গামোচা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এখন পূৰ্ণাঙ্গ ৰূপত গামোচা

গামোচা অসমীয়াৰ সমাজ জীৱনৰ অতি আদৰৰ বস্ত্ৰ।[1] সাধাৰণতে গামোচা চাৰিওফালে ৰঙা সূঁতাৰে (সেউজীয়া ৰঙো থাকে) পাৰি দি বোৱা এখন বগা দীঘলীয়া কাপোৰ। কপাহী সূঁতাৰে বিশেষভাৱে গামোচা তৈয়াৰ কৰা হয় যদিও পাট আদি সূঁতাৰেও ইয়াক তৈয়াৰ কৰা হয়। গামোচা অসমীয়াৰ বাহিৰেও বঙালী, বিহাৰী আৰু উৰিয়া মানুহেও ব্যৱহাৰ কৰে, অৱশ্যে অসমীয়া গামোচাৰ লগত তেওঁলোকৰ গামোচাৰ বহুখিনি পাৰ্থক্য আছে আনহাতে অসমীয়া মানুহে গামোচাখনক এক সাংস্কৃতিক তথা সন্মানৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰে কিন্তু আন ঠাইত ইয়াক অকল নিত্য ব্যৱহাৰ্য্য সামগ্ৰী হিচাপেই ব্যৱহাৰ হোৱা দেখা যায়। নামনি অসমত গামোচাক 'গাম্‌চা', 'মুক্‌চা' বা 'দুহেইটা' আদি নামেৰে জনা যায়।

অসমীয়া শিপিনীয়ে গামোচাত ফুল বাচি থকাৰ দৃশ্য।

নামৰ উৎস[সম্পাদনা কৰক]

“গা ধুই পানী টুকা কাপোৰ, এতেকে তামোল বন্ধা বা মূৰত মৰা সৰু কাপোৰ।” উক্তি:- হেমচন্দ্ৰ বৰুৱা[2]

গামোচাৰ নাম আৰু উৎপত্তি সম্পৰ্কে কোনো ঐতিহাসিক সমল পোৱা নাযায়। সাহিত্যিকভাৱে ইয়াৰ অৰ্থ হৈছে কোনো বস্ত্ৰৰে শৰীৰ মচা কাৰ্য। (গা-শৰীৰ + মচ্)। গতিকে অসমীয়া সংস্কৃতিত গা-মচা বস্ত্ৰখক গামোচা হিচাপে নামকৰণ কৰা হৈছে। এইটো নিশ্চিত যে ভাৰতৰ আন ঠাইৰ পৰা অসমলৈ গামোচা অহা নাছিল বা ভাৰতৰ আন ঠাইত গামোচাৰ ব্যৱহাৰ কৰা হোৱা নাছিল।

ইতিহাস[সম্পাদনা কৰক]

জাপি ৰখা হাতে বোৱা গামোচা

অসমৰ বিভিন্ন জনগোষ্ঠীয়ে নিজ নিজ গামোচা ব্যৱহাৰ কৰে। উদাহৰণস্বৰূপে কছাৰী আৰু কোচসকলৰ গামোচা হালধীয়া ৰঙৰ, তিৱা সকলৰ কমলা ৰঙৰ বা ৰাভাসকলৰ ৰঙা। বগা ৰঙৰ গামোচাখন উজনি অসমত সৃষ্টি হৈছিল[উদ্ধৃতিৰ প্ৰয়োজন] আৰু ইয়াৰ থলুৱা ভূমিপুত্ৰ চুতীয়া/বৰাহী, দেউৰী, মৰাণ, ইত্যাদি জনগোষ্ঠীৰ লোকে ব্যৱহাৰ কৰিছিল। এই গামোচাৰ ৰং বগা হোৱাৰ এটা বিশেষ কাৰণ আছে। প্ৰাচীন কালত উজনি অসমত জনজাতীয় তান্ত্ৰিক ধৰ্মৰ প্ৰচলন আছিল আৰু এই থান সমূহত দেউৰী পূজাৰীয়ে পূজা কৰিছিল। দেউৰী নীতি-নিয়ম অনুসৰি থানৰ ভিতৰত বগা ৰঙৰ বস্ত্ৰ সলনি আন ৰঙৰ বস্ত্ৰ পৰিধান কৰি সোমোৱা নিষেধ আছিল। লোক বিশ্বাস মতে দেৱীয়ে বগা বাহিৰে অন্য ৰঙৰ কাপোৰ সহ্য নকৰে। সেইবাবেই দেৱীক সন্তুষ্ট ৰাখিবলৈ গামোচাৰ লগতে মন্দিৰলৈ পিন্ধি যোৱা সাজপাৰো বগা ৰঙৰ হে আছিল। আজিও দেউৰী জনগোষ্ঠীৰ সমাজত এই নিয়ম কঠোৰ ভাবে পালন কৰা হয়। চাৰিশাল গোসানীৰ দেশ শদিয়াৰ লগত গামোচাৰ এক বিশেষ সম্পৰ্ক আছে। এই সম্পৰ্কৰ কথা বিহুগীতত শুনিবলৈ পোৱা যায়। শদিয়াৰ গামোচাৰ বিষয়ে বিহু নামত এনেদৰে উল্লেখ পোৱা যায়।

"গাত লৈ ফুৰালে বতাহে ফালিব।
মুঠিত লৈ ফুৰাহে ভাল।
এআগে বাছিলোঁ সেউতী মালতী
এআগে বাছিলোঁ ফুল।
এআগে বাছিলোঁ বাঘে ভালোকে।
বাটে মানুহ ধৰি খাই।
এআগে বাছিলোঁ চৰাই হালধীয়া
উৰি শদিয়ালৈ যায়। "

ইতিহাসবিদ ড॰ লীলা গগৈৰ মতে, আহোম সাম্ৰাজ্যৰ দিনতো অসমত গামোচাৰ প্ৰচলন আছিল। কিন্তু চুকাফাই অসমলৈ গোমোচা লৈ অহা ইতিহাস পঢ়িবলৈ পোৱা নাযায়। মহাপুৰুষ শংকৰদেৱৰ সময়তো গামোচাৰ প্ৰচলন হোৱাৰ কথা জনা যায়। আজিও নামঘৰৰ থাপনাত গামোচা ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায়। এডোৱাৰ্ড গেইটৰ 'A History Assam' গ্ৰন্থত উল্লেখ কৰা মতে ১৮ শতিকাত এখন গামোচাৰ মূল্য ৫ পইচা আছিল। ইয়াৰ দ্বাৰাই ঠাৱৰ কৰিব পৰা যায় যে অসমত কামৰূপ ৰাজ্যৰ দিনৰে পৰা গামোচাৰ প্ৰচলন হৈছিল।

ব্যৱহাৰ[সম্পাদনা কৰক]

তাঁতৰ ফুলৰ চানেকী
অসমৰ এখন বস্ত্ৰ বিপনীত গামোচা পৰিহিত এজন বিক্ৰেতা
তাঁতশালত এগৰাকী গাভৰু বোৱনী

অসমীয়া সমাজত বিভিন্ন ক্ষেত্ৰত গামোচাৰ ব্যৱহাৰ হোৱা দেখা যায়। এক কথাত অসমীয়া সমাজ-সংস্কৃতি, আচাৰ-নীতি সকলো ক্ষেত্ৰতে গামোচাৰ বিশেষ অৱদান আছে।[3]

  • গামোচাক দৈনিক কাৰ্যত গা-ধোঁৱাৰ পিছত শৰীৰ মোচিবৰ বাবে ব্যৱহাৰ কৰা হয়।
  • নামঘৰৰ থাপনাত কোনো শাস্ত্ৰ ঢাকি ৰাখিবৰ বাবে ইয়াক ব্যৱহাৰ কৰা হয়।
  • খেতিয়কে ইয়াক কঁকালত বন্ধা টাঙালি বা কঁকালত পিন্ধা কাপোৰ হিচাপে ব্যৱহাৰ কৰে।
  • নামঘৰত প্ৰাৰ্থনা কৰাৰ সময়ত ইয়াক ডিঙিত ওলোমাই ৰখা হয়।
  • কোনো সভাত বিশিষ্ট ব্যক্তিক সন্মান জনাবৰ বাবে গামোচাৰে সন্মান জনোৱা হয়।

প্ৰকাৰ[সম্পাদনা কৰক]

অসমীয়া সমাজত গামোচাৰ ব্যৱহাৰৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক:-

  1. পানী-গামোচা
  2. তামোল-গামোচা
  3. বিহুৱান আদি নামেৰে নামকৰণ কৰা হয়।

আনাকাটা[সম্পাদনা কৰক]

নামনি অসমত প্ৰচলিত গামোচাৰ আন এটা ৰূপ হ'ল আনাকাটা গামোচা। আনকাটা মানে হৈছে যিখন গামোচা কাটি উলিওৱা নহয়। অৰ্থাৎ তাঁতশালত বৈ উঠাৰ পিছত দুখন গামোচা পৃথক কৰিবলৈ কেচিঁ বা ব্লেড বা কটাৰি ব্যৱহাৰ নকৰি হাতেৰে সূতাবিলাক চিঙি নাইবা শিলত থেতেলিয়াই উলিওৱা গামোচা। ইয়াক সাধাৰণতে বিয়া আদিত ব্যৱহাৰ কৰা হয়।

সাংস্কৃতিক বিশেষত্ব[সম্পাদনা কৰক]

বিহুৱানত থকা ফুলৰ পাৰিৰ আৰ্হি
গামোচা আৰু জাপি

গামোচা আৰু বিহুৱান/বিচুবান দুয়োখন পৃথক বস্ত্ৰ। দুয়ো মুৰে ৰঙা আচুৰ থকা বস্ত্ৰখন হৈছে গামোচা আৰু এটা মুৰত ফুল থকাখন হৈছে বিচুৱান। আজিৰ‌ দিনত অবশ্যে বহুতে দুয়ো মুৰে ফুল থকা বিহুৱানো ব্যৱহাৰ কৰিবলৈ লৈছে। প্ৰকৃততে এই বিচুৱান বা ফুলাম গামোচাখন হে সন্মানৰ বস্ত্ৰ হয়। গামোচাখন সাধাৰণতে দৈনিক কামৰ কাৰণে ব্যৱহাৰ কৰা বস্ত্ৰ। বিহু, বিবাহ অনুষ্ঠান বা অন্যান্য যিকোনো সামাজিক অনুষ্ঠানত বিহুৱানক সন্মানৰ প্ৰতিক হিচাপে ব্যৱহাৰ কৰা হয়। অসমৰ সকলো শ্ৰেণীৰ জাতি-জনজাতিয়েই গামোচা ব্যৱহাৰ কৰে। অসমৰ বিহু উৎসৱৰ লগত গামোচাৰ বিশেষ সম্পৰ্ক আছে। বিহু নৃত্যৰ সময়ত যুৱকসকলে গামোচাক মুৰত মাৰি বিহু নৃত্যত অংশ গ্ৰহণ কৰে। বিচুৱানত থকা ফুল বোৰৰ বিশেষ মহত্ত্ব আছে। এই ফুল বোৰ প্ৰেম আৰু সন্মানৰ লগতে বসন্ত ঋতুৰ প্ৰতিক। ছোৱালীয়ে ভাল পোৱা ল'ৰাক বিহুৰ বতৰত বিচুৱানখন দি নিজৰ প্ৰেম প্ৰকাশ কৰে আৰু ল'ৰা বোৰে সেইখনকে মুৰত মাৰি ছোৱালীজনীক সন্মান কৰে। ইয়াৰোপৰি সৰুৱে ডাঙৰক সন্মান জনাবলৈ বা নামঘৰ/থানত সন্মানৰ প্ৰতীক হিচাপে বিচুৱানখনকে ৰখা হয়। আনহাতে বিবাহ অনুষ্ঠানতো সকলো ক্ষেত্ৰতে বিহুৱান উপহাৰ দিয়াৰ লগতে সন্মান জনোৱাৰ বাবেও গামোচা ব্যৱহাৰ কৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Boruah, J., & Chakrabarty, N. (2019). Gamosa, An Identity of the Assamese Community: Extent of Legal Recognition in India. Traditional Knowledge and Traditional Cultural Expressions: National and Community Perspectives,, Pg, 71-80.
  2. মৰমৰ দীঘ আৰু চেনেহৰ নাণি দি বোৱা বিহুৱানখন, লেখিকা: দীপশিখা গগৈ, অসমীয়া প্ৰতিদিন, বুধবাৰ, ১১ এপ্ৰিল, ২০১২
  3. Boruah, J., & Chakrabarty, N. (2019). Gamosa, An Identity of the Assamese Community: Extent of Legal Recognition in India. Traditional Knowledge and Traditional Cultural Expressions: National and Community Perspectives,, Pg, 71-80.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]