বড়ো জনগোষ্ঠী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Jump to navigation Jump to search
বড়ো জনগোষ্ঠী
মুঠ জনসংখ্যা
১৩,০০,০০০
উল্লেখযোগ্য জন-অধ্যুষিত অঞ্চলসমূহ
ভাৰত অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা, ওদালগুৰি আৰু কাৰ্বি আংলং ১৩,০০,০০০
ভাষাসমূহ

বড়ো ভাষা

ধৰ্ম

Om symbol.svgহিন্দু ধৰ্ম  · P christianity.svgখ্ৰীষ্টান ধৰ্ম[1]

সংশ্লিষ্ট নৃতাত্ত্বিক গোষ্ঠী

বড়ো-কছাৰী

অসমৰ ওদালগুৰি জিলাৰ বড়ো মহিলা
বাগুৰুম্বা নৃত্য

বড়ো জনগোষ্ঠী (ইংৰাজী: ) হৈছে অসমৰ ভৈয়ামৰ জনগোষ্ঠী। অসমৰ ভৈয়ামত বাস কৰা জনগোষ্ঠীসকলৰ ভিতৰত এওঁলোক সংখ্যাগৰিষ্ঠ। বড়ো সকলৰ মাতৃভাষা বড়ো ভাষা। বড়োসকল বৃহৎ মংগোলীয় গোষ্ঠীৰ অন্তৰ্ভুক্ত। প্ৰাচীন কালৰ হিমালয়ৰ উত্তৰে আৰু চীনৰ পশ্চিমে অৱস্থিত "বড" দেশৰ বাসিন্দাসকলৰ এই জনগোষ্ঠীটো খ্ৰীঃপূঃ প্ৰায় ১৫ শ শতিকা মানতেই সমগ্ৰ পূব ভাৰতত বিয়পি পৰে। মহাভাৰতত উল্লেখ কৰা কিৰাতসকলেই পূব ভাৰতৰ বড়োসকল। প্ৰাচীন কালত এই মূল "বড" দেশৰ বাসিন্দাসকলক "বডো-ফিচা" বা "বডোচা" ("বডো" মানে ভূমি আৰু "ফিচা" বা "চা" মানে সন্তান অৰ্থাৎ বড দেশৰ সন্তান) বুলি জনা গৈছিল আৰু সময়ৰ সোঁতত বড বা বড়ো হিচাপে জনাজাত হয়।

অসমৰ কোকৰাঝাৰ, চিৰাং, বাক্সা আৰু ওদালগুৰি জিলাত বড়োসকলৰ মূল বসতি। ইয়াৰোপৰি কাৰ্বি আংলং গোৱালপাৰা জিলাতো কিছু সংখ্যক বড়ো লোকে বাস কৰে। তাৰোপৰি পশ্চিমবঙ্গ, মেঘালয়, নাগালেণ্ড, অৰুণাচল আনকি ভূটান-নেপালতো বড়ো জনগোষ্ঠী পোৱা যায়।

সমাজ ব্যৱস্থা[সম্পাদনা কৰক]

বড়োসকল মংগোলীয় নৃগোষ্ঠীৰ তিব্বত-বৰ্মীয় ভাষা-ভাষী লোক। এওঁলোক ঘাইকৈ শৈৱ পন্থাৰ লগত জড়িত বাথৌ পন্থীয় লোক যদিও তেওঁলোকৰ মাজত কিছুসংখ্যক সনাতন, বৈষ্ণৱ আদি বিভিন্ন ধাৰা আৰু খ্ৰীষ্ট ধৰ্মীয় লোকো নথকা নহয়। তেওঁলোকৰ সমাজ ব্যৱস্থা পিতৃতান্ত্ৰিক যদিও মাতৃতান্ত্ৰিক (মাহাৰী) সমাজ ব্যৱস্থাও কিছুমান সামাজিক অনুষ্ঠানত পৰিলক্ষিত হয়। বিয়াৰ পাছত কইনাই দৰাৰ ঘৰত বাস কৰে আৰু সতি সন্ততিয়ে দেউতাকৰ উপাধি গ্ৰহণ কৰে। অৱশ্যে অন্য জনজাতীয় সমাজত প্ৰচলিত নথকা সগোত্ৰীয় বিবাহ বড়োৰ মাজত প্ৰচলন আছে।

বড়োসকলে সমাজ পাতি বাস কৰে। তেওঁলোকে পৰম্পৰাগতভাৱে পাঁচোটা সমাজ বান্ধোনেৰে, অৰ্থাৎ অগৰবাদ, ফংছথবাদ, দাওখিবাদ, খাওঁয়ালিবাদ আৰু খৌলৌবৌদবাদ এই 'আচাৰবা'ৰে সমাজ পৰিচালনা কৰে। [2]

জীৱন-নিৰ্বাহৰ প্ৰণালী[সম্পাদনা কৰক]

বড়োসকলৰ মাজত চাংঘৰ, ঝুমখেতি আদিৰ প্ৰচলন নাই। তেওঁলোকে ঘৰ-বাৰী মুকলিমূৰীয়াকৈ সোঁমাজত এখন চোতাল ৰাখি চাৰিওফালে সাজে। চোতালখনৰ উত্তৰ-পূৱ চুকত সিজু গছ এজুপি ৰুই তাত পাঁচোটা বাঁহৰ টাটী-চকোৱাৰে ঘেৰি 'বাথৌশালী' প্ৰতিষ্ঠা কৰা থাকে। আদৰ্শ বড়ো বৰঘৰৰ (নেমানো) কুঠৰি তিনিটা: ইছিং, ওখং আৰু খফ্ৰা।

বড়ো তিৰোতাসকলৰ প্ৰত্যেকেই একোগৰাকী পাকৈত দাৱনী, ৰোৱনী, মাছুৱৈ আৰু ৰান্ধনী। এড়ী পালন আৰু এড়ী সূতা কটাতো বড়ো নাৰী অতিশয় সুদক্ষ। কাপোৰ বব নজনা 'আলুৰি' ছোৱালী বিয়াৰ বজাৰত মূল্যহীন। তেওঁলোক ভাল শিপিণী আৰু নাচনীও।

বড়োসকল প্ৰধানতঃ কৃষিজীৱী। বড়োসকলকে দোং খান্দি পথাৰত আলি বান্ধি কৰা শালিখেতিৰ প্ৰৱৰ্তক বুলি কোৱা হয়। কৃষিৰ লগত জড়িত নানান ধৰণৰ লোকাচাৰ, যেনে: ন-আগ অনা, ন-গছা দিয়া, ন-ভাত খোৱা, কাতি গাছআ ছাওনায় (কঙালী বিহুত ঔখোলেৰে পথাৰত বন্তি জ্বলোৱা), শইচ চপোৱা আৰু মাঘবিহুত বেলাগুৰ (মেজি)খোৱা, ব'হাগ বিহুত গৰুক গা ধুওৱা আদিৰ উদ্ভাৱক এওঁলোকেই বুলি পণ্ডিতসকলৰ ধাৰণা। [2]

খাদ্যাভাষ[সম্পাদনা কৰক]

ৰন্ধন কলাতো বড়োসকল অতি নিপুণ। এওঁলোকৰ প্ৰধান খাদ্য হ'ল ভাত। পচলা, ঢেঁকীয়া, কচুথোৰ, লফা, বাঁহগাজ, খৰিচা আদি ব্যঞ্জন মংগোলীয় সংস্কৃতিৰ দান। শুকান মাছ (নাফাম), শুকান মাংস, শোকোতা আদি তেওঁলোকৰ উদ্ভাৱন। জুমায়, জৌফিথিখা আদি বিভিন্ন প্ৰকাৰৰ লাওপানী, কোমল চাউল, ভাপপিঠা, চুঙাপিঠা, টোপোলা পিঠা, খাৰলি-কাঁহুদি আদি ৰুচিকৰ খাদ্য প্ৰস্তুত কৰাত তেওঁলোক সিদ্ধহস্ত। <refname="skb"/>

সাজপাৰ[সম্পাদনা কৰক]

বড়ো তিৰোতাই বুকুত দখনা (মেঠনি) মাৰি বা মেখেলা-চাদৰ পিন্ধি, গাত ফাছ্‌ৰা লৈ ঘিলাখোপা বান্ধি, খোপাত একোটাকৈ কাকৈ গুজি লৈ সাজি-কাচি ভাল পায়। তেওঁলোকৰ মাজত প্ৰিয়জনৰ লগত ঘৰ সংসাৰ কৰিব নোৱাৰাৰ দুখত দিয়া 'হাংমা-হাংছানি ফালি' নামৰ ৰুমালৰ ব্যৱহাৰ অতিশয় চিত্তাকৰ্ষক। আনহাতে বড়ো পুৰুষৰ সাজ-পাৰ অতি সাধাৰণ বিধৰ। কঁকালত আঁঠুূুমূৰীয়া বা আঁঠুচেৰা ফখৰা-চিতৰা গাম্‌চা (চুৰিয়া), গাত গছ্‌লা (চোলা) আৰি ডিঙিত ফুলাম ফালি (আৰ'নাই)-এই তিনিবিধেই বড়ো পুৰুষৰ উমৈহতীয়া সাজপাৰ। [2]

সামাজিক আচাৰ-অনুষ্ঠান[সম্পাদনা কৰক]

বড়োসকলৰ জন্ম, বিবাহ আৰু মৃত্যুৰ লগত জড়িত বিভিন্ন আচাৰ-অনুষ্ঠান আছে। তাৰ ভিতৰত সন্তানৰ নাই এঁৱাসূতাৰে বান্ধি বাঁহৰ চেঁচুৰে কটা, নাই কটাৰ পাছত শান্তি পানী ছটিয়াই প্ৰায়শ্চিত কৰা (জাতত তোলা),এবছৰৰ ভিতৰত ধাইক মান ধৰা, পাঁচ বছৰত মোমায়েকৰ দ্বাৰা চূড়াকৰণ কৰা পৰ্ব আদি উল্লেখযোগ্য। আদিম ধৰ্মী বড়োসকলে 'হাথাছুনি' প্ৰথাৰে আৰু ব্ৰহ্ম ধৰমীয় বড়োসকলে হিন্দুৰ বৈদিক প্ৰথাৰে (বড়ো ভাষাৰ মন্ত্ৰৰে) বিয়া বাৰু কৰে।

বড়ো সমাজত প্ৰচলিত বিয়া ছয় প্ৰকাৰৰ:

  1. হাবা গৌলাও (চাই মেলি কৰা)
  2. থাৰছননায় (ঘৰ সোমোৱা)
  3. গৌৰজিয়া লাখিনায় (ঘৰ জোঁৱাই ৰখা)
  4. দংখা হাবনায় (ঢোকা ৰখা)
  5. বৌনানৈ হাৱা খালামনায় (জোৰ পূৰ্বক হৰণ)
  6. দৌনখাৰ লাংনায় (পলুৱাই নিয়া)

বড়োৰ হাথাছুনি প্ৰথা ৰাইজে স্বামী-স্ত্ৰী হিচাপে স্বীকৃতি দিয়া পৰ্ববিশেষ। সকলো প্ৰকাৰৰ বিয়াতে ভোজন পৰ্বৰ সময়ত এই নিয়ম পালন কৰিবলগীয়া হয়। বড়োৰ বিয়াৰ বাবে দুগৰাকী বৈৰাথী (ব্ৰতী) আৰু দুগৰাকী আয়থা (আয়তী) আৰু এজন বা দুজন বাৰ-লাম্‌ফা (ভাৰী) অতি আৱশ্যক। বিয়াৰ জোৰণ দিয়া, অভ্যাগতক মান ধৰা,নানা ধৰণৰ মাংগলিক কাৰ্যত সহায় কৰা আৰু নৃত্য-গীতৰ মাজেদি গোটেই অনুষ্ঠানটোকে সতেজ কৰি ৰখাত এওঁলোকৰ ভূমিকা আছে। বাৰ-লাম্‌ফাই বোকোচাত মাটিৰ চপৰা বান্ধি নাচি নাচি দৰাক আগবঢ়াই নিয়া দৃশ্য অতি অপূৰ্ব আৰু তাৎপৰ্যপূৰ্ণ। বড়োসকলৰ মাজত মৃত্যুৰ লগত জড়িত বিভিন্ন লোকাচাৰ আৰু লোকবিশ্বাস আছে। মৰাশ সৎকাৰ কৰাৰ পাছত শৱযাত্ৰীক গোবৰ-পানীৰে শুচি কৰা আৰু শোকোতা চোবাই মৃতকৰ সৈতে সকলো পাৰ্থিৱ সম্বন্ধ ছেদ কৰাৰ বিধান আছে। মৃত্যুৰ দহ দিনৰ দিনাখন 'দহা গাৰ্‌নায়' (দহা পেলোৱা) পৰ্ব আৰু বাৰ দিনত শ্ৰাদ্ধ পাতে। [2]

লোকবিশ্বাস[সম্পাদনা কৰক]

বড়োসকলৰ মাজত তন্ত্ৰ-মন্ত্ৰ, ভেল্কি বাজি, ডাকিনী-যোগিনী (ডায়না), বীৰা-ভূত-প্ৰেতৰ বিশ্বাস অতি প্ৰৱল। আনকি মন্ত্ৰৰ দ্বাৰা ভালুকৰ সৈতে সখী পতা, বীৰা পোহা আৰু মেলি দিয়া আদি কাৰ্যও কৰিব পাৰে বুলি এওঁলোকৰ মাজত বিশ্বাস প্ৰচলিত; কিন্তু আজিকালি এনে অন্ধবিস্বাশ নাইয়ে বুলিব পাৰি। বড়োসকলৰ মাজত প্ৰচলিত ছুথি দায়নায় (নজৰ কাটা), খুগা দায়নায় (মুখ ভঙা), সময় (শপত খোৱা),শপত মোচন, বধ শপত দিয়া, বৰ লোৱা প্ৰথাত কিছু স্বকীয়তা থাকিলেও অন্যান্য সমাজৰ সৈতে প্ৰায় একেই। [2]

লোকগীত-নৃত্য আৰু লোকসাহিত্য[সম্পাদনা কৰক]

খাম-ছিফুং-জথা-ছেৰজা এই চাৰিবিধ লোকবাদ্য বিভিন্ন উৎসৱত অপৰিহাৰ্য। বাগুৰুম্বা, বৈছাগু মৈছানায় আদি বসন্তকালীন মন উৰিঙা কৰা নৃত্য-গীতৰ লগতে জাৰআফাগ্লা, থেন্থামালি, খফ্ৰিমৌছানায় (জাপি নৃত্য), ৰৌনচণ্ডী আদি ধৰ্মীয় নৃত্য-গীত আৰু দাওহা (যুদ্ধ),না (মাছমৰা)আদি বিভিন্ন শ্ৰমবিষয়ক নৃত্য-গীত বড়ো সমাজত বিদ্যমান। ৰাওনা-ৰাওনী, ছন্দ্ৰমালি-খৌথিয়া বুদাং, আছাগি বৈছাগি, জাৰা ফাগ্লা আদি সাধুকথা;কছিৰাম-জৌহৌলাও, জাওলিয়াছৌন দেওৱান আদি কাহিনী গীত আৰু হাবা মেথায় (বিহু গীত) আদি নানা প্ৰকাৰৰ লোকগীত, মন্ত্ৰ-স্তোত্ৰ, ফঁকৰা-যোজনা, প্ৰৱচন ইত্যাদিৰে এওঁলোকৰ লোকসাহিত্য উভৈনদী। [2]

উৎসৱ[সম্পাদনা কৰক]

খেৰাই

অসমৰ অন্যান্য জনগোষ্ঠীৰ দৰে বড়ো সকলেও প্ৰজনন আৰু উৰ্বৰাৰ প্ৰতীকৰূপত খেৰাই উৎসৱ পালন কৰে৷ এই খেৰাই উৎসৱ বহাগ বিহুৰ দৰে বসন্তকালীন উৎসৱ৷ এই উৎসৱৰ লগত জড়িত খেৰাই নৃত্য এক ঋতুধৰ্মী নৃত্য৷ সিজু গছক বাথৌ দেৱতা হিচাপে গণ্য কৰি বড়োসকলে পৰম্পৰাগতভাৱে এই পূজা পাতে৷ খেৰাইৰ বুৎপত্তিগত অৰ্থ এচাম পণ্ডিতে এইদৰে দিছে, খেৰাই হ’ল খাৰ+আই, অৰ্থাৎ খাৰ মানে হ’ল দৌৰা বা গতি কৰা আৰু আই মানে গোঁসানী ৷ আইমাতৃক সন্তুষ্ট কৰিবৰ বাবে কৰা নৃত্যই হ’ল খেৰাই নৃত্য ৷ কোনো কোনোৰ মতে খ-ৰ অৰ্থ হ’ল আঠু কঢ়া , ৰা-মানে সম্বোধন কৰা আৰু ই-ৰ অৰ্থ হ’ল ঈশ্বৰৰ উদ্দেশ্যে কৰা নৃত্য ৷ বাথৌ দেৱতাৰ সমুখত বিভিন্ন উপাচাৰ, বলিৰ জীৱ-জন্তু, পশু-পক্ষী থৈ দেওধনীয়ে পূবফালে মুখ কৰি গমাৰি কাঠৰ পীৰাত বহে ৷ ওজাই পিছত বহি আঠুলৈ মন্ত্ৰ মাতে৷ ওজাৰ পিছত বুঢ়া-মেথাসকল বহে ৷ দেউৰীয়ে দেওধনীৰ বাওপিনে কিছু আঁতৰত বহে ৷ সেইসময়তে খেৰাই নৃত্য চলি থাকে ৷ পূজা শেষ হৈ যোৱাৰ পিছতো নৃত্য চলি থাকে৷ খাম, চিফুং, ৰিঙি, ৰামতাল, ওৱা, খোৱাং, বংগনা আদি এই নৃত্যত ব্যৱহাৰ হোৱা বাদ্যযন্ত্ৰ৷[3]

বড়োসকলে বছৰেকত সমজুৱাকৈ এবাৰ গাৰ্‌জা, এবাৰ খেৰাই (বাথৌ) আৰু সময় সুবিধা অনুযায়ী ব্যাক্তিগত্ভাৱে মায়নাওব্ৰী (লক্ষ্মী), বুৰ্ল্লিব্ৰী (কামাখ্যা), মাৰাই (মনসা)ৰ উদ্দেশ্যে বিশেষ ৰীতি-নীতি আৰু বলি-বাহনেৰে পূজা দিয়ে। খেৰাই উৎসৱ অতি জাক-জমকতাৰে উদ্‌যাপন কৰে। আমথিচুৱা (অম্বুবাচী), কাতিগাছা (কাতিবিহু), দোমাছি (ভোগালী বিহু), ফুছ্‌লহাবা (পুতলী বিয়া), বৈছাগু বা বাইছাগু (ব'হাগ বিহু) আদিৰো বড়ো সমাজত প্ৰচলন আছে।

উৎসৱ-পাৰ্বণত পুৰুষৰ লগতে বড়ো চিখ্‌লা (গাভৰু), আয়থা (আয়তী), বৈৰাথী (নামতী) আৰু বয়োবৃদ্ধা লোকৰ বিশেষ ভূমিকা আছে। খেৰাই পূজাৰ দৈদিনী (দেওধানী) আৰু বাগৰুম্বা আদি নৃত্য-গীত নাৰীকেন্দ্ৰিক। [2]

লগতে পঢ়ক[সম্পাদনা কৰক]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. [Not available online. Available only in CD. "Census of India - Socio-cultural aspects, Table ST-14"]. Government of India, Ministry of Home Affairs. Not available online. Available only in CD.. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 2.6 অসম অভিধান, শান্তনু কৌশিক বৰুৱা, বনলতা,২০০১,পৃষ্ঠা-১৪৪-১৪৬ (১)
  3. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ৯৮)