মায়ামৰা সম্প্ৰদায়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক

মায়ামৰা বা মোৱামৰীয়া (ইংৰাজী: Moamariya) সম্প্ৰদায় হৈছে অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা ঐতিহাসিক মায়ামৰা সত্ৰৰ শিষ্যসকল। এওঁলোক বিভিন্ন জাতি-প্ৰজাতিৰ যেনে মৰাণ, চুতীয়া, কছাৰী, আহোম, কৈৱৰ্ত্ত আদি।[1][2] এই শিষ্যসকল অসমৰ বিভিন্ন ঠাইত বিস্তৃত হৈ আছিল। মোৱামৰীয়া শিষ্যসকলৰ ভিতৰত সংখ্যাগৰিষ্ঠ আছিল মৰাণসকল। বৰ্তমান মায়ামৰা নামেৰে কেৱল মটক আৰু মৰাণসকলকে বুজোৱা হয়। আহোম ৰজাৰ বিৰুদ্ধে একত্ৰিত হৈ মোৱামৰীয়া বিদ্ৰোহৰ সূচনা কৰাৰ পৰা এওঁলোক এইনামেৰে জনজাত হৈ পৰে।[3]

নামৰ উৎস[সম্পাদনা কৰক]

কথিত আছে যে মোৱামৰীয়া বা মায়ামৰা শব্দটো উৎপত্তি হৈছিল মাজুলীৰ এখন বিলৰ পৰা। এই বিলৰ পাৰতে মায়ামৰা সম্প্ৰদায়ৰ গুৰু অনিৰুদ্ধদেৱে এখন সত্ৰ পাতিছিল। এই বিলত মোৱা মাছ উভৈনদী আছিল বাবে সত্ৰৰ শিষ্যসকলক মোৱামৰা বা মোৱামৰীয়া বুলি কোৱা হৈছিল।[3]

মায়ামৰা সত্ৰত অধিকাৰৰ মত অনুসৰি আকৌ প্ৰকৃততে মোৱামৰা ‘মায়ামৰা’ৰ অপভ্ৰংশহে। তেওঁলোকৰ মতে শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ এজন সাত্বিক সিদ্ধ পুৰুষ আছিল আৰু পৃথিৱীৰ কোনো মায়া-মোহে তেওঁক আকৃষ্ট কৰিবলৈ সক্ষম হোৱা নাছিল। এই শিক্ষাকে তেওঁ তেওঁৰ শিষ্যসকলকো দিছিল। মায়াৰ পৰা মুক্ত বাবেই তেওঁ প্ৰতিষ্ঠা কৰা সত্ৰক ‘মায়ামৰা’ আৰু তেওঁৰ শিষ্যসকলক ‘মোৱামৰীয়া’ বুলি অভিহিত কৰা হয়।[3]

অন্য এক কিংবদন্তী অনুসৰি আহোম ৰজা চুকামফা বা খোৰাৰজা (১৫৩৯-১৫৫১) ই এবাৰ অনিৰুদ্ধদেৱক ৰাজসভালৈ নিমন্ত্ৰণ কৰিছিল। ৰাজসভাত ৰজাই এটা কলহৰ ভিতৰত এখন গামোচা ৰাখি তাৰ ভিতৰত কি আছে বুলি প্ৰশ্ন কৰাত অনিৰুদ্ধদেৱে কাল সৰ্প আছে বুলি উত্তৰ দিলে। এই কথা শুনি সকলোৱে হাঁহিবলৈ ধৰাত অনিৰুদ্ধদেৱে কলহৰ মুখ খুলি চাবলৈ কয়। মুখ খোলাত সঁচাকৈয়ে কিচকিচিয়া কলা এডাল সাপে ফঁণামেলি বাহিৰলৈ ওলাই আহিল। ৰজা আৰু সভাসদ সকলে তাকে দেখি ভয় খোৱাত অনিৰুদ্ধদেৱে কলহত হাত দি কালসৰ্প নোহোৱা কৰে। এই ঘটনাৰ পিছৰ পৰা তেওঁক মায়া মাৰিব পৰা মায়ামৰা গুৰু হিচাপে স্বীকৃতি দিয়া হয় আৰু তেওঁৰ শিষ্যসকলক মায়ামৰা বুলি অভিহিত কৰা হয়।[3]

বিভাগ[সম্পাদনা কৰক]

মায়ামৰা সমাজ বহুতো খেলত বিভক্ত। একে খেলৰ মাজত বিবাহ নিষিদ্ধ। এনে খেলৰ উদাহৰণ হ’ল- দহোতীয়া, টেঙাপনীয়া, নামচিঙিয়া, হাতীমূৰীয়া, তেলেপীয়া, নাওশলীয়া, বাহগৰীয়া, দাইচলীয়া চুতীয়া, লফাই-চুতীয়া, হিন্দু-চুতীয়া, বাৰীচোৱা, দেউৰী-চুতীয়া, ৰংচলীয়, বৰমেলেঙীয়া, সৰু-মেলেঙীয়া, মাজু-মেলেঙীয়া, ঘৰসেৰীয়া, শনিপতিয়া, পানীখোৱা, শগুণমৰীয়া ফেনীয়া, বাৰীঘৰীয়া, এঠাঘৰীয়া, বহতীয়া, চমুৱা, ডাউকী, খআৰখৰীয়া, ৰাইডঙীয়া, কাড়ীচেতিয়া, কপৌ-চেতিয়া, গৰীয়া, বুৰুক-চুতীয়া, শালিকী-চেতিয়া, দাই-চলীয়া, শিলিখা-ঘটীয়া, ৰংযুগনীয়া, দিহিঙীয়া, নাওশলীয়া, বাহগৰীয়া, কছাৰী-গঞাঁ, চকৰী-গঞাঁ, মুদৈ-গঞাঁ, আহোম-বুঢ়া-গঞাঁ,টেকেলী -গঞাঁ, জেঙনী-গঞাঁ,মাজুলী-গঞাঁ,চাচনী-গঞাঁ,গোৱাল-গঞাঁ,ছিছা-গঞাঁ,গোবৰ-গঞাঁ, হালধি-গঞাঁ,কপৌ-গঞাঁ, গোসাঁই-গঞাঁ, ডাইনী-গঞাঁ, হলৌ-খোৱা, কুকুৰ-খোৱা, জাই-কুকুৰখোৱা, মানখোৱা, মানুহখোৱা বাহগঞাঁ, কোমোৰা-গঞাঁ, ধেকেৰীগঞাঁ, খাটোৱাল, শ্ৰেণীয়া-খাটোৱাল, তুহভাৰী-খাটোৱাল, নালেকুৱা-খাটোৱাল, মৌপিয়া-খাটোৱাল, ডিমৰুগুটীয়া-খাটোৱাল, টকৌবাৰী-খাটোৱাল, চহিলা, নেওগ, থিয়যোগী, বৰগোহাঁই চাউৰক, ডেকামৰাণ, ঘৰবন্দীঘৰ, জাঠিধৰা, ধনুসজা, কোঁচ, ধুন্দ, খনিকৰ, মিৰি, সৰু ঘৰবন্দী, হালবন্দী, বিচাধৰা, অগ্নিঘৰৰ খেল, গোৱালী তিঙিৰি, ফেনিয়া, গিৰিকা বৰা, বেতমেল, চিংফৌ, চসমতী, দেওধাই, চীলাঘৰ, দোলাৰখীয়া খেল, শেনছোৱা বৰুৱা, সৌকাধৰা-চাওদাং, পুৰণি মাউত, গাহৰি-পুহিয়া, ভড়াল-তলীয়া, লাহন, গোবৰ-কছাৰী, ফুকনৰ খেল, বৰফুকনৰ খেল, লেছাৰী খেল, শেনছুৱা ফুকনৰ খেল, গৰীয়া,, দুলিয়া, চমাৰু, বেঙেনা ধৰা, ডিব্ৰুৱাল, বৈৰাগী-বুঢ়াৰ পৰিয়াল, সূৰ্য্যবংশী, হাইমৰা-দাইশাল, আৰনধৰা, আহোমবুঢ়া ইত্যাদি।[3]

পৰম্পৰাগত সাজপাৰ[সম্পাদনা কৰক]

মায়ামৰ সকলৰ পৰম্পৰাগত সাজপাৰ হৈছে চুৰীয়া আৰু ৰঙা শাৰীৰ বগা গামোচা। মহিলাই মূৰত এখন গামোচা আৰু মেখেলা পাৰকানী পৰিধান কৰে।[3]

উৎসৱ[সম্পাদনা কৰক]

মায়ামৰা সম্প্ৰদায়ৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উৎসৱ হৈছে ব’হাগ বিহু। তদুপৰি ভোজনী খুউৱা বা লখিমী সবাহ, আইমতা সকাম, বুঢ়ী মেথি কাম বা বিঘিণী বিয়পা সমাজ আদি পৰম্পৰাগতভাৱে পালন কৰা হয়। ইয়াৰ বাহিৰেও মৰা মৃতকৰ কাম, দহা-কাজ, নৱজাতকৰ ক্ৰিয়া-কৰ্ম, বৰসবাহ, বংশাৱলী সভা আদি সামাজিক অনুষ্ঠান পাল নকৰা হয়।[3]

নৃত্য আৰু কলা[সম্পাদনা কৰক]

মায়ামৰা সম্প্ৰদায়ত নৃত্য-গীতক গায়ন বায়ন বুলি কোৱা হয়। সাধাৰণতে সত্ৰ অনুসাৰে এই সম্প্ৰদায়ৰ লোকসকলৰ মাজত গায়ন-বায়নৰ ৰীতি পৃথক। এই সম্প্ৰদায়ৰ গায়ন-বায়নত মুঠ আঠখন তাল আৰু দুখন উপতাল প্ৰচলন হয় বুলি জনা যায়। ইয়াৰে তালসমূহ হৈছে- জৌতি, পৰিতাল, ৰূপগঞ্জল, ৰূপক, আঠতাল, চাৰিমানি আৰু বিষম তাল। উপতালদুখন হৈছে উলতা বিষম আৰু উলতা বৰবিষম। প্ৰতিখন তালৰ মাত্ৰা সুকীয়া।[3]

মোৱামৰীয়া বিদ্ৰোহ[সম্পাদনা কৰক]

আহোম ৰাজ্যত প্ৰচলিত পাইক প্ৰথা পৰিৱৰ্তিত সমাজ ব্যৱস্থা আৰু অৰ্থনীতিৰ লগত খাপ নোখোৱা হৈ আহিছিল। কেইবাখনো সত্ৰৰ উত্থানৰ হোৱাত পাইকৰ বাবে মানুহ কমি আহিছিল আৰু আহোম ৰজাঘৰীয়াৰ বাবে সমস্যাৰ সৃষ্টি হৈছিল। মায়ামৰা বা মোৱামৰীয়া সত্ৰই আন ৰাজসত্ৰসমূহৰ লগত প্ৰতিদ্বন্দ্বিতা কৰিছিল। আহোম ৰজাই এই কথা ভাল নাপাই মোৱামৰীয়াসকলৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰে। মোৱামৰীয়া বিদ্ৰোহ স্বৰ্গদেও লক্ষ্মী সিংহৰ দিনত আৰম্ভ হয় আৰু স্বৰ্গদেও কমলেশ্বৰ সিংহৰ দিনত শেষ হয়। ১৭৬৯ চনৰ পৰা ১৮০৫ চনলৈ ৩৬ বছৰ জুৰি এই বিদ্ৰোহ চলিছিল। পাছলৈ মোৱামৰীয়া নেতাসকলে আহোম ৰজাৰ লগত শান্তি চুক্তি স্বাক্ষৰ কৰে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. মাণিক চন্দ্ৰ গগৈ (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ১৮-২১. 
  2. ড॰ বীৰেন্দ্ৰ কুমাৰ গোঁহাই (এপ্ৰিল ২০১৫). "সমন্বয়". সমন্বয়, মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ ৪৬৩ সংখ্যক জন্মোৎসৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ নাহৰআটী থান পৰিচালনা সমিতিৰ ত্ৰি-বাৰ্ষিক অধিৱেশনৰ স্মৃতিগ্ৰন্থ: ৩-১০. 
  3. 3.0 3.1 3.2 3.3 3.4 3.5 3.6 3.7 ’মায়ামৰা বুৰঞ্জী’- শ্ৰী শ্ৰীকুমাৰ দহোতীয়া, প্ৰথম প্ৰকাশ ২০০১, শৰাইঘাট প্ৰিণ্টাৰ্ছ, গুৱাহাটী
  4. (Guha 1991:124–125)