মটক জনগোষ্ঠী
মটক হৈছে অসমৰ এটা ঐতিহাসিক সামাজিক-ধাৰ্মিক আৰু ৰাজনৈতিক জনগোষ্ঠী, যাৰ বিকাশ মায়ামৰা সত্ৰ আৰু ইয়াৰ শিষ্যসমাজৰ সৈতে ঘনিষ্ঠভাৱে জড়িত।[1] মটকসকল ঐতিহাসিকভাৱে মৰাণ, চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত, কলিতা, ব্ৰাহ্মণ, কায়স্থ আৰু বিভিন্ন বৃত্তিজীৱী গোটৰ মায়ামৰা শিষ্যসকলক লৈ এই বৃহত্তৰ সমাজখন গঢ় লৈছিল।[2] মৰাণসকল মায়ামৰা সত্ৰৰ আটাইতকৈ পুৰণি আৰু সংখ্যাগৰিষ্ঠ শিষ্যগোটসমূহৰ অন্যতম আছিল। সেইবাবে বুৰঞ্জী আৰু ঔপনিৱেশিক যুগৰ কিছুমান লেখাত মৰাণ আৰু মটক শব্দ দুটা সমাৰ্থকভাৱেও ব্যৱহাৰ কৰা হৈছিল। পৰৱৰ্তী সময়ত মায়ামৰা ধৰ্ম গ্ৰহণ কৰা আন জনগোষ্ঠীসমূহলৈও মটক পৰিচয়টো সম্প্ৰসাৰিত হয়।[2]
মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মটক নামটোৱে এক বৃহত্তৰ ৰাজনৈতিক অৰ্থ লাভ কৰে। ১৮০৫ চনত বেংমৰাক কেন্দ্ৰ কৰি স্বায়ত্তশাসিত মটক ৰাজ্য স্বীকৃত হোৱাৰ পিছত নামটো ধৰ্মীয় পৰিচয়ৰ লগতে ৰাজনৈতিক আৰু আঞ্চলিক পৰিচয় হিচাপেও ব্যৱহৃত হ'বলৈ ধৰে।[3]
কিছু লোকে মটক জনগোষ্ঠীটোক টাই মূলীয় বুলি ক'ব খোজে।[4] এই সকলে দাবী কৰা মতে মটক সকল আহোম জনগোষ্ঠীতকৈ বহু আগৰ পৰাই ব্ৰহ্মপুত্ৰ উপত্যকাত বাস কৰি অহা টাই লোক।[5] কিন্তু বুৰঞ্জী সমূহত স্পষ্টকৈ উল্লেখ আছে যে চুকাফাই লগ পোৱা "মটক" সকল প্ৰকৃততে মৰাণ জনগোষ্ঠীৰ লোক আছিল।[6][7]
নাম আৰু পৰিচয়ৰ বিকাশ
[সম্পাদনা কৰক]মটক শব্দৰ উৎপত্তি সম্পৰ্কে বিভিন্ন ব্যাখ্যা প্ৰচলিত আছে, কিন্তু ইয়াৰ কোনো এটাকে সমকালীন প্ৰমাণৰ দ্বাৰা নিশ্চিত কৰা হোৱা নাই। মত-এক, টাই ভাষাৰ মা-তক অথবা আন শব্দৰ পৰা নামটো ওলোৱা বুলি বিভিন্ন লেখকে মত প্ৰকাশ কৰিছে। ইতিহাসবিদ শ্ৰীষ্টিধৰ দত্তই এই ব্যুৎপত্তিসমূহক অনিশ্চিত বুলি গণ্য কৰিছে আৰু নামটোৰ প্ৰাচীন ব্যৱহাৰ সম্পৰ্কে বুৰঞ্জীসমূহৰ মাজত অসংগতি দেখুৱাইছে।[8]
বুৰঞ্জীত মৰাণ আৰু মটক
[সম্পাদনা কৰক]বিভিন্ন বুৰঞ্জীত মৰাণ, মটক আৰু মোৱামৰীয়া শব্দৰ ব্যৱহাৰ একে নহয়। দেওধাই অসম বুৰঞ্জীত মূলতঃ মৰাণ শব্দ ব্যৱহৃত হৈছে; সাতসৰী অসম বুৰঞ্জীৰ কিছুমান বিৱৰণত মৰাণ আৰু মটক শব্দ দুটা একেটা জনগোষ্ঠীৰ বাবে ব্যৱহাৰ কৰা হৈছে। তুংখুঙীয়া বুৰঞ্জীত সাধাৰণতে মৰাণ আৰু মোৱামৰীয়া শব্দ ব্যৱহৃত হোৱাৰ বিপৰীতে মটক শব্দ অতি সীমিতভাৱে দেখা যায়। কিছুমান পৰৱৰ্তী অসমীয়া বুৰঞ্জীত আহোম চৰকাৰৰ বিৰুদ্ধে বিদ্ৰোহ কৰা মায়ামৰা শিষ্যসকলক সামূহিকভাৱে মটক বুলি উল্লেখ কৰা হৈছে।[8]
চুকাফাৰ সময়ৰ ঘটনাৰ বৰ্ণনাত কিছুমান বুৰঞ্জীয়ে মটক শব্দ ব্যৱহাৰ কৰিলেও সমান্তৰাল বিৱৰণসমূহে সেই লোকসকলক মৰাণ বুলি চিনাক্ত কৰে।[8] শ্ৰীষ্টিধৰ দত্তই উল্লেখ কৰিছে যে কাশীনাথ তামুলী ফুকন আৰু হৰকান্ত শৰ্মা বৰুৱাৰ বুৰঞ্জীত চুকাফাৰ সৈতে সম্পৰ্কিত মটকসকলক মৰাণ বুলি চিনাক্ত কৰা হৈছে।[6] সেয়েহে এই ব্যৱহাৰক ১৩ শতিকাৰ এটা পৃথক মটক জনগোষ্ঠীৰ সমকালীন প্ৰমাণ বুলি গণ্য কৰাৰ সলনি মৰাণসকলৰ বাবে ব্যৱহৃত পৰৱৰ্তী মটক পৰিচয়ৰ অতীতমুখী প্ৰয়োগ বুলি হে বুজিব পাৰি।[8]
আধুনিক টাই-মূলৰ দাবী
[সম্পাদনা কৰক]সাম্প্ৰতিক কালত মটক পৰিচয়ক মায়ামৰা ধৰ্মৰ সৈতে জড়িত এক যৌগিক সমাজৰ পৰিৱৰ্তে এটা পৃথক প্ৰাচীন জনজাতীয় পৰিচয় হিচাপে প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা দেখা গৈছে। ৰাজনীতি-বিজ্ঞানী সুন গগৈৰ মতে, "সদৌ অসম মটক সন্মিলন" আৰু সংশ্লিষ্ট কিছুমান বুদ্ধিজীৱীয়ে মটকসকলৰ উৎপত্তি দক্ষিণ-পূব এছিয়াৰ সৈতে সংযোগ কৰি তেওঁলোকক আহোমসকলৰ আগতেই অসমলৈ অহা “প্ৰাচীন টাই” জনগোষ্ঠী হিচাপে উপস্থাপন কৰিবলৈ আৰম্ভ কৰিছে। গগৈৰ মতে, এই প্ৰচেষ্টাৰ উদ্দেশ্য মটকসকলক ধৰ্মীয়-যৌগিক সমাজৰ সলনি এটা পৃথক জনজাতীয় জনগোষ্ঠী হিচাপে প্ৰতিষ্ঠা কৰা। তেওঁ এই পুনৰ্ব্যাখ্যাক সমসাময়িক “ৰাজনৈতিক জনজাতিকৰণ”ৰ আকাংক্ষাৰ সৈতে সম্পৰ্কিত কৰিছে।[9] অৱশ্যে এই মত টোৰ সমৰ্থনত কোনো সমকালীন শিলালিপি, স্বতন্ত্ৰ বুৰঞ্জী-পাঠ বা প্ৰত্নতাত্ত্বিক প্ৰমাণ দাঙি ধৰা হোৱা নাই।
এই আধুনিক ব্যাখ্যাৰ এক উদাহৰণ হৈছে কৰবী বৰুৱা গগৈৰ এক লেখনী। তেওঁ এই লেখনীত মটক সকলক “টাই-মংগোলীয় মূলৰ এটা জাতিগত জনজাতি” বুলি বৰ্ণনা কৰি[10] বুৰঞ্জীত উল্লেখিত ফু-খাও নামৰ সৈতে তেওঁলোকৰ সম্পৰ্ক স্থাপন কৰিবলৈ চেষ্টা কৰিছে।[11] আনহাতে অসমীয়া ভাষাৰ বুৰঞ্জী সমূহত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে চুকাফাই লগ পোৱা "মটক" সকল প্ৰকৃততে মৰাণ জনগোষ্ঠীৰ লোক আছিল।[6][12] টাই ভাষাৰ "আহোম বুৰঞ্জী"ত উল্লেখ কৰা ফু-খাও গুৰিৰ লানমাখ্ৰু বংশটো অসমীয়া বুৰঞ্জী সমূহত মৰাণৰ বংশ বুলি উল্লেখ কৰিছে।[13][14] বুৰঞ্জী সমূহৰ আন এক বিবৰণৰ মতে চুকাফাই অসমত থাকিবলৈ লওতে নৰা ৰজাই অসমৰ ৰাজ্য, যেনে কছাৰী, মটক/মৰাণ, চুতীয়া, কমতা, বৰাহী, আৰু নগা বোৰৰ পৰা খুত তুলিবলৈ মানুহ কেইজনমান পঠিয়াইছিল; চুকাফাই তাৰে এজনক "মটক পাতৰ" বা "মৰাণ পাতৰ" নাম দিছিল।[15] গৱেষক ফিলিপ ৰামিৰেজৰ অনুসৰি "ফু-খাও-আন-খাও" শব্দটোৱে ১৮ শতিকাত মায়ামৰীয়া সমাজৰ বিদ্ৰোহী সকলক বুজাবলৈও ব্যৱহাৰ কৰা হৈছিল।[16]
শ্ৰীষ্টিধৰ দত্তই মটক পৰিচয়ক মায়ামৰা সত্ৰৰ বিভিন্ন জাতি আৰু জনগোষ্ঠীৰ শিষ্যক সামৰি লোৱা এক যৌগিক সমাজ হিচাপে ব্যাখ্যা কৰিছে। তেওঁৰ মতে, প্ৰথমে মৰাণসকলৰ সৈতে ঘনিষ্ঠভাৱে জড়িত মটক নামটো পৰৱৰ্তী সময়ত আন জনজাতীয় আৰু সামাজিক গোটসমূহলৈও সম্প্ৰসাৰিত হৈছিল।[17]
মায়ামৰা ধৰ্ম আৰু যৌগিক মটক সমাজ
[সম্পাদনা কৰক]অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰই বিভিন্ন জনজাতি, জাতি আৰু বৃত্তিজীৱী গোটৰ লোকক শৰণ দিছিল। মৰাণসকল এই সত্ৰৰ প্ৰথম আৰু প্ৰধান শিষ্যগোটসমূহৰ অন্যতম আছিল। পৰৱৰ্তী সময়ত চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত, কলিতা, ব্ৰাহ্মণ, কায়স্থ আৰু আন বহু গোটৰ লোকে মায়ামৰা ধৰ্ম গ্ৰহণ কৰে।[18]
মৰাণসকলৰ সংখ্যাগত আৰু সাংগঠনিক প্ৰাধান্যৰ ফলত প্ৰথম অৱস্থাত তেওঁলোককে প্ৰায়ে মটক বুলি কোৱা হৈছিল। কিন্তু মায়ামৰা সত্ৰৰ শিষ্যসমাজ বিস্তাৰ লাভ কৰাৰ লগে লগে মটক নামটো কেৱল মৰাণসকলৰ মাজতে সীমাবদ্ধ নাথাকি বিভিন্ন জনগোষ্ঠীৰ মায়ামৰা শিষ্যক সামৰি লোৱা বৃহত্তৰ পৰিচয়ত পৰিণত হয়।[18]
মোৱামৰীয়া বিদ্ৰোহ আৰু ৰাজনৈতিক পৰিচয়
[সম্পাদনা কৰক]অষ্টাদশ শতিকাৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মায়ামৰা সত্ৰৰ বিভিন্ন জনগোষ্ঠীৰ শিষ্যসকলে আহোম চৰকাৰৰ বিৰুদ্ধে একেলগে সংগঠিত হয়। এই সময়ছোৱাত মটক নামটো ধৰ্মীয় পৰিচয়ৰ লগতে বিদ্ৰোহীসকলৰ সামূহিক ৰাজনৈতিক পৰিচয় হিচাপেও ব্যৱহৃত হ'বলৈ ধৰে। মৰাণসকল বিদ্ৰোহৰ মূল শক্তিসমূহৰ অন্যতম আছিল যদিও বিদ্ৰোহত অংশগ্ৰহণ কৰা সকলো মটক মৰাণ নাছিল।[19]
১৮০৫ চনত আহোম চৰকাৰ আৰু সৰ্বানন্দ সিংহৰ মাজত হোৱা বন্দোবস্তৰ ফলত বেংমৰাক ৰাজধানী কৰি মটক ৰাজ্যই স্বায়ত্তশাসন লাভ কৰে। এই ৰাজ্য কোনো প্ৰাগৈতিহাসিক মটক ৰাজ্যৰ ধাৰাবাহিকতা নাছিল; ই মোৱামৰীয়া বিদ্ৰোহৰ ৰাজনৈতিক পৰিণতি আছিল। ১৮৩৯ চনত ব্ৰিটিছ চৰকাৰে ৰাজ্যখন সংযুক্ত কৰে।[20]
আধুনিক পৰিচয়
[সম্পাদনা কৰক]ঔপনিৱেশিক আৰু উত্তৰ-ঔপনিৱেশিক যুগত মটক পৰিচয়ৰ ভিতৰত থকা বিভিন্ন গোটে নিজৰ পৃথক জাতিগত আৰু ৰাজনৈতিক সংগঠন গঢ়ি তোলে। বিশেষকৈ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধত বহু মৰাণে নিজকে বৃহত্তৰ মটক পৰিচয়ৰ ভিতৰৰ এটা শাখা হিচাপে নহয়, পৃথক জনজাতীয় জনগোষ্ঠী হিচাপে সংগঠিত কৰিবলৈ আৰম্ভ কৰে। তথাপিও মায়ামৰা ধৰ্ম, ঐতিহাসিক বিদ্ৰোহ আৰু মটক ৰাজ্যৰ স্মৃতিয়ে মৰাণ আৰু আন মটক গোটসমূহৰ মাজত এক উমৈহতীয়া ঐতিহাসিক সম্পৰ্ক বজাই ৰাখিছে।[উদ্ধৃতিৰ প্ৰয়োজন]
তথ্য উৎস
[সম্পাদনা কৰক]- ↑ "disciples of the Mayamara Satra, formed a greater community—the Matak community. ... their sectarian unity ... was later reinvigorated by a political purpose"(Dutta 1985)
- 1 2 Dutta, Sristidhar (1985). The Mataks and Their Kingdom: Castes and Tribes of Assam. প্ৰকাশক Allahabad: Chugh Publications. পৃষ্ঠা. 11-12. https://ignca.gov.in/Asi_data/72269.pdf. "The Moamarias were all disciples of one Satra ... but they belonged to separate tribes and communities, Morans, Chutiyas, Kacharis, Barahis, Ahoms, Kaivartas and Brittials; and many caste Hindus, Brahmans, Kayasthas and Kalitas were found among the Moamarias."
- ↑ (Dutta 1985:187-232)
- ↑ "...they are an ethnic tribe of Tai Mongolian origin," Gogoi, Karabi Baruah (2020-09). "Assamese Language and Ethno Dialect Variety as Spoken by the Matak Community of Assam" (en ভাষাত). International Journal of Creative Research Thoughts (IJCRT) খণ্ড 8 (9): 2773. ISSN 2320-2882. https://ijcrt.org/papers/IJCRT2009351.pdf। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ "...other Tai family were also connected with the Mataks." Gogoi, Karabi Baruah (November 2012) (en ভাষাত). Phukhao Chamba Matak. প্ৰকাশক Dibrugarh, Assam: Samprity Publication. পৃষ্ঠা. 39. ISBN 978-93-5174-339-2. https://www.researchgate.net/publication/321755073_Phukhao_Chamba_Matak। আহৰণ কৰা হৈছে: 2026-07-04.
- 1 2 3 "The chronicles, like those of Kasinath Tamuli Phukan and Harakanta Sarma Barua, have clearly mentioned that the Mataks referred to in connection with Sukapha's encounter with the local tribes, were the Morans."(Dutta 1985)
- ↑ Tamuli Phukan, Kasinath, "Assam Buranji",p.11, "আৰু পুৰ্বে ১১৬৪ শকত মটকৰ বদৌচা ৰজা ও বৰাহিৰ থাকুমথা ৰজা এই দুই ৰজাৰে মিত্ৰ কৰি মিলেৰে বস কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোৱা এনে ল'লে। এই মটককে মৰাণ বোলে।"
- 1 2 3 4 (Dutta 1985:4-20)
- ↑ Gogoi, Sun (2020). "Ethnicity and Its Political Management: The Case of Matak-Moran Binary in Assam". International Journal of Management খণ্ড 11 (2): 287–295. ISSN 0976-6510. https://iaeme.com/MasterAdmin/Journal_uploads/IJM/VOLUME_11_ISSUE_2/IJM_11_02_030.pdf। আহৰণ কৰা হৈছে: 1 August 2026. "The academic efforts of AAMS to appropriate the ethnographic history of the group is still obsessed with the objective to substantiate that the "Matak" is a 'tribe", and not a "religious community" as portrayed by the dominant discourse of history. The recent quest of the mouth-piece organizations among the group for tracing back Mataks' ethnic origin to the South-East Asia is not without political significance, as it is aimed at establishing conformity of the group with the Tai-speaking people of Assam. AAMS and some intellectuals today introduce the group as the "Ancient Tai" people of Assam, who had migrated to the region even before the Tai-Ahoms. These assertions reflect the aspiration of the group for "political tribalization" similar to that of the several other non-tribal ethnic groups of Assam.".
- ↑ "...they are an ethnic tribe of Tai Mongolian origin," Gogoi, Karabi Baruah (2020-09). "Assamese Language and Ethno Dialect Variety as Spoken by the Matak Community of Assam" (en ভাষাত). International Journal of Creative Research Thoughts (IJCRT) খণ্ড 8 (9): 2773. ISSN 2320-2882. https://ijcrt.org/papers/IJCRT2009351.pdf। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ "...'Phu' - means "Esteemed Person" or "Owner" and "Khao" means 'white..." Gogoi, Karabi Baruah (2020-09). "Assamese Language and Ethno Dialect Variety as Spoken by the Matak Community of Assam" (en ভাষাত). International Journal of Creative Research Thoughts (IJCRT) খণ্ড 8 (9). ISSN 2320-2882. https://ijcrt.org/papers/IJCRT2009351.pdf। আহৰণ কৰা হৈছে: 2026-07-04.
- ↑ Tamuli Phukan, Kasinath, "Assam Buranji",p.11, "আৰু পুৰ্বে ১১৬৪ শকত মটকৰ বদৌচা ৰজা ও বৰাহিৰ থাকুমথা ৰজা এই দুই ৰজাৰে মিত্ৰ কৰি মিলেৰে বস কৰি, পৰে ১১৭৩ সঁকত মটকক খৰিভাৰি বাৰিচোৱা এনে ল'লে। এই মটককে মৰাণ বোলে।"
- ↑ Saikia, Yasmin (1997). In the Meadows of Gold: Telling Tales of the Swargadeos at the Crossroads of Assam. প্ৰকাশক Guwahati: Spectrum Publications. পৃষ্ঠা. 91. ISBN 81-85319-61-8.
- ↑ Medhi, Birinchi; Zaman, Aref (2013). "The Morans of Assam, India: Struggle for Survival". IUAES2013 World Congress. প্ৰকাশক Manchester. https://nomadit.co.uk/conference/iuaes2013/paper/14106.
- ↑ Goswami, Hemchandra, "Purani Assam Buranji", p.25,"আৰু পুৰ্বে নড়া ৰজাই চুতীয়া, কছাৰী, মৰাণ, নগা, বৰাহী কমতেশ্বৰ এই বোৰৰ খুত তুলিছিল। পাচে ইয়াৰে খুত তুলিবলৈ তিনিটা মানুহ পঠাই দিলে। কমতেশ্বৰ লৈকে বৰাহীলৈকে এটা, চুতীয়া লৈকে মৰাণ লৈকে এটা, কছাৰী লৈকে নগা লৈকে এটা। পাচে বিমুন নামেৰে এইটো আহি কছাৰী নগাৰ খুত তুলি চুকাফা মহাৰজাৰ লগ ললেহি। পাচে ৰাজা বেথাকৈ তাৰ নাম দিলে বিমুন পাতৰ, এতিয়াও নড়াৰ পৰা অহা এই ঘৰকেহে বোলে মৰাণ পাতৰ।"
- ↑ Ramirez, Philippe (2022). "De la secte à la tribu: les Moran et Matak du Haut-Assam". Moussons খণ্ড 40. https://journals.openedition.org/moussons/9908. "But in the narrative of the Mayamara Revolt, a generic term will prevail to refer to the rebels: not mayamara, used for the leaders of the sect, but phū khau an kao.".
- ↑ "The word ‘Matak’ was no longer confined to the Moran people alone, but was extended to include the other tribal members as well."(Dutta 1985)
- 1 2 (Dutta 1985:20-43)
- ↑ (Dutta 1985:24-125)
- ↑ (Dutta 1985:187-232)