰতিঘৰ গৃহস্থই সুৱচনী বা ঘৰদেও পূজা নপতাকৈ দেৱালয়ত বিহু পূজা পাতিলে বিহুত দেওধনি আবিৰ্ভাৱ নহয়। সুৱচনী পূজা যিহেতু ঘৰদেও পূজা,গতিকে ঘৰৰ ভিতৰতে এক আচুতীয়া ঠাইত বহাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধ বাৰত পুৱা ভাগত এই পূজা পতা হয়।

দেৱালয় বা দেওশাল পূজা

[সম্পাদনা কৰক]

দেউৰীসকলৰ উৎসৱটোক বৰ বলি নামেৰেও জনা যায়[4]। বহাগৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰে প্ৰতিটো খেল বা ফৈদৰ দেৱালয়ত সমূহিয়াকৈ উৎসৱ মুখৰভাৱে এই বিহু পূজা পতা হয়। ইয়াক বৰ্ত্তমান বহাগ বিহুৰ পূজা উৎসৱ বোলে। কিন্তু আদিতে ইয়াৰ নাম'বাসন্তী পূজা উৎসৱ'হে আছিল। দেউৰী সমাজৰ যি বিহুৱেই নহওক, বিহুৰ এই বিশেষ তাৎপাৰ্য হৈছে বিহু আৰম্ভ কৰাৰ দিন-বাৰ চোৱা। বিহু উদযাপিত মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰত যদি ৰাইজৰ বিহু-দিন নপৰি অন্য দিনত পৰে তেন্তে সেই দিনা দেউৰী সকলে বিহুৰ শুভাৰম্ভ নকৰি সেই প্ৰথমটো বুধবাৰলৈ অপেক্ষা কৰে। বুধবাৰৰ বাহিৰে অন্য বাৰত দেৱালয়ৰ বিহু-পূজা পতা নিষেধ। দেৱালয়ৰ এই বিহু পূজা উৎসৱ সম্পূৰ্ণ সাত দিন থাকে। কিন্তু দেৱালয়ত বিহু পূজা দুদিনহে হয় প্ৰথমটো বুধবাৰ আৰু তাৰ পাছৰটো বুধবাৰে। দেউৰীসকলৰ বহাগ বিহু উৎসৱৰ লগত নিবিড়ভাবে জড়িত হৈ প্ৰাচীন কালৰ পৰা সমাজত চলি অহা কেইটামান ৰীতি হ'ল-

  1. নতুন পৰীয়া নিযুক্তি, পুৰণিৰ অৱসৰ
  2. নিশা বিহু,
  3. গৰু গা ধুউৱা
  4. ন কৈ চুৰীয়া পিন্ধোৱা আৰু পাট গাভৰুৰ গাত কাপোৰ দিয়া বা পাউগা মৰোউৱা নিয়ম
  5. কণী যুঁজোৱা প্ৰথা,
  6. ডেকা বিহু
  7. গাভৰু বিহু
  8. আবৰব হাঁচটি আৰু হুঁৰাই ৰঙালী নাম
  9. হুঁচৰি গোৱা নিয়ম
  10. গোসাঁনী পাটৰত তোলা
  11. বিহু আৰু হুঁচৰি উৰুৱা উৎসৱ
  12. পাচ বিহু বা ৰাজবন
  13. পীৰি বা নৌকা উটুৱা সবাহ।

মাঘ বিহু উৎসৱ

[সম্পাদনা কৰক]

প্ৰাচীন কালৰে পৰা কুণ্ডিল ৰাজ্যত চলি অহা চিৰাচৰিত প্ৰথা বা ৰীতি অনুসৰি দেউৰীসকলে মাঘ মাহৰ শুক্লপক্ষৰ প্ৰথমটো বুধবাৰে তেওঁলোকৰ দেৱালয় বা গোসাঁনীশালত বছৰি একোটা ডাঙৰ পূজা উৎসৱ পতাৰ নিয়ম আছে। সেইহে দেউৰীসকলৰ মাঘ বিহু উৎসৱ মাঘ মাহৰ শুক্ল পক্ষৰ প্ৰথমটো বুধবাৰেহে আৰম্ভ হয়। দেৱালয়ত পূজাৰম্ভৰ পৰা এসপ্তাহ ধৰি বিহু-উৎসৱ চলে,কিন্তু পূজা কেৱল প্ৰথম আৰু শেষৰ দিনাহে হয়। বিহু উৎসৱটো সম্প্ৰদায় ভিত্তিক হ'লেও পূজাটো কিন্তু সাৰ্বজানীন। দেউৰীসকলৰ মাজত প্ৰবাদ আছে যে বিহু উৎসৱৰ আদি স্ৰষ্টা স্বয়ং গিৰি-গিৰাচি(বুঢ়া-বুঢ়ী)। সেয়েহে আদি স্ৰষ্টা গিৰা-গিৰাচিৰ শুভাগমনৰ আদৰ-সম্ভাষণ জনাবলৈকে দেৱালয়ত এই পূজা আৰু সমাজত বিহু-উৎসৱ পালন কৰা ৰীতি-নীতি চলি আহিছে। দেৱ-দেৱীক সন্তুষ্ট কৰিব পাৰিলেই সকলো সমস্যাৰ সমাধান হয় বুলি বিশ্বাস কৰে।

বিবাহ পদ্ধতি

[সম্পাদনা কৰক]

বিবাহ হ'ল এক পবিত্ৰ বন্ধন। টেঙাপনীয়া,বৰগঞা আৰু দিবঙীয়া দেউৰীসকলৰ এই তিনি ভিন্ন খেল বা ফৈদৰ ডেকা-গাভৰুৰ মাজত বিয়া বাৰু হয়। কিন্তু সামাজিক অনুমতি নিষিদ্ধ গোত্ৰ, বংশ বা পৰিয়ালৰ ডেকা-গাভৰুৰ মাজত বিয়া হোৱাতো বাদেই, আনকি অবাধ মিলা-মিচা কৰাও গুৰুতৰ সামাজিক অপৰাধ। ছোৱালী খোজা-বঢ়া, ভোজা দিয়া: বংশ, গোত্ৰ আৰু সম্বন্ধ বিচাৰ কৰি উভয়পক্ষ সকলোৰে সন্মতি থাকিলে প্ৰথমতে দৰা-পক্ষৰ পিতৃ-মাতৃ আৰু দুই এজন দায়িত্বশীল মানুহে গুৱা-পাণৰ টোপোলা, এসাঁজ বোৱা কাপোৰ-কানি,মাছ-পুঠিসহ এটা মদৰ টেকেলি, উপঢৌকন আৰু মাননি লৈ কনাই-ঘৰলৈ মাক-বাপেকৰ ওচৰত ছোৱালী খোজেগৈ। কইনাৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ সদস্যসকল সন্মত হ'লে ল'ৰাৰ পক্ষই অনা মাননি আৰু উপঢৌকন গ্ৰহণ কৰে আৰু দুয়োঘৰৰ দ্ৰব্যবস্তুৰে জা-জলপান গ্ৰহণ কৰি এই সম্বন্ধ যুগমীয়া হওক বুলি টেকেলিৰ মদ বাকি আশীৰ্বাদ কৰে। ইয়াকে দেউৰী সকলে 'ছোৱালী খোজা' বুলি কয়। তেতিয়াৰে পৰা আনুষ্ঠানিকভাৱে বিবাহ কাৰ্য্য হৈ নুঠালৈকে প্ৰতি মাঘ আৰু বহাগ মাহত এই কাৰ্য্যৰ পুনৰাবৃত্তি কৰি থাকে। এই নিয়মটোক তেওঁলোকে 'ভোজা দিয়া' বুলি কয়। দেউৰী সমাজত প্ৰচলিত তিনি প্ৰকাৰৰ বিয়া আৰু উৎসৱৰ আয়োজন কৰা হয়। সেইসমূহ হৈছে

  1. বৰবিয়া
  2. মাজু বিয়া আৰু সৰু বিয়া
  3. পলুৱাই অনা বিয়া

বৰবিয়া

[সম্পাদনা কৰক]

বিয়া পদ্ধতিৰ ভিতৰত'বৰবিয়া'ৰ নামো যেনে 'বৰ', তাৰ জা-যোগাৰ, আয়োজন, ভাৰ-ভেটি আৰু নীত-নিয়মবোৰ তেনে আড়ম্বৰপূৰ্ণ। বিয়াৰ দিনটোলে এমাহ মান থাকোঁতেই দৰা-কইনা দুয়োখন ঘৰতে বিয়াৰ জা-যোগাৰত উখল-মাখল লাগে। ঘৰৰ গৃহস্থই গুৱা-পাণ লৈ গাঁৱৰ প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে গৈ ডেকা-গাভৰুহঁতক খৰি-কাঠ,ধান-চাউল,জা-জলপান উলিওৱা,মদ বা চু'জে তৈয়াৰ কৰা,বিল,নদীত মাছ ধৰা, হাবিৰ কৌ-পাত কটা আদি কামত হাত উজান দিবলৈ মাননি ধৰে। সকলো কামৰ আৰম্ভণিতে আকৌ দুজনমান বুঢ়া-মেঠাই লগ লাগি মদ ঢালি অপায়-অমঙ্গল নহ'বৰ বাবে ইষ্ট দেৱতাক প্ৰাৰ্থনা কৰে। বিয়অৱ বাবে পাঠৰীয়া,কাকতি,পুৰোহিত বা কানণ্ডাৰী,মেধি আৰু দৰা বা কইনাৰ বিয়া বাবে পাতিলোৱা বাপেক-মাক,সখা-সখী,নামতী,নাচনী,আয়তী,ঢুলীয়া,ৰান্ধনি,চকু ৰখা,পাঁচনি আদি বিয়াখনৰ বিষয়-ববীয়া সকলোকে বিষয় আৰু নীতি অনুসৰি গুৱা-পাণ মাননি আগবঢ়াই আগতীয়াকৈ দায়িত্ববোৰ অৰ্পণ কৰা হয়। বিয়অলৈ সাত দিন থকাৰে পৰা গাঁৱৰ লগৰীহঁতে 'কইনা'ৰাখিবলৈ আহে। সেই দিনাৰ পৰা কইনাই পাতি লোৱা সখী আৰু লগৰীয়াৰে সৈতে মিতিৰ-আত্মীয়ৰ ঘৰে ঘৰে 'কইনা ভাত,খায়। দেউৰী সকলৰ মাজত 'চোৱা দিয়া বৰা ভাত' আৰু মগু আৰু মাটিমাহৰ আঞ্জাই হ'ল কইনা-ভাতৰ প্ৰিয় জুতি। বিয়াৰ দিনা শুভক্ষণ চাই ভকত আৰু ৰাইজৰ আৰ্শীবাদ লৈ দৰা কইনা ঘৰলৈ বুলি বৰযাত্ৰা আৰম্ভ কৰে। ডেকাহঁতৰ হিলৈ আৰু আয়তী-নামতী, ঢুলীয়াহঁতৰ বিয়া নাম, উৰুলি আৰু ঢোলৰ মাতে ওৰে বাট ৰজন-জনাই সনয়ত বৰযাত্ৰী সকলৰে সৈতে দৰা গৈ কইনা ঘৰৰ কলগছ,আম ডালিছে বনোৱা তোৰণৰ কাষ পাইহি। কইনাৰ মাকে ধূপ-চাকি,চন্দনেৰে দৰাক আদৰি নিবলৈ আহে। যথা সময়ত দৰা-কইনা উভয়কে সখীয়েকৰ সৈতে পুৰোহিতৰ আৰু ৰাইজৰ মাজলৈ অনা হয়। কন্যাদাতাই নিজেও গলত বস্ত্ৰ লৈ কৰ-যোৰ কৰি এই পবিত্ৰ বিবাহ উৎসৱটোৰ কথা ভকত,পুৰোহিত আৰু ৰাইজক উদ্দেশ্য কৰি আনুষ্ঠানিকভাৱে কয়। কন্যাদাতাৰ এই কথাখিনি তিবাৰকৈ পুনৰাবৃত্তিৰে পুৰোহিতৰ দ্বাৰা হৰিধ্বনি কৰি প্ৰথমে ইষ্ট দেৱ-দেৱীৰ প্ৰতি আৰু পাছত ভকত আৰু ৰাইজক অৱগত কৰে। তাৰ পাছত কন্যাদাতাই নৱ-দম্পতীৰ বস্ত্ৰৰ আঁচলত 'লগ্ন গাঁঠি' দিয়ে। আৰু লগে লগে ডেকাই তিনি জাঁই হিলৈ ফুটায় আৰু আয়তীসকলে চাউল, ফুল আদি ছটিয়ায়।

মাজু বিয়া আৰু সৰু বিয়া

[সম্পাদনা কৰক]

বৰ বিয়াৰ কাম সাত দিন জুৰি চলাৰ দৰে মাজু বিয়া কাম তিনিদিনীয়া আৰু সৰু বিয়াখন এদিনীয়াকৈ অনুষ্ঠিত হয়। এনে বিয়াৰ আদৱ কায়দা তথা আয়োজন ভাৰ-ভেটি আদিও সৰু।

পলুৱাই অনা বিয়া

[সম্পাদনা কৰক]

দেউৰী সমাজে স্বীকাৰ কৰা আনবিধ সঘনে প্ৰচলন হৈ থকা বিয়াই হ'ল 'পলুৱাই অনা বিয়া'। অৱশ্যে পাকে প্ৰকাৰে ল'ৰাই নিজৰ ঘৰখনক এই কথাটো আগতীয়াকৈ জনাইও থয়-যাতে সময়ত সকলো সাজু হৈ থাকিব পাৰে। ল'ৰাই ছোৱালী আনি ঘৰ সোমোৱাৰ লগে লগে ঘৰৰ চোতালত কোনোবাজনে হিলৈ ফুটাই। হিলৈৰ মাত শুনিলেই চুবুৰীয়াই গম পায় ছোৱালী পলুৱাই আনিছে বুলি আৰু লগে লগে ওচৰ চুবুৰীয়া মানুহখিনি খদম দমকৈ ওলাই আহে ন-বোৱাৰী আদৰিবলৈ। ৰীতি-মতে ন-ছোৱালীক আদৰি,গা-পা ধুৱাই কইনা, পাটীত বহুৱাই থয়। পিতৃ-মাতৃয়েও সেইদিনাই থাউকতে পোৱা বুঢ়া-মেথা দুগৰাকীমানক বিয়াখনৰ ভকত ৰূপে তামোল-পাণ দি মাতি আনি পো-বোৱাৰীক তেখেতসকলৰ ওচৰত আঁঠু ল'বলৈ দিয়ে। ভকত সকলেও ইষ্ট দেৱতাক কামনা কৰি মদ বাকী ন-দাম্পতীক আৰ্শীবাদ দিয়ে। এনেদৰে এই বিয়াখনকো সমাজৰ দ্বাৰা গ্ৰহণ কৰি লোৱা হয়।[5][6]

আ অলংকাৰ

[সম্পাদনা কৰক]
  • ডিঙিত পিন্ধা অলংকাৰ

বিয়া-সবাহত বা আনন্দ উৎসৱত দেউৰী পুৰুষ-মহিলা উভয়ে কণ্ঠত কণ্ঠাহাৰ পিন্ধিছিল। এই কণ্ঠাহাৰে ডিঙিৰ পৰা বুকুলৈকে ওলমি তিৰোতাৰ সৌন্দৰ্য দুগুণে বঢ়াই তুলিছিল। দেউৰী মহিলাসকলৰ ডিঙিত পিন্ধা অলংকাৰৰ ভিতৰত মণি জাতীয় সৰু-ডাঙৰ অলংকাৰেই প্ৰধান আছিল। নানা ৰঙৰ মণিবোৰ তেওঁলোকৰ পছন্দ মতে টান সূতাৰে গাঁঠি লৈছিল। বুকুলৈকে ওলোমাই পিন্ধা মণিধাৰ ছেংমৰা মণি বুলি জনা গৈছিল। এনে মণিধাৰত সোণ-ৰূপৰ মাদুলি অথবা জোনবিৰিও সংযোগ কৰিছিল।

  • কাণত পিন্ধা অলংকাৰ

দেউৰী মহিলাসকলে আগতে সোণ-ৰূপৰ জাংফাই আৰু থুৰিয়া কেৰুত বাখৰ লগাই কাণত পিন্ধিবলৈ ভাল পাইছিল। জাংফাই আৰু থুৰিয়া কেৰুৰ উপৰিও উন্তিৰ ব্যৱহাৰো মহিলাসকলে কৰিছিল। এই উন্তিবোৰ চেপেটা আৰু গোটা ৰূপত সোণ, ৰূপ, তাম বা পিতলেৰে গঢ়াই লৈছিল। সাধাৰণতে ঘৰুৱা কামত আৰু কৃষিকাৰ্যত ব্যস্ত থকা দেউৰী মহিলাসকলে কাণত খাগৰি বনৰ পাব কাটি, ৰং সানি পিন্ধিছিল। মহিলাসকলৰ দৰে পুৰুষসকলেও কাণত জাংফাইজাতীয় অলংকাৰ পৰিধান কৰিছিল। বিয়া-সবাহ, বিহু আদি উৎসৱবোৰত সোণ-ৰূপৰ অলংকাৰবোৰ পিন্ধিছিল।

  • হাতত পিন্ধা অলংকাৰ

দেউৰী মহিলাসকলে হাতৰ আঙুলিত নানা তৰহৰ সোণ, ৰূপ, তাম আৰু পিতলৰ আঙুঠি পিন্ধিছিল। পুৰুষসকলেও বাখৰ খটোৱা আঙুঠি পিন্ধিছিল। তেনেদৰে খাৰু মহিলাসকলে পৈতিক সম্পত্তি হিচাপে পাইছিল। এযোৰ শকত গোটা খাৰু আৰু এযোৰ চেপেটা পতিয়া খাৰু পিতৃ-মাতৃয়ে প্ৰত্যকজনী জীয়েকৰ নামত গঢ়াই দিবলৈ চেষ্টা কৰিছিল। চিৰি খাৰুৰ ব্যৱহাৰ আগতে দেউৰী সমাজত নাছিল। আজিকালিৰ মহিলাই চিৰি খাৰুৰ ব্যৱহাৰ কৰা দেখা গৈছে। বিহু, বিয়া, সবাহ আদি উৎসৱত খাম খাৰু, হাচঁমৰা আদি পিন্ধিবলৈ শিকাটো আহোমসকলে অসমত ৰাজত্ব কৰাৰ দিনৰ পৰাই প্ৰচলন হৈছিল। আহোম ৰাজত্বৰ দিনতেই গামখাৰু আৰু হাচঁমৰাৰ ব্যৱহাৰ বহুলভাৰে দেউৰী মহিল‍াই কৰিবলৈ লয়। গামখাৰু আৰু সাচঁমৰাবোৰত সোণ বা ৰূপৰ পানী ঢালি বাখৰ খটোৱা হৈছিল আৰু জুনুকাৰ দৰে শব্দ কৰিবলৈ এইবোৰৰ ভিতৰত সিহৰ বা টিনৰ গুটি ভৰাই লোৱা হৈছিল। দেউৰীসকলৰ মাজত পূৰ্বতে নাকত আৰু ভৰিত অলংকাৰ পৰিধান কৰা নাছিল, বৰ্তমান কোনো কোনো দেউৰী মহিলাই আনক অনুকৰণ কৰি নাকত আৰু ভৰিত অলংকাৰ পিন্ধা দেখা গৈছে, এইটো আনৰ পৰা বুটলি অনা কৃষ্টিৰ ভিতৰত পৰে।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. LaPollo, Randy J. (ed.). Sino-Tibetan languages. Routledge. ISBN 9781135797171.
  2. prayway.com
  3. indianetzone.com
  4. "demotix.com". Archived from the original on 2012-02-04. https://web.archive.org/web/20120204044701/http://www.demotix.com/news/668379/deori-tribe-celebrates-bor-boli-festival-india#.T-tlwJGFBMw। আহৰণ কৰা হৈছে: 2012-06-27. 
  5. গ্ৰন্থ দেউৰী সংস্কৃতি, লেখক ডম্বৰুধৰ দেউৰী, পৃষ্ঠা নং ১০
  6. গ্ৰন্থ দেউৰী লোক-সংস্কৃতিৰ ৰূপৰেখা,লেখক নন্দেশ্বৰ দেউৰী,কৰবী দেউৰী,পৃষ্ঠা নং:১৩,১৫,১৬,১৯,৩৩,৮০,৯০

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]